অগস্ত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
অগস্ত্য
AgasthiyarG.jpg
ঋষি অগস্ত্য
শিৰোনাম ঋষি, প্ৰাকৃতিক ঔষধিৰ বিজ্ঞানী
ব্যক্তিগত
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসংগী লোপামুদ্ৰা
সন্তান দ্ৰধস্যু
পিতৃ-মাতৃ মিত্ৰ-বৰুণ আৰু উৰ্বশী

অগস্ত্য (সংস্কৃত: अगस्त्य) হৈছে প্ৰাচীন ভাৰতৰ এগৰাকী ঋষি।[1] ভাৰতীয় সংস্কৃতিৰ মতে তেওঁ এজন প্ৰখ্যাত আৰু প্ৰভাৱশালী বহু ভাষাৰ জ্ঞান থকা বিদগ্ধ পণ্ডিত। অগস্ত্য আৰু তেওঁৰ সহধৰ্মিণী লোপামুদ্ৰাসংস্কৃত ভাষাঋকবেদৰ শ্লোক ১.১৬৫ ৰ পৰা ১.১৯১ আৰু অন্যান্য বৈদিক সাহিত্যৰ ৰচনা কৰিছিল।[1][2][3]

ৰামায়ণ আৰু মহাভাৰতকে আদি কৰি বিভিন্ন পুৰাণ আৰু ধৰ্মগ্ৰন্থত অগস্ত্যৰ উল্লেখ পোৱা যায়। [3][4] তেওঁ বৈদিক সাহিত্যৰ সপ্তৰ্ষি অৰ্থাৎ সাতগৰাকী মহানতম ঋষিৰ অন্যতম। [5]। তামিল শৈৱ পন্থাৰ মতে অগস্ত্য এগৰাকী সিদ্ধৰ যি তামিল ভাষাৰ প্ৰাৰম্ভিক ব্যাকৰণ অগট্টিয়মৰ প্ৰণেতা তথা শ্ৰীলংকা আৰু দক্ষিণ ভাৰতৰ প্ৰাচীন শৈৱ কেন্দ্ৰসমূহৰ তাম্ৰপৰ্নিয়ম ঔষধিৰ উৎকৰ্ষ সাধক। শাক্ত আৰু বৈষ্ণৱ পন্থাৰ পুৰাণ সাহিত্যতো অগস্ত্যৰ প্ৰশস্তি পোৱা যায়। [6] দক্ষিণ এচিয়া, দক্ষিণ-পূব এচিয়াৰ প্ৰাচীন হিন্দু মন্দিৰ আৰু ইণ্ডোনেচিয়াজাভাত অৱস্থিত শিৱ মন্দিৰসমূহতো তেওঁৰ প্ৰতিমূৰ্তি দেখা পোৱা যায়। পোৰাণিক জাভানীজ ভাষাত ৰচিত অগস্ত্যপৰ্বত ঋষি অগস্ত্যই প্ৰধান ভূমিকা ৰূপায়ণ কৰিছে। এই গ্ৰন্থখনৰ একাদশ শতিকাৰ সংস্কৰণহে বৰ্তি আছে। [7][8]

পৰম্পৰাগতভাৱে ঋষি অগস্ত্যক বিভিন্ন সংস্কৃত পুথি যেনে বৰাহ পুৰাণৰ অগস্ত্য গীতা, স্কন্দ পুৰাণত সংলগ্ন অগস্ত্য সংহিতা আৰু দ্বৈধ-নিৰ্ণয় তন্ত্ৰ আদিৰ ৰচয়িতা ৰূপে জনা যায়। [3] তেওঁক মন, কলসজ, কুম্ভজ, কুম্ভযোনি আৰু মৈত্ৰবৰুণী নামেৰেও জনা যায়। [7][9][10]

নামৰ ব্যুৎপত্তি[সম্পাদনা কৰক]

খ্ৰীষ্টিয় ৯৭৫ চনৰ অগস্ত্যৰ প্ৰতিমূৰ্তি, কম্বোডিয়া

ঋষি অগস্ত্যৰ নামৰ ব্যুৎপত্তি সম্পৰ্কে কেইবাটাও সূত্ৰ পোৱা যায়। তাৰে এটা সূত্ৰৰ মতে অজ বা অঞ্জ (উজ্জ্বল, আলোকিত ব্যক্তিবিশেষ) শব্দৰ সৈতে অগস্ত্যৰ সম্পৰ্ক আছে আৰু ই সূচাইছে যে '"যি আলোকিত কৰে'।" ভাৰতীয় পৰম্পৰাত অগস্ত্যই কেন'পাছ নক্ষত্ৰক (দক্ষিণ পূব এচিয়াৰ আকাশৰ দ্বিতীয় উজ্জ্বলতম তাৰকা) বুজায়। [11] তৃতীয় সূত্ৰটো ইণ্ডো-ইউৰোপীয়ান মূলৰ। ইৰাণী শব্দ গস্তাৰ অৰ্থ পাপ। গতিকে অ-গস্তা মানে পাপহীন।[12] চতুৰ্থ সূত্ৰ অনুযায়ী ৰামায়ণৰ শ্লোক ২.১১-ত উল্লেখ কৰা হৈছে যে অগস্ত্যৰ মূল অগ (স্থিৰ বা পৰ্বত) আৰু গম (গতি)। দুয়োটা শব্দৰ সংযোজনে বুজায় যে "যিজনে পৰ্বতক আঁ‌তৰ কৰিছে" বা "স্থিত বস্তক গতি দিছে।" [13] এই শব্দটো অগস্তি আৰু অগথিয়াৰ বুলিও লিখা হয়। [14][15]

জীৱনী[সম্পাদনা কৰক]

অগস্ত্য হৈছে ঋকবেদৰ কেইবাটাও শ্লোকৰ ৰচয়িতা। এই শ্লোকসমূহত তেওঁৰ জীৱনীৰ বিষয়ে তথ্য পোৱা নাযায়।[1][16] এবাৰ দেৱতা বৰুণ আৰু মিত্ৰই যজ্ঞ কৰি থাকোঁ‌তে অপ্সৰা উৰ্বশী সেই ঠাইত উপস্থিত হয়। [17] তেওঁলোক তাইৰ অসাধাৰণ কমনীয়তা দেখি উত্তেজিত হয় আৰু তেওঁলোকৰ বীৰ্য স্খলন ঘটে। এই বীৰ্য এক মাটিৰ কলহত পতিত হয় আৰু তাতেই অগস্ত্যৰ ভ্ৰূণৰ অংকুৰণ ঘটে। কিছুমান আখ্যানৰ মতে তেওঁৰ যমজ ঋষি বশিষ্ঠৰ সৈতে অগস্ত্যই এই কলহৰ পৰা জন্মলাভ কৰে।[18] এই আখ্যানে তেওঁক কুম্ভযোনি নাম দিয়ে যাৰ আক্ষৰিক অৰ্থ হৈছে "তেওঁ যাৰ গৰ্ভ আছিল মাটিৰ পাত্ৰ।"[17][19]

অগস্ত্য হৈছে এজন ব্ৰাহ্মণ যি য়ে তপস্বী জীৱন যাপন কৰি নিজকে শিক্ষিত কৰে আৰু এজন প্ৰসিদ্ধ ঋষি হৈ পৰে। তেওঁৰ অজ্ঞাত মূলৰ বাবে পণ্ডিতসকলে মত প্ৰকাশ কৰে যে বৈদিক যুগৰ অগস্ত্য হয়তো এজন প্ৰব্ৰজনকাৰী যাৰ ধাৰণাবোৰে দক্ষিণ ভাৰতক প্ৰভাৱিত কৰিছিল৷[20][21][22]

পুৰাণ আৰু মহাকাব্যৰ কিংবদন্তি অনুসৰি, তপস্বী ঋষি অগস্ত্যই বিদৰ্ভ ৰাজ্যত জন্ম গ্ৰহণ কৰা ৰাজকুমাৰী লোপামুদ্ৰাক প্ৰস্তাৱ দিছিল। তেওঁৰ পিতৃ-মাতৃ এই বিবাহ সম্পন্ন কৰাত অনিচ্ছুক আছিল। তেওঁ অৰণ্যত অগস্ত্যৰ কঠোৰ জীৱনশৈলীত জীয়াই থাকিব নোৱাৰিব বুলি চিন্তিত আছিল। অৱশ্যে, আখ্যানমতে লোপামুদ্ৰাই অগস্ত্যক তেওঁৰ স্বামী হিচাপে গ্ৰহণ কৰি কৈছিল যে অগস্ত্যৰ হাতত তপস্বী জীৱন-যাপনৰ সম্পদ আছে। তেওঁৰ নিজৰ যৌৱন ঋতুৰ সৈতে ম্লান হৈ যাব, আৰু অগস্ত্যৰ গুণেই তেওঁক উপযুক্ত ব্যক্তি কৰি তুলিছে। ইয়াৰ পিছতে লোপামুদ্ৰাৰ সৈতে অগস্ত্যৰ বিবাহ সম্পন্ন হয়।[23] অন্যান্য সংস্কৰণত লোপামুদ্ৰাই অগস্ত্যক বিয়া কৰায়, কিন্তু বিয়াৰ পিছত তেওঁ দাবী কৰে যে বিবাহ সম্পূৰ্ণ কৰাৰ আগতে অগস্ত্যই তেওঁক প্ৰাথমিক সুখ-ভোগ প্ৰদান কৰিব। এই দাবীৰ ফলত অগস্ত্যক সমাজলৈ ঘূৰি আহি ধন উপাৰ্জন কৰিবলৈ বাধ্য কৰা হয়৷[24]

অগস্ত্য আৰু লোপামুদ্ৰাৰ দ্ৰধস্যু নামৰ এজন পুত্ৰ আছে, যাক কেতিয়াবা ইধমাৱহা বুলি কোৱা হয়। মহাভাৰতত বৰ্ণনা কৰা হৈছে যে তেওঁ গৰ্ভত থাকোঁ‌তে তেওঁৰ পিতৃ-মাতৃৰ কথা শুনি বেদৰ জ্ঞান লাভ কৰে আৰু ভজন গাই পৃথিৱীত জন্ম গ্ৰহণ কৰে।[25]

অগস্ত্য আশ্ৰম[সম্পাদনা কৰক]

অগস্ত্যৰ এখন আশ্ৰম আছিল। কিন্তু প্ৰাচীন আৰু মধ্যযুগীয় ভাৰতীয় গ্ৰন্থসমূহত উল্লিখিত এই আশ্ৰমৰ কাহিনী আৰু অৱস্থানৰ মিল নাই। দুটা কিংবদন্তিত ইয়াক উত্তৰ-পশ্চিম মহাৰাষ্ট্ৰত, গোদাৱৰী নদীৰ পাৰত, নাছিকৰ ওচৰত অগস্ত্যপুৰী আৰু আকোলে নামৰ সৰু চহৰবোৰত বুলি উল্লেখ কৰা হৈছে। উত্তৰ আৰু পূৱ ভাৰতীয় উৎসত উল্লেখ কৰা অন্যান্য স্থানবোৰ হৈছে আইনৱাড়ী (অগস্তিনগৰ) (তাল-খানাপুৰ) গাঁৱৰ চাংলি (মহাৰাষ্ট্ৰৰ পশ্চিম ঘাট), বা কনৌজ (উত্তৰ প্ৰদেশ), বা ৰুদ্ৰপ্ৰয়াগ (উত্তৰাখণ্ড), বা সাতপুৰা ৰেঞ্জৰ (মধ্য প্ৰদেশ) ওচৰত আছে। দক্ষিণৰ উৎস আৰু উত্তৰ ভাৰতীয় দেৱী-ভাগৱত পুৰাণৰ মতে তেওঁৰ আশ্ৰম তামিলনাডুৰ তিৰুনেলভেলি, পোথিয়াল পাহাৰ বা থাঞ্জাভুৰত অৱস্থিত৷[26]

সাহিত্যিক সূত্ৰসমূহ[সম্পাদনা কৰক]

বেদসমূহ[সম্পাদনা কৰক]

 হিন্দু ধৰ্মৰ চাৰিওখন বেদ আৰু ব্ৰাহ্মণ, অৰণ্যক, উপনিষদ, মহাকাব্য, পুৰাণ আদিত অগস্ত্যৰ উল্লেখ পোৱা যায়। [10]  তেওঁ ঋকবেদৰ (প্ৰায় ১২০০ খ্ৰীষ্টপূৰ্ব) ১.১৬৫ ৰ পৰা ১.১৯১ নং শ্লোকৰ ৰচক। [1][16] তেওঁ এখন বৈদিক বিদ্যালয় বা গুৰুকুল পৰিচালনা কৰিছিল।  ঋকবেদৰ ১.১৭৯ নং শ্লোকত তেওঁৰ পত্নী লোপামুদ্ৰা আৰু তেওঁৰ শিক্ষাৰ্থীসকলক ইয়াৰ ৰচক বুলি কৃতিত্ব প্ৰদান কৰিছে। [10] বৈদিক যুগত তেওঁ এজন সন্মানীয় ঋষি আছিল কিয়নো আন ঋষিসকলে ৰচনা কৰা ঋকবেদৰ আন বহুতো শ্লোকত অগস্ত্যৰ উল্লেখ আছে। অগস্ত্যৰ দ্বাৰা ৰচিত শ্লোক বা স্তোত্ৰসমূহ তেওঁৰ আধ্যাত্মিক বাৰ্তাৰ ভিতৰত নিহিত মৌখিক নাটক আৰু উপমা, সাঁথৰ আৰু শ্লেষ, আৰু আকৰ্ষণীয় চিত্ৰকল্পৰ বাবে জনাজাত। [27]

তেওঁৰ বৈদিক কাব্যসমূহ দুটা বিষয়বস্তুৰ বাবে বিশেষভাৱে উল্লেখযোগ্য। [27] এটা স্তৱকত অগস্ত্যই দেৱতা ইন্দ্ৰ আৰু মাৰুতৰ নেতৃত্বত দুদল সৈন্যৰ মাজত সংঘৰ্ষৰ বৰ্ণনা কৰিছে, যাক জিএছ ঘূৰিৰ দৰে পণ্ডিতসকলে আৰ্য (ইন্দ্ৰ) আৰু দাসসকলৰ (ৰুদ্ৰ) মাজত সংঘৰ্ষৰ ৰূপক হিচাপে ব্যাখ্যা কৰিছে।[21][28] অগস্ত্যই সফলতাৰে তেওঁলোকৰ বিবাদৰ মীমাংসা কৰি তেওঁ দুয়োপক্ষৰে মাজত বুজাবুজি আৰু প্ৰেম-দয়াৰ বাবে প্ৰাৰ্থনা কৰিছে।  ঋকবেদৰ প্ৰথম মণ্ডলত তেওঁ ৰচনা কৰা সাতাশটা শ্লোকৰ ভিতৰত ২১ টা তেওঁৰ অনন্য শৈলীৰে পৰিসমাপ্তি হৈছে, য'ত তেওঁ আহ্বান কৰিছে, "প্ৰতিটো সম্প্ৰদায়ে যাতে সতেজতা (খাদ্য) আৰু জলক জানিব পাৰে।" [27] এই ধাৰণাবোৰে তেওঁক আৰ্য আৰু দাস দুয়োৰে ৰক্ষক হিচাপে পৰিগণিত কৰিছে।[29]  অৱশ্যে, কিছুমান পণ্ডিতে একেটা শ্লোকক যিকোনো দুটা বিৰোধী মতাদৰ্শ বা জীৱনশৈলীৰ ৰূপক বুলি ব্যাখ্যা কৰে, কিয়নো অগস্ত্যই কেতিয়াও আৰ্য বা দাস শব্দ ব্যৱহাৰ কৰা নাই, আৰু কেৱল ’’উভউ বৰ্নাভ’’ (আক্ষৰিক ভাৱে, "দুয়োটা ৰং") বাক্যাংশহে ব্যৱহাৰ কৰিছে। [21][30][31]  স্থায়ী মীমাংসাৰ উপায় হিচাপে "পাৰস্পৰিক বুজাবুজি"ৰ বিষয়বস্তু আৰু ধাৰণাটোৰ সৈতে অগস্ত্যৰ নাম ঐতৰীয় অৰণ্যকৰ ধাৰা ১.২.২-ত পুনৰ দেখা যায়। [32]

হিন্দু ধৰ্মৰ সাহিত্যসমূহৰ দ্বিতীয় বিষয়টো হৈছে লোপামুদ্ৰা আৰু অগস্ত্যৰ মাজত সন্ন্যাসী জীৱন বনাম মানৱীয় উত্তেজনা, গৃহস্থৰ জীৱনৰ দায়িত্ব আৰু পৰিয়াল প্ৰতিপালনৰ চিন্তা ভাৱনাৰ বিষয়ে আলোচনা। অগস্ত্যই যুক্তি দিয়ে যে সুখ আৰু মুক্তিৰ বহুতো উপায় আছে। আনহাতে লোপামুদ্ৰাই জীৱনৰ প্ৰকৃতি, সময় আৰু দুয়োটাৰে সম্ভাৱনা সম্পৰ্কে তেওঁৰ যুক্তি দৰ্শায়। তেওঁ সফলতাৰে অগস্ত্যক উপমাৰে ভৰা ঋকবেদৰ স্তৱক ১.১৭৯-ত পতিয়ন নিয়ায়। [27][33]

ঋকবেদৰ আটাইতকৈ পুৰণি আৰু কনিষ্ঠ (গ. 1500-1200 খ্ৰীষ্টপূৰ্ব) উভয় স্তৰতে অগস্ত্যৰ উল্লেখ আছে। [34] তেওঁক আন তিনিখন বেদ আৰু বেদাঙ্গসাহিত্য যেনে নিৰুক্তৰ ৫.১৩-১৪ পদত উল্লেখ কৰা হৈছে। [10][34] অগস্ত্য আৰু তেওঁৰ ধাৰণাবোৰ আন বহুতো বৈদিক গ্ৰন্থত উল্লেখ কৰা হৈছে। উদাহৰণস্বৰূপে তৈত্তৰীয় সংহিতাৰ ধাৰা ৭.৫.৫, কথক সংহিতাৰ ১০.১১, মৈত্ৰায়নী সংহিতাৰ ২.১, ঐতৰীয় ব্ৰাহ্মণৰ ৫.১৬, তৈত্তিৰীয় ব্ৰাহ্মণৰ ২.৭.১১, আৰু পঞ্চবিংশতি ব্ৰাহ্মণৰ ২১.১৪ ধাৰাৰ কথা ক'ব পাৰি। [13]

ৰামায়ণ[সম্পাদনা কৰক]

বিহাৰত উদ্ধাৰ হোৱাদ্বাদশ শতিকাৰ অগস্ত্যৰ মূৰ্তি।

ঋষি অগস্ত্যক হিন্দু মহাকাব্য ৰামায়ণত কেইবাটাও অধ্যায়ত উল্লেখ কৰা হৈছে আৰু তেওঁৰ আশ্ৰম গোদাৱৰী নদীৰ পাৰত থকা বুলি বৰ্ণনা কৰা হৈছে। [35]

ৰামায়ণত, অগস্ত্য আৰু লোপামুদ্ৰাক বিন্ধ্য পৰ্বতমালাৰ দক্ষিণ ঢালত দণ্ডকাৰণ্যত বাস কৰা বুলি বৰ্ণনা কৰা হৈছে। ৰামে অগস্ত্যক দেৱতাসকলৰ বাবেও অসম্ভৱ কাম কৰিব পাৰে বুলি প্ৰশংসা কৰিছে। তেওঁক ৰামে ঋষি বুলি বৰ্ণনা কৰিছে যি সূৰ্য, চন্দ্ৰ আৰু জীৱ-জন্তু ইয়াৰ ওপৰেৰে সহজে পাৰ হ'ব পৰাকৈ বিন্ধ্য পৰ্বতমালাক নিজকে শিৰোনত দিবলৈ কৈছিল। তেওঁ নিজৰ তপোবলেৰে ৯,০০০ লোকক হত্যা কৰা ৰাক্ষস বাতাপী আৰু ইল্বলক বধ কৰিছিল [4]

ৰামায়ণৰ মতে, অগস্ত্য হৈছে এক অনন্য ঋষি যি শাৰীৰিক গঠনৰ ফালৰ পৰা চাপৰ আৰু ভাৰী। তেওঁ দক্ষিণত বাস কৰি শিৱৰ শক্তি তথা কৈলাস আৰু মেৰু পৰ্বতৰ ওজনক সন্তুলিত কৰে। [36] অগস্ত্য আৰু তেওঁৰ পত্নীয়ে ৰাম, সীতা আৰু লক্ষ্মণক লগ পায়। অগস্ত্যই তেওঁলোকক এক ঐশ্বৰিক ধনু আৰু শৰ প্ৰদান কৰি ৰাৱণৰ দুষ্ট প্ৰকৃতি বৰ্ণনা কৰে। উইলিয়াম বাক, বি. এ. ভান নুটেন আৰু শ্বাৰ্লি ট্ৰিয়েষ্টৰ মতে, অগস্ত্যই তেওঁলোকক এই পৰামৰ্শৰে বিদায় দিয়ে, "ৰাম, ৰাক্ষসসকলে মানুহক ভাল নাপায়, সেয়েহে মানুহে ইজনে সিজনক ভাল পাব লাগিব।" [13][37]

মহাভাৰত[সম্পাদনা কৰক]

অগস্ত্যৰ কাহিনী মহাভাৰততো পোৱা যায়। অৱশ্যে, ৰামৰ পৰিৱৰ্তে এই কাহিনীটো যুধিষ্ঠিৰ আৰু লোমশৰ মাজত হোৱা কথোপকথন হিচাপে বন পৰ্বত উল্লেখ কৰা হৈছে। [38]

মহাকাব্যখনত তেওঁক এক ঋষি হিচাপে বৰ্ণনা কৰা হৈছে যাৰ সেৱন আৰু হজম কৰাৰ প্ৰচুৰ শক্তি আছে। [17] অগস্ত্যই মহাভাৰততো বিন্ধ্য পৰ্বতক বাঢ়ি যোৱাত বাধা দিয়ে আৰু তেওঁ ৰাক্ষস বাতাপী আৰু ইল্বলক ৰামায়ণত বৰ্ণিত আখ্যানৰ দৰেই বধ কৰে। বন পৰ্বত লোপামুদ্ৰা আৰু অগস্ত্যৰ বাগদান আৰু বিবাহৰ কাহিনীও বৰ্ণনা কৰা হৈছে। ইয়াত ইন্দ্ৰ আৰু বৃত্ৰৰ মাজত হোৱা যুদ্ধৰ পৌৰাণিক কাহিনীও আছে, য'ত সকলো ৰাক্ষস সাগৰত লুকাই থাকে আৰু দেৱতাসকলে অগস্ত্যক সহায়ৰ বাবে অনুৰোধ কৰে। তেওঁ গৈ সমগ্ৰ সাগৰ পান কৰে আৰু এনেদৰে সকলো ৰাক্ষসক দেৱতাৰ আগত উন্মোচিত কৰে। [38]

পুৰাণসমূহ[সম্পাদনা কৰক]

হিন্দু ধৰ্মৰ পুৰাণ সাহিত্যত অগস্ত্যৰ বিষয়ে অসংখ্য কাহিনী আছে যিসমূহ ভাৰতৰ বৈদিক আৰু মহাকাব্য সাহিত্যত পোৱা পৌৰাণিক কাহিনীতকৈ অধিক বিস্তৃত, অধিক চমৎকাৰী আৰু ইটো-সিটোৰ সৈতে অমিল।[3] উদাহৰণ স্বৰূপে, মৎস্য পুৰাণৰ অধ্যায় ৬১, পদ্ম পুৰাণৰ ২২ অধ্যায় আৰু আন সাতখন মহাপুৰাণে অগস্ত্যৰ সমগ্ৰ জীৱনীৰ বিষয়ে কয়।[13][34] কিছুমানে তেওঁক সপ্তৰ্ষিৰ (সাতগৰাকী মহান ঋষি) এজন হিচাপে তালিকাভুক্ত কৰে। আনহাতে আন কিছুমানত তেওঁ হিন্দু পৰম্পৰাৰ আঠ বা বাৰজন অসাধাৰণ ঋষিৰ ভিতৰত এজন। [39] তেওঁৰ নাম আৰু বিৱৰণ বিভিন্ন পুৰাণত সামঞ্জস্যপূৰ্ণ নহয়, বা একে পুৰাণৰ বিভিন্ন পাণ্ডুলিপি সংস্কৰণতো এয়া একে নহয়। তেওঁ অংগীৰা, অত্ৰি, ভৃগু, ভাৰ্গৱ, ভৰদ্বাজ, বিশ্বামিত্ৰ, বশিষ্ঠ, কাশ্যপ, গৌতম, জমদগ্নি আৰু অন্যান্য ঋষিৰ সৈতে বিভিন্নধৰণে তালিকাভুক্ত হৈছে। [40]

আটাইবোৰ হিন্দু পৰম্পৰা অৰ্থাৎ শৈৱবাদ, শক্তিবাদ আৰু বৈষ্ণৱবাদত সকলোবোৰ মুখ্য পুৰাণত অগস্ত্যৰ কথা শ্ৰদ্ধাৰে উল্লেখ কৰা হৈছে। পুৰাণৰ বহুতো অংশত অগস্ত্য আৰু অন্যান্য সপ্তৰ্ষিসকলৰ বংশধৰসকলৰ দীঘলীয়া আৰু বিতং বিৱৰণ অন্তৰ্ভুক্ত কৰা হৈছে।[13][40]

তামিল সাহিত্য[সম্পাদনা কৰক]

অগথিয়াৰ, তামিলনাডু

তামিল পৰম্পৰাত অগস্ত্যক তামিল ভাষাৰ পিতৃ আৰু প্ৰথম তামিল ব্যাকৰণ আগাটিয়াম বা আকাট্টিয়ামৰ সংকলক হিচাপে গণ্য কৰা হয়। [41][42][21] তামিল পৰম্পৰাত অগস্ত্য এক সাংস্কৃতিক নায়ক আৰু অসংখ্য তামিল গ্ৰন্থত তেওঁৰ উপস্থিতি দেখা পোৱা যায়। [43]

অগস্ত্যৰ বিষয়ে উত্তৰ আৰু দক্ষিণ (তামিল) পৰম্পৰাৰ মাজত কিছু সাদৃশ্য আৰু পাৰ্থক্য আছে। ইৰাৱতম মহাদেৱনৰ মতে[21] দুয়োটা পৰম্পৰাৰ মতেই অগস্ত্যি উত্তৰৰ পৰা দক্ষিণলৈ প্ৰব্ৰজন কৰিছিল। সাধাৰণ যুগৰ আৰম্ভণি বা সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব প্ৰায় ২য় শতিকাৰ তামিল গ্ৰন্থ পুৰাণুৰুৰ ২০১ নং শ্লোকত দক্ষিণলৈ প্ৰব্ৰজন কৰা বহুলোকৰ সৈতে অগস্ত্যৰ কথা উল্লেখ কৰা হৈছে।[21][44]

উত্তৰ অংশৰ আখ্যানসমূহত বৈদিক পৰম্পৰা আৰু সংস্কৃতৰ প্ৰসাৰত অগস্ত্যৰ ভূমিকাৰ ওপৰত গুৰুত্ব দিয়া হয়। [45] আনহাতে দক্ষিণৰ পৰম্পৰাত জলসিঞ্চন, কৃষি আৰু তামিল ভাষাৰ উত্তৰণত তেওঁৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।[21] উত্তৰত তেওঁৰ বংশধৰ অজ্ঞাত আৰু পৌৰাণিক আখ্যানসমূহত অগস্ত্যৰ জন্ম মাটিৰ কলহৰ পৰা হোৱা বুলি উল্লেখ আছে। দক্ষিণৰ পৰম্পৰাঅ নুসৰি, কলহৰ পৰা তেওঁৰ অৱতৰণ এক সাধাৰণ প্ৰসংগ, কিন্তু দক্ষিণৰ দুটা কিংবদন্তি অনুসৰি বশিষ্ঠই দ্বাৰকাৰপৰা দক্ষিণলৈ ওঠৰটা ভেলিৰ জনজাতিৰ প্ৰব্ৰজনৰ নেতৃত্ব দিছিল। [46][47]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Wendy Doniger (1981). The Rig Veda: An Anthology : One Hundred and Eight Hymns, Selected, Translated and Annotated. Penguin Books. পৃষ্ঠা. 167–168. ISBN 978-0-14-044402-5. https://archive.org/details/rigvedapenguincl00anon. 
  2. Richard S Weiss 2009, পৃষ্ঠা. 49–51.
  3. 3.0 3.1 3.2 3.3 Roshen Dalal 2010, পৃষ্ঠা. 7–8.
  4. 4.0 4.1 William Buck 2000, পৃষ্ঠা. 138–139.
  5. Alf Hiltebeitel 2011, পৃষ্ঠা. 285–286.
  6. Ludo Rocher 1986, পৃষ্ঠা. 166–167, 212–213, 233.
  7. 7.0 7.1 Jan Gonda 1975, পৃষ্ঠা. 12–14.
  8. Ludo Rocher 1986, পৃষ্ঠা. 78.
  9. Michael Witzel (1992). J. C. Heesterman. ed. Ritual, State, and History in South Asia: Essays in Honour of J.C. Heesterman. BRILL Academic. পৃষ্ঠা. 822 footnote 105. ISBN 90-04-09467-9. https://books.google.com/books?id=EtwtSZwyWpgC&pg=PA822. 
  10. 10.0 10.1 10.2 10.3 Roshen Dalal 2014, পৃষ্ঠা. 187,376.
  11. Alf Hiltebeitel 2011, পৃষ্ঠা. 407.
  12. Edwin Bryant and Laurie Patton (2005), The Indo-Aryan Controversy, Routledge, আই.এচ.বি.এন. 0-700-71462-6, pages 252–253
  13. 13.0 13.1 13.2 13.3 13.4 Alain Daniélou 1991, পৃষ্ঠা. 322–323 with footnotes 5 and 6.
  14. David Shulman 2016, পৃষ্ঠা. 17,25-30.
  15. Indian History, Tata McGraw-Hill, December 2006, p. 240, ISBN 9780070635777, https://books.google.com/books?id=CeEmpfmbxKEC&pg=SL1-PA240 
  16. 16.0 16.1 Stephanie W. Jamison & Joel P. Brereton 2014, পৃষ্ঠা. 1674–1675.
  17. 17.0 17.1 17.2 J. A. B. van Buitenen 1981, পৃষ্ঠা. 187–188.
  18. Hananya Goodman (2012). Between Jerusalem and Benares: Comparative Studies in Judaism and Hinduism. State University of New York Press. পৃষ্ঠা. 218–219. ISBN 978-1-4384-0437-0. https://books.google.com/books?id=XF_a3cfrcLQC&pg=PA218. 
  19. David Shulman 2014, পৃষ্ঠা. 65.
  20. K. R. Rajagopalan (1957), "Agastya – his non-Aryan Origin", Tamil Culture, Volume VI, Number 4 (Oct. 1957), pages 286-293
  21. 21.0 21.1 21.2 21.3 21.4 21.5 21.6 Iravatham Mahadevan (1986) Agastya Legend and the Indus Civilization by கட்டுரையாளர் : ஐராவதம் மகாதேவன் கட்டுரையாளர் பணி : Retired I.A.S, his studies pertaining to the Indus Civilization கட்டுரைப் பிரிவு : Indus Valley Signs - சிந்துவெளி குறியீடுகள் ஆய்விதழ் எண் : 030 - December 1986 பக்கங்கள் Archived 28 July 2011 at the Wayback Machine pages 29 (see 24-37 for context), Journal of Tamil studies
  22. Arvind Sharma (2011). Hinduism as a Missionary Religion. State University of New York Press. পৃষ্ঠা. 76–77. ISBN 978-1-4384-3211-3. https://books.google.com/books?id=3J7qJA7L4xwC&pg=PA76. 
  23. Lopamudra Mahabharata, translated by Kisari Mohan Ganguli (1883 -1896), Book 3: Vana Parva: Tirtha-yatra Parva: Section XCVII.
  24. Arti Dhand (2009). Woman as Fire, Woman as Sage: Sexual Ideology in the Mahabharata. State University of New York Press. পৃষ্ঠা. 110. ISBN 978-0-7914-7140-1. https://books.google.com/books?id=Kq1JvDXJ5EwC&pg=PA110. 
  25. Laurie Patton 2014, পৃষ্ঠা. 34.
  26. Roshen Dalal 2010, পৃষ্ঠা. 294.
  27. 27.0 27.1 27.2 27.3 Stephanie W. Jamison & Joel P. Brereton 2014, পৃষ্ঠা. 359–360.
  28. Govind Sadashiv Ghurye (1977). Indian Acculturation: Agastya and Skanda. Popular Prakashan. পৃষ্ঠা. 19–20. https://books.google.com/books?id=HLMtAAAAMAAJ. 
  29. Arvind Sharma (2000). Classical Hindu Thought: An Introduction. Oxford University Press. পৃষ্ঠা. 135. ISBN 978-0-19-564441-8. https://books.google.com/books?id=gDmUToaeMJ0C&pg=PA135. 
  30. G.C. Pande (1990). Foundations of Indian Culture, Volume 2. Motilal Banarsidass. পৃষ্ঠা. 184–186. ISBN 978-81-208-0712-9. https://books.google.com/books?id=VMf-isGALqQC&pg=PA184. 
  31. Kamil Zvelebil 1992, পৃষ্ঠা. 239.
  32. Max Muller, Aitareya Aranyaka, The Upanishads: Part I, Oxford University Press, page 170
  33. Laurie Patton 2014, পৃষ্ঠা. 27–30.
  34. 34.0 34.1 34.2 Laurie Patton 1996, পৃষ্ঠা. 413.
  35. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 62. 
  36. William Buck 2000, পৃষ্ঠা. 139–140.
  37. William Buck 2000, পৃষ্ঠা. 140–142.
  38. 38.0 38.1 J. A. B. van Buitenen 1981, পৃষ্ঠা. 409–411.
  39. Alain Daniélou 1991, পৃষ্ঠা. 3317–323.
  40. 40.0 40.1 Laurie Patton 1996, পৃষ্ঠা. 408–414.
  41. Richard S Weiss 2009, পৃষ্ঠা. 50–51, 81–82.
  42. Klaus Klostermaier (2003), A Concise Encyclopedia of Hinduism, Oxford: Oneworld Publications, আই.এচ.বি.এন. 1-85168-175-2, page 17
  43. David Shulman 2016, পৃষ্ঠা. 30–31, 38–40.
  44. Alf Hiltebeitel (2009). Rethinking India's Oral and Classical Epics. University of Chicago Press. পৃষ্ঠা. 463–464. ISBN 978-0-226-34055-5. https://books.google.com/books?id=MMFdosx0PokC&pg=PA464. 
  45. Alf Hiltebeitel 2011, পৃষ্ঠা. 294.
  46. Journal of Tamil Studies, Issues 29-32. International Institute of Tamil Studies. 1986. 
  47. Romila Thapar (1978). Ancient Indian Social History: Some Interpretations. Orient Blackswan. পৃষ্ঠা. 224.