প্ৰয়াগৰাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰয়াগৰাজ
এলাহাবাদ, ইলাহাবাদ, প্ৰয়াগ
—  মহানগৰ  —
ঘঁড়ীৰ কাঁটাৰ দিশত বাওঁফালে ওপৰৰপৰা: অল চেইণ্টচ্‌ কেথেড্ৰেল, খুস্ৰু বাগ, এলাহাবাদ উচ্চ ন্যায়ালয়, এলাহাবাদৰ ত্ৰিবেণী সংগমত থকা নতুন যমুনা দলং, the skyline of Civil Lines, এলাহাবাদ বিশ্ববিদ্যালয়, চন্দ্ৰশেখৰ আজাদ পাৰ্কত থকা Thornhill Mayne Memorial আৰু আনন্দ ভৱন
দেশ ভাৰত
ৰাজ্য উত্তৰ প্ৰদেশ
মহকুমা প্ৰয়াগৰাজ
জিলা প্ৰয়াগৰাজ
চৰকাৰ
 - পৌৰপতি গণেশ কেসৰৱানি
মাটিকালি[1]
 - মুঠ ৩৬৫ কি.মি. 
(১৪০.৯ বৰ্গ মাইল)
উচ্চতা ৯৮ মিটাৰ (৩২১.৫২ ফুট)
জনসংখ্যা [1]
 - মুঠ ১৫,৩৬,২১৮ জন
 - স্থান ৩৬তম
 - জনঘনত্ব ৪,২০৮.৮ প্ৰতি বৰ্গ কি.মি. 
(১০,৯০০.৮ প্ৰতি বৰ্গ মাইল)
ভাষা
 - চৰকাৰী হিন্দী[2]
 - অতিৰিক্ত উৰ্দু[2]
 - আঞ্চলিক অৱধী[3]
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
পিন ২১১০০১-২১১০১৮
টেলিফ’ন ক’ড +৯১-৫৩২
যানবাহনৰ নম্বৰ UP-70
ৱেবছাইট prayagraj.nic.in

পূৰ্বতে এলাহাবাদ নামেৰে পৰিচিত প্ৰয়াগৰাজ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ এখন প্ৰধান মহানগৰ ৷[4][5][6][7] ই প্ৰয়াগৰাজ জিলাৰ মুখ্য কাৰ্যালয় আৰু হিন্দুসকলৰ বাবে এক প্ৰধান তীৰ্থস্থান ৷ হিন্দু শাস্ত্ৰত উল্লেখ কৰা প্ৰয়াগৰ স্থান পবিত্ৰ গংগা আৰু যমুনা নদীৰ সংগমস্থলত অৱস্থিত ৷ এই সংগমতে সৰস্বতী নদী আহি লগ হৈছে, সেয়েহে ইয়াক ত্ৰিবেণী সংগম বুলি কোৱা হয়, য’ত প্ৰতি বাৰ বছৰৰ মূৰে মূৰে কুম্ভ মেলা অনুষ্ঠিত হয়। ই হৈছে প্ৰয়াগৰাজ জিলাৰ প্ৰশাসনিক সদৰ। চহৰখন উত্তৰ প্ৰদেশৰ ন্যায়িক ৰাজধানী আৰু এলাহাবাদ উচ্চ ন্যায়ালয় ৰাজ্যখনৰ সৰ্বোচ্চ ন্যায়িক সংস্থা। ২০১১ চনলৈকে, প্ৰয়াগৰাজ আছিল ৰাজ্যখনৰ সপ্তম সৰ্বাধিক জনবহুল চহৰ, উত্তৰ ভাৰতৰ ত্ৰয়োদশ আৰু ভাৰতৰ ত্ৰিশতম জনবহুল চহৰ। ইয়াৰ আনুমানিক জনসংখ্যা ১.৫৩ নিযুত।[1][8][9][10] ২০১১ চনত ই বিশ্বৰ ৪০ তম দ্ৰুততম বিকাশশীল চহৰৰ স্থান লাভ কৰে।[11][12]

হিন্দু শাস্ত্ৰত কৰা উল্লেখ অনুসৰি, এলাহাবাদ পৃথিৱীৰ প্ৰাচীনতম নগৰ। এই তথ্যক আটাইতকৈ ঐতিহাসিক বুলি গণ্য কৰা হয়। বৈদিক যুগৰ শেষৰ ফালে প্ৰয়াগৰাজক কোচম্বি বুলিও জনা গৈছিল, হস্তিনাপুৰৰ কুৰু শাসকসকলে এই নামাকৰণ কৰিছিল আৰু তেওঁলোকৰ ৰাজধানী হিচাপে ইয়াক বিকশিত কৰিছিল। বৈদিক যুগৰ শেষৰ পৰা মৌৰ্য সাম্ৰাজ্যৰ শেষলৈকে কোচম্বি ভাৰতৰ অন্যতম ডাঙৰ নগৰ আছিল আৰু গুপ্ত সাম্ৰাজ্য বাহাল থকালৈকে এই নগৰে নিজৰ প্ৰতিপত্তি ধৰি ৰাখিবলৈ সক্ষম হৈছিল। তেতিয়াৰ পৰা, নগৰখন দ’ৱাব অঞ্চলৰ এক ৰাজনৈতিক, সাংস্কৃতিক আৰু প্ৰশাসনিক কেন্দ্ৰ হৈ পৰিছিল।

আকবৰনামাত উল্লেখ আছে যে, মোগল সম্ৰাট আকবৰে এখন মহান চহৰ ৰূপে এলাহাবাদক বিচাৰি উলিয়াইছিল। আব্দ আল-কাদিৰ বাদায়ুনি আৰু নিজামুদ্দিন আহমেদে উল্লেখ কৰিছে যে, আকবৰে ইয়াত এখন সাম্ৰাজ্যিক চহৰৰ ভেটি স্থাপন কৰিছিল যাক ইলাহাবাচ্‌ বা ইলাহাবাদ বুলি কোৱা হৈছিল।[13][14] তেওঁ ইয়াৰ কৌশলগত অৱস্থানৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু তাত এটা দূৰ্গ নিৰ্মাণ কৰিছিল বুলি উল্লেখ আছে, পিছত ১৫৮৪ চনৰ ভিতৰত ইয়াৰ নাম সলনি কৰি ইলাহাবাচ্‌ কৰে, যাক ছাহজাহানে এলাহাবাদলৈ পৰিৱৰ্তন কৰে।[15] সপ্তদশ শতিকাৰ আৰম্ভণিতে, জাহাংগীৰৰ শাসনকালত এলাহাবাদ মোগল সাম্ৰাজ্যৰ এখন প্ৰাদেশিক ৰাজধানী আছিল।[16] ১৮৩৫ চনত উত্তৰ-পশ্চিম প্ৰভিন্সৰ আগ্ৰালৈ ৰাজধানী স্থানান্তৰিত হোৱাৰ আগতে ১৮৩৩ চনত ই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনাধীন আছিল।[17] ১৮৫৮ চনত এলাহাবাদ উত্তৰ-পশ্চিম প্ৰদেশৰ ৰাজধানী হয় আৰু এদিনৰ বাবে ভাৰতৰ ৰাজধানীৰ মৰ্যাদা পায়।[18] ১৯০২ চনৰ পৰা ১৯২০ চনলৈ ইউনাইটেড প্ৰভিন্সৰ ৰাজধানী ৰূপে ইয়াত ব্ৰিটিছ চৰকাৰৰ শাসন বাহাল আছিল[19] আৰু ভাৰতীয় স্বাধীনতাৰ সংগ্ৰামৰ সময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।[20]

দক্ষিণ উত্তৰ প্ৰদেশত অৱস্থিত এই চহৰখনে ৩৬৫ কি: মি: স্কোৱেৰ (১৪১ বৰ্গ মাইল) আৱৰি আছে।[1] যদিও চহৰ খন আৰু ইয়াৰ চাৰিওফালৰ অঞ্চল কেইবাখনো পৌৰসভাৰ দ্বাৰা পৰিচালিত হয়, প্ৰয়াগৰাজ জিলাৰ এক বৃহৎ অংশ প্ৰয়াগৰাজ পৌৰ নিগমৰ দ্বাৰা পৰিচালিত হয়। চহৰখনত মহাবিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু উত্তৰ প্ৰদেশৰ উচ্চ ন্যায়ালয়কে ধৰি বহুতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কাৰ্যালয় আছে। প্ৰয়াগৰাজে প্ৰয়াগ কুম্ভ মেলা আৰু ইন্দিৰা মাৰাথনকে ধৰি সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান আয়োজন কৰে। যদিও চহৰখনৰ অৰ্থনীতি পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল, ইয়াৰ বেছিভাগ উপাৰ্জন বৰ্তমান ৰিয়েল ইষ্টেট আৰু বিত্তীয় সেৱাৰ পৰা আহৰণ কৰা হৈছে।[21]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Prayagraj City". allahabadmc.gov.in. http://allahabadmc.gov.in/about_ann.html। আহৰণ কৰা হৈছে: 21 November 2020. 
  2. 2.0 2.1 "52nd Report of the Commissioner for Linguistic Minorities in India". Ministry of Minority Affairsnclm.nic.in. http://nclm.nic.in/shared/linkimages/NCLM52ndReport.pdf। আহৰণ কৰা হৈছে: 20 December 2018. 
  3. "Awadhi". Ethnologue. https://www.ethnologue.com/language/awa। আহৰণ কৰা হৈছে: 7 May 2019. 
  4. "Metropolitan Cities of India". cpcb.nic.in. http://www.cpcb.nic.in/EnvironmetalPlanning/ground/Chapter3.pdf। আহৰণ কৰা হৈছে: 22 December 2020. 
  5. "Guidelines for Identifying Census Centres by Reserve Bank of India". Reserve Bank of India (RBI Central Board, Government of India). https://m.rbi.org.in//scripts/bs_viewcontent.aspx?Id=2035। আহৰণ কৰা হৈছে: 21 March 2018. 
  6. "Six cities to get metropolitan status". The Times of India. 20 October 2006. https://timesofindia.indiatimes.com/city/lucknow/Six-cities-to-get-metropolitan-status/articleshow/2210886.cms?from=mdr. 
    The other five cities were: Agra, Kanpur, Lucknow, Meerut, and Varanasi.
  7. "Urban Scenario by Ministry of Housing and Urban Affairs". MoHUA Government of India (Ministry of Housing and Urban Affairs, Government of India). https://mohua.gov.in/cms/number-of-cities--towns-by-city-size-class.php। আহৰণ কৰা হৈছে: 21 March 2018. 
  8. "Slum Free City Plan of Action – Allahabad". Regional Centre for Urban and Environmental Studies (Ministry of Urban Development, Government of India): 14. http://www.mohua.gov.in/upload/uploadfiles/files/19UP_Allahabad_sfcp-min.pdf। আহৰণ কৰা হৈছে: 14 June 2019. 
  9. "Allahabad City Population Census 2011 | Uttar Pradesh". Census2011.co.in. http://www.census2011.co.in/census/city/138-allahabad.html। আহৰণ কৰা হৈছে: 26 May 2014. 
  10. "Allahabad Metropolitan Urban Region Population 2011 Census". Census2011.co.in. http://www.census2011.co.in/census/metropolitan/87-allahabad.html। আহৰণ কৰা হৈছে: 26 May 2014. 
  11. "The world's fastest growing cities and urban areas from 2006 to 2020". City Mayors Statistics. http://www.citymayors.com/statistics/urban_growth2.html। আহৰণ কৰা হৈছে: 11 February 2014. 
  12. "10 Twin Towns and Sister Cities of Indian States". walkthroughindia.com. http://www.walkthroughindia.com/walkthroughs/10-twin-towns-and-sister-cities-of-indian-states/। আহৰণ কৰা হৈছে: 9 January 2014. 
  13. Ujagir Singh (1958). Allahabad: a study in urban geography. Banaras Hindu University. পৃষ্ঠা. 31–32. 
  14. Kama Maclean (2008). Pilgrimage and Power: The Kumbh Mela in Allahabad, 1765–1954. Oxford University Press. পৃষ্ঠা. 67. ISBN 978-0195338942. https://books.google.com/books?id=MALacgnsroMC&pg=PA67। আহৰণ কৰা হৈছে: 4 April 2018. 
  15. University of Allahabad Studies. University of Allahabad. 1962. পৃষ্ঠা. 8. 
  16. Pletcher, Kenneth (15 August 2010). The Geography of India: Sacred and Historic Places. The Rosen Publishing Group. পৃষ্ঠা. 128. ISBN 978-1-61530-142-3. https://books.google.com/books?id=Mjr0X-8jrLAC&pg=PA128। আহৰণ কৰা হৈছে: 21 March 2014. 
  17. H.S. Bhatia (2008). Military History of British India: 1607–1947. Deep and Deep Publications'. পৃষ্ঠা. 97. ISBN 978-81-8450-079-0. https://books.google.com/books?id=Lrjr7P2HMfkC&pg=PA96. 
  18. Ashutosh Joshi (2008). Town Planning Regeneration of Cities. New India Publishing. পৃষ্ঠা. 237. ISBN 978-81-89422-82-0. https://books.google.com/books?id=UFaGME0XDBkC&pg=PA151. 
  19. Kerry Ward (2009). Networks of Empire: Forced Migration in the Dutch East India Company. Cambridge University Press. পৃষ্ঠা. 340. ISBN 978-0-521-88586-7. https://books.google.com/books?id=YNBmIu5m6hAC. 
  20. Akshayakumar Ramanlal Desai (1986). Violation of Democratic Rights in India. Popular Prakashan. পৃষ্ঠা. 269. ISBN 978-0-86132-130-8. https://books.google.com/books?id=9i5sNMNh_uIC&pg=PA269. 
  21. Mani, Rajiv (10 February 2011). "City generates 5,34,760 kg domestic waste daily". The Times of India. http://timesofindia.indiatimes.com/city/allahabad/City-generates-534760-kg-domestic-waste-daily/articleshow/7463898.cms.