ভাৰতৰ সংস্কৃতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতৰ সংস্কৃতি (ইংৰাজী:  Culture of India) হৈছে ভাৰতবাসীৰ জীৱন ধাৰন প্ৰক্ৰিয়া। ভাৰতৰ ভাষা, ধৰ্ম, নৃত্য, সংগীত, স্থাপত্য, সাজ-পাৰ, আৰু খাদ্যভাস দেশখনৰ বিভিন্ন অঞ্চলত বিভিন্ন প্ৰকাৰৰ দেখা পোৱা যায়। প্ৰায়ে ভাৰতীয় সংস্কৃতিত বিভিন্নতা পৰিলক্ষিত হয় যদিও, সমগ্ৰ ভাৰত উপমহাদেশজুৰি প্ৰসাৰিত এই সাংস্কৃতিক সমন্বয়ক ইয়াৰ সহস্ৰাধিক বছৰীয়া পুৰণি ইতিহাসৰ দ্বাৰা প্ৰভাৱিত কৰিছে।[1][2] ভাৰতীয় ধৰ্ম, ভাৰতীয় দৰ্শন আৰু ভাৰতীয় খাদ্যৰ দৰে ভাৰতৰ সংস্কৃতিৰ বহু ভিন্ন উপাদানে সমগ্ৰ বিশ্বক সদায়ে আকৰ্ষিত কৰি আহিছে।

সংস্কৃতি[সম্পাদনা কৰক]

ভাৰত হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতা।[3] ভাৰতৰ সংস্কৃতিক বহুতো ভিন্ন প্ৰকাৰৰ সংস্কৃতিৰ সমন্বয়ত গঢ়ি উঠা এক মিশ্ৰ সংস্কৃতি বুলি কোৱা হয়। ভাৰতৰ ইতিহাসৰ পৰা এই সংস্কৃতিত গভীৰভাৱে ধাৰ্মিক প্ৰভাৱ পৰা পৰিলক্ষিত হয়।[4] দৰ্শন, সাহিত্য, স্থাপত্য, কলা আৰু সংগীতে ইয়াক সমৃদ্ধ কৰিছে।[5] ভাৰতীয় উপমহাদেশৰ পৰিধিৰ উৰ্ধত ভাৰতীয সংস্কৃতিত এক বৃহত্তৰ ভাৰতৰ আভাস পোৱা যায়। এয়া বিশেষভাৱে সাধাৰণ যুগৰ আৰম্ভনি শতিকাসমূহত চিল্ক ৰোডৰ মাধ্যমেদি ভ্ৰমনকাৰী আৰু সেই সময়ৰ ব্যৱসায়ীসকলৰ দ্বাৰা ভাৰতৰ পৰা এছিয়াৰ অন্য স্থানলৈ হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, স্থাপত্য, প্ৰশাসন আৰু লিখন পদ্ধতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সৈতে জড়িত।[6][7] পশ্চিম দিশত, বৃহত্তৰ ভাৰত হিন্দু কুশ আৰু পামিৰ মালভূমিবৃহত্তৰ পাৰ্ছিয়াৰ সৈতে সন্মিলিত হৈ আছিল।[8] মধ্যযুগত ইছলামে ভাৰতীয় সাংস্কৃতিক ঐতিহ্য গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[9] ভাৰতত শতিকা শতিকা ধৰি মুছলমানসকলৰ সৈতে হিন্দু, জৈন আৰু শিখসকলৰ এক উল্লেখনীয় সমন্বয় পৰিলক্ষিত হৈ আহিছে।[10][11]

ধৰ্ম[সম্পাদনা কৰক]

লাডাখ, ভাৰতৰ এটা বৌদ্ধ মঠত থকা বুদ্ধদেৱৰ মুৰ্তিৰ নিচেই কাষৰ পৰা লোৱা চিত্ৰ। হিন্দু অৰু বৌদ্ধ ধৰ্মৰ দৰে ভাৰতীয় ধৰ্মবোৰ ভাৰতৰ থলুৱা ধৰ্ম।[12]

ভাৰত হৈছে সামগ্ৰিকভাৱে ভাৰতীয় ধৰ্ম বুলি জনাজাত হিন্দু, বৌদ্ধ, জৈন আৰু শিখ ধৰ্মৰ জন্মস্থান।[13] আব্ৰাহামিক ধৰ্মৰ সৈতে ভাৰতীয় ধৰ্ম হৈছে বিশ্বৰ ধৰ্মসমূহৰ মূল উপাদান। বৰ্তমান সৰ্বমুঠ ২০০ কোটি অনুগামীৰ সৈতে ক্ৰমে হিন্দু আৰু বৌদ্ধ ধৰ্ম হৈছে পৃথিৱীৰ তৃতীয় আৰু চতুৰ্থ বৃহৎ ধৰ্ম,[14][15][16] আৰু সম্ভবতঃ ২৫০ বা ২৬০ কোটিতকৈও অধিক অনুগামী আছে।[14][17]

কিছুমান অতি ধাৰ্মিক সমাজ তথা সংস্কৃতিৰ সৈতে ভাৰত হৈছে বিশ্বৰ এখন ধাৰ্মিক বিভিন্নতা থকা ৰাষ্ট্ৰ। ইয়াৰ বহুতো লোকৰ জীৱনত ধৰ্মই কেন্দ্ৰিয় আৰু সুনিৰ্দিষ্ট প্ৰভাৱ পেলায়।

২০১১ চনৰ লোকপিয়ল মতে, ভাৰতৰ ৮০% লোক হিন্দু। অন্য ধৰ্মৰসমূহৰ পৰিসংখ্যা হৈছে: ইছলাম (১৪.২%), খ্ৰীষ্টান (২.৩%), শিখ (১.৭%), বৌদ্ধ (০.৭%) আৰু জৈন (০.৪%)।[18] ভাৰতত সৰণা ধৰ্মৰ দৰে বহুতো জনজাতীয় ধৰ্মৰ লোকো আছে, অবশ্যে এনে ধৰ্মসমূহৰ ওপৰত হিন্ধু, বৌদ্ধ, খ্ৰীষ্টান আদি প্ৰধান ধৰ্মসমুহৰ প্ৰভাৱ পৰিলক্ষিত হয়।[19] জৈন ধৰ্ম, জৰাষ্ট্ৰিয়াবাদ, ইহুদী ধৰ্ম, আৰু বাহাই ধৰ্মৰো কিছু প্ৰভাৱ পৰিলক্ষিত হয়।[19] সকলো কথাৰ নিজেই কাৰণ বুলি বিশ্বাস কৰা নাষ্টিকতা আৰু অজ্ঞেয়বাদৰ প্ৰভাৱো ভাৰতত দেখা পোৱা যায়।[19]

নৃত্য[সম্পাদনা কৰক]

নাট আৰু নৃত্যক (নাট্য, नाट्य) পঞ্চম বৈদিক সাহিত্য বুলি ধৰা হয়। কোনো মহাকাব্যিক কাহিনীৰ সৈতে সংযোজন কৰি, অৱয়ব, সম্পদ, আনন্দ আৰু আধ্যাত্মিক স্বাধীনতা প্ৰদানেৰে, ই প্ৰত্যেক সাহিত্যৰ গুৰুত্ব বহন কৰে, আৰু প্ৰতিটো কলাক গতিশীলতা প্ৰদান কৰে।

নাট্যশাস্ত্ৰৰ প্ৰথম খণ্ড, ২০০ খ্ৰীষ্টপূৰ্ৱ - ২০০ খ্ৰীষ্টাব্দৰ মাজৰ কোনো কালৰ[20][21]

সত্ৰীয়া নৃত্যাংগনা কৃষ্ণাক্ষী কাশ্যপ, পাৰম্পৰিক সত্ৰীয়া নৃত্যৰ ভংগীমাত। তেখেতে অসম পাট ৰেচমৰ পৰা তৈয়াৰী সাজ-পাৰ আৰু অসমৰ পাৰম্পৰিক অলংকাৰ: কপালত কপালি, মুঠি খাৰু, ঠুকা ছুনা (কাণফুলি) আৰু গলপটা, ধোলবিৰি, জেঠীপটা আৰু বেনা (ডিঙিৰ হাৰ) পৰিধান কৰি আছে।

ভাৰতত নৃত্যকলাৰ এক দীঘলীয়া ইতিহাস আছে। নাট্যশাস্ত্ৰ (নৃত্যৰ বিজ্ঞান) আৰু অভিন্ন দৰ্পন হৈছে নৃত্যৰ বিষয়ে লিখিত প্ৰায় ১৭০০ ৰ পৰা ২২০০ বছৰ পুৰণি দুখন সংস্কৃত সাহিত্য।[21]

এই পুৰণি পুথিসমূহে শিকোৱা ভাৰতীয় নৃত্য কলা সম্পৰ্কত ৰাগিনী দেৱীয়ে কৈছে যে, নৃত্য হৈছে ব্যক্তিৰ অন্তঃ সৌন্দৰ্য আৰু দেৱত্বৰ প্ৰকাশ।[22] ই এক প্ৰকাৰৰ সমৰ্পিত কলা, সুবিধাৰ বাবে একো বাকী নেৰাখে, প্ৰতিটো মুদ্ৰাই ধাৰণা প্ৰকাশ কৰে, প্ৰতিটো ভংগীমাত আবেগ জড়িত থাকে।

ভাৰতীয় নৃত্য বুলিলে আঠ প্ৰকাৰৰ ধ্ৰুপদী নৃত্যক বুজা যায়। বেছিভাগেই হৈছে কিংবদন্তী উপাদানৰ বৰ্ণনামূলক ৰূপ। ভাৰতৰ সংগীত, নৃত্য আৰু নাটকৰ ৰাষ্ট্ৰীয় একাডেমিয়ে ধ্ৰুপদী নৃত্যৰ মৰ্যদ্যা প্ৰদান কৰা ভাৰতৰ আঠ প্ৰকাৰৰ নৃত্য হৈছে: তামিলনাডুভাৰতনাট্যম, উত্তৰ প্ৰদেশকথক, কেৰেলাকথকলি আৰু মোহিনিয়াট্টম, অন্ধ্ৰ প্ৰদেশকুচিপুড়ী, কৰ্ণাটকয়ক্ষগানা, মণিপুৰমণিপুৰী, উৰিষ্যাউড়িষ্যী (উৰিষ্যী) আৰু অসমসত্ৰীয়া[23][24]

এই ধ্ৰুপদী নৃত্য-কলাসমূহৰ ওপৰিও ভাৰতত বহুধৰণৰ লোক নৃত্যও আছে। এনে কিছুমান লোক নৃত্য হৈছে পঞ্জাবভাংৰা; অসমবিহু; নাগালেণ্ডজেলিয়াং; ঝাৰখণ্ড আৰু বংগৰ চাঊ; উৰিষ্যাঘুমুৰা নৃত্য, গতিপোৱা, মাহাৰি নৃত্য আৰু ডালখাই; উত্তৰ প্ৰদেশকুৱালিছ বিৰ্হাছ আৰু চাৰ্কুলাছ; বিহাৰজাত-জাতিন আৰু ছাতুৰী; ৰাজস্থানঘুমাৰ; গুজৰাটদাণ্ডিয়া আৰু গাৰ্বা; অন্ধ্ৰ প্ৰদেশকলাট্টাম; কৰ্ণাটকয়ক্ষগানা; মহাৰাষ্ট্ৰলাৱানি গোৱাদেখান্নী আদি। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় নৃত্যৰ লগত খাপখোৱা নৃত্যৰ প্ৰকাৰো ভাৰতত বিশেষকৈ চহৰাঞ্চলত দেখা পোৱা যায় আৰু কেৰেলাৰ খ্ৰীষ্টিয়ান সমাজে ধ্ৰুপদী নৃত্যত বাইবেলৰ কাহিনী বৰ্ণনা কৰা নৃত্যৰো সংযোজন কৰিছে।[25]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. John Keay (2011), India: A History, 2nd Ed - Revised and Updated, Grove Press / Harper Collins, ISBN 978-0-8021-4558-1, see Introduction and Chapters 3 through 11
  2. Mohammada, Malika (2007), The foundations of the composite culture in India, Aakar Books, ISBN 81-89833-18-9
  3. Kenoyer, Jonathan Mark; Heuston, Kimberley (May 2005). The Ancient South Asian World. Oxford University Press. ISBN 0-19-517422-4. OCLC 56413341. http://www.oup.com/us/catalog/general/subject/HistoryWorld/Ancient/Other/~~/dmlldz11c2EmY2k9OTc4MDE5NTE3NDIyOQ==. 
  4. Nikki Stafford Finding Lost, ECW Press, 2006 ISBN 1-55022-743-2 p. 174
  5. "1". Cultural History of India. New Age International Limited Publications. 2005. পৃষ্ঠা. 3. ISBN 81-224-1587-3. https://books.google.co.in/books?id=nzpYb5UOeiwC&printsec=frontcover#v=onepage&q&f=false. 
  6. Southeast Asia: A Historical Encyclopedia, from Angkor Wat to East Timor, by Keat Gin Ooi p.642
  7. Hindu-Buddhist Architecture in Southeast Asia by Daigorō Chihara p.226
  8. Lange, Christian. Justice, Punishment and the Medieval Muslim Imagination. Cambridge Studies in Islamic Civilization. Cambridge University Press. ISBN 978-0-521-88782-3. http://www.cambridge.org/uk/catalogue/catalogue.asp?isbn=978-0-521-88782-3&ss=exc.  Lange: Greater Persia (including Khwārazm, Transoxania, and Afghanistan)."
  9. Sharma, Usha. Cultural and Religious Heritage of India: Islam. Mittal Publications, 2004. ISBN 81-7099-960-X. ISBN 978-81-7099-960-7. 
  10. E. Dunn, Ross. The adventures of Ibn Battuta, a Muslim traveller of the fourteenth century. University of California Press, 1986. ISBN 0-520-05771-6. ISBN 978-0-520-05771-5. 
  11. Tharoor, Shashi. India: From Midnight to the Millennium and Beyond. Arcade Publishing, 2006. ISBN 1-55970-803-4. ISBN 978-1-55970-803-6. 
  12. Mark Kobayashi-Hillary Outsourcing to India, Springer, 2004 ISBN 3-540-20855-0 p. 8.
  13. Nikki Stafford (2006). Finding Lost: The Unofficial Guide. ECW Press. পৃষ্ঠা. 174. ISBN 978-1-55490-276-7. https://books.google.com/books?id=waVCqzL8b4kC&dq=ISBN+1-55022-743-2&source=gbs_navlinks_s। আহৰণ কৰা হৈছে: 5 December 2013. 
  14. 14.0 14.1 "45". What Is Hinduism?Modern Adventures Into a Profound Global Faith. Himalayan Academy Publications. 2007. পৃষ্ঠা. 359. ISBN 1-934145-00-9. https://books.google.com/?id=9XC9bwMMPcwC&pg=PA359&lpg=PA359&dq=hinduism+one+billion&q=hinduism%20one%20billion. 
  15. "Non Resident Nepali – Speeches". Nrn.org.np. http://www.nrn.org.np/speeches/rmshakya.html। আহৰণ কৰা হৈছে: 1 August 2010. 
  16. "BBCVietnamese.com". Bbc.co.uk. http://www.bbc.co.uk/vietnamese/forum/story/2008/03/080323_tibet_analysis.shtml। আহৰণ কৰা হৈছে: 1 August 2010. 
  17. "Religions of the world: numbers of adherents; growth rates". Religioustolerance.org. http://www.religioustolerance.org/worldrel.htm। আহৰণ কৰা হৈছে: 1 August 2010. 
  18. "India has 79.8% Hindus, 14.2% Muslims, says 2011 census data on religion". First Post. August 26, 2015. http://www.firstpost.com/india/india-has-79-8-percent-hindus-14-2-percent-muslims-2011-census-data-on-religion-2407708.html। আহৰণ কৰা হৈছে: 2015-09-22. 
  19. 19.0 19.1 19.2 Clothey, Fred (2006). Religion in India : a historical introduction. প্ৰকাশক London New York: Routledge. ISBN 978-0-415-94024-5. 
  20. "Natyashastra". Sanskrit Documents. http://sanskritdocuments.org/all_pdf/natya01.pdf. 
  21. 21.0 21.1 Coormaraswamy and Duggirala (1917). "The Mirror of Gesture". Harvard University Press. p. 4. https://archive.org/stream/cu31924012568535#page/n5/mode/2up. 
  22. Ragini Devi (2002). Dance Dialects of India. Motilal. ISBN 978-81-208-0674-0. 
  23. "South Asian arts: Techniques and Types of Classical Dance"
  24. "Indian Dance Videos: Bharatanatyam, Kathak, Bhangra, Garba, Bollywood and various folk dances"
  25. "India - Kalai Kaviri and Christu Dance Centre". International Christian Dance Fellowship. 2010. http://www.icdf.com/redeeming-our-culture-pg3.php.