সমললৈ যাওক

ত্ৰিজঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ত্ৰিজঁ‌টা

ৱায়াং পুতলা সংস্কৃতিত ত্ৰিজঁ‌টাৰ ৰূপায়ণ
দেৱনাগৰী त्रिजटा
সম্পৰ্ক ৰাক্ষসী
নিবাস লংকা

ত্ৰিজঁটা (সংস্কৃত: त्रिजटा) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এগৰাকী ৰক্ষী যাক লংকাৰ অধিপতি ৰাৱণে অপহৰণ কৰা সীতাক ৰক্ষা কৰাৰ দায়িত্ব দিয়া হৈছে। [1] ৰামায়ণৰ পৰৱৰ্তী অভিযোজনত ত্ৰিজঁটাক ৰাৱণৰ ভ্ৰাতৃ বিভীষণৰ কন্যা বুলি বৰ্ণনা কৰা হৈছে।

ৰামায়ণত ত্ৰিজঁটাক এগৰাকী জ্ঞানী, বৃদ্ধা ৰাক্ষসী হিচাপে দেখা যায়, যি সীতাক উদ্ধাৰ কৰিবলৈ ৰাৱণৰ ধ্বংস আৰু সীতাৰ স্বামী ৰামৰ বিজয়ৰ সপোন দেখে। ত্ৰিজঁ‌টাই সীতাৰ সৈতে ৰাম আৰু ৰাৱণৰ মাজত হোৱা যুদ্ধৰ পৰিদৰ্শন কৰিবলৈ যায়। যেতিয়া সীতাই তেওঁৰ স্বামীক অচেতন দেখি তেওঁক মৃত বুলি অনুমান কৰে, ত্ৰিজঁটাই সীতাক ৰামৰ সুস্থতাৰ বিষয়ে আশ্বস্ত কৰে। ৰামায়ণৰ পৰৱৰ্তী অভিযোজনসমূহত ত্ৰিজঁটা ৰামৰ পক্ষ লোৱা ৰাৱণৰ ভাতৃ বিভীষণৰ কন্যা। পৰৱৰ্তী সংস্কৰণ, বিশেষকৈ দক্ষিণ-পূব এছিয়াৰ সংস্কৰণসমূহত তেওঁ যথেষ্ট গুৰুত্বপূৰ্ণভূমিকা পালন কৰে।

ত্ৰিজঁ‌টাক ৰাৱণৰ অনুগত হিচাপে উপস্থাপন কৰা কেইটামান ব্যতিক্ৰমৰ বাহিৰে, তেওঁক সাধাৰণতে প্ৰতিকূল তাড়নাৰদ্বাৰা প্ৰাভাৱিত হোৱা সীতাৰ বান্ধৱী আৰু নিষ্ঠাৱান সঙ্গী হিচাপে চিত্ৰিত কৰা হয়। বহুসময়ত তেওঁ সীতাক সান্ত্বনা প্ৰদান কৰে আৰু বাহিৰৰ জগতখনৰ বাতৰি আনি দিয়ে। তেওঁ সীতাক আত্মহত্যা কৰাৰ পৰাও বিৰত ৰাখে। ৰামৰ বিজয় আৰু ৰাৱণৰ মৃত্যুৰ পিছত, ত্ৰিজঁ‌টাক সীতা আৰু ৰামে পুৰস্কৃত কৰে। যদিও ৰামায়ণৰ কিছুসংখ্যক অভিযোজনে তেওঁক ৰামৰ ভক্ত বুলি উল্লেখ কৰিছে, দক্ষিণ-পূব এছিয়াৰ সংস্কৰণবোৰে প্ৰায়ে তেওঁক ৰামৰ কপি-সেনাপতি হনুমানৰ পত্নী হিচাপে চিত্ৰিত কৰিছে। হনুমানৰ ফালৰপৰা তেওঁৰ এক পুত্ৰ সন্তানো আছে। তেওঁক বাৰাণসী আৰু উজ্জয়িনীত স্থানীয় দেৱী হিচাপে পূজা কৰা হয়।

যদিও ৰামায়ণৰ ভাৰতীয়, জাভানীজ আৰু বালিনীজ সংস্কৰণে তেওঁক ত্ৰিজঁ‌টা বুলি উল্লেখ কৰিছে, লাওচফ্ৰা লাক ফ্ৰা ৰামত তেওঁ পুনুকায়, থাইলেণ্ডৰামাকিনত বেন্যাকাই আৰু মালয়েচিয়াহিকায়ত চেৰি ৰামাত দেৱী চেৰি জালি নামেৰে জনাজাত।[2]

ৰামায়ণ

[সম্পাদনা কৰক]

বাল্মীকিৰ মূল ৰামায়ণত, ত্ৰিজঁ‌টাক এগৰাকী বৃদ্ধা ৰাক্ষসীৰ ৰূপত বৰ্ণনা কৰা হৈছে আৰু মুখ্যতঃ দুটা ঘটনাত উপস্থাপন হৈছে। ইয়াৰে প্ৰথমটো মহাকাব্যখনৰ পঞ্চম অধ্যায় সুন্দৰা কাণ্ডত সংঘটিত হয়। এই আখ্যানমতে অপহৃত ৰাজকুমাৰী সীতাক লংকাৰ অশোক বনত বন্দী কৰা হয়। লংকাধিপতি ৰাৱণে সীতাক যিকোনো প্ৰকাৰে বিয়া কৰাবলৈ সৈমান কৰিবলৈ সীতাক পহৰা দি ৰখা ৰাক্ষসীসকলক আদেশ দিয়ে। কিন্তু সীতাই দৃঢ়তাৰে এয়া অস্বীকাৰ কৰে। ৰাৱণ যোৱাৰ পিছত, ৰাক্ষসীসকলে সীতাক তাইৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য কৰিবলৈ হাৰাশাস্তি কৰা আৰম্ভ কৰে। বৃদ্ধা ত্ৰিজঁ‌টাই এই কাৰ্যত হস্তক্ষেপ কৰে। লগতে তেওঁ এক সপোনৰ কথাও বৰ্ণনা কৰে যি ৰাৱণৰ ধ্বংস আৰু ৰামৰ বিজয়ৰ ভৱিষ্যতবাণী কৰে।[3]

সপোনত ত্ৰিজঁ‌টাই ৰাম আৰু তেওঁৰ ভায়েক লক্ষ্মণক ঐশ্বৰিক হস্তী ঐৰাৱতক সীতাৰ ফালে চলাই অনা দেখে। ৰামে সীতাক কোলাত লৈ আকাশলৈ উঠি যায় আৰু ইয়াৰ ফলত সীতাই সূৰ্য আৰু চন্দ্ৰক স্পৰ্শ কৰিব পাৰে। তাৰ পিছত তিনিওজনে লংকালৈ যাত্ৰা কৰে আৰু উত্তৰদিশে উৰা মাৰিবলৈ পুষ্পক বিমানত উঠে। আনহাতে তেলত ভিজি থকা ৰাঙলী বৰণৰ ৰাৱণ মাটিত পৰি থাকে। ৰাৱণ এটা গাধৰ ওপৰত দক্ষিণলৈ যায় আৰু গোবৰৰ গাঁতত পৰে। ৰঙা বস্ত্ৰ পৰিহিতা এগৰাকী কৃষ্ণবৰ্ণ নাৰীয়ে তেওঁক দক্ষিণলৈ টানি নিয়ে। ৰাৱণৰ পৰিয়ালৰ অন্যান্য সদস্য, যেনে তেওঁৰ ভাতৃ কুম্ভকৰ্ণ আৰু পুত্ৰ ইন্দ্ৰজিৎ একে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয়। ৰাৱণৰ ভায়েক বিভীষণক ৰাজকীয় শুকুলা পোছাকত পুষ্পক বিমানৰ কাষত চাৰিটা দন্তযুক্ত হাতী চলোৱা দেখা যায়। লংকা নগৰ সাগৰত ডুব যায় আৰু ৰামৰ বাৰ্তাবাহকে নগৰখন জ্বলাই দিয়ে। [1] ত্ৰিজাঁ‌টাই ৰাক্ষসীসকলক সীতাৰ আশ্ৰয় ল'বলৈ আৰু তেওঁৰ ওচৰত ক্ষমা বিচাৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ পৰিৱৰ্তে সীতাই প্ৰতিশ্ৰুতি দিয়ে যে যদি ত্ৰিজঁ‌টাৰ সপোন বাস্তৱায়িত হয়, তেন্তে তেওঁ নিজৰ ৰাক্ষসী প্ৰহৰীসকলক সুৰক্ষা দিব। [3]

দ্বিতীয় ঘটনাটো ষষ্ঠ অধ্যায় অৰ্থাৎ যুদ্ধ কাণ্ডত পোৱা গৈছে। ৰাম আৰু তেওঁৰ ভায়েক লক্ষ্মণে সীতাক ৰাক্ষসৰাজৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ এক বান্দৰ বাহিনী লৈ আহে। যুদ্ধৰ প্ৰথম দিনা ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে দুই ভ্ৰাতৃক নাগপাশ অস্ত্ৰৰে বান্ধি ৰাখে আৰু তেওঁলোকে জ্ঞান হেৰুৱায়। ৰাৱণে সীতাক ত্ৰিজঁ‌টাৰ সৈতে যুদ্ধক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ প্ৰেৰণ কৰে। স্বামীৰ মৃত্যু হৈছে বুলি ভাবি সীতাই দুখ প্ৰকাশ কৰে যদিও ত্ৰিজঁ‌টাই তেওঁক আশ্বস্ত কৰে যে ৰাম-লক্ষ্মণ জীয়াই আছে। ত্ৰিজঁ‌টাই সীতাৰ প্ৰতি তেওঁৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰে আৰু তেওঁক কয় যে সীতাৰ "নৈতিক চৰিত্ৰ আৰু নম্ৰ প্ৰকৃতিয়ে" তেওঁক ভাল পাবলৈ বাধ্য কৰিছে।[3]

  1. 1.0 1.1 Mani pp. 792–93
  2. Bose p. 359
  3. 3.0 3.1 3.2 Bulcke pp. 104–5

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]