ঙি ঙাও খাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঙি ঙাও খাম (𑜂𑜣 𑜂𑜈𑜫 𑜁𑜪)
ফুৰা-লু'ঙ (𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫)

ৰংঘৰত ঙি ঙাও খাম বা ফুৰা-লু'ঙ
শ্ৰেণী ড্ৰেগন
উপশ্ৰেণী এছীয় ড্ৰেগন
সম্পৰ্কীয় জীৱ চীনা ড্ৰেগন
পৰিয়াল চীনা ড্ৰেগন
লোকগাথা পেঞ কা কা
First attested মু'ঙ ফি (টিয়ান) চীনদেশ
দেশ ভাৰত,চীন,থাইলেণ্ড
স্থান অসম,অৰুণাচল

ঙি ঙাও খাম (আহোম: 𑜂𑜣 𑜂𑜈𑜫 𑜁𑜪,ইংৰাজী: Ngingaokham) বা ফুৰা-লু'ঙ (আহোম: 𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫) চীনা ড্ৰেগনৰ এটা প্ৰজাতি যি টাই আহোমসকলৰ মাজত প্ৰচলিত এক কিংবদন্তিমূলক জীৱ তথা এক পৰম্পৰাগত প্ৰতীক।[1]পূৰ্বতে আহোম সকলে ড্ৰেগন নৃত্য আৰু ড্ৰেগন নাও খেলো অনুষ্ঠিত কৰিছিল।[2] এই সংস্কৃতিসমুহ চীনত আৰম্ভনি হৈছিল।[2]

ব্যুৎপত্তি[সম্পাদনা কৰক]

এই প্ৰজাতিৰ উৎস চীনদেশ। আহোম ধৰ্মীয় পুথি পেঞ কা কাত ঙি ঙাও খামক ফুৰা বুলি উল্লেখ আছে এও ফা-তু -ছিঙৰ সৰু পুত্ৰ আৰু এওৰ দ্বায়িত্ব আছিল ধ্বংস হোৱা পৃথিৱীখন পুনৰ গঢ়ি তোলা।[3][4] টাই-আহোম ভাষাত ঙি শব্দৰ অৰ্থ কনিষ্ঠ।[4]

আকৃতি[সম্পাদনা কৰক]

ই মূলতঃ সাপ, সিংহ, কাছ, ঘোঁৰা আৰু পক্ষীৰ সংমিশ্ৰণ। ইয়াৰ প্ৰতিখন ঠেং ভিন্ন আৰু এইকেইটা কুকুৰাৰ ঠেং, সিংহৰ হাঁতোৰা, ঘোঁৰাৰ ঠেং আৰু কাছৰ ঠেঙেৰে গঠিত। ইয়াক সাধাৰণতে মেলি থকা জিভা আৰু এডাল নেজেৰে সৈতে উপস্থাপন কৰা হয়।

ব্যৱহাৰ[সম্পাদনা কৰক]

ঙি ঙাও খাম অসম ৰাজ্যৰ প্ৰতীক আছিল আৰু বৰ্তমান টাই-আহোম সকলৰ জাতীয় প্ৰতীক।[5] আহোম সংগঠন আৰু প্ৰতিষ্ঠান সমূহেও ঙি ঙাও খাম প্ৰতীক হিচাপে ব্যৱহাৰ কৰে।

খ্ৰীং-ফা[সম্পাদনা কৰক]

আহোমসকলৰ জাতীয় পতাকাখনৰ নাম হৈছে খ্ৰীং-ফা।[6] এই খ্ৰীং-ফাৰ মাজৰ অংশত ঙি ঙাও খামৰ ছবি অঁকা থাকে।[7] পৌৰাণিক কালত আহোম চাওফা আৰু ডাঙৰীয়া সকলে যুদ্ধৰ আগত বা ভিন্ন ৰাজকীয় কামত খ্ৰীং-ফা উত্তোলন কৰে।[8] অইন ৰাজ্যত প্ৰৱেশ কৰোঁতে খ্ৰীং-ফা লগত লৈ যোৱা হয় যি আহোম ৰাজ্যৰ প্ৰতীক আছিল।[9] বৰ্তমান সময়ত ভিন্ন ধৰ্মীয় বা সাংস্কৃতিক অনুষ্ঠানত খ্ৰীং-ফা উত্তোলন কৰা হয়।[10]

প্ৰত্নতাত্বিক, মোহৰ আৰু মৈদাম[সম্পাদনা কৰক]

আহোম প্ৰত্নতাত্বিক স্থান যেনে ৰংঘৰ, কাৰেং, তলাতল আৰু চৰাইদেউৰ অইন স্থানত এই ঙি ঙাও খাম দেখা যায়।[11] ইয়াৰ উপৰি কামাখ্যা মন্দিৰটো ঙি ঙাও খাম দেখা পোৱা যায়।[12] চুদিংফা (১৮১১-১৮১৮) অৰ্থাৎ চন্দ্ৰকান্ত সিংহ আৰু চুহিতপংফা বা গৌৰীনাথ সিংহ (১৭৮০-১৭৯৫) আদি কেইবাজনো আহোম চাওফাৰ ৰাজকীয় মোহৰ আৰু তামৰ ফলিটো ঙি ঙাও খাম ব্যৱহৃত হৈছিল।[13] চুপাতফা বা গদাধৰ সিংহ (১৬৮১ - ১৬৯৬) আৰু চুখ্ৰংফাৰ (১৬৯৬ - ১৭১৪) মুদ্ৰাবোৰত ঙি ঙাও খাম মূৰ্তি খোদিত কৰা হৈছিল।[14] মৈদাম সমূহৰ ভিতৰত হাতীৰ দাঁতৰ ঙি ঙাও খাম উদ্ধাৰ হৈছে। [15]

সত্ৰ আৰু পাহাৰীয়া অঞ্চলত[সম্পাদনা কৰক]

বটদ্ৰৱা থান আৰু বৰপেটাৰ বৈষ্ণৱ প্ৰতিষ্ঠান সমূহতো ঙি ঙাও খাম দেখা পোৱা যায়।[16] অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু মিজোৰামতো ইয়াৰ প্ৰতিকৃতি আৱিষ্কাৰ হোৱালৈ চাই আহোম ৰজা আৰু মেঘালয়ৰ আন ৰজাসকলৰ মাজত সম্পৰ্ক আছিল বুলি ধাৰণা কৰা হয়।[17] মিজোৰামৰ আইজলত অৱস্থিত কলা আৰু সংস্কৃতি বিভাগৰ সংগ্ৰহালয়ত ঙি ঙাও খাম খোদিত এটা শিল সংৰক্ষিত কৰা আছে।[18] মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ শিলৰ এখন দুৱাৰত ঙি ঙাও খাম অকা আছে আৰু বিশেষজ্ঞ সকলৰ মতে এই দুৱাৰ খন আহোম চাওফাক আদৰিবলৈ সজা হৈছিল।[19]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Thaisưksā 2007, Page 56, Journal of Thai-Tai Studies Volume 3, Institute of Thai Studies, Chulalongkorn University
  2. 2.0 2.1 ...As dragon dance and dragon boat race were fore formed by Chinese or Tais of china , Ahom also had practiced in past . The belief of mythical dragon lion god is most ... Thaisưksā 2007, Page 56
  3. God said to His youngest son, "I name you Ngingāokhām. You will have to remain with me to help me in the creation of the world destroyed. You will also be called Phura."বৰুৱা (১৯৩০) পৃষ্ঠা ২ (টাই আহোম ভাষা, ইংৰাজী ভাষা ভাষাত), আহোম-বুৰঞ্জী, বেপ্টিষ্ট মিছন প্ৰেছ, কলকাতা
  4. 4.0 4.1 Gogoi, Pushpa (1996) (en ভাষাত). Tai of North East India. Chumphra Printers and Publishers. https://books.google.co.in/books?id=EBJuAAAAMAAJ&q=Ahom+lit+lai&dq=Ahom+lit+lai&hl=en&sa=X&ved=0ahUKEwjb5IK8zJzgAhVDtY8KHWbABdoQ6AEITDAI. 
  5. (Sarma 2017:17)
  6. (Sarma 2017:15)
  7. (Sarma 2017:15)
  8. (Sarma 2017:15)
  9. (Sarma 2017:15)
  10. (Sarma 2017:15)
  11. (Sarma 2017:14 & 16)
  12. (Sarma 2017:16)
  13. (Sarma 2017:14)
  14. ดำรงพล อินทร์จันทร์ (July - September 2003). "งีเงาคำ กับตัวตนของคนอาหม". Muang Boran Journal খণ্ড Vol. 29 No. 3. PMID 0125-426X ISSN 0125-426X. https://www.sarakadee.com/m-boran/2003/07-09/index.htm. 
  15. Brochure on moidams at Charaideo p. 9
  16. (Sarma 2017:17)
  17. (Sarma 2017:17)
  18. (Sarma 2017:14)
  19. (Sarma 2017:17)

উৎস প্ৰসংগ[সম্পাদনা কৰক]