অশ্বপতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

অশ্বপতি (সংস্কৃত: अश्वपति) হৈছে হিন্দু পুৰাণসমূহত বৰ্ণিত বহুতো ৰজাৰ উপাধি। ইয়াৰ অৰ্থ হৈছে 'ঘোঁৰাৰ অধিপতি। ৰামায়ণৰ মতে অশ্বপতি আছিল উন্নত ঘোঁৰাৰ দেশ কেকেয় ৰাজ্যৰ ৰজা। তেওঁ এগৰাকী কন্যা কৈকেয়ী (ৰজা দশৰথৰ ৰাণী) আৰু সাতজন পুত্ৰৰ পিতৃ আছিল। তেওঁৰ পুত্ৰ যুধাজিতে ৰামায়ণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অশ্বপতিয়ে মানৱ জাতিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত উত্তৰ বিচাৰি এক যাত্ৰা কৰিছিল।

পত্নীৰ নিৰ্বাসন[সম্পাদনা কৰক]

এক বৰৰ প্ৰভাৱত অশ্বপতিয়ে পক্ষীসমূহৰ ভাষা বুজিবলৈ সক্ষম হৈছিল। অৱশ্যে, তেওঁক সতৰ্ক কৰি দিয়া হৈছিল যে যদি তেওঁ কেতিয়াবা পক্ষীৰ কথোপকথনৰ বিষয়বস্তু কাৰোবাৰ আগত, আনকি তেওঁৰ নিজৰ মাতৃৰ আগতো কয় তেন্তে তেওঁ তৎক্ষণাৎ প্ৰাণ হেৰুৱাব। এদিন ৰজা আৰু তেওঁৰ ৰাণীয়ে ৰাজপ্ৰাসাদৰ বাগিচাবোৰৰ মাজেৰে খোজ কাঢ়ি আছিল যেতিয়া অশ্বপতিয়ে এযোৰ হাঁহৰ কথোপকথন শুনিবলৈ পাইছিল। এই কথোপকথনে তেওঁক ইমান আমোদ দিছিল যে তেওঁ নিজৰ পত্নীৰ মনত কৌতূহলৰ উদ্ৰেক কৰি হাঁহিছিল। অশ্বপতিয়ে প্ৰাণ নেহেৰুৱাকৈ ৰাণীক এই কথোপকথনৰ বিষয়বস্তু প্ৰকাশ কৰিব নোৱাৰে বুলি অৱগত হোৱা স্বত্বেও কৈকেয়ীৰ মাতৃয়ে ৰজাৰ হাঁ‌হিৰ কাৰণ জানিবলৈ জোৰ দিছিল। যেতিয়া অশ্বপতিয়ে অনুভৱ কৰিলে যে তেওঁৰ পত্নীয়ে তেওঁৰ জীৱন অথবা সুস্থতাৰ প্ৰতি ভ্ৰূক্ষেপ নকৰে। তেতিয়া তেওঁ ৰাণীক তেওঁৰ পিতৃগৃহলৈ নিৰ্বাসিত কৰিছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]