আৰানমুলা কান্নাড়ি
| আৰানমুলা কান্নাড়ি | |
|---|---|
| ভৌগোলিক স্বীকৃতি | |
| বিকল্প নাম | আৰানমুলা দাপোন |
| বৰ্ণনা | হস্তজাত ধাতৱ দাপোন |
| প্ৰকাৰ | হস্তশিল্প |
| অঞ্চল | আৰানমুলা, কেৰালা |
| দেশ | ভাৰত |
| উপাদান | দাপোন |
| ৱেৱছাইট | aranmulakannadi |
আৰানমুলা কান্নাড়ি (মালয়ালম: ആറന്മുളക്കണ്ണാടി, মানে Aranmula mirror বা আৰানমুলা দাপোন) হল এক প্ৰকাৰৰ হস্তজাত ধাতৱ দাপোন। এই দাপোন কেৱল ভাৰতৰ কেৰালা ৰাজ্যৰ আৰানমুলা গাৱত তৈয়াৰ কৰা হয়।
বিৱৰণ
[সম্পাদনা কৰক]এই দাপোনৰ সন্মুখৰ তল স্বচ্ছ আৰু পিছফালৰ তলত ধাতুৰে নিৰ্মিত আৰু এখন দাপোন থাকে। এই দাপোন প্ৰস্তুত কৰা শিল্পীসকলক বিশ্বকৰ্মা বোলে। আৰানমুলা কান্নাড়িৰ নিৰ্মাণ কাৰ্য্যত ব্যৱহাৰ হোৱা উপাদানসমূহৰ বিষয়ে কেৱল বিশ্বকৰ্মাসকলে জানে। কাৰণ ইয়াৰ প্ৰস্তুত প্ৰণালী পাৰিবাৰিক গোপনীয়তা হিচাপে পৰিয়ালত চলি আহিছে। ধাতুবিজ্ঞানৰ বিশেষজ্ঞসকলৰ মতে এই দাপোনত টিন আৰু তাম ব্যৱহাৰ কৰা হয়।[1] টিন আৰু তামৰ সঠিক মিশ্ৰণৰ মাধ্যমত এই আয়না তৈয়াৰ কৰা হয়। ইয়াৰ পিছত যেতিয়ালৈকে দাপোনত স্বচ্ছ প্ৰতিবিম্ব গঠন নহয় তেতিয়ালৈকে আৰানমুলা কান্নাড়িক পলিচ কৰা হয়।
ব্যৱহাৰ
[সম্পাদনা কৰক]
সাধাৰণ দাপোন হিচাপে আৰানমুলা কান্নাড়িক ব্যৱহাৰ কৰা হয়। কইনাৰ বিদায় সময়ত বিভিন্ন উপকৰণৰ লগত এই দাপোনো দিয়া হয়। কেৰালাৰ এই ধাতৱ দাপোন ঐতিহ্যৰ ইতিহাস বহন কৰিছে আৰু এই আয়নাক সৌভাগ্যৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়[1]। সেয়ে যুগ যুগ ধৰি এই আয়না ধৰ্মীয় ঐতিহ্যৰ এটি অংশ হৈ পৰিছে। লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত এখন ৪৫ ছেন্টিমিটাৰ ব্যাসাৰ্দ্ধৰ আৰানমুলা কান্নাড়ি আছে।[1]
ভৌগোলিক অস্তিত্ব
[সম্পাদনা কৰক]এই দাপোনে ভাৰতৰ ভৌগোলিক অস্তিত্বৰ ইংগিত বহন কৰে। সেইবাবে এই আয়না ২০০৪-০৫ চনত ভাৰত চৰকাৰৰ দ্বাৰা ভৌগোলিক ইংগিত হিচাপে স্বীকৃতি পায়।[2]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- aranmulakannadi.org
- aranmulamirror.com Archived 2019-06-07 at the Wayback Machine
- Explore Rural India[সংযোগবিহীন উৎস]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- 1 2 3 "Aranmula mirrors". The Hindu (Kollam, India). 2012-07-13. http://www.thehindu.com/todays-paper/tp-national/tp-kerala/article3634151.ece?textsize=small&test=2.
- ↑ "STATE WISE REGISTRATI ON DETAILS OF G.I APPLICATIONS". প্ৰকাশক India. 2004-05. http://ipindia.nic.in/girindia/। আহৰণ কৰা হৈছে: 13 June 2013.