কাকউইন ভৰতযোদ্ধা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গানিঙৰ কাকউইন ভৰত যোদ্ধাৰ (১৯০৩) প্ৰথম পৃষ্ঠা।

কাকউইন ভৰতযোদ্ধা বা কাকৱিন ভৰতযোদ্ধা(ইংৰাজী: Kakawin Bhāratayuddha) হৈছে এখন জাভানিজ কাব্য গ্ৰন্থ। মু ছেদাহ আৰু তেওঁৰ ভাতৃ মু পেনুলুহে মহাভাৰতৰ কিছুমান পৰ্বক জাভা কাব্যিক উপস্থাপনেৰে এই গ্ৰন্থখন ৰচনা কৰিছিল।[1] এই কামৰ আৰম্ভণি ঠিক ৬ নৱেম্বৰ ১১৫৭ ত ছেদাহৰ দ্বাৰা হৈছিল, আৰু পেনুলুহে এই গ্ৰন্থখনৰ কাম সমাপ্ত কৰিছিল।[2]:168 এটা বৰ্ষত সাংগ-কুড়া-সুধা-চন্দ্ৰমা এনেদৰে সময়পঞ্জী নিৰ্ধাৰিত কৰা হৈছে যত বৰ্ষটোৰ শক ১০৭৯। ভৰতযুদ্ধৰ অৰ্থ হৈছে "ভাৰতৰ যুদ্ধ।"[1]

কুৰু ক্ষেত্ৰত পাণ্ডৱ আৰু কৌৰৱসকলৰ মাজত হোৱা মহাযুদ্ধৰ বিষয়ে এই গ্ৰন্থত উল্লেখ কৰা হৈছে।[3]

পাণ্ডুলিপি[সম্পাদনা কৰক]

বিভিন্ন দেশৰ ৰাজহুৱা পুথিভঁৰালৰ তালিকাত তালিকাভুক্ত কৰা প্ৰায় এশখন পাণ্ডুলিপিৰ সৈতে, কাকউইন ভৰতযুদ্ধ এতিয়ালৈকে অধিকবাৰ প্ৰতিলিপি কৰা পৌৰাণিক জাভানিজ কাম।

তথ্য উৎস[সম্পাদনা কৰক]

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

  • J. G. H. Gunning, 1903, Bhârata-yuddha: Oudjavaansch Heldendicht. ‘s-Gravenhage:Martinus Nijhoff. (Text edition in Javanese characters).
  • S. Supomo, 1993, Bhâratayuddha, New Delhi:International Academy of Indian Culture. আই.এচ.বি.এন. 81-85689-43-1
  • P. J. Zoetmulder, 1974, Kalangwan. A Survey of Old Javanese Literature, The Hague:Martinus Nijhoff. (Recension, pp.  256–262) আই.এচ.বি.এন. 90-247-1674-8