চম্পাৱতী জলপ্ৰপাত
চম্পাৱতী জলপ্ৰপাত | |
---|---|
![]() চম্পাৱতী জলপ্ৰপাত | |
ভূ-স্থানাংক | 26°19′13″N 92°54′4″E / 26.32028°N 92.90111°E |
নাম | |
অন্য নাম | চাপানালা |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য/ অঞ্চল | অসম |
জিলা | নগাঁও |
চম্পাৱতী (ইংৰাজী: Champawati Waterfall) বা চাপানালা জলপ্ৰপাত হৈছে অসমৰ নগাঁও জিলাৰ চাপানালা নামৰ গাঁৱত অৱস্থিত এটা বিখ্যাত জলপ্ৰপাত আৰু পৰ্যটনস্থলী৷ জলপ্ৰপাতটোৰ লগতে ইয়াৰ চৌপাশে থকা চাহ-বাগান আৰু তাত ভ্ৰমণ কৰিবলৈ অহা পক্ষী পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ৷ জলপ্ৰপাতটিৰ তিনিটা কুণ্ড আছে৷ [1]নগাঁও চহৰৰ পৰা জলপ্ৰপাতটিলৈ যাবলৈ প্ৰায় এক ঘণ্টা সময়ৰ প্ৰয়োজন হয়৷ [2]
লোককাহিনী[সম্পাদনা কৰক]
প্ৰবাদ মতে, হংসধ্বজ নামৰ ৰজা এজনৰ কন্যা চম্পাৱতীয়ে জলপ্ৰপাতটোৰ তলৰ কুণ্ডত মাঘী সপ্তমীৰ দিনা স্নান কৰিছিল৷ সেই কুঁৱৰীৰ নামৰ পৰাই জলপ্ৰপাতটিৰ নাম চম্পাৱতী হয়৷ মাঘী সপ্তমীৰ দিনা এই কুণ্ডত স্নান কৰিলে পূন্যত্ব অৰ্জন হোৱাৰ লগতে বেমাৰ-ব্যাধিও নিৰ্মূল হয় বুলি লোকবিশ্বাস আছে৷ [1]
সংক্ষিপ্ত বিৱৰণ[সম্পাদনা কৰক]
চাপানালৰ উত্তৰ-পূব দিশত থকা কাৰ্বি আংলং পাহাৰৰ পৰা এই জলপ্ৰপাতটি বৈ আহিছে৷ জলপ্ৰপাতটিৰ তিনিটা কুণ্ডৰ একেবাৰে ওপৰত থকা কুণ্ডটো সমতলৰ পৰা প্ৰায় ২২৮ মিটাৰ উচ্চতাত অৱস্থিত৷ তাৰ পৰা প্ৰায় ৭ মিটাৰ সমতলেৰে বৈ আহি দ্বিতীয়টো কুণ্ডৰ সৃষ্টি হৈছে৷ তৃতীয়টো কুণ্ড ইয়াৰ পৰা প্ৰায় ৭৫ মিটাৰ তলত অৱস্থিত৷ [1]
যাতায়াত[সম্পাদনা কৰক]
নগাঁও জিলাৰ সদৰৰ পৰা চাপানালাৰ দূৰত্ব হৈছে প্ৰায় ২৫ কিলোমিটাৰ৷ অসমৰ ৰাজধানী দিছপুৰৰ পৰা ইয়াৰ দূৰত্ব হৈছে প্ৰায় ১৩৭ কিলোমিটাৰ৷ সাধাৰণতে পৰ্যটকসকলক নিজৰ ব্যক্তিগত বাহনেৰে চাপানাললৈ যাবলৈ পৰামৰ্শ দিয়া হয়৷ [2]
আকৰ্ষণ[সম্পাদনা কৰক]
জলপ্ৰপাতৰ চৌপাশৰ পৰিৱেশ সৌন্দৰ্যময়৷ ইয়াৰ আশে-পাশে চাহবাগান আছে৷ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী বা থলুৱা চৰাই চাপানালত দেখিবলৈ পোৱা যায়৷ চাপানালত দেওবাৰে বহা সাপ্তাহিক বজাৰখনত প্ৰায়েই থলুৱাভাৱে উৎপাদিত সা-সামগ্ৰী বিক্ৰী কৰা হয়৷ পৰ্যটকসকলক এই বজাৰখনেও আকৰ্ষণ কৰে৷ [2]
তথ্যউৎস[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 বৰুৱা, শান্তনু কৌশিক (ছেপ্টেম্বৰ, ২০২০). ঐতিহ্যপূৰ্ণ কীৰ্তিচিহ্ন, ভৱন আদি. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৪৭১. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.
- ↑ 2.0 2.1 2.2 "Champawati Waterfall". Government of Assam, Nagaon District. https://nagaon.gov.in/frontimpotentdata/champawati-waterfall। আহৰণ কৰা হৈছে: 14 October 2020.