সমললৈ যাওক

জয়নগৰৰ মোৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয়নগৰৰ মোৱা
জয়নগৰেৰ মোয়া

কলকাতাৰ এখন বিখ্যাত দোকানৰ "জয়নগৰৰ মোৱা"
অঞ্চল জয়নগৰ, পশ্চিমবঙ্গ
উদ্ভাৱক পূৰ্ণ চন্দ্ৰ ঘোষ আৰু নিত্য গোপাল চৰকাৰ[উদ্ধৃতিৰ প্ৰয়োজন]
পৰিবেশনৰ উষ্ণতা সাধাৰণ উষ্ণতা (Room temperature)
মুখ্য উপাদান খেজুৰৰ গুড়, আখৈ
আন তথ্য 8509358475/9635287696

জয়নগৰৰ মোৱা (বঙালী: জয়নগৰেৰ মোয়া) এবিধ খেজুৰৰ গুড় আৰু আখৈৰে তৈয়াৰ কৰা বাঙালী মিঠাই। এইপ্ৰকাৰৰ "মোৱা" প্ৰথমে পশ্চিমবঙ্গৰ জয়নগৰত তৈয়াৰ কৰা হৈছিল। কলকাতাৰ লগতে আন ঠাইসমূহতো সমানে জনপ্ৰিয় মিঠাইবিধ কেতিয়াবা সস্তীয়া সামগ্ৰী আৰু ৰাসায়নিক গোন্ধৰে তৈয়াৰ কৰা হয়।[1]

পৰিচয় আৰু সামগ্ৰীসমূহ

[সম্পাদনা কৰক]

বহুতো সামগ্ৰী ব্যৱহাৰ কৰি "জয়নগৰৰ মোৱা" তৈয়াৰ কৰা হয়। সেইবোৰ হল নলেন গুড় (খেজুৰৰ গুড়), কণকচুৰ আখৈ (এবিধ সুগন্ধিত চাউলৰ আখৈ), দেশী ঘিউ, ইলাচি, আৰু পষ্ট' দানা। নলেন গুড় আৰু কণকচূড় ঘাইকৈ শীতকালৰ সামগ্ৰী হোৱাৰ বাবে "জয়নগৰৰ মোৱা" শীতকালত উপলব্ধ হয়।[1] সাধাৰণ মোৱাবিধ মুৰি আৰু গুড়েৰে তৈয়াৰ কৰা কুৰকুৰীয়া লাৰু। এইবিধ মোৱা গোটেই বছৰধৰি তৈয়াৰ কৰা হয় আনকি সৰু সৰু প্লাষ্টিকৰ পেকেটত দোকানত পোৱা যায়।

জয়নগৰ আচল সামগ্ৰীৰে তৈয়াৰ কৰা "জয়নগৰৰ মোৱা"ৰ ১৫০খনতকৈ বেছি মিঠাইৰ দোকান আছে। ১৯২৯ চনত স্থাপন হোৱা "শ্ৰীকৃষ্ণ মিষ্টান্ন ভাণ্ডাৰ" এই মোৱা তৈয়াৰ কৰা এখন পুৰণি দোকান। এই মোৱায়ে ভাৰতৰ "ভৌগোলিক পৰিচায়ক"ৰ মৰ্যাদা লাভ কৰিছে।[2][3]

প্ৰত্যাহ্বান

[সম্পাদনা কৰক]

বৰ্তমান সময়ত "জয়নগৰৰ মোৱা"ৰ জনপ্ৰিয়তা আৰু প্ৰচুৰ চাহিদাৰ বাবে গোটেই পশ্চিমবঙ্গ, বিশেষকৈ কলকাতাত সস্তীয়া সামগ্ৰী আৰু ৰাসায়নিক সুগন্ধিৰে বৃহৎ পৰিমাণৰ মোৱা তৈয়াৰ কৰি "জয়নগৰৰ মোৱা"ৰ নামত বাণিজ্যিকীকৰণ কৰা হৈছে। ইয়াৰ ফলত "জয়নগৰৰ মোৱা" প্ৰস্তুতকৰ্তাসকল লোকচানৰ সন্মুখীন হৈছে। তেওঁলোকে দাবী কৰিছে যে সস্তীয়া সামগ্ৰীৰে প্ৰস্তুত কৰা মোৱা খাঁটি নহয়, যিহেতু "জয়নগৰৰ মোৱা" কেৱল কণকচুৰৰ আখৈ আৰু খেজুৰৰ গুড়েৰে তৈয়াৰ কৰা উচিত। এই দুইবিধ সামগ্ৰীৰ উপস্থিতিৰ উপৰি এই মোৱা কেৱল জয়নগৰত উৎপাদন কৰিলে হে খাঁটি মোৱা হ’ব বুলি প্ৰস্তুতকৰ্তাসকলে কৈছে।[2]

আজি কালি খেজুৰ গছৰ সংখ্যা কমাৰ বাবে খেজুৰৰ গুড়ৰ উপলব্ধতা কমি গৈছে আৰু পাৰম্পাৰিক পদ্ধতিৰে নলেণ গুড় তৈয়াৰ কৰা শিউলীসকলে আন বৃত্তিত যোগ দিছে। সেইদৰে কণকচুৰ চাউল এক স্থানীয় প্ৰজাতি আৰু কেৱল সাৰ নিদিয়া পাৰম্পাৰিক পদ্ধতিৰে শীতকালত হে খেতি কৰিব পাৰি।[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]