সমললৈ যাওক

ত্ৰিপুৰা কুইন আনাৰস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ত্ৰিপুৰা কুইন আনাৰস
ভৌগোলিক স্বীকৃতি

প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে ত্ৰিপুৰা কুইন আনাৰসক ত্ৰিপুৰাৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰাৰ সময়ত
বৰ্ণনা মিঠা সোৱাদৰ ৰসাল আনাৰস।
প্ৰকাৰ ফল
অঞ্চল ত্ৰিপুৰা
দেশ ভাৰত

ত্ৰিপুৰা কুইন আনাৰস হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা ৰাজ্যত থলুৱাভাৱে উৎপাদিত হোৱা এবিধ আনাৰস। এই ফলবিধ ত্ৰিপুৰাৰ ৰাজ্যিক ফল।[1] ২০১৪ চনৰ ২৫ নৱেম্বৰত ভাৰত চৰকাৰৰ ভৌগোলিক স্বীকৃতি পঞ্জীয়নৰ কাৰ্যালয়ে ত্ৰিপুৰাৰ কুইন আনাৰসক ভৌগোলিক স্বীকৃতি প্ৰদান কৰে।[2]

নিৰ্দিষ্টকৰণ

[সম্পাদনা কৰক]

ত্ৰিপুৰা কুইন আনাৰস ফলবোৰ কাঁইটীয়া, কমলা-হালধীয়া ৰঙৰ আৰু পকা অৱস্থাত সুগন্ধি আৰু সোৱাদ বৃদ্ধি হয়।[3] ফলবোৰৰ আকৃতি অণ্ডাকাৰ আৰু সতেজ অৱস্থাত ফলৰ গড় ওজন ৭৬১ গ্ৰাম। ফলৰ গুড়ি আংশৰ ৰং হালধীয়া। এটা ফলৰ মুঠ ১০০% ভিতৰত খাব পৰা মঙহাল অংশ ৮১.৪% আৰু ছাল ১৩.৯%। ত্ৰিপুৰা কুইন আনাৰসৰ ৰসৰ পৰিমাণ ২৩.৬৮%।[2]

গঠনমূলক-ৰাসায়নিক বৈশিষ্ট্য

[সম্পাদনা কৰক]
পুষ্টিৰ পৰিমাণ
প্ৰাচলপৰিমাণবিভিন্ন জাতত পৰিৱৰ্তনশীলতা
টিএচএচ (°ব্ৰিক্স)১৭.২১৫.৭
অম্লতা (গ্ৰাম/১০০ মিলিলিটাৰ)০.৭৬১৬০.৫-১.৫০
এস্কৰবিক এচিড (মিলিগ্ৰাম /১০০ গ্ৰাম)২৯.৪২৭.৪-৩৯.০
মুঠ চেনি %১০.১১০.৮
আদ্ৰতা %৮১.৪৬৮৭.৮
কেলচিয়াম০.৫৩মিলিগ্ৰাম/মিলিলিটাৰ২০মিলিগ্ৰাম/১০০গ্ৰাম
ছডিয়াম০.১১মিলিগ্ৰাম/মিলিলিটাৰ-
পটাছিয়াম১.৫৬মিলিগ্ৰাম/মিলিলিটাৰ১.৩৪মিলিগ্ৰাম/মিলিলিটাৰ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]