অসম অভিধান (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা


অসম অভিধান  
লেখক শান্তনু কৌশিক বৰুৱা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ তথ্যধৰ্মী গ্ৰন্থ
প্ৰকাশক বনলতা প্ৰকাশন
মিডিয়া প্ৰকাৰ মুদ্ৰণ

অসম অভিধান গ্ৰন্থখন সংকলন কৰিছে লেখক– শান্তনু কৌশিক বৰুৱাই৷ গ্ৰন্থখনত অসমৰ ভৌগোলিক বিৱৰণ, জাতি-জনজাতিসমূহৰ পৰিচয়, অসমৰ বুৰঞ্জী, সমাজ ব্যৱস্থা, খাদ্যাভ্যাস, সাজ-পাৰ, গহনা-গাঁঠৰি, উৎসৱ-অনুষ্ঠান, ভাষা-সাহিত্য-সংবাদপত্ৰ, কলা-সংস্কৃতি, মঞ্চ-চলচ্ছিত্ৰ, অৰ্থনীতি, পৌৰাণিক স্মৃতিচিহ্ন, স্থাপত্য-ভাস্কৰ্য, প্ৰসিদ্ধ ব্যক্তি আদি কেইবাওশ প্ৰসংগৰ বৰ্ণানুক্ৰমিক বিৱৰণ থকাৰ লগতে বিভিন্ন বিষয়ৰ প্ৰয়োজনীয় ছবি, আলোকচিত্ৰ, ক্ৰছ ৰেফাৰেন্স আদিও সংযোগ কৰা হৈছে৷ [1]

বিৱৰণ[সম্পাদনা কৰক]

অসম সম্পৰ্কে প্ৰতিটো বিষয়ৰে পৰিচয়মূলক টোকাৰ লগতে বিষয়টোৰ সামগ্ৰিক ধাৰণা এটা দিব পৰাকৈ গ্ৰন্থখনৰ লিখনিবোৰ প্ৰস্তুত কৰা হৈছে৷ বৰ্ণনাৰ ভাষাবোৰ অতি সহজ-সৰল৷ গ্ৰন্থখনত মুঠ ১০০০ টা বিভিন্ন প্ৰসংগৰ বিৱৰণ আছে৷ অসম সম্পৰ্কে একত্ৰভাৱে তথ্য সংকলিত হৈ থকা গ্ৰন্থসমূহৰ ভিতৰত ‘অসম অভিধান’খন এখন উল্লেখযোগ্য সংকলন৷ গ্ৰন্থখনৰ শেষৰফাল ‘অসম বুৰঞ্জীৰ উল্লেখযোগ্য ঘটনাৱলী’– শীৰ্ষক শিৰোনামেৰে অসমৰ বুৰঞ্জীৰ গুৰুত্ব ঘটনাৱলীবোৰ একাদিক্ৰমত সজোৱা হৈছে৷ এই তালিকাখনত ৩৫০ চনৰ পৰা ২০১০ চনলৈকে অসমৰ গুৰুত্বপূৰ্ণ ঘটনাবোৰ শৃৃংখলিতভাৱে সজোৱা হৈছে৷ মূলতঃ শিক্ষাৰ্থী আৰু ভাষা-সাহিত্য-সংস্কৃতিৰ গৱেষকসকলৰ বাবে এই গ্ৰন্থখন অধিক উপযোগীকৈ প্ৰস্তুত কৰা হৈছে আৰু অসম সম্পৰ্কে জানিব খোজা প্ৰত্যেকজন ব্যক্তিৰ বাবেই গ্ৰন্থখন এখন হাতপুথিৰ দৰে প্ৰাসংগিক হ’ব৷ বনলতা প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০১ চনৰ ফেব্ৰুৱাৰী মাহত৷ ২০১৪ চনলৈকে এই গ্ৰন্থখনে পাঁচটা সংস্কৰণ প্ৰকাশ কৰিছে৷ গ্ৰন্থখনৰ পঞ্চম সংস্কৰণৰ মূল্য- ২৫০ টকা৷ মুঠ পৃষ্ঠা- ২৭৬৷ [1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 অৰবিন্দ ৰাজখোৱা, ভাস্কৰ ভূঞা (২০২০). অসমীয়া শিশু সাহিত্য কোষ, প্ৰস্তাৱনা খণ্ড. কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়. পৃষ্ঠা. ৫৬৮.