চন্দ্ৰপ্ৰসাদ শইকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াৰ পৰা পুনঃনিৰ্দেশিত)
চন্দ্ৰপ্ৰসাদ শইকীয়া
জন্ম ৮ জুলাই, ১৯২৭ (৯৬ বছৰ)
জালুকগাঁও, আমগুৰি, শিৱসাগৰ জিলা
মৃত্যু ৮ আগষ্ট, ২০০৬ (৭৯ বছৰ)
ভাষা অসমীয়া ভাষা
শিক্ষা কলিকতা বিশ্ববিদ্যালয়
উল্লেখনীয় কৰ্মৰাজি মহাৰথী
দাম্পত্যসংগী প্ৰভা দাসৰ
সন্তান শান্তনুৰ (পুত্ৰ), জীনা (কন্যা)
আত্মীয়-স্বজন দুৰ্লভ চন্দ্ৰ শইকীয়া (পিতৃ)
দুৰ্গেশ্বৰী শইকীয়া (মাতৃ)

চন্দ্ৰপ্ৰসাদ শইকীয়া (১৯২৭-২০০৬) অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ আৰু ঔপন্যাসিক আছিল। ছাত্ৰাৱস্থাতে তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দি কাৰাৰূদ্ধ হৈছিল। কলিকতা বিশ্ববিদ্যালয়ইংৰাজী বিষয়ত এম.এ. শ‍ইকীয়াই সাংবাদিকতাক বৃত্তি হিচাপে গ্ৰহণ কৰি কৰ্মজীৱনৰ পাতনি মেলে। এখন অসমীয়া তিনিদিনীয়া আৰু এখন দৈনিক কাকতৰ প্ৰতিষ্ঠাপক-সম্পাদক চন্দ্ৰপ্ৰসাদ শইকীয়াই অসম প্ৰকাশন পৰিষদৰ সচিব হিচাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে। "মহাৰথী" উপন্যাসৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা[1] লাভ কৰে আৰু ২০০২ চনত অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰে। অসমীয়া সাহিত্যৰ ধাৰাবাহিক প্ৰবাহ ৰক্ষা কৰি চন্দ্ৰপ্ৰসাদ শইকীয়াই "অসমীয়া", "প্ৰকাশ" আৰু "গৰীয়সী" কাকতৰ সম্পাদনাৰে মৃত্যু পৰ্যন্ত বিশেষ ভূমিকা পালন কৰি যায়। তেখেতে ১৯৯৯ আৰু ২০০০ চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল।[2]

সময়ৰেখা[সম্পাদনা কৰক]

  • ১৯২৭ — শিৱসাগৰৰ আমগুৰিৰ জালুকগাঁৱত ৮ জুলাইত জন্ম। পিতৃ — দুৰ্লভ চন্দ্ৰ শইকীয়া। মাতৃ — দুৰ্গেশ্বৰী শইকীয়া।
  • ১৯৩০ — পিতৃৰ আকস্মিক বিয়োগ।
  • ১৯৩৩ — প্ৰাথমিক শিক্ষা আৰম্ভ, ভূঞাহাত প্ৰাথমিক বিদ্যালয়, আমগুৰি শিৱসাগৰ।
  • ১৯৩৮ — আমগুৰি এম. ই. বিদ্যালয়ত নামভৰ্তি।
  • ১৯৪১ — জাঁজী হাইস্কুলত নামভৰ্তি।
  • ১৯৪২ — ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ।
  • ১৯৪৩ — স্বাধীনতা আন্দোলনত অংশ। গ্ৰেপ্তাৰ, চাৰিমাহ কাৰাবাস।
  • ১৯৪৪ — পুনৰ গ্ৰেপ্তাৰ। ন-মাহ কাৰাদণ্ড।
  • ১৯৪৫ — প্ৰাইভেট পৰীক্ষাৰ্থীৰূপে মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যাৱয়ৰ পৰা। কটন কলেজত আই. এ.ত নাম ভৰ্তি।
  • ১৯৪৭ — আই. এ. পৰীক্ষাত উত্তীৰ্ণ, কটনৰ স্নাতক মহলাত নামভৰ্তি।
  • ১৯৫০ — ইংৰাজীত অনাৰ্চসহ বি.এ. পৰীক্ষাত উত্তীৰ্ণ আৰু আমগুৰি হাইস্কুলত কম সময়ৰ বাবে শিক্ষকতা।
  • ১৯৫১ — কলিকতা বিশ্ববিদ্যালয়ত এম. এ.ত নামভৰ্তি।
  • ১৯৫৪ — ইংৰাজী বিষয়ত এম. এ. উত্তীৰ্ণ আৰু গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন।
  • ১৯৫৬ — দ্য আচাম ট্ৰিবিউনত উপ সম্পাদক ৰূপে যোগদান।
  • ১৯৫৬, ১০ মাৰ্চ — প্ৰভা দাসৰ সতে বিবাহ।
  • ১৯৫৯ — শান্তনুৰ (পুত্ৰ) জন্ম।
  • ১৯৬৩ — দ্য আচাম ট্ৰিবিউন ত্যাগ আৰু অসম বাতৰিত যোগদান। প্ৰথমা কন্যা মৈত্ৰেয়ীৰ জন্ম।
  • ১৯৬৪ — চুটি গল্প সংকলন 'মায়ামৃগ' প্ৰকাশ।
  • ১৯৬৫ — ভাৰতীয় প্ৰতিনিধিৰূপে আমেৰিকাৰ 'ইণ্টাৰনেশ্যনেল জাৰ্ণেলিষ্ট গ্ৰুপ'ত যোগদান; ছমাহৰ বাবে আমেৰিকা চৰকাৰৰ নিমন্ত্ৰণ।
  • ১৯৬৬ — সম্পাদক ৰূপে 'মণিদ্বীপ' (মাহেকীয়া সাহিত্য আলোচনী)ত যোগদান।
  • ১৯৬৭ — অসম বাতৰি ত্যাগ আৰু অসম প্ৰকাশন পৰিষদৰ সচিবৰ দায়িত্ব গ্ৰহণ ষ
  • ১৯৬৮ — মাহেকীয়া সাহিত্য আলোচনী 'অসমীয়া'ৰ সম্পাদক।
  • ১৯৬৯ — উপন্যাস 'এদিন' প্ৰকাশ।
  • ১৯৭১ — দ্বিতীয়া কন্যা জীনাৰ জন্ম।
  • ১৯৭২ — উত্তৰকাল উপন্যাস প্ৰকাশ।
  • ১৯৭৪ — নাচপতিফুল (চুটি গল্প সংকলন) প্ৰকাশ।
  • ১৯৭৫ — অসমীয়া আলোচনী 'প্ৰকাশ'ৰ সম্পাদক।
  • ১৯৭৬ — উপন্যাস 'জন্মান্তৰ' প্ৰকাশ। মাতৃৰ বিয়োগ।
  • ১৯৮৩ — জাৰ্মানীৰ বিখ্যাত 'ফ্ৰাংকফুৰ্ট' গ্ৰন্থমেলাত অংশগ্ৰহণ।
  • ১৯৮৪ — গুৱাহাটীৰ জজ ফিল্ডত প্ৰথমখন গুৱাহাটী গ্ৰন্থমেলাৰ আয়োজন।
  • ১৯৮৬ — অসম প্ৰকাশন পৰিষদৰ সচিব পদ ত্যাগ।
  • ১৯৮৭ — চুটি গল্পৰ সংকলন 'চক্ৰৱত' প্ৰকাশ।
  • ১৯৮৮ — দৈনিক কাকত 'নতুন দৈনিক'ৰ সম্পাদক।
  • ১৯৮৯ — চুটি গল্পৰ সংকলন 'অংগীকাৰ' প্ৰকাশ।
  • ১৯৯১ — 'মহাৰথী' আৰু 'তোৰে মোৰে আলোকৰে যাত্ৰা'ৰ প্ৰথম খণ্ড প্ৰকাশ।
  • ১৯৯৩ — নতুন দৈনিকৰ সম্পাদক পদ ত্যাগ আৰু মাহেকীয়া সাহিত্য আলোচনী 'গৰিয়সী'ৰ সম্পাদক পদ গ্ৰহণ। 'মহাৰথী'ৰ দ্বিতীয় খণ্ড প্ৰকাশ।
  • ১৯৯৫ — 'মহাৰথী'ৰ বাবে সাহিত্য অকাডেমি বঁটা। সম্পাদকীয় সংকলন 'দৃষ্টিকোণ' আৰু 'নিৰ্বাচিত সম্পাদকীয়' প্ৰকাশ।
  • ১৯৯৬-৯৮ — গৰিয়সীৰ বাবে 'কথা' বঁটা লাভ।
  • ১৯৯৮ — 'অসম বাণী'ৰ সম্পাদক। অসম সাহিত্য সভাৰ ৬৫ সংখ্যক হাজো অধিৱেশনৰ সভাপতি। ' অসমৰ বাতৰি কাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস' সম্পাদনা।
  • ১৯৯৯ — 'তোৰে মোৰে আলোকৰে যাত্ৰা'ৰ ২য় খণ্ড প্ৰকাশ।
  • ২০০৬ — অন্তিম শয়ন।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]