বদৰুদ্দিন আজমল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বদৰুদ্দিন আজমল
Badruddin Ajmal
بدرالدین اجمل
बदर-उद-दीन अजमल
লোকসভাৰ সাংসদ
ধুবুৰী লোকসভা সমষ্টি
কাৰ্যকাল
২০০৯ – বৰ্তমান
সমষ্টি ধুবুৰী
অসম বিধানসভা
কাৰ্যকাল
২০০৬ – ২০০৯
সমষ্টি দক্ষিণ শালমাৰা
ব্যক্তিগত তথ্য
জন্ম ১২ ফেব্ৰুৱাৰী, ১৯৫০
হোজাই, অসম, ভাৰত
ৰাজনৈতিক দল সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা (AIUDF)
দাম্পত্যসঙ্গী ৰেহানা বদৰুদ্দিন আজমল
শিক্ষানুষ্ঠান দাৰুল উলুম দেউবন্দ
জীৱিকা ৰাজনিতীবিদ, ব্যৱসায়ী
ৱেবছাইট টুইটাৰত বদৰুদ্দিন আজমল

বদৰুদ্দিন আজমল (Badruddin Ajmal)[1](জন্ম-১২ ফেব্ৰুৱাৰী, ১৯৫০) অসমৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ।[2] ২০০৯ , ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ একেৰাহে তিনিবাৰ ধুবুৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে।[3]

তেওঁ ২০০৪ চনত "অসম সংযুক্ত গণতান্ত্ৰীক মৰ্চা", পিছলৈ ২০০৯ চনত সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা নামৰ ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰে। [4]

তেতিয়াৰে পৰা তেওঁ প্ৰত্যক্ষ ভাবে ভাৰতীয় ৰাজনীতিত, বিশেষকৈ অসমৰ ৰাজনীতিত জড়িত হৈ পৰে। তাৰোপৰি তেওঁ অসম ৰাজ্যিক জামিয়েত-উলেমা-ই-হিন্দৰ সভাপতি।[5] আৰু দাৰুল উলুম দেউবন্দ ইছলামিক বিশ্ববিদ্যালয়ৰ উপদেষ্টা মণ্ডলীৰ সদস্য।

জৰ্ডানৰ ৰয়েল ইছলামিক ষ্ট্ৰেজিক ষ্টাডীছ চেণ্টাৰে প্ৰকাশ কৰা ২০১৫-১৬ বৰ্ষৰ "পৃথিৱীৰ ৫০০ জন আটাইতকৈ প্ৰভাৱশালী মুছলমান"ৰ তালিকাত আজমলৰ নাম অন্তৰ্ভুক্ত হৈছে। [6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]