সমললৈ যাওক

যজ্ঞেশ্বৰ শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যজ্ঞেশ্বৰ শৰ্মা
জন্ম ১৯০৬ চন
হামদৈ বগাৰ গাঁও, তিতাবৰ, অসম
মৃত্যু ১৩ নবেম্বৰ, ১৯৯৮
পেচা সাহিত্যিক, অধ্যাপক, ,প্ৰবন্ধকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
শিক্ষা স্নাতকোত্তৰ
উল্লেখনীয় কৰ্মৰাজি এৰিষ্টটলৰ কাব্য জিজ্ঞাসা
লক্ষ্মীনাথ বেজবৰুৱা আৰু গাঁৱলীয়া জীৱন
শতপত্ৰ
উল্লেখযোগ্য বঁটা আনন্দৰাম বৰুৱা বঁটা (১৯৯৬)
সাহিত্যাচাৰ্য উপাধি (১৯৮৮)
দাম্পত্যসংগী ব্ৰজবালা দেবী

যজ্ঞেশ্বৰ শৰ্মা (ইংৰাজী: Jageswar Sharma) (১৯০৬-১৯৯৮) এজন অসমীয়া সাহিত্যিক, প্ৰবন্ধকাৰ,অনুবাদক, সাহিত্যৰ সমালোচক ,অধ্যাপক। তেখেতে ১৯৭৬ চনৰ অসম সাহিত্য সভাৰ টিহু অধিবেশনত সভাপতিত্ব কৰিছিল[1]। সাহিত্য জগতলৈ বৰঙণি আগবঢ়োৱাৰ উপৰিও শৰ্মা ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক দিশতো আগৰণুৱা আছিল। তেখেত নগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল ।[2]

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯০৬ চনত যোৰহাট জিলাতিতাবৰৰ ওচৰৰ হামদৈ বগাৰ গাঁৱত যজ্ঞেশ্বৰ শৰ্মাৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম লক্ষ্মীনাথ শৰ্মা আৰু মাতৃৰ নাম কোকিলেশ্বৰী দেৱী।

যজ্ঞেশ্বৰ শৰ্মাই তিতাবৰৰ মজলীয়া বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে আৰু ১৯১৫ চনত ৯ বছৰ বয়সত বৃত্তি লাভ কৰি প্ৰাথমিক শিক্ষা শেষ কৰি যোৰহাট চৰকাৰী উচ্চ বিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯২৩ চনত সেই বিদ্যালয়ৰ পৰাই কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত চাৰিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি প্ৰবেশিকা পৰীক্ষাত উৰ্ত্তীণ হয়। অসমীয়া বিষয়ত বিশ্ববিদ্যালয়ৰ ভিতৰতে সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি "দত্তদেৱগোস্বামী স্বৰ্ণ পদক" লাভ কৰে। কটন মহাবিদ্যালয়ৰ পৰা আই এ পৰীক্ষাত কলা বিভাগৰ পৰীক্ষাৰ্থী সকলৰ ভিতৰত প্ৰথম স্থান লাভ কৰি শৰ্মাই "সাৰদা প্ৰসাদ প্ৰাইজ" আৰু "Puchete Prize" লাভ কৰে আৰু ১৯২৭ চনত ইংৰাজী বিষয়ত সন্মানসহ বিশ্ববিদ্যালয়ৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিবলৈ সমৰ্থ হয়। ১৯২৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰে।[2]

শৰ্মা নগাঁৱৰ হাতীচোং মৌজাৰ ক্ষেত্ৰী ব্ৰাহ্মণ গাঁৱৰ আনন্দিৰাম ভট্টাচাৰ্যৰ জীয়াৰী ব্ৰজৱালা দেৱীৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।

কৰ্ম জীৱন

[সম্পাদনা কৰক]

যজ্ঞেশ্বৰ শৰ্মাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ আৰম্ভণি কৰে। পাছলৈ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদ বাদ দি যোৰহাটজগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপনাৰ কাম আৰম্ভ কৰে। ইয়াৰ কেইবছৰমানৰ পাছতেই শৰ্মাই কটন মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে যদিও কিছুদিন পিছত ব্ৰিটিছ ভাৰতশ্ৰীহট্ট জিলামুৰাৰীচাঁদ মহাবিদ্যালয়লৈ বদলিসূত্ৰে যাব লগা হয়। ১৯৪৪ চনৰ জুন মাহত নগাঁৱত মহাবিদ্যালয় এখন স্থাপন কৰি তেখেতক অধ্যক্ষৰ দায়িত্ব লবলৈ অনুৰোধ কৰাত তেওঁ আহি সেই দায়িত্ব লয়হি আৰু মাত্ৰ ১৫ বছৰ মানৰ ভিতৰতে নগাঁও মহাবিদ্যালয়ক পূৰ্ণ পৰ্য্যায়ৰ মহাবিদ্যালয়লৈ উন্নীত কৰিবলৈ সমৰ্থ হয়। তেওঁ অসম সাহিত্য সভাৰ ১৯৭৬ চনৰ টিহু অধিবেশনৰ সভাপতি নিৰ্বাচিত হোৱাৰ উপৰিও ১৯৮৮ চনত অসম সাহিত্য সভাৰ পৰা সাহিত্যাচাৰ্য সন্মান লাভ কৰে।[2]

জীৱনৰ শেষ দহবছৰত শ্ৰৱণ শক্তি আৰু দৃষ্টি শক্তি হেৰুৱাই পেলোৱা সত্ত্বেও প্ৰখৰ স্মৃতি শক্তিৰ দ্বাৰা যজ্ঞেশ্বৰ শৰ্মাই সাহিত্য চৰ্চা কৰিছিল। ১৯৯৮ চনৰ ১৩ নৱেম্বৰত যজ্ঞেশ্বৰ শৰ্মাই পৰলোকলৈ গমন কৰে।

সাহিত্য কৰ্ম

[সম্পাদনা কৰক]
কাব্যপুথি-
  1. লেফাফা (১৯৭২),
  2. আজি দুপৰীয়া (১৯৮০),
  3. সেই বাবুটো কত (১৯৮০),
অনুবাদমূলক ৰচনা -
  1. এৰিষ্টটলৰ কাব্যজিজ্ঞাসা
  2. গুলেস্তাৰ সাধু (১৯৭৫),
  3. নিগ্ৰ' জাতিৰ উদ্ধাৰকৰ্তা
  4. স্বাস্থ্য নীতি
গীতিসাহিত্যৰ সংকলন-
  1. শতপত্ৰ
প্ৰথম প্ৰবন্ধ
  1. লোকমান্য তিলক ( হাতে লিখা আলোচনী চুপহিত প্ৰকাশিত )
প্ৰবন্ধ পুথি -
  1. সাহিত্য আৰু সংস্কৃতিৰ প্ৰবাহ (১ম, ২য়, ৩য় খণ্ড)
  2. ফুল আৰু জুই,
  3. কাব্য, দেৱতা আৰু মানুহ,
  4. লক্ষ্মীনাথ বেজবৰুৱা আৰু গাঁৱলীয়া জীৱন,
জীৱনীমূলক ৰচনা
  1. শ্বেক্সপীয়েৰ
  2. অৰবিন্দ,
  3. মদনমোহন মালব্য,
  4. দেশবন্ধু চিত্তৰঞ্জন দাস,
  5. জৰ্জ ৱাশ্বিংটন,

তথ্য সংগ্ৰহ

  1. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  2. 1 2 3 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃষ্ঠা. ১২৬, ১২৭.