তাৰা (ৰামায়ণ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
তাৰা
পঞ্চকন্যা-ৰ সদস্য
Episode from Kishkinda Kanda.jpg
কিষ্কিন্ধা নগৰীৰ ৰাজভৱনত তাৰা (একেবাৰে বাওঁ‌ফালে), তেওঁৰ স্বামী সুগ্ৰীৱ (বাওঁ‌ফালৰ পৰা দ্বিতীয়) আৰু হনুমানক (একেবাৰে সোঁ‌ফালে) লক্ষ্মণৰ সাক্ষাৎ।
দেৱনাগৰী तारा
সম্পৰ্ক বান্দৰ/অপ্সৰা, পঞ্চকন্যা
নিবাস কিষ্কিন্ধা
সঙ্গী বালি
সুগ্ৰীৱ (বালিৰ মৃত্যুৰ পিছত)
সন্তান অংগদ

তাৰা (সংস্কৃত: तारा) (আক্ষৰিক অৰ্থত তৰা[1]) হৈছে ৰামায়ণত বৰ্ণিত কিষ্কিন্ধাৰ ৰাণী আৰু বানৰৰাজ বালিৰ সহধৰ্মিণী। বালিৰ মৃত্যুৰ পিছত তাৰা সুগ্ৰীৱৰ সৈতে বিবাহত বহে।

ৰামায়ণত তেওঁক কপিকুলৰ কবিৰাজ সুসেনৰ জীয়ৰী বুলি কোৱা হৈছে। কিন্তু ইয়াৰ পৰৱৰ্তী সূত্ৰসমূহৰ মতে তাৰা আছিল সমুদ্ৰ মন্থনৰ ফলত নিৰ্গত হোৱা এগৰাকী অপ্সৰা। তেওঁ বালিক বিয়া কৰায় আৰু অংগদৰ জন্ম দিয়ে। এক ৰাক্ষসৰ সৈতে হোৱা যুঁজত বালিৰ মৃত্যু হোৱা বুলি ভাবি সুগ্ৰীৱ নিজে কিষ্কিন্ধাৰ ৰাজপাটত বহে আৰু তাৰাক গ্ৰহণ কৰে। কিন্তু পৰৱৰ্তী সময়ত বালিৰ প্ৰত্যাৱৰ্তন ঘটে আৰু তেওঁ ৰাজদ্ৰোহৰ অপৰাধত সুগ্ৰীৱক নিৰ্বাসন দি পুনৰ তাৰাক নিজৰ কৰি লয়।

যেতিয়া সুগ্ৰীবে বালিক দ্বন্দ্ব যুদ্ধৰ বাবে প্ৰত্যাহ্বান জনায়, তাৰাই বালিক ৰামায়ণৰ নায়ক আৰু বিষ্ণুৰ অৱতাৰ ৰামৰ সৈতে সুগ্ৰীৱৰ মিত্ৰতাৰ বাবে এই প্ৰত্যহ্বান গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু বালিয়ে এই পৰামৰ্শ আওকাণ কৰে আৰু ৰামৰ হাতত মৃত্যু বৰণ কৰে। ৰামায়ণ আৰু ইয়াৰ পিছৰ অভিযোজনবোৰে তাৰাৰ বিলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যদিও বেছিভাগ স্থানীয় ভাষাৰ সংস্কৰণত তাৰাই ৰামক তেওঁৰ সতীত্বৰ শক্তিৰ দ্বাৰা অভিশাপ দিয়ে, কিছুমান সংস্কৰণত ৰামে তাৰাক জ্ঞান প্ৰদান কৰে।

সুগ্ৰীৱে সিংহাসন পুনৰাই লাভ কৰি তেওঁৰ সময়বোৰ আনন্দৰে অতিবাহিত কৰে আৰু ৰামক তেওঁৰ অপহৃত পত্নী সীতাক উদ্ধাৰ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হয়। সুগ্ৰীৱৰ ৰাণী আৰু মুখ্য কূটনীতিবিদৰ স্থান লোৱা তাৰাই তেতিয়া সুগ্ৰীবে বিশ্বাসঘাতকতা কৰা বুলি কিষ্কিন্ধাক ধ্বংস কৰিবলৈ ওলোৱা ৰামৰ ভ্ৰাতৃ লক্ষ্মণক শান্ত কৰাৰ পিছত সুগ্ৰীৱৰ সৈতে ৰামৰ মিলামিছা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ঘটনাৰ পিছত, তাৰাক কেৱল অঙ্গদৰ মাতৃ আৰু সুগ্ৰীৱৰ ৰাণী হিচাপেহে উল্লেখ কৰা হৈছে কিয়নো কাহিনীৰ পটভূমিয়ে কিষ্কিন্ধাৰ পৰা লংকাৰ যুদ্ধলৈ গতি কৰে।

তাৰাৰ বুদ্ধিমত্তা, উপস্থিত বুদ্ধি, সাহস আৰু তেওঁৰ স্বামী বালিৰ প্ৰতি আনুগত্য প্ৰশংসাৰ যোগ্য বুলি কোৱা হয়। তেওঁক পঞ্চকন্যা মাজত স্থান দিয়া হয় যাৰ নাম ল'লে পাপ দূৰ হয় বুলি বিশ্বাস কৰা হয়।

জন্ম আৰু প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ৰামায়ণত তাৰাক বালিয়ে কপিকুলৰ চিকিৎসক সুসেনৰ জীয়ৰী বুলি সম্বোধন কৰে।[2][3] বাল কাণ্ডৰ কিছুমান সংস্কৰণত বিভিন্ন দেৱতাৰ দ্বাৰা সৃষ্টি কৰা প্ৰধান বান্দৰসমূহৰ বিষয়ে বৰ্ণনা কৰা শ্লোক অন্তৰ্ভুক্ত আছে। বালি আৰু সুগ্ৰীৱক ক্ৰমে দেৱতা ইন্দ্ৰ আৰু সূৰ্যৰ পুত্ৰ বুলি বৰ্ণনা কৰা হয়। আনহাতে তাৰাক দেৱতাৰ গুৰু বৃহস্পতিৰ কন্যা বুলি বৰ্ণনা কৰা হৈছে।[4] দ্বাদশ শতিকাৰ তামিল ৰামৱতাৰম আৰু তেলেগু ৰংনাথ ৰামায়ণমে কয় যে তাৰা আৰু ৰুমা অন্যান্য অপ্সৰাসকলৰ সৈতে দেৱতা আৰু ৰাক্ষসৰ দ্বাৰা মন্থন কৰাৰ সময়ত ক্ষীৰ সমুদ্ৰৰ পৰা অমৃত আহৰণৰ বাবে উঠি আহিছিল।[2][3] কেৰালাৰ থিয়াম নাট্য পৰম্পৰাত দেৱতাসকলে ক্লান্ত হৈ পৰে আৰু বালিক মন্থনত সহায় কৰিবলৈ অনুৰোধ কৰে। যেতিয়া বালিয়ে মন্থন আৰম্ভ কৰামাত্ৰকেই তাৰা সাগৰৰ পৰা উঠি আহে আৰু এনেদৰে তাৰাক বালিক উপহাৰ স্বৰূপে দিয়া হয়।[5]

জাভানীজ ৱায়াং পুতলাৰ পৰম্পৰা অনুসৰি, তাৰা হৈছে ইন্দ্ৰ আৰু তেওঁৰ পত্নী ৱিয়াতিৰ অপ্সৰা কন্যা। তেওঁৰ সহোদৰসকল হৈছে লংকাৰ ৰাক্ষসৰাজৰ সহধৰ্মিনী দেৱী তাৰি নামৰ এগৰাকী ভগ্নী, ৰাৱণ (ৰাহৱণ) আৰু ভাতৃ চিতৰত, চিত্ৰাগণ, জয়ন্তক, জয়ন্তৰ আৰু হৰ্জুনৱংস। [6]

যদিও ৰামায়ণৰ মতে তাৰাই প্ৰথমে বালিক বিবাহ কৰিছিল, কিছু অভিযোজনে কেতিয়াবা তাৰা, বালি আৰু সুগ্ৰীৱৰ মাজত এক বহুমুখী সম্পৰ্ক উপস্থাপন কৰে। ৰংনাথ ৰামায়ণে কৈছে যে দেৱতাসকলক সহায় কৰাৰ পুৰস্কাৰ হিচাপে তাৰাক বালি আৰু সুগ্ৰীৱ উভয়কে দিয়া হয়।[3] তামিল লোককাহিনী এটাত কোৱা হৈছে যে অমৃতৰ উদ্ভৱ হোৱাৰ পিছত, তাৰা উঠি আহে আৰু বালি আৰু সুগ্ৰীৱ দুয়োৰে বাবে তেওঁক উমৈহতীয়া পত্নী হিচাপে প্ৰদান কৰা হয়। [7] মহাভাৰতত বালি আৰু সুগ্ৰীৱৰ এগৰাকী নামহীন নাৰীক লৈ দ্বন্দ্ব কৰাৰ প্ৰসংগ আছে যাক পৌৰাণিক কাহিনীবিদ ভট্টাচাৰ্যই তাৰা বুলি বিশ্বাস কৰে।[3]

ৰামায়ণ পুনৰাবৃত্তি যেনে মহাভাৰতৰ কিছু সংস্কৰণ, নৰসিংহ পুৰাণ আৰু মহানাটকত তাৰাক মূলতঃ সুগ্ৰীৱৰ পত্নী হিচাপে চিত্ৰিত কৰা হৈছে যাক বালিয়ে কাঢ়ি লৈছিল। [3][8] থাই ৰামাকিয়েনৰ মতে দেৱতাসকলে যথাক্ৰমে বালি আৰু সুগ্ৰীৱক ত্ৰিশূল আৰু তাৰাক অৰ্পণ কৰে, কিন্তু বালিয়ে তাৰাকো বিয়া কৰায়।[3] বালিনীজ নৃত্য কেবিয়াৰ আৰু ৱায়াং পৰম্পৰাই এইটোও কয় যে তাৰা প্ৰথমতে সুগ্ৰীৱৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল যদিও বালিয়ে (সুবালি) ভোগ কৰিছিল। [3][6]

এই সকলোবোৰ সংস্কৰণতে অঙ্গদ তাৰা আৰু বালিৰ পুত্ৰ। [3][6]

ৰামায়ণত বালিয়ে এটা গুহাত ৰাক্ষস মায়াৱীৰ সৈতে যুঁজ দিবলৈ যায় আৰু সুগ্ৰীৱক গুহাৰ পৰা ৰক্ত নিৰ্গত হ'লে গুহাৰ দুৱাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে, যাৰ অৰ্থ হৈছে যে তেওঁক হত্যা কৰা হৈছে, কিন্তু যদি দুগ্ধ নিৰ্গত হয় তেন্তে ই সূচাব যে মায়াবীৰ মৃত্যু হৈছে। এবছৰৰ যুঁজৰ পিছত মৃত্যুমুখত পৰা মায়াবীয়ে তেওঁৰ শুকুলা তেজৰ ৰং যাদুবিদ্যাৰ দ্বাৰা ৰঙালৈ পৰিৱৰ্তন কৰে। সুগ্ৰীৱে বালিৰ মৃত্যু ঘটা বুলি ভাবি গুহাৰ একমাত্ৰ বাটটো বন্ধ কৰে। ইয়াৰ পিছত তেওঁ তাৰাক নিজৰ কৰি লয়।[9] ইফালে বালি উভতি অহাৰ পিছত তেওঁ সুগ্ৰীৱৰ ব্যাখ্যা অস্বীকাৰ কৰি তেওঁ‌ক নিৰ্বাসিত কৰে আৰু কেৱল তাৰাক পুনৰাই নিজৰ কৰিয়েই ক্ষান্ত নাথাকি প্ৰতিশোধ স্বৰূপে সুগ্ৰীৱৰ পত্নী ৰুমাকো নিজৰ কৰি লয়। [9][10] যদিও বালিয়ে তেওঁৰ স্বামী জীয়াই থকাৰ সময়ত ৰুমাক নিজৰ কৰাৰ কাৰ্যক ৰামায়ণৰ ভাষ্যকাৰসকলে সাৰ্বজনীনভাৱে সমালোচনা কৰে, তেওঁলোকে সুগ্ৰীৱক তাৰাক তেওঁৰ পত্নী হিচাপে লোৱাৰ বাবে ক্ষমা কৰে, কিয়নো তেওঁ বালিৰ মৃত্যু হোৱা বুলি বিশ্বাস কৰিছিল।[11]

এক ৱায়াং সংস্কৰণ অনুযায়ী বালি (সুবালি) গুহাৰ কিষ্কিন্ধা, জঁ‌টাসুৰ আৰু লেম্বুসুৰৰ ৰাক্ষস ৰজাসকলৰ সৈতে যুঁজ দিবলৈ যায়। ৰামায়ণৰ দৰেই সুগ্ৰীবে বালিক মৃত বুলি ভাবে। দেৱতাসকলে সুগ্ৰীৱক কিষ্কিন্ধাৰ ৰজা ৰজা পাতে আৰু তেওঁৰ "মৃত" ভ্ৰাতৃ সহায় কৰাৰ বাবে তেওঁক পুৰস্কাৰ হিচাপে তাৰাক অৰ্পণ কৰে। বালি ঘূৰি আহে আৰু ৰাৱণৰ দ্বাৰা প্ৰৰোচিত হৈ তাৰাৰ লগতে আৰু ৰাজ্যখনো অধিগ্ৰহণ কৰে।[6]

বালিৰ মৃত্যু[সম্পাদনা কৰক]

ৰামৰ পত্নী সীতাক ৰাক্ষসৰাজ ৰাৱণে হৰণ কৰাৰ পিছত ৰাম আৰু তেওঁৰ ভাতৃ লক্ষ্মণে তেওঁক বিচাৰি অৰণ্যত ঘূৰি ফুৰে। হনুমানক তেওঁলোকক তেওঁলোকক নিৰ্বাসিত সুগ্ৰীৱৰ কাষলৈ লৈ যায়। ৰামে সুগ্ৰীৱৰ সৈতে মিত্ৰতা কৰি বালিক পৰাস্ত কৰি তেওঁৰ পত্নী ৰুমা আৰু তেওঁৰ ৰাজ্য ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ বিনিময়ত সুগ্ৰীবে সীতাৰ সন্ধানত সহায় কৰিবলৈ কথা দিয়ে। এই সিদ্ধান্ত অনুসৰি সুগ্ৰীবে বালিক দ্বন্দ্বযুদ্ধলৈ আহ্বান জনায়। কিন্তু ৰামে তেওঁলোক দুজনৰ মাজত পাৰ্থক্য কৰিব নোৱাৰি বধ কৰিব নোৱাৰাৰ বাবে সুগ্ৰীৱ যুদ্ধত পৰাজিত হয়। ৰামে সুগ্ৰীৱক তেওঁৰ দুৰ্দশাৰ বিষয়ে বৰ্ণনা কৰে আৰু তেওঁক বালিক পুনৰ প্ৰত্যাহ্বান জনোৱাৰ বাবে অনুৰোধ কৰে। এইবাৰ ৰামে সুগ্ৰীৱক চিনাক্ত কৰিবৰ বাবে এধাৰ মালা পিন্ধায়। [12]

তাৰাৰ সতৰ্কবাণী[সম্পাদনা কৰক]

সুগ্ৰীৱৰ প্ৰত্যাহ্বান গ্ৰহণ নকৰিবলৈ তাৰাই বালিক বুজনি দিছে।

ৰামায়ণৰ কিষ্কিন্ধা কাণ্ডত যেতিয়া সুগ্ৰীবে বালিক দ্বন্দ্বযুদ্ধৰ বাবে পুনৰ প্ৰত্যাহ্বান জনায় তেতিয়া তাৰাই বালিক কয় যে সাধাৰণতে এজন যুঁজাৰু নিৰ্ণায়ক পৰাজয়ৰ পিছত পুনৰ যুঁজলৈ ইমান সোনকালে ঘূৰি নাহে।[3] সুগ্ৰীৱ আৰু ৰামৰ মাজৰ বন্ধুত্বৰ বিষয়ে শুনি তেওঁ বালিক সতৰ্ক কৰি দিয়ে। তাৰাই তেওঁক সুগ্ৰীৱক ক্ষমা কৰি ৰাজকুমাৰ হিচাপে অভিষিক্ত কৰিবলৈ আৰু তেওঁৰ সৈতে শান্তিপূৰ্ণভাৱে বাস কৰি ৰামৰ সৈতে বন্ধুত্ব কৰিবলৈ অনুৰোধ কৰে। কিন্তু তাৰাৰ মৰম আৰু আনুগত্য স্বীকাৰ কৰিও বালিয়ে যুক্তি দিয়ে যে তেওঁৰ দৰে যোদ্ধাই প্ৰত্যাহ্বান অস্বীকাৰ কৰিব নোৱাৰে। লগতে তেওঁ সুগ্ৰীৱক হত্যা নকৰি কেৱল তেওঁৰ দৰ্পচূৰ্ণ কৰাৰহে প্ৰতিশ্ৰুতি দিয়ে।[3][9][13]

মহাভাৰতৰ মতে, যেতিয়া সুগ্ৰীবে বালিক পুনৰ প্ৰত্যাহ্বান জনায় তেতিয়া তাৰাই বালিক যুঁজলৈ যোৱাৰ পৰা বিৰত ৰাখি এই কথা আঙুলিয়াই দিয়ে যে সুগ্ৰীবে হয়তো এজন ৰক্ষক বিচাৰি পাইছে। চন্দ্ৰৰ দৰে উজ্জ্বল বুলি খ্যাত, নিজৰ বক্তব্য স্পষ্ট কৰাত পটু আৰু সকলো প্ৰাণীৰ ভাষা বুজি পোৱা তাৰাক বালিয়ে প্ৰশংসা কৰে। তাৰাই তেওঁক ৰামৰ সৈতে সুগ্ৰীৱৰ মিত্ৰতা আৰু সুগ্ৰীৱ আৰু তেওঁৰ পৰামৰ্শদাতাসকলে কৰা বালিৰ মৃত্যুৰ ষড়যন্ত্ৰৰ বিষয়ে সতৰ্ক কৰি দিয়ে। বালিয়ে কেৱল তাৰাৰ পৰামৰ্শক অৱজ্ঞা কৰাই নহয় আনকি তাৰাক সুগ্ৰীৱৰ লগ লাগি প্ৰতাৰণা কৰাৰো সন্দেহ কৰে। তাৰাক কটূক্তি কৰি বালিয়ে প্ৰস্থান কৰে।[14]

কম্বনৰ ৰামৱতাৰমত তাৰাই বালিক ৰামৰ তেওঁক হত্যা কৰাৰ পৰিকল্পনাৰ বিষয়ে সতৰ্ক কৰি দিয়ে। অৱশ্যে বালিয়ে তেওঁৰ সতৰ্কবাণীক ভিত্তিহীন বুলি প্ৰত্যাখ্যান কৰে আৰু যুক্তি দিয়ে যে ৰামৰ দৰে এজন ধৰ্মপৰায়ণ ব্যক্তিয়ে তেওঁ আৰু সুগ্ৰীৱ দ্বৈত যুদ্ধত থাকোঁ‌তে তেওঁলৈ তীৰ নিক্ষেপ নকৰিব। বালিয়ে তাৰাক প্ৰতিশ্ৰুতি দিয়ে যে তেওঁ সুগ্ৰীৱক হত্যা কৰিব। [15]

তাৰাৰ বিলাপ[সম্পাদনা কৰক]

মৃত্যুশয্যাত বালিৰ কাষত বিলাপ কৰি থকা তাৰা।

ৰামায়ণৰ বাল কাণ্ডত (য'ত গোটেই কামটো সংক্ষিপ্ত ৰূপত উল্লেখ কৰা হৈছে) তাৰাৰ বিলাপক এক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে উল্লেখ কৰা হৈছে।[16]

তাৰাৰ সঠিক পৰামৰ্শ উপেক্ষা কৰি, বালিয়ে সুগ্ৰীৱৰ সৈতে যুঁজত লিপ্ত হয়। যুঁজ দি থাকোঁতে ৰামে পিছফালৰ পৰা বালিৰ ওপৰত এপাট তীৰ নিক্ষেপ কৰে যাৰ ফলত তেওঁ মাৰাত্মকভাৱে আঘাতপ্ৰাপ্ত হয়। বালিৰ মৃত্যুৰ খবৰ পাই তাৰা অঙ্গদৰ সৈতে সেই ঠাইত উপস্থিত হয়। তেওঁ বান্দৰবোৰক বাটত সন্ত্ৰাসত দৌৰি থকা দেখা পায়। তেওঁলোকে তাৰাক ৰাজপ্ৰাসাদলৈ ঘূৰি যাবলৈ আৰু অঙ্গদক ৰজা হিচাপে অভিষিক্ত কৰিবলৈ পৰামৰ্শ দিয়ে। তাৰাই এই কথা অস্বীকাৰ কৰে আৰু কয় যে তেওঁ প্ৰথমে তেওঁৰ স্বামীৰ দৰ্শন কৰিব লাগিব। [9][17] মৃত্যুমুখত পৰা বালিক আলিঙ্গন কৰি তাৰাই সুগ্ৰীৱ আৰু ৰামক ধিক্কাৰ দি তেওঁৰ মৃত্যুত দুখ প্ৰকাশ কৰে। তাৰাই ৰুমাক অধিগ্ৰহণ কৰা আৰু সুগ্ৰীৱক নিৰ্বাসন দিয়াৰ শাস্তি হিচাপে বালিৰ মৃত্যুক স্বীকাৰ কৰি লয়।[18][19]

ৰামায়ণৰ উত্তৰ ভাৰতীয় পাণ্ডুলিপিত কিছুমান অভিযোজনে তাৰাৰ বিলাপৰ কথা বৰ্ণনা কৰিছে। তাৰাই বৈধব্যৰ যন্ত্ৰণাৰ কথা উল্লেখ কৰে আৰু ইয়াতকৈ মৃত্যুকে প্ৰাধান্য দিয়ে। তাই ৰামক অন্যায়ভাৱে বালিক হত্যা কৰাৰ বাবে দোষাৰোপ কৰে আৰু তেওঁক কয় যে যদি তেওঁলোকে মিত্ৰতা গঢ়ি তুলিলেহেঁতেন বালিয়ে তেওঁক সীতাক পুনৰুদ্ধাৰ কৰাত সহায় কৰিব পাৰিলেহেঁতেন। তাৰাই তাইৰ সতীত্বৰ শক্তিৰে[20] ৰামক অভিশাপ দিয়ে যে তেওঁ সীতাক পুনৰ প্ৰাপ্ত কৰাৰ পিছত অচিৰেই হেৰুৱাব। তেওঁ ঘোষণা কৰে যে সীতা ভূমিৰ বুকুলৈ ঘূৰি যাব।[21] উত্তৰ-পশ্চিম ভাৰতীয় পাণ্ডুলিপিসমূহতো এই অভিশাপৰ উল্লেখ পোৱা যায়।[22] সৰলা দাসৰ উড়িয়া ভাষাৰ বিলংকা ৰামায়ণৰ দৰে ৰামায়ণৰ কেইবাটাও স্থানীয় অভিযোজনত তাৰাৰ অভিশাপৰ ঘটনাৰ পুনৰাবৃত্তি কৰা হয়।[3] সীতাৰ পৰা পৃথক হোৱাৰ বাবে ৰামক দিয়া অভিশাপৰ উপৰিও বাংলা কৃতিবাসী ৰামায়ণত, তাৰাই অতিৰিক্তভাৱে ৰামক অভিশাপ দিয়ে যে তেওঁৰ পৰৱৰ্তী জন্মত তেওঁক বালিয়ে হত্যা কৰিব।[3][23] মহানাটক আৰু আনন্দ ৰামায়ণে বৰ্ণনা কৰে যে ৰামৰ পৰৱৰ্তী জন্ম কৃষ্ণক হত্যা কৰা ব্যাধ হিচাপে বালিৰ পুনৰ জন্ম হয়।[3]

হনুমানে তাৰাক সান্ত্বনা দি তেওঁক পুত্ৰ অঙ্গদৰ ভৱিষ্যতৰ ফালে চকু দিবলৈ কয়। হনুমানে পৰামৰ্শ দিয়ে যে অঙ্গদক ৰজা হিচাপে অভিষিক্ত কৰা হ'ব। কিন্তু তাৰাই ঘোষণা কৰে যে যিহেতু তেওঁৰ খুড়াক সুগ্ৰীৱ জীয়াই আছে সেয়েহে এনে কৰা অনুচিত।[3][24] শেষ নিশ্বাস ত্যাগ কৰোঁতে বালিয়ে সুগ্ৰীৱক ত্যাগ কৰাটো এক মুৰ্খতা আছিল বুলি স্বীকাৰ কৰে আৰু অঙ্গদ আৰু তাৰাক সুগ্ৰীৱক সমৰ্থন কৰিবলৈ অনুৰোধ কৰে। তেওঁ ঘোষণা কৰে যে:

"তাৰা হৈছে ... সূক্ষ্ম বিষয়বোৰৰ বিষয়ে নিৰ্ণয় লোৱাত আৰু বিভিন্ন অমঙ্গলৰ বিষয়ে সম্পূৰ্ণ জ্ঞানগৰ্ভা। তেওঁ যি কয় সেয়া নিঃসন্দেহে কৰা উচিত, কিয়নো তাৰাই যি বিশ্বাস কৰে তাৰ অন্যথা নহয়।" [25]

বালিয়ে ৰামক অনুৰোধ কৰে যে তাৰাক যাতে অপমান কৰা নহয় আৰু সুগ্ৰীৱক তেওঁৰ পৰামৰ্শ বিনাবাক্যব্যয়ে অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়ে।[3][26]

বালিৰ কাষত মানৱ ৰূপত চিত্ৰিত তাৰা।

তাৰাৰ আলিঙ্গনতেই বালিৰ মৃত্যু হয়। তাৰাই এক বেদনাদায়ক বিলাপেৰে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে। [27] লেফেবাৰৰ মতে সম্পূৰ্ণৰূপে যোগ নকৰিলেও শতিকাজুৰি তাৰাৰ বিলাপ যথেষ্ট পৰিমাণে সম্প্ৰসাৰিত হৈছে। পৰৱৰ্তী কালত অন্তৰ্ভুক্ত কৰা দক্ষিণ ভাৰতীয় কিছুমান পাণ্ডুলিপিত তাৰাই ৰামক তেওঁকো হত্যা কৰি আৰু বালিৰ কাষলৈ লৈ যাবলৈ কয়। ৰামে তাৰাক সান্ত্বনা দি কয় যে তেওঁ নিজৰ পূৰ্বনিৰ্ধাৰিত ভাগ্যক গ্ৰহণ কৰা উচিত। [3][28] ৰামে তাৰাক নিশ্চিতি প্ৰদান কৰে যে তেওঁৰ আৰু অঙ্গদৰ অধিকাৰসমূহ সুৰক্ষিত কৰা হ'ব। [29] তেওঁ তাৰাক কয় যে এজন নায়কৰ পত্নীয়ে ব্যক্তিগত দুখবোৰ ধৰি ৰাখিব নালাগে। [9]

আধ্যাত্মা ৰামায়ণৰ মতে যেতিয়া তাৰাই বালিৰ মৃত্যুক লৈ বিলাপ কৰে, ৰামে তেওঁক কয় যে শৰীৰটো ক্ষণস্থায়ী, আনহাতে কেৱল আত্মা চিৰন্তন। তেওঁ তাৰাক কয় যে তাই বালিৰ শৰীৰৰ ক্ষয়ৰ বাবে দুখ কৰা উচিত নহয়। তাৰাই তেওঁক প্ৰশ্ন কৰে যে "শৰীৰটো ধ্বংসযোগ্য যদি, একোজনে কিয় আনন্দ আৰু বেদনা অনুভৱ কৰে।" ৰামে তাৰাক জনায় যে অহংকাৰৰ বাবে মনটো বাসনাৰ সৈতে বন্ধনত বান্ধ খাই আছে। তেওঁ ঘোষণা কৰে যে তাৰা কৰ্মফলৰ পৰা মুক্ত হৈ থাকিব আৰু জীৱনৰ বন্ধনৰ পৰা মুক্ত হ'ব। তেওঁৰ উপদেশ শুনি তাৰা অহংকাৰমুক্ত হৈ পৰে আৰু আত্ম-উপলব্ধিৰ লাভ কৰে।[30] ৰামৰ এই বচন তুলসীদাসৰ ৰামচৰিত মানসতো দেখা যায় কিন্তু ইয়াক মাত্ৰ দুটা শ্লোকলৈ হ্ৰাস কৰা হয় আৰু সম্ভৱতঃ পূৰ্বৰ পাঠৰ পৰা ধাৰ কৰি অনা হয়।[31] ৰামে কয় যে শৰীৰটো ভংগুৰ, কিন্তু আত্মা অমৰ আৰু এইকথা শুনি বুদ্ধত লাভ হোৱা তাৰাই ৰামক প্ৰণাম জনায় আৰু অখণ্ড ভক্তিৰ বৰ লাভ কৰে। [32]

ৰামায়ণৰ এক সংস্কৰণত তাৰাক বালিৰ মৃত্যুৰ পিছত ৰাজ্যখন সুস্থিৰ কৰিবলৈ চেষ্টা কৰা বুলি বৰ্ণনা কৰা হৈছে। তেওঁ ঘোষণা কৰে যে শেষ নিশ্বাসৰ সময়ত ৰজা বালিয়ে তেওঁৰ বিশ্বাসী প্ৰজাসকলক তেওঁৰ ভাতৃ সুগ্ৰীৱক প্ৰকৃত ৰজা হিচাপে অনুসৰণ কৰিবলৈ অনুৰোধ কৰে।[33] তাৰা আৰু সুগ্ৰীৱৰ সহায়ত অঙ্গদে বালিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে।[34]

সুগ্ৰীৱৰ সৈতে বিবাহ[সম্পাদনা কৰক]

বালিৰ মৃত্যুৰ পিছত সুগ্ৰীৱে বালিৰ ৰাজ্যৰ লগতে তাৰাকো গ্ৰহণ কৰে। .[14] ৰামায়ণে কোনো আনুষ্ঠানিক বিবাহ বা অগ্নিপৰীক্ষাৰ দৰে কোনো আনুষ্ঠানিক শুদ্ধিৰ কথা লিপিৱদ্ধ কৰা নাই। [35] কিছুমান সমালোচকৰ মতে আনুষ্ঠানিক বিবাহৰ বৰ্ণনাৰ অভাৱৰ পৰা গম পোৱা যায় যে সুগ্ৰীৱৰ সৈতে তাৰাৰ সম্পৰ্ক বিধৱা বিবাহ বা বহুমুখী নহয়, কিন্তু সুগ্ৰীৱৰ দ্বাৰা কেৱল গ্ৰহণহে।[36] সুগ্ৰীৱক ৰজা হিচাপে ৰাজ্যাভিষেক কৰাৰ প্ৰসংগত অঙ্গদক উত্তৰাধিকাৰী ৰাজকুমাৰ বুলিও বৰ্ণনা কৰা হৈছে, আনহাতে তাৰাক সুগ্ৰীৱৰ পত্নী বুলিও উল্লেখ কৰা হৈছে। [35] আধ্যাত্ম ৰামায়ণৰ মতে সুগ্ৰীৱে তাৰাক অধিগ্ৰহণ কৰে। [37]

যদিও বালিয়ে ৰুমাক অধিগ্ৰহণ কৰিছিল, জ্যেষ্ঠ ভাতৃয়ে তেওঁৰ ভাই-বোৱাৰীক পত্নী হিচাপে লোৱা কথাটোক সৰ্বজনীনভাৱে গৰিহণা দিয়া হয়। অৱশ্যে তাৰাৰ ক্ষেত্ৰত জ্যেষ্ঠ ভাতৃৰ বিধৱাই দেওৰেকক বিয়া কৰাটো এক সামাজিক নিয়ম যেন বোধ হয়। ৰামাশ্ৰয় শৰ্মাই বিবেচনা কৰে যে তাৰা আৰু সুগ্ৰীৱৰ বিবাহৰ ক্ষেত্ৰত ৰামৰ নীৰৱতাই এই কাৰ্য্য মানি নোলোৱাৰ সংকেত নিদিয়ে, বৰঞ্চ তেওঁ স্থূল চৰিত্ৰযুক্ত বান্দৰৰ যৌন সম্পৰ্কৰ বিষয়টোত চিন্তিত নহয়।[38] ৰামায়ণে উল্লেখ কৰিছে যে সুগ্ৰীৱে ৰুমা আৰু তাৰাকে ধৰি নাৰীসকলৰ সৈতে যৌনসুখ ভোগ কৰিছিল।[39] অৱশ্যে ৰামায়ণত অঙ্গদে সুগ্ৰীৱক তেওঁৰ মাতৃস্থানীয় বৌৱেক তাৰাৰ সৈতে কামুকতাপূৰ্ণ বিবাহৰ বাবে সমালোচনা কৰে।[9][40] ৰাজনৈতিক বিবাহ হ'লেও তাৰাই সুগ্ৰীৱক নিষ্ঠাৰে সেৱা আগবঢ়ায়।[33]

ৰামায়ণৰ ভাষ্যসমূহে কয় যে সুগ্ৰীৱৰ বাবে স্বামীহাৰা তাৰাক বিয়া কৰাটো উচিত কাৰ্য। কটক মাধৱ যোগিন্দ্ৰৰ অমৃতকটকে কৈছে যে এইটো উচিত কাৰ্য আছিল কিয়নো তেওঁলোক আছিল জন্তু। নাহেশ ভট্টৰ (ৰামবৰ্মা) দ্য তিলকত সুগ্ৰীৱৰ সৈতে তাৰাৰ বিবাহক ন্যায্যতা দিয়া হৈছে কিয়নো সুগ্ৰীৱ তেওঁৰ মৃত স্বামীৰ ভায়েক আছিল। ইয়াত আৰু কোৱা হৈছে যে তাৰাই পুনৰ বিবাহ কৰা উচিত কিয়নো তাই প্ৰথম তিনিটা জাতিৰ নাছিল আৰু যুৱাৱস্থাত আছিল।[41] বালিৰ মৃত্যুৰ পিছত তাৰাই সুগ্ৰীৱক স্বামী হিচাপে লোৱা কাৰ্য্যক অঙ্গদ আৰু ৰাজ্যখনৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ প্ৰয়াস হিচাপে গণ্য কৰা হয়।[3][33]

কিছুমান বিৰল উদাহৰণ যেনে ৰামৱতাৰমত, তাৰাই পুনৰ বিবাহ কৰোৱা নাই। সুগ্ৰীৱে তেওঁক মাতৃ হিচাপে গণ্য কৰে আৰু তেওঁক অভিবাদন জনায়। [42]

লক্ষ্মণৰ ক্ৰোধ নিবাৰণ[সম্পাদনা কৰক]

সুগ্ৰীৱৰ ক্ৰোধ শান্ত কৰাৰ প্ৰচেষ্টাত তাৰা।

বৰষুণৰ বতৰ আৰম্ভ হোৱাত ৰামে হতাশাত ভোগে যে সুগ্ৰীৱে তেওঁক সীতাক বিচাৰি উলিওৱা আৰু পুনৰুদ্ধাৰ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি পাহৰি গৈছে। ৰামে এই প্ৰতিশ্ৰুতি সোঁৱৰাই দিবলৈ লক্ষ্মণক কিষ্কিন্ধালৈ পঠিয়ায়। চহৰখন বেৰি ৰখা হৈছে বুলি বিৰক্ত হৈ লক্ষ্মণে চহৰৰ প্ৰৱেশদ্বাৰত গিৰিপনি মাৰে আৰু তেওঁৰ ঐশ্বৰিক শক্তিৰে সুগ্ৰীৱ আৰু বান্দৰ ৰাজ্য ধ্বংস কৰাৰ ভাবুকি দিয়ে। ৰামে অকলে কষ্ট পাই থকাৰ সময়ত সুগ্ৰীৱৰ ৰামৰ প্ৰতি তেওঁৰ অংগীকাৰ ভংগ, বস্তুবাদী আৰু কামুক আনন্দ উপভোগ আদি কাৰ্য লক্ষ্মণৰ অসহ্য হৈ পৰে।

ৰামায়ণৰ গুৰুত্বপূৰ্ণ সংস্কৰণত কোৱা হৈছে যে যেতিয়া উত্তেজিত লক্ষ্মণ আহি সুগ্ৰীৱৰ ভিতৰৰ কক্ষত উপস্থিত হৈ ৰামৰ প্ৰতি অকৃতজ্ঞ হোৱা আৰু তেওঁৰ প্ৰতিশ্ৰুতি পাহৰি যোৱাৰ বাবে সুগ্ৰীৱক ধিক্কাৰ দিয়ে,[43] লক্ষ্মণৰ ক্ৰোধ শান্ত কৰিবলৈ তাৰাই স্বেচ্ছাই হস্তক্ষেপ কৰে। [44] ৰামায়ণৰ কিছুমান ৰামায়ণ অভিযোজন আৰু উত্তৰ-পশ্চিম ভাৰতীয় পাণ্ডুলিপিত, তাৰাৰ সলনি ৰুমাৰ সৈতেহে লক্ষ্মণৰ আগমণৰ সময়ত সুগ্ৰীৱ মগ্ন হৈ থাকে।[3][45] দক্ষিণ ভাৰতীয় পাণ্ডুলিপিসমূহত সুগ্ৰীৱক মাতাল ৰূপত দেখুওৱা হৈছে যি লক্ষ্মণৰ খঙৰ বিষয়ে অজ্ঞ আৰু কোনো কোনো সংস্কৰণৰ মতে তাৰাও মাতাল হৈ থকা স্বত্বেও তেওঁকেই লক্ষ্মণক শান্ত কৰিবলৈ পঠিয়ায়।[3][33][46] "আধা-মুদা চকু আৰু অস্থিৰ চালচলন"ৰে নিচাগ্ৰস্ত তাৰাই লক্ষ্মণক শান্ত কৰিবলৈ সক্ষম হয়।[3] মূল ৰামায়ণত এক ভিন্ন প্ৰেক্ষাপটত তাৰাৰ নিচাগ্ৰস্ততাও বৰ্ণনা কৰা হৈছে। তাৰাক "প্ৰেমৰ নতুন আনন্দ"ত লিপ্ত হোৱাৰ আগতে সদায়ে এক কমনীয় অৱস্থাত সুগ্ৰীৱৰ কাষলৈ যোৱাৰ অভ্যাস কৰা বুলি বৰ্ণনা কৰা হৈছে। [47]

ৰামায়ণে বৰ্ণনা কৰিছে: তাৰাই কৈছে, সুগ্ৰীৱে মনত ৰাখিছে যে ৰামৰ জৰিয়তে সুগ্ৰীৱে, ৰাজ্য, ৰুমা আৰু তেওঁক লাভ কৰিছে। তেওঁ সুগ্ৰীৱক সমৰ্থন কৰি কয় যে আনকি মহান ঋষি বিশ্বমিত্ৰও আনন্দৰ দ্বাৰা প্ৰলোভিত হৈছিল। সেই ক্ষেত্ৰত সুগ্ৰীৱ কেৱল এজন বনত বাস কৰা বান্দৰ। তেওঁৰ অতীতৰ দুখ-যন্ত্ৰণাৰ বাবে ভাগৰুৱা আৰু সেয়ে আৰাম কৰিছে, কিন্তু শাৰীৰিক সুখভোগত ভাগ লোৱা নাই। তাৰাই সুগ্ৰীৱক জনাই, বালিয়ে তেওঁক কৈছিল যে ৰাৱণ এজন শক্তিশালী ৰজা আৰু তেওঁৰ সেৱাত বহুতো ৰাক্ষস আছে। তেওঁ লক্ষ্মণক সোঁৱৰাই দিয়ে যে সুগ্ৰীৱৰ দৰে মিত্ৰ অবিহনে, ৰামে ইমান শক্তিশালী শত্ৰুক পৰাজিত কৰিব নোৱাৰে। তাৰাই তেওঁক জনাই যে সুগ্ৰীৱ সকলো বান্দৰৰ সেনাপতি আৰু সৈন্যক ৰাজধানীলৈ মাতি পঠিয়াইছে। [3][44] আধ্যাত্ম ৰামায়ণেও একে ধৰণৰ বৰ্ণনা উপস্থাপন কৰিছে য'ত তাৰা, অঙ্গদ আৰু হনুমানক সুগ্ৰীৱে লক্ষ্মণক শান্ত কৰিবলৈ পঠিয়াইছিল।[48] এক শ্লোকৰ বৰ্ণনাত, ৰামচৰিতমানসত কোৱা হৈছে যে সুগ্ৰীৱে তাৰা আৰু হনুমানক প্ৰেৰণ কৰিছিল আৰু তেওঁলোকে ৰামৰ গুণানুকীৰ্তন কৰি লক্ষ্মণক সন্তুষ্ট কৰাত সফল হৈছিল। [32] ৰামৱতাৰমত, যদিও সুগ্ৰীৱৰ সহধৰ্মিনী নহ'লেও তাৰাই লক্ষ্মণক শান্ত কৰে। ৰামৱতাৰমত চন্দ্ৰৰ দৰে উজ্জ্বল তাৰাৰ সচৰাচৰ বিশেষণটোৱে তেওঁৰ বৈধব্যৰ চিহ্ন শুকুলা বস্ত্ৰকে বুজায়। তাৰাৰ এই ৰূপে লক্ষ্মণক তেওঁৰ নিজৰ বিধৱা মাতৃৰ কথা মনত পেলাই দিয়ে। [42]

তাৰাৰ দ্বাৰা শান্ত হৈ লক্ষ্মণে সুগ্ৰীৱক গালি দিয়াৰ বাবে ক্ষমা বিচাৰে। [49] কেৱল তাৰাৰ কূটনৈতিক হস্তক্ষেপৰ জৰিয়তেহে এই বিপদ প্ৰতিহত হয়। .[50]

অন্যান্য পাঠত উল্লেখ[সম্পাদনা কৰক]

অহল্যা দ্ৰৌপদী কুন্তি তাৰা মন্দোদৰী তথা
পঞ্চকন্যা স্মৰে নিত্যম মহাপাতক নাশনম

পঞ্চকন্যা ক্ৰমে অহল্যা, দ্ৰৌপদী, কুন্তী, তাৰা আৰু মন্দোদৰী
এওঁ‌লোকক প্ৰতিদিনে স্মৰণ কৰিলে মহাপাপ নাশ হয়।[51]

হিন্দুসকলে প্ৰাতঃকালৰ দৈনিক প্ৰাৰ্থনাত পঞ্চকন্যাক স্মৰণ কৰে।[52][53][54] অহল্যা আৰু মন্দোদৰীৰ সৈতে তাৰা ৰামায়ণৰ অন্তৰ্গত, আনহাতে বাকীসকল মহাভাৰতৰ চৰিত্ৰ।

তাৰা: আনচাং হিৰ'ইনৰ লেখিকা ভি. আৰ. দেৱিকাই তেওঁক এনে এগৰাকী নাৰী হিচাপে বৰ্ণনা কৰিছে যাক "সমব্যৱহাৰ কৰা হৈছিল আৰু তেওঁৰ মতামত এনেদৰে গুৰুত্বপূৰ্ণ আছিল যেন তেওঁ এগৰাকী সেনাধ্যক্ষহে।" [33] ৰামায়ণে তাৰাক এগৰাকী নাৰী হিচাপে উপস্থাপন কৰিছে য'ত তেওঁৰ স্বামী বালিয়ে তেওঁক হিয়া উজাৰি ভাল পায় আৰু সন্মান কৰে। এইতাইৰ সন্মান ইমানেই বেছি যে বালিৰ প্ৰতি তেওঁৰ পৰামৰ্শৰ কেতিয়াবা এক আদেশৰ সুৰ থাকে।[55] পঞ্চকন্যা: ৱমেন অৱ চাবষ্টেন্স নামৰ কিতাপখনৰ লেখিকা প্ৰদীপ ভট্টাচাৰ্যই তাৰাক "অস্বাভাৱিক বুদ্ধিমত্তা, দূৰদৰ্শিতা আৰু আত্মবিশ্বাসধাৰী নাৰী" বুলি বৰ্ণনা কৰিছে। [3] স্বামীৰ প্ৰতি তাৰাৰ আনুগত্যৰো প্ৰশংসা কৰা হয়। [56]

টোকা[সম্পাদনা কৰক]

  1. Lefeber p. 234
  2. 2.0 2.1 Mani p. 786
  3. 3.00 3.01 3.02 3.03 3.04 3.05 3.06 3.07 3.08 3.09 3.10 3.11 3.12 3.13 3.14 3.15 3.16 3.17 3.18 3.19 3.20 3.21 Bhattacharya, Pradip (March–April 2004). "Five Holy Virgins, Five Sacred Myths: A Quest for Meaning (Part I)". Manushi (141): 7–8. http://www.manushi-india.org/pdfs_issues/PDF%20141/03%20panchakanya%204-12.pdf. 
  4. Goldman p. 316
  5. Freeman pp. 197–8
  6. 6.0 6.1 6.2 6.3 Sudibyoprono pp. 536–7
  7. Pattanaik, Devdutt (2002). The man who was a woman and other queer tales of Hindu lore. Harrington Park Press. পৃষ্ঠা. 109. ISBN 1-56023-181-5. 
  8. Meyer p. 411
  9. 9.0 9.1 9.2 9.3 9.4 9.5 Mukherjee pp. 36–7
  10. Lefeber pp. 42, 157
  11. Lefeber p. 243
  12. Mani p. 106
  13. Lefeber pp. 84–5
  14. 14.0 14.1 Ganguli, Kisari Mohan (1883–1896). "SECTION CCLXXVIII". The Mahabharata: Book 3: Vana Parva. Sacred texts archive. http://www.sacred-texts.com/hin/m03/m03278.htm. 
  15. Srinivasan pp. 149–50
  16. Goldman p.131
  17. Lefeber pp. 96–7
  18. Lefeber pp. 97–8
  19. Lefeber p. 250
  20. Shaw, Jane. "Chastity: definition". The Oxford Companion to the Body, cited at Answers.com. http://www.answers.com/topic/chastity#ixzz1GYExGJdC। আহৰণ কৰা হৈছে: 17 March 2010. "A confusion of the terms ‘chastity’ and ‘celibacy’ has long existed. ‘Chastity’ — deriving from the Latin ‘castitas’, meaning ‘cleanliness’ or ‘purity’ — does not necessarily mean the renunciation of all sexual relations, but rather the temperate sexual behaviour of legitimately married spouses, for the purpose of procreation, or the sexual continence of the unmarried." 
  21. Lefeber p. 252
  22. Guruge p. 34
  23. Stewart, Tony K.; Dimock, Edward C. (2001). "Krittibasa's Apochatic Critique of Rama's Kingship". In Richman, Paula. Questioning Ramayanas: a South Asian tradition. University of California Press. পৃষ্ঠা. 254, 259. ISBN 0-520-22074-9. 
  24. Lefeber pp. 99–100
  25. Lefeber p. 101
  26. Sharma p. 73
  27. Lefeber pp. 102–4
  28. Lefeber pp. 259–60
  29. Rao p. 57
  30. Nath pp. 168–9
  31. Tulsidasa's Shri Ramacharitamanasa p. 523
  32. 32.0 32.1 Tulsidasa's Shri Ramacharitamanasa p. 516
  33. 33.0 33.1 33.2 33.3 33.4 Devika, V.R. (October 29, 2006). "Women of substance: Tara : Unsung heroine". The Week খণ্ড 24 (48): 46. 
  34. Lefeber pp. 105–7
  35. 35.0 35.1 Sharma p.48
  36. Guruge p. 203
  37. Nath p. 178
  38. Sharma pp. 97, 99–101
  39. Lefeber p. 115
  40. Singh, Sarva Daman (1988). Polyandry in Ancient India. Motilal Banarsidass Publ. পৃষ্ঠা. 139–140. ISBN 81-208-0487-2. 
  41. Lefeber p. 256
  42. 42.0 42.1 Srinivasan p. 159
  43. Lefeber pp. 128–9
  44. 44.0 44.1 Lefeber pp. 129–131
  45. Guruge p. 168
  46. Lefeber p. 286
  47. Meyer p. 328
  48. Nath pp. 182–3
  49. Lefeber pp. 131–2
  50. Rao p. 58
  51. Devika, V.R. (October 29, 2006). "Women of substance: Ahalya". The Week খণ্ড 24 (48): 52. 
  52. Mukherjee p. 36
  53. Mukherjee pp. 48–9
  54. Sharma p. 66
  55. Sharma p. 83
  56. Mukherjee p.50

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]