সমললৈ যাওক

একাদশী তিথি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

একাদশী তিথি বা একাদশী, চন্দ্ৰকলাৰ একাদশ দিন। হিন্দু দিনপঞ্জীমতে একাদশী দুবিধ, শুক্লপক্ষৰ শুক্লা একাদশী আৰু কৃষ্ণপক্ষৰ কৃষ্ণা একাদশী।[1] শুক্লা একাদশীৰ তিনিদিন পিছত পূৰ্ণিমা আৰু কৃষ্ণা একাদশীৰ তিনিদিন পিছত অমাবস্যা হয়।

হিন্দু আৰু জৈন ধৰ্মাৱলম্বী সকলে একাদশীক পৱিত্ৰ তিথি হিচাপে গণ্য কৰে। এইদিনা সাধাৰণতে ব্ৰত পালন আৰু ভগৱানক উপাসনা কৰা হয়। একাদশীৰ সময়ত বহুতে কোনো ধৰণৰ শস্য খাদ্য হিচাপে গ্ৰহণ নকৰে। একাদশী ব্ৰতত কেৱল ফল-মূল, শাক-পাচলি আৰু গাখীৰৰ পৰা প্ৰস্তুত কৰা বস্তু খোৱা নিয়ম। একাদশীৰ সূৰ্য উদয় হোৱাৰ পৰা পিছৰ দিনা সূৰ্য অস্ত যোৱালৈকে এই ব্ৰত পালন কৰা হয়।

চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি প্ৰতিটো একাদশীৰ সময় নিৰূপণ কৰা হয়।[2] চন্দ্ৰকলাৰ প্ৰথম দিনৰ পৰা পূৰ্ণিমালৈকে সময়খিনিক ১৫টা সমান ভাগ কৰা হয়। ইয়াৰ প্ৰতিটো ভাগক তিথি বোলে। চন্দ্ৰয়ে এক নিৰ্দিষ্ট দূৰত্ব অতিকে8 কৰিবলৈ নিৰ্দিষ্ট সময় লয় আৰু সেইমতে তিথিৰ দৈৰ্ঘ্য উলিওৱা হয়। এই তিথিৰ একাদশ দিনায়ে হৈছে একাদশী তিথি। শুক্লা একাদশীৰ চন্দ্ৰ পূৰ্ণিমাতকৈ ৩/৪ অংশ উজ্জ্বল আৰু সেইদৰে কৃষ্ণা একাদশী অমাবস্যাতকৈ ৩/৪ অংশ আন্ধাৰ।

সাধাৰণতে গোটেই বৰ্ষত ২৪টা একাদশী তিথি পৰে। কিন্তু অধিবৰ্ষত দুটা অতিৰিক্ত একাদশী তিথি পৰে। ধৰ্মীয় বিশ্বাস মতে প্ৰতিটো একাদশীৰ সুকীয়া মহত্ত্ব আৰু বিশেষ নীতি-নিয়ম আছে।

ভাগৱত পুৰাণৰ চতুৰ্থ অধ্যায়ৰ নৱম শ্লোকত ভগৱান বিষ্ণুৰ ভক্ত অম্বৰীশে একাদশী ব্ৰত পালনৰ কথা উল্লেখ আছে।

একাদশীৰ তালিকা

[সম্পাদনা কৰক]

ভাৰতীয় দিনপঞ্জী অনুসৰি একাদশী তিথিৰ তালিকা উল্লেখ কৰা হ'ল,

বৈদিক মাহপালক দেৱতাকৃষ্ণা একাদশীৰ নামশুক্লা একাদশীৰ নাম
চৈত্ৰ (चैत्र, এপ্ৰিল–মে')বিষ্ণুপাপবিমোচনীকামদা
বৈশাখ (वैशाख, মে'–জুন )মধুসূদনভৰুথিনিমোহিনী
জ্যেষ্ঠ (ज्येष्ठ, জুন–জুলাই)ত্ৰিবিক্ৰমঅপৰনিৰ্জলা
আষাঢ় (आषाढ, জুলাই–আগষ্ট)বামনযোগিনীশয়নী
শ্ৰাৱণ (श्रावण, আগষ্ট–ছেপ্টেম্বৰ)শ্ৰীধৰকামিকাশ্ৰাৱণ পুত্ৰদা
ভাদ্ৰপদ
(भाद्रपद, ছেপ্টেম্বৰ–অক্টোবৰ)
হৃষীকেশআনন্দস্পৰ্শভ
অশ্বিন (अश्विन्, অক্টোবৰ–নৱেম্বৰ)পদ্মনাথইন্দিৰাপাপাংকুশ
কাৰ্তিক (कार्तिक, নৱেম্বৰ–ডিচেম্বৰ)দামোদৰৰমাপ্ৰবোধিনি
মাৰ্গশীৰ্ষ
(मार्गशीर्ष, ডিচেম্বৰ–জানুৱাৰী)
কেশৱবৈকুণ্ঠমোক্ষ
পৌষ (पौष, জানুৱাৰী–ফেব্ৰুৱাৰী)নাৰায়ণসফলাপৌষ পুত্ৰদা
মাঘ (माघ, ফেব্ৰুৱাৰী–মাৰ্চ)মাধৱশত তিলভৈমী/জয়া
ফাল্গুন (फाल्गुन, মাৰ্চ–এপ্ৰিল)গোবিন্দউৎপন্নঅমলকী
অধিক
(अधिक, ২-৩বছৰৰ মূৰত এবাৰ)
পুৰুষোত্তমপৰম শুদ্ধপদ্মিনী বিশুদ্ধ

বৈষ্ণৱ আৰু স্মাৰ্টা সম্প্ৰদায়ৰ মাজত একাদশী তিথি গণনা কৰা হয়। জ্যোতিষ শাস্ত্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ গ্ৰন্থ "কাল প্ৰকাশিকা"ৰ মতে দশমী তিথিয়ে প্ৰভাৱ নেপেলোৱা দিনটোত একাদশী ব্ৰত পালন কৰা হয়। সূৰ্যোদয়ৰ ৯৬ মিনিট পূৰ্বে ইয়াৰ আৰম্ভ হয়। যদি দশমী তিথি সূৰ্যোদয়ৰ ৯৬ মিনিট আগতে শেষ হয় তেন্তে সেই তিথিত একাদশী বুলি গণ্য কৰা হয়। যদি দশমী তিথি অসম্পূৰ্ণ হয় বা কেতিয়াবা সূৰ্যোদয়ৰ পিছতো দশমী তিথি চলি থাকে তেন্তে একাদশী ব্ৰত তাৰ পিছদিনা পালন কৰা হয়। ইয়াৰ লগতে ধৰ্ম সিন্ধু আৰু নিৰ্ণয় সিন্ধুৰ পঞ্চাংগ কৰ্তা মতে বেলেগ বেলেগ ধৰণে একাদশী গণনা কৰা হয়।

গুৰুত্ব

[সম্পাদনা কৰক]

একাদশী তিথি ভগৱান বিষ্ণুৰ নামত উৎসৰ্গিত। এইদিনা ব্ৰত-উপাসনা কৰা নিয়ম। একাদশী ব্ৰত পালন কৰা সকলে সংসাৰৰ মোহ-মায়াৰ পৰা মুক্তি লাভ কৰে বুলি বিশ্বাস কৰা হয়।

একাদশীৰ দিনা বিষ্ণুমন্ত্ৰ জপ কৰা হয়, "ওঁ নমো ভাগৱতে বাসুদেৱায়"

ইয়াৰ লগতে হৰে কৃষ্ণ মহামন্ত্ৰ ১০৮ বাৰ জপ কৰা হয়, "হৰে কৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰে হৰে, হৰে ৰাম হৰে ৰাম ৰাম ৰাম হৰে হৰে"[3]

তথ্য উৎস

[সম্পাদনা কৰক]