মায়া সীতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ৰাৱণৰ দ্বাৰা সীতাৰ অপহৰণ

মায়া সীতা (সংস্কৃত: माया सीता) বা ছায়া সীতা (সংস্কৃত: छाया सीता) (আক্ষৰিক অৰ্থত ভ্ৰমাত্মক সীতা) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ কিছুমান অভিযোজনত দেৱী সীতাৰ ভ্ৰমাত্মক নকল। যাক প্ৰকৃত সীতাৰ পৰিৱৰ্তে লংকাৰ ৰাক্ষসৰাজ ৰাৱণে অপহৰণ কৰে।

ৰামায়ণত ৰামৰ সহধৰ্মিনী সীতাক ৰাৱণে হৰণ কৰি লংকাত বন্দী কৰি ৰাখে। পৰৱৰ্তী সময়ত ৰামে তেওঁক উদ্ধাৰ কৰে। ইয়াৰ পিছতে সীতাই অগ্নি পৰীক্ষাত অৱতীৰ্ণ হয় যাৰ দ্বাৰা তেওঁ ৰামে পুনৰাই গ্ৰহণ কৰাৰ আগতে তেওঁৰ সতীত্ব প্ৰমাণ কৰে। মহাকাব্যৰ কিছুমান সংস্কৰণত, অগ্নিয়ে মায়া সীতাৰ সৃষ্টি কৰে। তেওঁ প্ৰকৃত সীতাৰ স্থান লয় আৰু ৰাৱণৰ দ্বাৰা অপহৃত হৈ তেওঁৰ বন্দীত্ব গ্ৰহণ কৰে। আনহাতে প্ৰকৃত সীতা অগ্নিৰ মাজত লুকাই থাকে। অগ্নি পৰীক্ষাত মায়া সীতা আৰু প্ৰকৃত সীতাই পুনৰ নিজৰ নিজৰ স্থান লয়। যদিও কিছুমান গ্ৰন্থৰ মতে অগ্নি পৰীক্ষা মায়া সীতা ধ্বংস হয়, আন কিছুমান গ্ৰন্থৰ বৰ্ণনা অনুসৰি তেওঁ মহাকাব্যিক নায়িকা দ্ৰৌপদী বা পদ্মাৱতী দেৱী হিচাপে পুনৰ জন্ম লাভ কৰে। কিছুমান শাস্ত্ৰত তেওঁক পূৰ্বজন্মত ৰাৱণে উৎপীড়ন কৰিবলৈ চেষ্টা কৰা বেদৱতী বুলিও উল্লেখ কৰা হৈছে।

মায়া সীতাই প্ৰকৃত সীতাক ৰাৱণৰ অপহৰণ বা ষড়যন্ত্ৰৰ চিকাৰ হোৱাৰ পৰা ৰক্ষা কৰে আৰু তেওঁৰ বিশুদ্ধতা নিশ্চিত কৰে। হিন্দু আখ্যানসমূহত সীতাকে ধৰি অন্যান্য দেৱীৰ একে ধৰণৰ দ্বৈত ৰূপ বা নকল পোৱা যায়।

মূল ৰামায়ণৰ কাহিনী[সম্পাদনা কৰক]

বাল্মীকিৰ ৰামায়ণত (খ্ৰীষ্টপূৰ্ব ৫মৰ পৰা চতুৰ্থ শতিকা) মায়া সীতাৰ কথা উল্লেখ নাই। মিথিলাৰ ৰাজকুমাৰী সীতাই অযোধ্যৰ ৰাজকুমাৰ ৰামৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। মন্থৰাৰ মন্ত্ৰণাত মাহীমাক কৈকেয়ীয়ে ৰামক ১৪ বছৰৰ নিৰ্বাসনলৈ যাবলৈ বাধ্য কৰে। সীতা আৰু তেওঁৰ ভ্ৰাতৃ লক্ষ্মণ ৰামৰ সৈতে বনবাসলৈ যায়। লংকাৰ ৰাক্ষস ৰজা ৰাৱণে সীতাক অপহৰণ কৰাৰ ষড়যন্ত্ৰ কৰে আৰু সোণালী হৰিণৰ ৰূপ লৈ সীতাক প্ৰলোভিত কৰা মাৰীচৰ সহায়ত দণ্ডকাৰণ্যৰ পৰা এজন তপস্বীৰ ছদ্মবেশত আহি সীতাক অপহৰণ কৰে। তেওঁ সীতাক লংকাঅশোক বনত বন্দী কৰি ৰাখে। ৰামে ৰাৱণক যুদ্ধত বধ কৰি সীতাক উদ্ধাৰ কৰে। যেতিয়া ৰামে সীতাৰ সতীত্বৰ ওপৰত সন্দেহ কৰে, তেতিয়া তেওঁ অগ্নি পৰীক্ষাৰ দ্বাৰা নিজৰ সতীত্ব প্ৰমাণ কৰিবলৈ লয়। সীতাই জ্বলন্ত চিতাত প্ৰৱেশ কৰি ঘোষণা কৰে যে যদি তেওঁ ৰামৰ প্ৰতি অনুগত তেন্তে অগ্নিয়ে তেওঁৰ ক্ষতি নকৰিব। অৱশেষত তেওঁ অগ্নি দেৱতাৰ সৈতে নিজৰ বিশুদ্ধতাৰ প্ৰমাণ স্বৰূপে অক্ষতভাৱে ওলাই আহে। ৰামে সীতাক পুনৰাই গ্ৰহণ কৰে আৰু অযোধ্যালৈ উভতি আহে, য'ত তেওঁলোকক ৰজা আৰু ৰাণী হিচাপে অধিষ্ঠিত কৰা হয়৷[1][2]

বিকাশ[সম্পাদনা কৰক]

মায়া সীতাৰ সৈতে প্ৰকৃত সীতাৰ সালসলনি।

মায়া সীতাক ৰামায়ণৰ "সংযোজনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উদাহৰণ" হিচাপে গণ্য কৰা হয়।[3] কুৰ্ম পুৰাণ (৫৫০-৮৫০ চন) হৈছে প্ৰথম নিদৰ্শন য'ত মায়া সীতাৰ উপস্থিতি পোৱা যায়।[3] এই সংযোজনত ৰামায়ণৰ মূল কাহিনীভাগত সন্নিৱিষ্ট ৰাৱণৰ দ্বাৰা সীতাৰ অপহৰণৰ ঘটনাক ৰাৱণৰ দ্বাৰা মায়া সীতাৰ অপহৰণৰ সৈতে সলনি কৰাৰ লগতে প্ৰকৃত সীতাক অগ্নি দেৱতাৰ আশ্ৰয়ত সুৰক্ষিত কৰা হৈছে।[4] বৈষ্ণৱ ধৰ্মৰ এই "গুৰুত্বপূৰ্ণ আদৰ্শগত বিকাশে" সীতাৰ সতীত্বক সুৰক্ষিত কৰিছিল।[5] ৰামায়ণৰ কিছুমান সংস্কৰণ যেনে মহাভাৰতত (খ্ৰীষ্টপূৰ্ব ৫ম-৪ৰ্থ শতিকা), বিষ্ণু পুৰাণ (খ্ৰীষ্টপূৰ্ব ১ম-৪ৰ্থ শতিকা), হৰিবংশ (১-৩০০ চন) আৰু বহুকেইখন পুৰাণত সীতাৰ পবিত্ৰতা সম্পৰ্কে কোনো প্ৰশ্নৰ উদ্ৰেক নঘটিবলৈ অগ্নিপৰীক্ষাক সম্পূৰ্ণৰূপে এৰাই চলা হৈছে। ইয়াৰ বিপৰীতে, কিছুমান পৰৱৰ্তী সংস্কৰণত এই অগ্নি পৰীক্ষা নিষ্কলঙ্ক সীতাৰ প্ৰত্যাৱৰ্তনৰ এক সঁজুলি হৈ পৰে কিয়নো অগ্নিপৰীক্ষাৰ যোগেদি সীতা আৰু মায়া সীতাই পুনৰ নিজৰ নিজৰ স্থান সলনা-সলনি কৰে।[6] দ্বাদশ শতিকাত ৰাম ভক্তি আন্দোলনৰ বৰ্ধিত জনপ্ৰিয়তাৰ সৈতে অসংখ্য ৰচনাই মায়া সীতাৰ ধাৰণাটো আঁ‌কোৱালি লৈছিল। ভক্তসকলে এই কথা সহ্য কৰিব নোৱাৰিছিল যে ৰামৰ সহধৰ্মিনী আৰু ৰাম কেন্দ্ৰিক পন্থাটোৰ মুখ্য দেৱী সীতাক ৰাক্ষস ৰাৱণে অপহৰণ কৰিছিল আৰু কাৰাবাস ভোগ কৰিবলগা হোৱাৰ লগতে সীতা ৰাৱণৰ স্পৰ্শৰ দ্বাৰা অপমানিত হৈছিল।[4] মায়া সীতাৰ ধাৰণাটোৱে প্ৰকৃত সীতাক ৰাৱণৰ হাতত লঘু হোৱাৰ পৰা ৰক্ষা কৰে। ৰামায়ণত মায়ামৃগৰ আৰ্হিটোৱে হয়তো মায়া সীতাৰ ধাৰণাটোকো অনুপ্ৰাণিত কৰিছিল।[7] মায়া সীতাই প্ৰকৃত সীতাক এৰি যাবলৈ আৰু ৰামক মায়ামৃগৰ চিকাৰত সহায় কৰিবলৈ লক্ষ্মণক বাধ্য কৰাৰপৰাও প্ৰকৃত সীতাক ৰেহাই দিয়ে।[8]

যদিও মায়া সীতাৰ ধাৰণা পূৰ্বতে কুৰ্ম পুৰাণ আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণত (৮০১-১১০০ চন) পোৱা গৈছিল, আধ্যাত্ম ৰামায়ণতহে (ব্ৰহ্মাণ্ড পুৰাণৰ এটা অংশ, খ্ৰীষ্টিয় চতুৰ্দশ শতিকা) মায়া সীতাই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদিও আধ্যাত্ম ৰামায়ণৰ উৎপত্তি উত্তৰ ভাৰতৰ বাৰাণসীত হৈছিল, ই মালায়ালম (দক্ষিণ ভাৰত) আৰু ওড়িয়া (পূব ভাৰত) ৰামায়ণৰ উপস্থাপনত প্ৰভাৱ পেলাইছিল। ই তুলসীদাসৰ ৰামচৰিতমানসক বহুলভাৱে প্ৰভাৱিত কৰিছিল (১৫৩২-১৬২৩ চন)।[9]

ৰামচৰিতমানসত অগ্নিপৰীক্ষাৰ বিস্তৃত বৰ্ণনা পোৱা যায়। যিহেতু মায়া সীতাৰ সৈতে প্ৰকৃত সীতাৰ সালসলনিৰ বিষয়ে কোনেও নাজানে, সেয়ে সীতাৰ সতীত্বৰ বিষয়েও সন্দেহৰ সৃষ্টি হয়। এই পাঠটোত স্পষ্টকৈ কোৱা হৈছে যে অগ্নিপৰীক্ষাই মায়া সীতাৰ লগতে "ৰাজহুৱা লজ্জাৰ কলঙ্ক" ধ্বংস কৰে যাক সীতাই সহ্য কৰিব লগা হ'লহেঁতেন। অগ্নিপৰীক্ষাৰ সময়ত ৰামক সীতালৈ কঠোৰ বাক্যবাণ নিক্ষেপ কৰাৰ পৰা বিৰত ৰখা হৈছে কিয়নো তেওঁ জানে যে এয়া মায়া সীতাহে। সীতাক ৰাজহুৱা অপমানৰ পৰা ৰক্ষা কৰা হৈছে কিয়নো তেওঁৰ সতীত্ব অগ্নিপৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হৈছে।[10] ৰামৰ লগতে সীতাৰ নৈতিক স্থিতিও মায়া সীতাই সুৰক্ষিত কৰে। [11]

কাহিনীটোৰ বহুতো সংস্কৰণত সৰ্বজ্ঞ ৰামে সীতাৰ আসন্ন অপহৰণৰ বিষয়ে জানে আৰু মায়া সীতাৰ সৃষ্টি কৰে। এনে সংস্কৰণবোৰে বাল্মীকিৰ দ্বাৰা ৰামক মানৱ নায়ক হিচাপে চিত্ৰিত কৰাৰ পৰা ফালৰি কাটি ৰামৰ ঐশ্বৰিক মৰ্যাদা প্ৰতিপন্ন কৰিছে।[8]

মায়া সীতাৰ ধাৰণাটো দেৱী ভাগৱত পুৰাণ[12][13] খ্ৰীষ্টিয় ৬ষ্ঠ-১৪শ শতিকা) আৰু অদ্ভুত ৰামায়ণতো (খ্ৰীষ্টিয় ১৪শ শতিকা) [3] পোৱা যায়। লগতে ওড়িয়া সাহিত্যৰ অন্তৰ্গত বলৰাম দাসৰ জগমোহন ৰামায়ণ, উপেন্দ্ৰৰ বৈদেহিষা বিলাস[14] আৰু ওড়িয়া ৰামলীলাতো মায়া সীতা বিদ্যমান৷[15]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Doniger (1999) p. 9
  2. Mani pp. 638–39
  3. 3.0 3.1 3.2 Maithreyi Krishnaraj (2012). Motherhood in India: Glorification without Empowerment?. CRC Press. পৃষ্ঠা. 188–89. ISBN 978-1-136-51779-2. https://books.google.com/books?id=BFZkVq2vHtkC&pg=PT188। আহৰণ কৰা হৈছে: 26 May 2013. 
  4. 4.0 4.1 Camille Bulcke; Dineśvara Prasāda (2010). Rāmakathā and Other Essays. Vani Prakashan. পৃষ্ঠা. 115. ISBN 978-93-5000-107-3. https://books.google.com/books?id=cvE4wF-cfX0C&pg=PA115। আহৰণ কৰা হৈছে: 26 May 2013. 
  5. Anna S. King; John L. Brockington (2005). The Intimate Other: Love Divine in Indic Religions. Orient Blackswan. পৃষ্ঠা. 37. ISBN 978-81-250-2801-7. 
  6. Doniger (1999) p. 13
  7. Doniger (1999) pp. 12–13
  8. 8.0 8.1 Bhattarai, Sewa (2013-04-20). "Do we know it? Bhanubhakta Ramayan". República. http://www.myrepublica.com/portal/index.php?action=news_details&news_id=53397&show_comments=true. 
  9. Williams p. 24
  10. Doniger (1999) pp. 13–14
  11. Doniger (1999) p. 27
  12. Swami Vijnanananda (2004). The Sri Mad Devi Bhagavatam: Books One Through Twelve 1923. Kessinger Publishing. পৃষ্ঠা. 868–70. ISBN 978-0-7661-8168-7. https://books.google.com/books?id=Yt_vyESsw20C&pg=PA868। আহৰণ কৰা হৈছে: 26 May 2013. 
  13. Mani p. 722
  14. Williams p. 28–29
  15. Williams p. 36