আকবৰনামা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৫৬৪ চনৰ বাবৰৰ দিল্লীৰ শাসনকালৰ এক চিত্ৰণ

আকবৰনামা হৈছে আকবৰৰ ৰাজত্বকালৰ চৰকাৰী ভাৱে লিখিত ইতিহাস। তৃতীয় মোগল সম্ৰাট (১৫৫৬-১৬০৫), আকবৰে অৰ্থ ব্যয় কৰি তেওঁৰ আদালতৰ ইতিহাসবিদ আৰু জীৱনীকাৰ আবু'ল-ফজল ইবন মুবাৰকৰ দ্বাৰা লিখা হৈছিল। এই গ্ৰন্থ পিছত বুক অৱ আকবৰলৈ অনুবাদ কৰা হৈছে। মূল গ্ৰন্থখন পাৰ্চী ভাষাত লিখা হৈছিল। এই ভাষা মোগলৰ সাহিত্যিক ভাষা আছিল, আৰু ইয়াত তেওঁৰ জীৱন আৰু সময়ৰ স্পষ্ট আৰু বিতং বৰ্ণনা অন্তৰ্ভুক্ত হৈছে।[1] এই গ্ৰন্থখনে বাবৰনামাক অনুসৰণ কৰিছিল। বাবাৰ আছিল আকবৰৰ ককাদেউতা। তেওঁলোকৰ ৰাজবংশৰ প্ৰতিষ্ঠাপকৰ এই স্মৃতিগ্ৰন্থখন অধিক আড়ম্বৰপূৰ্ণভাৱে চিত্ৰিত পাণ্ডুলিপিৰ ৰূপত প্ৰস্তুত কৰা হৈছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]