ড্ৰেগন নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ড্ৰেগন নৃত্য
পৰম্পৰাগত চীনা লিপি
সৰলীকৃত চীনা লিপি
Alternative Chinese name
পৰম্পৰাগত চীনা লিপি

ড্ৰেগন নৃত্য (ইংৰাজী: Dragon dance) হৈছে চীনা সংস্কৃতিৰ এবিধ পৰম্পৰাগত নৃত্য। সিংহ নৃত্যৰ দৰেই ইয়াকো বেছিকৈ কোনো উৎসৱ উদযাপনৰ সময়ত দেখা যায়। বিশেষকৈ চীনা নৱবৰ্ষৰ সময়ত প্ৰায়ে ড্ৰেগন নৃত্য পৰিৱেশন কৰা হয়। চীনা ড্ৰেগন চীনৰ সংস্কৃতিৰ প্ৰতীক, আৰু ইহঁতে মানুহৰ জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়।[1] ড্ৰেগনবোৰৰ মহাশক্তি, মৰ্যাদা, উৰ্বৰতা, প্ৰজ্ঞা আৰু পৱিত্ৰতা আদি গুণ আছে বুলি বিশ্বাস কৰা হয়। ড্ৰেগনৰ ৰূপ ভয়ংকৰ আৰু সাহসী যদিও ইয়াৰ উপকাৰী স্বভাৱো আছে। এই নৃত্য পৰিবেশনত পৰিলক্ষিত হোৱা গতিবিধিসমূহ হৈছে ড্ৰেগনৰ শক্তি আৰু মৰ্যাদাৰ প্ৰতীক।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Dragon Dance". Cultural China. Archived from the original on 2014-06-12. https://web.archive.org/web/20140612020903/http://arts.cultural-china.com/en/96Arts8434.html। আহৰণ কৰা হৈছে: 2023-11-28.