সমললৈ যাওক

সুগ্ৰীৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুগ্ৰীৱ
ৰামায়ণৰ চৰিত্ৰ

ৰাম আৰু লক্ষ্মণৰ সুগ্ৰীৱৰে বাৰ্তালাপ
তথ্য
উপাধি মহাৰাজ
পৰিয়াল সূৰ্য্য (পিতৃ)
বৃক্ষৰাজ (তোলনীয়া পিতৃ)
আত্মীয় বালি

সুগ্ৰীৱ (সংস্কৃত: सुग्रीव, 'সুন্দৰ ডিঙি') হিন্দু মহাকাব্য ৰামায়ণৰ এক বানৰ চৰিত্ৰ। সেই অনুসৰি তেওঁ বালিৰ সৰু ভায়েক আছিল। সুগ্ৰীৱে বালিক পৰাভূত কৰি কিষ্কিন্ধা, বানৰ ৰাজ্যৰ শাসক হিচাপে সফল হৈছিল। [1] ৰুমা তেওঁৰ পত্নী আছিল। তেওঁ হিন্দু দেৱতা সূৰ্য্যৰ পুত্ৰ আছিল। ভানৰৰ ৰজা হিচাপে সুগ্ৰীৱে ৰাক্ষস ৰজা ৰাৱণৰ হাতৰ পৰা ৰাম পত্নী সীতাক মুক্ত কৰাৰ অন্বেষণত ৰামক সহায় কৰিছিল। সুগ্ৰীৱৰ প্ৰথম পত্নী আছিল ৰুমা। ৰুমা আৰু সুগ্ৰীৱ ইজনে সিজনৰ প্ৰেমত পৰিছিল আৰু ইজনে সিজনক বিয়া কৰাব বিচাৰিছিল। কিন্তু ৰুমাৰ দেউতাকে তেওঁলোকৰ বিবাহৰ বাবে অনুমোদন জনোৱা নাছিল। সেয়েহে, সুগ্ৰীৱে হনুমানৰ সহায়ত ৰুমাক হৰণ কৰে আৰু ইজনে সিজনক বিয়া কৰায়।

কিষ্কিন্ধাত ৰাজত্ব

[সম্পাদনা কৰক]

বালিৰে মতানৈক্য

[সম্পাদনা কৰক]

ৰামায়ণত বালিয়ে এটা গুহাত ৰাক্ষস মায়াৱীৰ সৈতে যুঁজ দিবলৈ যায় আৰু সুগ্ৰীৱক গুহাৰ পৰা ৰক্ত নিৰ্গত হ'লে গুহাৰ দুৱাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে, যাৰ অৰ্থ হৈছে যে তেওঁক হত্যা কৰা হৈছে, কিন্তু যদি দুগ্ধ নিৰ্গত হয় তেন্তে ই সূচাব যে মায়াবীৰ মৃত্যু হৈছে। এবছৰৰ যুঁজৰ পিছত মৃত্যুমুখত পৰা মায়াবীয়ে তেওঁৰ শুকুলা তেজৰ ৰং যাদুবিদ্যাৰ দ্বাৰা ৰঙালৈ পৰিৱৰ্তন কৰে। সুগ্ৰীৱে বালিৰ মৃত্যু ঘটা বুলি ভাবি গুহাৰ একমাত্ৰ বাটটো বন্ধ কৰে। ইয়াৰ পিছত তেওঁ তাৰাক নিজৰ কৰি লয়।[2] ইফালে বালি উভতি অহাৰ পিছত তেওঁ সুগ্ৰীৱৰ ব্যাখ্যা অস্বীকাৰ কৰি তেওঁ‌ক নিৰ্বাসিত কৰে আৰু কেৱল তাৰাক পুনৰাই নিজৰ কৰিয়েই ক্ষান্ত নাথাকি প্ৰতিশোধ স্বৰূপে সুগ্ৰীৱৰ পত্নী ৰুমাকো নিজৰ কৰি লয়। [2][3] যদিও বালিয়ে তেওঁৰ স্বামী জীয়াই থকাৰ সময়ত ৰুমাক নিজৰ কৰাৰ কাৰ্যক ৰামায়ণৰ ভাষ্যকাৰসকলে সৰ্বজনীনভাৱে সমালোচনা কৰে, তেওঁলোকে সুগ্ৰীৱক তাৰাক তেওঁৰ পত্নী হিচাপে লোৱাৰ বাবে ক্ষমা কৰে, কিয়নো তেওঁ বালিৰ মৃত্যু হোৱা বুলি বিশ্বাস কৰিছিল।[4]

এক ৱায়াং সংস্কৰণ অনুযায়ী বালি (সুবালি) গুহাৰ কিষ্কিন্ধা, জঁ‌টাসুৰ আৰু লেম্বুসুৰৰ ৰাক্ষস ৰজাসকলৰ সৈতে যুঁজ দিবলৈ যায়। ৰামায়ণৰ দৰেই সুগ্ৰীৱে বালিক মৃত বুলি ভাবে। দেৱতাসকলে সুগ্ৰীবক কিষ্কিন্ধাৰ ৰজা পাতে আৰু তেওঁৰ "মৃত" ভ্ৰাতৃ সহায় কৰাৰ বাবে তেওঁক পুৰস্কাৰ হিচাপে তাৰাক অৰ্পণ কৰে। বালি ঘূৰি আহে আৰু ৰাৱণৰ দ্বাৰা প্ৰৰোচিত হৈ তাৰাৰ লগতে ৰাজ্যখনো অধিগ্ৰহণ কৰে।[5]

ৰামৰ সৈতে মিত্ৰতা

[সম্পাদনা কৰক]
মাতংগৰ আশ্ৰমত সুগ্ৰীৱৰে ৰাম আৰু লক্ষ্মণৰ সাক্ষাৎ

নিৰ্বাসিত অৱস্থাত সুগ্ৰীৱে বিষ্ণুৰ অৱতাৰ ৰামৰ সৈতে পৰিচয় হৈছিল। ৰামৰ পত্নী সীতাক ৰাক্ষসৰাজ ৰাৱণে হৰণ কৰাৰ পিছত ৰাম আৰু তেওঁৰ ভাতৃ লক্ষ্মণে তেওঁক বিচাৰি অৰণ্যত ঘূৰি ফুৰে। বালিৰ ভয়ত পলাই সেই অৰণ্যতে লুকাই থকা হনুমানে তেওঁলোকক লগ পায় আৰু নিৰ্বাসিত সুগ্ৰীৱৰ কাষলৈ লৈ যায়। ৰামে সুগ্ৰীৱক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ বালিক হত্যা কৰিব আৰু সুগ্ৰীৱক বানৰৰ ৰজা হিচাপে পুনৰ স্থাপন কৰিব। ইয়াৰ পৰিৱৰ্তে সুগ্ৰীৱে ৰামক তেওঁৰ অন্বেষণত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল।[6]

"বালি আৰু সুগ্ৰীৱৰ যুঁজ "; ৰামায়ণ বৰ্ণিত এখন সাঁচি পাত। উত্তৰ ভাৰত

ৰাম আৰু সুগ্ৰীৱৰ পৰিকল্পনা অনুসৰি সুগ্ৰীৱে বালিক দ্বন্দ্বযুদ্ধলৈ আহ্বান জনায়। কিন্তু ৰামে তেওঁলোক দুজনৰ মাজত পাৰ্থক্য কৰিব নোৱাৰি বধ কৰিব নোৱাৰাৰ বাবে প্ৰথম প্ৰচেষ্টাত সুগ্ৰীৱ যুদ্ধত পৰাজিত হয়। ৰামে সুগ্ৰীৱক তেওঁৰ দুৰ্দশাৰ বিষয়ে বৰ্ণনা কৰে আৰু ৰামে তেওঁক পুনৰবাৰ বালিক প্ৰত্যাহ্বান জনোৱাৰ বাবে অনুৰোধ কৰে। এইবাৰ ৰামে সুগ্ৰীৱক চিনাক্ত কৰিবৰ বাবে এধাৰ মালা পিন্ধায়। [7] যেতিয়া সুগ্ৰীৱে বালিক পুনৰ প্ৰত্যাহ্বান জনায় তেতিয়া তাৰাই বালিক যুঁজলৈ যোৱাৰ পৰা বিৰত ৰাখি এই কথা আঙুলিয়াই দিয়ে যে সুগ্ৰীৱে হয়তো এজন ৰক্ষক বিচাৰি পাইছে। চন্দ্ৰৰ দৰে উজ্জ্বল বুলি খ্যাত, নিজৰ বক্তব্য স্পষ্ট কৰাত পটু আৰু সকলো প্ৰাণীৰ ভাষা বুজি পোৱা তাৰাক বালিয়ে প্ৰশংসা কৰে। তাৰাই তেওঁক ৰামৰ সৈতে সুগ্ৰীৱৰ মিত্ৰতা তথা সুগ্ৰীৱ আৰু তেওঁৰ পৰামৰ্শদাতাসকলে কৰা বালিৰ মৃত্যুৰ ষড়যন্ত্ৰৰ বিষয়ে সতৰ্ক কৰি দিয়ে। বালিয়ে কেৱল তাৰাৰ পৰামৰ্শক অৱজ্ঞা কৰাই নহয় আনকি তাৰাক সুগ্ৰীৱৰ লগ লাগি প্ৰতাৰণা কৰাৰো সন্দেহ কৰে। তাৰাক কটূক্তি কৰি বালিয়ে প্ৰস্থান কৰে।[8]তাৰাৰ সঠিক পৰামৰ্শ উপেক্ষা কৰি, বালিয়ে সুগ্ৰীৱৰ সৈতে পুনঃ যুঁজত লিপ্ত হয়। যুঁজ দি থাকোঁতে ৰামে পিছফালৰ পৰা বালিৰ ওপৰত এপাট তীৰ নিক্ষেপ কৰে যাৰ ফলত তেওঁ মাৰাত্মকভাৱে আঘাতপ্ৰাপ্ত হয়। বালিৰ মৃত্যুৰ খবৰ শুনি তাৰা, অঙ্গদৰ সৈতে সেই ঠাইত উপস্থিত হয়। তেওঁ বান্দৰবোৰক বাটত সন্ত্ৰাসত দৌৰি ফুৰা দেখা পায়। তেওঁলোকে তাৰাক ৰাজপ্ৰসাদলৈ ঘূৰি যাবলৈ আৰু অঙ্গদক ৰজা হিচাপে অভিষিক্ত কৰিবলৈ পৰামৰ্শ দিয়ে। তাৰাই এই কথা অস্বীকাৰ কৰে আৰু কয় যে তেওঁ প্ৰথমে তেওঁৰ স্বামীৰ দৰ্শন কৰিব লাগিব। [2][9] মৃত্যুমুখত পৰা বালিক আলিঙ্গন কৰি তাৰাই সুগ্ৰীৱ আৰু ৰামক ধিক্কাৰ দি তেওঁৰ মৃত্যুত দুখ প্ৰকাশ কৰে। তাৰাই ৰুমাক অধিগ্ৰহণ কৰা আৰু সুগ্ৰীৱক নিৰ্বাসন দিয়াৰ শাস্তি হিচাপে বালিৰ মৃত্যুক স্বীকাৰ কৰি লয়।[10][11]

তাৰাৰ সৈতে বিবাহ

[সম্পাদনা কৰক]

বালিৰ মৃত্যুৰ পিছত সুগ্ৰীৱে বালিৰ ৰাজ্যৰ লগতে তাৰাকো গ্ৰহণ কৰে।[8] ৰামায়ণে কোনো আনুষ্ঠানিক বিবাহ বা অগ্নিপৰীক্ষাৰ দৰে কোনো আনুষ্ঠানিক শুদ্ধিৰ কথা লিপিৱদ্ধ কৰা নাই৷[12] কিছুমান সমালোচকৰ মতে আনুষ্ঠানিক বিবাহৰ বৰ্ণনাৰ অভাৱৰ পৰা গম পোৱা যায় যে সুগ্ৰীৱৰ সৈতে তাৰাৰ সম্পৰ্ক বিধৱা বিবাহ বা বহুমুখী নহয়, কিন্তু সুগ্ৰীৱৰ দ্বাৰা কেৱল গ্ৰহণহে।[13] সুগ্ৰীৱক ৰজা হিচাপে ৰাজ্যাভিষেক কৰাৰ প্ৰসংগত অঙ্গদক উত্তৰাধিকাৰী ৰাজকুমাৰ বুলিও বৰ্ণনা কৰা হৈছে, আনহাতে তাৰাক সুগ্ৰীৱৰ পত্নী বুলিও উল্লেখ কৰা হৈছে।[12] আধ্যাত্ম ৰামায়ণৰ মতে সুগ্ৰীৱে তাৰাক অধিগ্ৰহণ কৰে।[14]

যদিও বালিয়ে ৰুমাক অধিগ্ৰহণ কৰিছিল, জ্যেষ্ঠ ভাতৃয়ে তেওঁৰ ভাই-বোৱাৰীক পত্নী হিচাপে লোৱা কথাটোক সৰ্বজনীনভাৱে গৰিহণা দিয়া হয়। অৱশ্যে তাৰাৰ ক্ষেত্ৰত জ্যেষ্ঠ ভাতৃৰ বিধৱাই দেওৰেকক বিয়া কৰাটো এক সামাজিক নিয়ম যেন বোধ হয়। ৰামাশ্ৰয় শৰ্মাই বিবেচনা কৰে যে তাৰা আৰু সুগ্ৰীৱৰ বিবাহৰ ক্ষেত্ৰত ৰামৰ নীৰৱতাই এই কাৰ্য মানি নোলোৱাৰ সংকেত নিদিয়ে, বৰঞ্চ তেওঁ স্থূল চৰিত্ৰযুক্ত বান্দৰৰ যৌন সম্পৰ্কৰ বিষয়টোত চিন্তিত নহয়৷[15] ৰামায়ণে উল্লেখ কৰিছে যে সুগ্ৰীৱে ৰুমা আৰু তাৰাকে ধৰি নাৰীসকলৰ সৈতে যৌনসুখ ভোগ কৰিছিল।[16] অৱশ্যে ৰামায়ণত অঙ্গদে সুগ্ৰীৱক তেওঁৰ মাতৃস্থানীয় বৌৱেক তাৰাৰ সৈতে কামুকতাপূৰ্ণ বিবাহৰ বাবে সমালোচনা কৰে৷[2][17] ৰাজনৈতিক বিবাহ হ'লেও তাৰাই সুগ্ৰীৱক নিষ্ঠাৰে সেৱা আগবঢ়ায়।[18]

ৰামায়ণৰ ভাষ্যসমূহে কয় যে সুগ্ৰীৱৰ বাবে স্বামীহাৰা তাৰাক বিয়া কৰাটো উচিত কাৰ্য। কটক মাধৱ যোগিন্দ্ৰৰ অমৃতকটকে কৈছে যে এইটো উচিত কাৰ্য আছিল কিয়নো তেওঁলোক আছিল জন্তু। নাহেশ ভট্টৰ (ৰামবৰ্মা) দ্য তিলকত সুগ্ৰীৱৰ সৈতে তাৰাৰ বিবাহক ন্যায্যতা দিয়া হৈছে কিয়নো সুগ্ৰীৱ তেওঁৰ মৃত স্বামীৰ ভায়েক আছিল। ইয়াত আৰু কোৱা হৈছে যে তাৰাই পুনৰ বিবাহ কৰা উচিত কিয়নো তাই প্ৰথম তিনিটা জাতিৰ নাছিল আৰু যুৱাৱস্থাত আছিল।[19] বালিৰ মৃত্যুৰ পিছত তাৰাই সুগ্ৰীৱক স্বামী হিচাপে লোৱা কাৰ্যক অঙ্গদ আৰু ৰাজ্যখনৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ প্ৰয়াস হিচাপে গণ্য কৰা হয়।[20][18]

কিছুমান বিৰল উদাহৰণ যেনে ৰামৱতাৰমতে, তাৰাই পুনৰ বিবাহ কৰোৱা নাই। সুগ্ৰীৱে তেওঁক মাতৃ হিচাপে গণ্য কৰে আৰু তেওঁক অভিবাদন জনায়।[21]

লৱ-কুশৰে যুদ্ধ

[সম্পাদনা কৰক]

লক্ষ্মণৰ অনুৰোধত আৰু গুৰু বশিষ্ঠৰ অনুমোদনৰ পিছত, ৰামই অশ্বমেধ যজ্ঞ কৰাৰ পৰিকল্পনা কৰে। এই পৱিত্ৰ অনুষ্ঠানত তেওঁ সুগ্ৰীৱক, অঙ্গদ, নল, নীল, জাম্বৱন্ত আৰু হনুমানৰ সৈতে অযোধ্যালৈ আহিবলৈ আহ্বান জনায়। ৰাম অযোধ্যালৈ অহাৰ সময়ত সুগ্ৰীৱ, জাম্বাৱন্ত আৰু অন্যান্যসকলক শুভেচ্ছা জনাইছিল আৰু আলিঙ্গন কৰিছিল। ৰামৰ যজ্ঞৰ উৎসৰ্গিত ঘোঁৰাটো লৱ আৰু কুশ ভাতৃদ্বয়ে বন্দী কৰিছিল। ৰামৰ সৈন্যবাহিনীৰ মাজত বাতৰি বিয়পি পৰে যে দুজন মুনি কুমাৰে যজ্ঞৰ ঘোঁৰাটো বন্দী কৰিছে। শত্ৰুঘ্নই লৱৰ সৈতে যুদ্ধত লিপ্ত হয় আৰু পৰাজিত হয়। তেতিয়া লক্ষ্মণ আগবাঢ়ি আহে আৰু তেৱোঁ লৱৰ দ্বাৰা পৰাজিত হয়। উপায়ন্তৰ হৈ ভৰতে ৰামক মুনি কুমাৰ দুয়োৰে পৰা ঘোঁৰা মুক্ত কৰিবলৈ যাবলৈ অনুমতি বিচাৰে। সুগ্ৰীৱ আৰু হনুমানকো ৰামই যুদ্ধলৈ ভৰতৰ সৈতে যাবলৈ অনুৰোধ কৰিছিল। লৱ আৰু কুশই ভৰত আৰু সুগ্ৰীৱক পৰাজিত কৰে তথা হনুমানক বন্দী কৰে। হনুমানেই তেওঁলোকৰ মাজৰ একমাত্ৰ আছিল যিয়ে জানিছিল যে লৱ আৰু কুশ প্ৰকৃততে তেওঁৰ প্ৰভু আৰু সীতাৰ পুত্ৰ আৰু সেয়ে তেওঁ নিজকে তেওঁৰ প্ৰভুৰ পুত্ৰৰ দ্বাৰা বন্দী কৰিছিল। [22]

জৈন সংস্কৰণ

[সম্পাদনা কৰক]

জৈন গ্ৰন্থঅনুসৰি, সুগ্ৰীৱ এজন মানুহ আছিল যি জৈন দীক্ষা গ্ৰহণ কৰিছিল আৰু মাংগী-তুঙ্গীৰ পৰা মোক্ষ প্ৰাপ্ত কৰিছিল।[23]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Bhimrao Ramji Ambedkar (1979). Dr. Babasaheb Ambedkar, Writings and Speeches: Riddles in Hinduism. Education Department, Government of Maharashtra. https://books.google.co.in/books?id=rJX2d-c4oaYC&dq=sugriva+vali+kishkindha. 
  2. 2.0 2.1 2.2 2.3 Mukherjee pp. 36–7
  3. Lefeber pp. 42, 157
  4. Lefeber p. 243
  5. Sudibyoprono pp. 536–7
  6. Ramayana of Valmiki, Book IV, Canto 8, 10; Mahabharata, Book III: Varna Parva, Section 278.
  7. Mani p. 106
  8. 8.0 8.1 Ganguli, Kisari Mohan (1883–1896). "SECTION CCLXXVIII". The Mahabharata: Book 3: Vana Parva. Sacred texts archive. http://www.sacred-texts.com/hin/m03/m03278.htm. 
  9. Lefeber pp. 96–7
  10. Lefeber pp. 97–8
  11. Lefeber p. 250
  12. 12.0 12.1 Sharma p.48
  13. Guruge p. 203
  14. Nath p. 178
  15. Sharma pp. 97, 99–101
  16. Lefeber p. 115
  17. Singh, Sarva Daman (1988). Polyandry in Ancient India. Motilal Banarsidass Publ. পৃষ্ঠা. 139–140. ISBN 81-208-0487-2. 
  18. 18.0 18.1 Devika, V.R. (October 29, 2006). "Women of substance: Tara : Unsung heroine". The Week খণ্ড 24 (48): 46. 
  19. Lefeber p. 256
  20. Bhattacharya, Pradip (March–April 2004). "Five Holy Virgins, Five Sacred Myths: A Quest for Meaning (Part I)". Manushi (141): 7–8. http://www.manushi-india.org/pdfs_issues/PDF%20141/03%20panchakanya%204-12.pdf. 
  21. Srinivasan p. 159
  22. Valmiki Ramayana
  23. "Mangi Tungi Temple". http://nashik.nic.in/htmldocs/touristplaces.htm.