নক্সাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ভাৰতৰ নক্সাল অধ্যুষিত অঞ্চল: ২০০৭ (বাঁওফাল) আৰু ২০১৩ (সোঁফাল)

নক্সাল আন্দোলন, এটি কমিউনিষ্ট আন্দোলনৰ নাম। বিংশ শতাব্দীৰ সপ্তম দশকত পশ্চিমবঙ্গৰ নক্সালবাৰী পৰা আৰম্ভ় হয় লাহে লাহে ভাৰতছত্তীছগঢ় (তদানীন্তন মধ্য প্ৰদেশ) আৰু অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন অঞ্চলত বিয়পি পৰে। ক্ৰমে এইটো এটি সন্ত্ৰাসবাদী আন্দোলনৰ ৰূপ লৈছিল।[1] নক্সাল বা নক্সালবাদী কলে উগ্ৰ বামপন্থী দলবোৰক বুজোৱা় হয়। এই দলৰ জন্ম হৈছিল চিন-ছোভিয়েত (Sino-Soviet split) ভাঙনৰ সময়ত। মতাদৰ্শগত ভাবে এওঁলোক মাও জেদংৰ পদাঙ্ক অনুসৰণকাৰী। নক্সাল আন্দোলন আৰম্ভ হৈছিল ভাৰতৰ পশ্চিমবঙ্গত। লাহে লাহে ভাৰতৰ অনুন্নত অঞ্চলসমূহত যেনে: ছত্তীছগঢ়, অন্ধ্ৰপ্ৰদেশ ইত্যাদি ৰাজ্যৰ প্ৰান্তিক এলাকাসমূহত বিয়পি পৰে। এওঁলোক মাৰ্ক্সবাদী তথা লেনিনবাদত বিশ্বাসী এওঁলোক ২০০৪ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাওবাদী) নামৰ দল প্ৰতিষ্ঠা কৰে আৰু নিজৰ কাৰ্যকলাপ প্ৰসাৰিত কৰে।

ভাৰতৰ প্ৰায় ৪০% অঞ্চলত তেওঁলোকৰ কাৰ্যক্ৰম বাঢ়িব ধৰে, বিশেষ কৰি "ৰেড কৰিডোৰ' অঞ্চলত প্ৰায় ৯২,০০০ বর্গ কিলোমিটাৰ এলাকা জুৰি তেওঁলোকৰ তৎপৰতা চলিব ধৰে। ভাৰতৰ চৰকাৰী চোৰাংচোৱা সংস্থা ৰিছাৰ্চ এণ্ড এনালাইছিছ ৱিং (RAW)-ৰ অনুসৰি প্ৰায় ২০,০০০ মাওবাদী সক্রিয় ভাবে কাৰ্যক্ৰমত যুক্ত আছে। তেওঁলোকৰ ক্ৰমবৰ্ধমান প্ৰভাবত শঙ্কিত হয় তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে কৈছিল যে মাওবাদী ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বিৰুদ্ধে অত্যন্ত বিপদজনক।

পৰিসংখ্যা[সম্পাদনা কৰক]

২০০৬ চনত ভাৰতীয় চোৰাংচোৱা সংস্থা ৰিছাৰ্চ এণ্ড এনালাইছিছ ৱিঙে প্ৰকাশ কৰিলে যে ৫০০০০ স্থায়ী কেডাৰৰ ওপৰিও ২০০০০ সশস্ত্ৰ কেডাৰ নক্সাল কৰ্মৰত।[2] প্ৰধান মন্ত্ৰী মনমোহন সিঙে নক্সালক ভাৰতৰ সৰ্ববৃহৎ আন্তৰিক ভাবুকি ঘোষণা কৰিলে।[3] নক্সাল আৰু আন চৰকাৰ বিৰোধী সশস্ত্ৰ গোটতসমূহক প্ৰায় 'আল্ট্ৰাজ' আখ্যা দিয়া হয়।[4] চিপিআই (মাওবাদী) আৰু কিছু নক্সালপন্থী দলক ভাৰত চৰকাৰে সন্ত্ৰাসবাদী সংগঠন হিচাপে বিবেচনা কৰে। ২০০৯ চনৰ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰে নক্সালবাদী নিৰ্মূলৰ বাবে চৰকাৰৰ পৰিকল্পনা ঘোষণা কৰে। উগ্রবামপন্থী আক্ৰান্ত অঞ্চল ছত্তিছগড়়, উড়িষ্যা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, বিহাৰ, উত্তৰপ্ৰদেশ আৰু পশ্চিমবঙ্গত, সিহঁতৰ পলায়নৰ সকলো ৰাস্তা বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছিল।

ইতিহাস[সম্পাদনা কৰক]

নক্সাল শব্দটি আহিছে ভাৰতৰ পশ্চিমবঙ্গৰ এখন সৰু গাওঁ ’’’নকশালবাড়িৰ’’’ পৰা। ইয়াতে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)-ৰ একাংশই ১৯৬৭ চনত সিঁহতৰ নেতৃবৃন্দৰ বিৰোধিতা কৰি ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী) এটি পৃথক উগ্ৰ বামপন্থী দল গঠন কৰে। এই বিপ্লবী দলৰ নেতৃত্বে দিছিল চাৰু মজুমদাৰ আৰু কানু স্যানাল। এই বিদ্ৰোহৰ সূচনা হৈছিল ১৯৬৭ চনৰ ২৫ মে তাৰিখে। তেতিয়া নকশালবাড়ি গাওঁৰ কৃষকৰ উপৰত স্থানীয়় ভূস্বামীৰ ভাৰাতীয়া গুণ্ডাৰ সহায়ত অত্যাচাৰ কৰিছিল। তেতিয়া এই কৃষকে ভূ-স্বামী সকলোক তাৰপৰা উৎখাত কৰে।

নক্সালবাৰী' গাঁৱৰ পৰা আৰম্ভ হোৱা এই আন্দোলনক নক্সালীষ্ট বা মাওইষ্ট বুলি কোৱা হয়। নক্সালবাৰী' গাঁৱত আছলতে হৈছিল কি?

উচ্চবৰ্ণ হিন্দুৰ হাতত আগতে মাটিৰ মালিকী চৰ্ত আছিল। উচ্চবৰ্ণ হিন্দুই নাঙল ধৰিব নাপাই এই আছিল আগৰ সমাজ ব্যৱস্থা। সেইবাবে উচ্চবৰ্ণ হিন্দুৰ মাটিত নিম্ন বৰ্ণ হিন্দুক খেতি কৰিব দিছিল ৯০-১০ অংশ হিচাপে। ৯০ শতাংশ উচ্চবৰ্ণ হিন্দুৰ বাবে ১০ শতাংশ নিম্ন বৰ্ণ শ্ৰেণীৰ বাবে, খায়ে থায়ে তাৰে কিছু সংখ্যক মুছলমান লোকো আছিল। আগতে উচ্চবৰ্ণ হিন্দু সকলে নিজকে ভু-স্বামী কৈছিল। ভু মানে মাটি স্বামী মানে গৰাকী।

১৯৬৭ চনত পশ্চিমবঙ্গত দুৰ্ভিক্ষই দেখা দিয়ে কিন্তু মালিক গোষ্ঠীৰ তাগিদাত কৃষক সকলে অতিষ্ঠ হয়। তাৰে ফল হিচাপে নক্সালবাৰী' গাঁৱৰ কৃষক সকলে আন্দোলন আৰম্ভ কৰে। আন্দোলনৰ নাম আছিল “”মাটি খেতিয়কৰ”” অসমতো এই আন্দোলনৰ আংশিক প্ৰভাব দেখা দিয়ে, “”নাঙল যাৰ মাটি তাৰ””। এই আন্দোলনৰ প্ৰথমতো বিক্ষিপ্ত ঘটনা সংঘটিত হয় বেঙ্গাই জ্যোতি গাৱত ২৫মে ১৯৬৭ চনত। এই দিনাই আৰক্ষীৰ গুলিত ৯ জন খেতিয়ক আৰু দুজন শিশুৰ মৃত্যু হয় আৰু কেইবাজন আহত হয়। সেইসময়ত 'নক্সালবাৰী' গাঁৱৰ অকলে এই দৃশ্য নাছিল ভাৰতৰ প্ৰায় সকলো দুখীয়া নিম্ন শ্ৰেণী খেতিয়কৰ জীৱন একে আছিল। এই আন্দোলনৰ ফলত ভাৰত চৰকাৰে চিলিঙ আইন প্ৰবৰ্তন কৰে।

১৯৬৬ চনত নক্সালবাদী আন্দোলনৰ প্ৰথম বুনিয়াদ ৰখা হয়, ১৯৬৫-৬৬ চনত চিলিগুৰি সংগঠনৰ [নতুন কৈ গঠিত চি পি আই (এম)] চক্ৰলেখন পদ্ধতিৰে লিখিত তেওঁলোকৰ প্ৰচাৰ পত্ৰিকাৰ দ্বাৰা সশস্ত্ৰ সংগ্ৰামৰ আহ্বান কৰে। এই লিফলেট এটা আহ্বান দিছিল ছয় মাহৰ ভিতৰত সেই অঞ্চলৰ দলীয় যুদ্ধ-বিগ্ৰহ আৰম্ভ কৰাৰ বাবে। ১৯৬৬ চনত সৰ্বত্ৰ বিপ্লবীসকলে শিলিগুড়ি মহকুমাৰ প্ৰতিটি অংশত কৃষক কোষ কৰে, তীৰ ধনু আৰু কিছুসংখ্যক ৰাইফল সংগ্ৰহ কৰে আৰু নেপালৰ সক্রিয়় মাওবাদীৰ লগত যোগাযোগ প্ৰতিষ্ঠা কৰে, যি মাত্ৰ কেই মাইল মান দূৰত্বত। ১৯৬৬ চনৰ শেষৰ ফালে বিপ্লবী কৃষাণ সভা শিলিগুড়ি আয়োজন কৰা হয়। 3 মাৰ্চ, ১৯৬৭ চনত সংগ্ৰামৰ বীজ অঙ্কুৰিত হব আৰম্ভ কৰে। কৃষকৰ এটা দলে নকশালবাড়ি অঞ্চলত ব্যাপী পৰে আৰু লাল পতাকা দি মাটিৰ সীমা চিহ্নিত কৰে, আৰু খেতি কৰিবলৈ আৰম্ভ কৰে। ১৮ মাৰ্চৰ সন্মিলনত কৃষকৰ অভ্যুত্থানৰ সংকেত আছিল, এই সন্মিলনে চৰি মাহ ধৰি গতেই অঞ্চলক গ্ৰাস কৰিছিল। পশ্চিমবঙ্গৰ ইউ এফ চৰকাৰে এই আন্দোলনক নিয়ন্ত্ৰণ আৰু নিৰস্ত্ৰ কৰিবলৈ ভূমিসংস্কাৰ ঘোষণা কৰে। বিপ্লবী কৃষক সকলে সংশোধনবাদী শাসকক উত্তৰ দিলে যে কৃষক সমিতি পাতি ভূস্বামীৰ মাটি বোৰ সমিতিৰ মাজত ভগাই দিবলৈ। কৃষাণ কমিটি সদস্যৰ দ্বাৰা বিশাল মিছিল, বিক্ষোভ সংঘটিত হৈছিল, তাৰে বহুতে লাঠি অস্ত্ৰ-শস্ত্ৰও ব্যৱহাৰ কৰে। লাল পতাকাৰ সমুদ্ৰত আৰু শ্লোগানত তাৰে ভূস্বামী সকল সন্ত্ৰাসিত হৈ পৰে। মাৰ্চ মাহৰ কৃষকৰ আন্দোলনে গতি লাভ কৰিব ধৰে।

প্ৰথম সংঘৰ্ষ আৰম্ভ হৈছিল যেতিয়া এটি আধী খোৱা কৃষক এজনক, এটি স্থানীয়় ভূস্বামী সশস্ত্ৰ এজেন্টৰ দ্বাৰা প্ৰহাৰ হৈছিল। এই হিংসাৰ ফলত সশস্ত্ৰ কৃষক সংগঠনে ভূস্বামীৰ শস্য আৰু শস্য পথাৰ সমূহ অধিগ্ৰহণ কৰে। ভূস্বামীৰ আৰু সশস্ত্ৰ এজেন্টেও প্ৰতিৰোধ কৰিব নোৱাৰিলে, সশস্ত্ৰ কৃষক সংগঠনে ইয়াৰে কিছু সংখ্যকক হত্যা কৰে। মে মাহৰ শেষৰ ফালে এই আন্দোলনে ভয়ানক ৰূপ ধাৰণ কৰে। চি পি আই (এম) নেতা যি চৰকাৰত আছিল তেওঁলোকে কৃষক নেতা সকলোক শান্ত কৰিবলৈ চেষ্টা কৰে, কিন্তু সফল বহ নোৱাৰে, তেতিয়া, জ্যোতি বসু পশ্চিমবঙ্গৰ গৃহমন্ত্ৰীয়ে, পুলিচক এই আন্দোলন নিয়ন্ত্ৰণ কৰিবলৈ আদেশ কৰে। ২৩ মে তাৰিখে কৃষক নেতা সকলে ঝাহৰুগাওঁত এজন পুলিচ বিষয়াক হত্যা কৰে। ইয়াৰ ফলত পুলিচ বিষয়া সকল উত্তেজিত হৈ আৰু মে ২৫ তাৰিখে পুলিচৰ এটা দলে নকশালবাড়িৰ ৯ গৰাকী মহিলা আৰু শিশুক হত্যা কৰে। জুন মাহত এই আন্দোলনে ভয়ঙ্কৰ ৰূপ লয় বিশেষ কৈ নকশালবাড়ি, খয়ৰাবাৰি ফাহনচিদেৱাত। তালাচী অভিযানত সিঁহতৰ ঘৰৰ পৰা বহুত গোলাবাৰুদ উদ্ধাৰ কৰা হয়। ৰাজহুৱা আদালত স্থাপন কৰে আৰু তাতে দণ্ডাজ্ঞা দিয়া হয়। এই উত্থান গাওঁসমুহত জুলাই পৰ্যন্ত অব্যাহত থাকে। চাহ শ্ৰমিক সকলেও কৃষকৰ সমৰ্থনত তেওঁলোকে কাম বৰ্জন কৰে। জুলাই মাহৰ ১৯ তাৰিখে চৰকাৰে এই অঞ্চলত সৈন্য বাহিনী নিয়োগ কৰে, আৰু হাজাৰ হাজাৰ কৃষক নেতাক নিৰ্মম ভাতে প্ৰহাৰ কৰে লগতে গ্ৰেফটাৰ কৰে। কিছু নেতা জেনে জাঙ্গাল চানতাল দৰে কিছু নেতাক গ্ৰেপ্তাৰ কৰা হয়, চাৰূ মজুমদাৰ দৰে অন্য নেতা, আত্মগোপন কৰে। আৰু ত্ৰীবেহনী কানু, চোবহান, আলী গোৰ্খা মাঝি আৰু তিল্কা মাঝিৰ দৰে অন্য শ্বহীদ' হয়।

চাৰু মজুমদাৰ চীনৰ কমিউনিষ্ট পাৰ্টিৰ নেতা মাও সে তুং ৰ অনুসৰণকাৰী আছিল। তেখেতে ভাবিছিল ভাৰতৰ কৃষক আৰু গৰিব মানুহে মাও সে তুং এৰ পদাঙ্ক অনুসৰণ কৰি শত্ৰুশ্ৰেণীক চিহ্নিত কৰি সিহঁতৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম কৰাৰ প্ৰয়োজন, নহ’লে সিহঁতে সৰ্বহাৰা কৃষক আৰু শ্ৰমিকক শোষণ কৰিব। তাৰ বাবে তেখেতৰ লিখনিৰ দাৰা 'নক্সালবাৰী আন্দোলনক সকলো পিনে বিয়পাই দিছিল। তেখেতৰ বিখ্যাত ৰচনা হল ‘’’হিষ্টৰীক এইট ডকুমেণ্টছ’’’, যি নক্সাল মতাদৰ্শৰ ভিত্তি ৰচনা কৰে। পৰবৰ্তী সময়ত তেখেত চি পি(এম) দল ত্যাগ কৰি ‘’’অল ইণ্ডিয়া কমিটি অব কমিউনিষ্ট ৰেভুলছনাৰী’’’(এ আই চি চি চি আৰ) গঠন কৰে। ১৯৬৯ চনত এ আই চি চি চি আৰ পৰা জন্ম লৈ কমিউনিষ্ট পাৰ্টি অব ইণ্ডিয়া (মাৰ্ক্সবাদী-লেনিনবাদী)। বাস্তৱত সকলো নক্সালবাদী দলৰে জন্ম হৈছে চি পি আই (এম এল) পৰা। তেতিয়া “মাওবাদী কমিউনিষ্ট ছেন্টাৰ” নামৰ এটি ভিন্ন মতাদৰ্শৰ দল আছিল, সিহঁতৰ উদ্ভৱ হৈছিল “দক্ষণদেশ গ্ৰুপ” নামৰ এটি সংগঠন পৰা। পৰবৰ্তী সময়ত তাহাঁতে “পিপলচ ৱাৰ গ্ৰুপ” ৰ লগত যুক্ত হয় “কমিউনিষ্ট পাৰ্টি অব ইণ্ডিয়া” (মাওবাদী) গঠন কৰে। আৰু এপিনে ভিন্ন মতাদৰ্শৰ আৰু এটি দল হল “অন্ধ্ৰ ৰেভুলিউছনাৰী কমিউনিষ্ট” আৰু “টি. নাগি ৰেড্ডি”-ৰ “মাচ লাইন” মতবাদৰ অনুৰাগী আছিল। ১৯৭০ চনৰ পিনে এই আন্দোলনৰ অন্তর্দ্বন্দৰ কাৰণে বহুতো বিৰোধী অংশত বিভক্ত হয় পৰে। ১৯৮০ চনৰ পিনে প্ৰায় ৩০ টি নক্সালবাদী দল সক্রিয়় আছিল আৰু তেওঁলোকৰ জনবল আছিল প্ৰায় ৩০,০০০। ২০০৪ চনত ভাৰতৰ গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা হিচাপ মতে প্ৰায় ৯৩০০ নক্সালবাদী সদস্য সক্ৰিয় আছে আৰু সিঁহতৰ লগত প্ৰায় ৬৫০০ অবৈধ অত্যাধুনিক অস্ত্ৰ আছিল আৰু লগতে সিঁহতৰ দেশী অস্ত্ৰ তো আছেই। Judith Vidal-Hall(২০০৬) এই মতে সাম্প্ৰতিক সময়ত নক্সালবাদী সদস্য সংখ্যা প্ৰায় ১৫,০০০ আৰু সিহঁতে ভাৰতৰ বনভূমিৰ প্ৰায় এক পঞ্চামংশ নিয়ন্ত্রণ কৰে। সিহঁতে সিঁহতৰ কৰ্মকাণ্ড ভাৰতৰ ৬০৪ খন জিলাৰ ভিতৰত ১৬০ খন জিলাত বিস্তাৰ কৰিছিল, **২০০৬ৰ হিচাপ অনুসৰি**।

ইতিহাস বিশ্লেষণ কৰিলে দেখা যাব ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সংশোধনবাদী (revisionism) চৰিত্ৰৰ বাবে তেলেঙ্গানাৰ সংগ্ৰামক নেহেৰুৰ ভৰিৰ তলত বিক্ৰী কৰি দিয়া হৈছিল। বিপৰীতে নক্সালবাৰী কমিউনিষ্ট আন্দোলনৰ সংৰচনা উপৰত আঘাত কৰি উপমহাদেশৰ বিপ্লবী সকলক নিজস্ব দল গঠনৰ পথ উন্মুক্ত কৰি দিয়ে।  তেলেঙ্গানা সংগ্ৰামী সকলে সংশোধনবাদৰ (revisionism) ওচৰত আত্মসমর্পণ কৰিছিল, কিন্তু  নক্সালবাৰী সংগ্ৰামী সকলে কৰা নাছিল। বৰ্তমানে কিছু নক্সালবাদী দল ভাৰতৰ মূলধাৰাৰ ৰাজনীতিত যুক্ত হয় নিৰ্বাচনত অংশ কৰিছে,  যেনে : চিপিআই (এম এল) লিবাৰেশন।

বাংলা বিপ্লৱ[সম্পাদনা কৰক]

নকশাল আন্দোলন কলকাতাৰ ছাত্ৰ সংগঠন সমূহৰ ব্যাপক সমৰ্থন পাইছিল। ছাত্ৰ সকলৰ এটা ডাঙৰ অংশই লেখা পঢ়া  এৰি বিপ্লবৰ কাৰ্যসূচীত অংশ কৰিছিল। বিশেষ ভাবে নামকৰা স্কুল কলেজ বিশ্ববিদ্যালয়ৰ মেধাবী ছাত্ৰ প্ৰভাৱিত হৈছিল এই আন্দোলনত। চাৰু মজুমদাৰ কৈছিল বিপ্লবী কাৰ্যক্ৰম মাত্ৰ গ্ৰামাঞ্চলত চলিলে নহ’ব,  বৰং এই আন্দোলন সৰ্বত্ৰ বিয়পিব দিব লাগিব। তেখেতে বিপ্লবী সকলক আদেশ দিছিল, সমাজত থকা শ্ৰেণী বিভাজন শেষ কৰি এখন নতুন সমাজ গঢ়িব। এই শ্ৰেণীৰ মাজত আছিল, ভুস্বামী, বিশ্ববিদ্যালয়ৰ শিক্ষক, পুলিচ অফিচাৰ, আৰু ৰাজনীতিবিদ আৰু বহুত। সেই সময়ৰ কলকাতাৰ সকলো স্কুল বন্ধ হয় গৈছিল। নক্সালপন্থী ছাত্ৰই যাদৱপুৰ বিশ্ববিদ্যালয় দখল কৰি পুলিচৰ লগত যুঁজিবৰ বাবে আগ্নেয়াস্ত্ৰ নিৰ্মাণ কৰিছিল। প্ৰেছেডেঞ্চী কলেজ আছিল তেওঁলোকৰ সদৰ কাৰ্যালয়। তেওঁলোকে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ গোপাল সেনক হত্যাৰ পৰিকল্পনা কৰিছিল। নক্সালপন্থী সকলে বহু কম সময়ত মধ্য ভাৰতৰ শিক্ষিত সমাজৰ ব্যাপক সমৰ্থন পাইছিল। দিল্লীৰ “ছেন্ট ষ্টিফেনচ কলেজ”  তেওঁলোকৰ বিচৰণ ক্ষেত্র হৈছিল।

ইয়াৰফলত চৰকাৰে নক্সাল আন্দোলনক কঠোৰ হাতেৰে দমন কৰিবলৈ সিদ্ধান্ত লয়। তৎকালীন মুখ্যমন্ত্ৰী সিদ্ধাৰ্থ শঙ্কৰ ৰায়, নক্সালপন্থীৰ উপৰত প্রতি-আক্ৰমণৰ নিৰ্দেশ দিয়ে। পুলিছক কিছু মানৱতা বিৰোধী ক্ষমতা দিয়া হৈছিল। ইয়াৰ মাজত আছিল নিৰ্বিচাৰে হত্যা আৰু বিনাকাৰণত যি কোনো ব্যক্তিক বন্দী কৰাৰ ক্ষমতা। লক-আপ হত্যা, জেল বন্দী হত্যা আৰু ভুৱা সংঘৰ্ষ দ্বাৰা পুলিছে বিভিন্ন সময়ত নক্সালপন্থী সকলোক হত্যা কৰিছিল। এক মাহৰ ভিতৰত চৰকাৰে নকশাল আন্দোলন দমন কৰিছিল। ভাৰত চৰকাৰ আৰু পুলিছৰ মনোভাব আছিল “নক্সাল আন্দোলনক শক্তি হাতেৰে দমন কৰাৰ বাহিৰে বেলেগ কোনো উপায় নাই”। চৰকাৰে ভালদৰে বুজিছিল ভাৰতৰ জনগণৰ মনোভাব, দেশ এতিয়া চৰমপন্থী সকলৰ লগত গৃহযুদ্ধত নামিছে, আৰু গণতন্ত্ৰত যুদ্ধৰ কোনো স্থান নাই। চৰমপন্থী সকলোৰ কাষত গণতন্ত্ৰ মূল্যহীন, ইয়াৰ ফলত ৰাইজৰ মাজত চৰমপন্থী সকলোৰ ভাৱমূৰ্ত্তি ম্লান হ’বলৈ ধৰে, আৰু ৰাইজে চৰমপন্থী সকলোক সহায় কৰিবলৈ এৰি দিয়ে। আৰু ইয়াৰ উপৰি চৰমপন্থী সকলৰ অন্তকন্দলৰ ফলত আন্দোলন চেদেলী-ভেদেলী হয় পৰে। দলৰ এটি ডাঙৰ অংশই চাৰু মজুমদাৰৰ নিৰ্দেশটিত পথৰ গ্ৰহণযোগ্যতাৰ ওপৰত প্রশ্ন তোলে। ১৯৭১ চনত ছিপিআই (এম এল) দিখণ্ডীত হয়, চাৰু মজুমদাৰৰ দলৰ পৰা সত্য নাৰায়ণ সিং বাহিৰ হয় যায়। ১৯৭২ চনত চাৰু মজুমদাৰ পুলিছৰ হাতত ধৰা পৰে আৰু আলীপুৰ জেলত নিহত হয়। তাত্ত্বিক নেতা সৰোজ দত্তক পুলিছে গ্রেপ্তাৰ কৰি নিছিল, তাৰ পাছত তেখেতৰ কোনো সন্ধান পোৱা নগ’ল সম্ভৱত তেখেতক হত্যা কৰা হয়। পলিটব্যুৰোৰ অন্যতম নেতা সুশীতল ৰায়চৌধুৰী আত্মগোপন থকা অবস্থাত মৃত্যু হয়। প্রধান নেতৃবৰ্গৰ ডাঙৰ অংশই জেলত বন্দী হয়। পাছত নক্সালপন্থী দল ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মার্ক্সবাদী-লেনিনবাদী) বহু ধাৰা উপধাৰাত বিভক্ত হয় পৰে। অনেক বছৰৰ পাছত অন্যতম প্ৰধান নেতা কানু সান্যাল ২০১০ চনৰ ২৩ মাৰ্চ তাৰিখে পশ্চিমবঙ্গৰ দাৰ্জিলিং জিলাৰ নকশালবাড়ী থানাৰ হাতিঘিষা গাওঁৰ নিজ ঘৰতে গলত ফাঁচ দি আত্মহত্যা কৰে। শাৰীৰিক অসুস্থতা বাবে তেখেতে আত্মহত্যাৰ পথ বাছি লয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৮ বছৰ।

২০০৯ চনৰ মে মাহত পশ্চিমবঙ্গৰ লালগড়ত পুলিছে নক্সালপন্থী আৰু ক্ষমতাহীন কমিউনিষ্ট পাৰ্টিৰ কর্মীৰ উপৰত আক্ৰমণ চলাই়। এই এলাকাত মাওবাদী জঙ্গী নেতাৰ প্ৰভাব বৃদ্ধি হৈছিল এই অভিযোগত ৰাজ্য চৰকাৰে জুনৰ প্ৰথম ভাগত পুলিছ আৰু অৰ্ধসামৰিক বাহিনীৰ সমম্বয়ত অভিযান চলাই, আৰু লালগড় পুনৰুদ্ধাৰ কৰে। মাওবাদী নেতা কিষনজিয়ে এক সাক্ষাত্কাৰত কৈছিল- “”নক্সালপন্থী সকলে পশ্চিমবঙ্গৰ শাসনধিষ্ঠ বাম আৰু সিঁহতৰ পুলিছ বাহিনীৰ বিৰুদ্ধে নিজৰ বাবে মুক্তাঞ্চল গঢ়ি তুলিব বিচাৰিছিল। আৰু তাৰে আৰম্ভণি হিচাপে তাহাঁতে লালগড়ৰ ঘটনাটো ঘটিছে। ১৯৭০ চনৰ পিছত সিঁহত আৰু সংগঠিত হৈছে আৰু ২০১১ চনত কলকাতাৰ পৰা সিঁহতৰ সশস্ত্ৰ আন্দোলন পৰিচালনা কৰিব””।

ইণ্টিগ্ৰেটেড এক্সন প্লেন[সম্পাদনা কৰক]

ফেব্ৰুৱাৰী ২০০৯ চনত ভাৰতীয় কেন্দ্ৰীয় চৰকাৰে 'ইণ্টিগ্ৰেটেড এক্সন প্লেন' (আইএপি) আৰম্ভ কৰিলে। উদ্দেশ্য কৰ্ণাটক, চত্তীচগড়, বিহাৰ, উত্তৰ প্ৰদেশ উৰিষ্যা, আন্ধ্ৰ প্ৰদেশ, তেলাংগনা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগত নক্সাল সমস্যা সমাধান কৰা। এই পৰিকল্পনাত নক্সাল প্ৰভাৱিত এলেকাত তলৰ পৰ্যায়ৰ অৰ্থনৈতিক বিকাশ আৰু অধিক পুলিচ ব্যয় সন্মিলিত।[5][6]

নক্সাল কাৰ্যকালাপৰ সংখ্যা[সম্পাদনা কৰক]

২০০৯ চনত নক্সাল প্ৰায় ১৮০খন জিলাত সক্ৰিয় আছিল।[7] আগষ্ট ২০১০ত আইএপিৰ এবছৰ সম্পূৰ্ণ হোৱাত কৰ্ণাটকক নক্সাল প্ৰভাৱিত ৰাজ্যৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ল।[8] জুলাই ২০১১ত নক্সাল প্ৰভাৱিত জিলাৰ সংখ্যা হ'লগৈ  ৯খন ৰাজ্য সামৰা ৮৩(২০খহন অতিৰিক্ত জিলা সামৰি)।[9][10][11] ডিচেম্বৰ ২০১১ত ঘোষণা কৰা হ'ল যে ২০১০ৰ তুলনাত নক্সাল সম্বন্ধিত মৃত্য়ুৰ সংখ্যা ৫০% হ্ৰাস পালে।[12] ২০১৩ চনত মাওবাদী সাম্যবাদী গোটসমূহে ১৯২জনৰ মৃত্যুৰ দায়িত্ব স্বীকাৰ কৰিলে, যি ভাৰতত সংঘটিত সকলো সন্ত্ৰাসবাদী মৃত্যুৰেই ৫০%।[13]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Ramakrishnan, Venkitesh (21 September 2005). "The Naxalite Challenge". Frontline Magazine (The Hindu). http://www.flonnet.com/fl2221/stories/20051021006700400.htm। আহৰণ কৰা হৈছে: 2007-03-15. 
  2. Philip Bowring (18 April 2006). "Maoists who menace India". International Herald Tribune. http://www.iht.com/articles/2006/04/17/opinion/edbowring.php। আহৰণ কৰা হৈছে: 2009-03-17. 
  3. "South Asia | Senior Maoist 'arrested' in India". BBC News. 19 December 2007. Archived from the original on 20 December 2007. http://news.bbc.co.uk/2/hi/south_asia/7151552.stm. 
  4. Press Trust of India (PTI) (25 March 2006). "Naxals attack Orissa jail, free prisoners, kill 3 cops". Indian Express. Archived from the original on 7 January 2014. http://www.indianexpress.com/news/naxals-attack-orissa-jail-free-prisoners-kill-3-cops/1106/. 
  5. "Special project for Naxal areas to be extended to 18 more districts". The Times Of India. 8 December 2011. http://articles.timesofindia.indiatimes.com/2011-12-08/india/30490059_1_naxal-violence-districts-in-eight-states-integrated-action-plan। আহৰণ কৰা হৈছে: 2012-01-02. 
  6. Co-ordinated operations to flush out Naxalites soon The Economic Times, 6 February 2009.
  7. Handoo, Ashok. "Naxal Problem needs a holistic approach". Press Information Bureau. http://www.pib.nic.in/release/release.asp?relid=50833। আহৰণ কৰা হৈছে: 2009-08-08. 
  8. "Karnataka no longer Naxal infested". The Times Of India. 26 August 2010. http://articles.timesofindia.indiatimes.com/2010-08-26/hubli/28275788_1_police-station-naxal-activities-home-minister. 
  9. Chhibber, Maneesh (5 June 2011). "Centre to declare more districts Naxal-hit". Indian Express. Archived from the original on 7 January 2013. http://www.indianexpress.com/news/centre-to-declare-more-districts-naxalhit/812671/. 
  10. Ministry of Panchayati Raj (14 January 2011). "Sixty Tribal and Backward districts in 9 states to get Central Grant under IAP". Press Information Bureau, Government of India. Archived from the original on 5 September 2012. http://pib.nic.in/newsite/erelease.aspx?relid=69078. 
  11. "Development plan for Naxal-hit districts shows good response". The Times Of India. 23 June 2011. http://articles.timesofindia.indiatimes.com/2011-06-23/india/29694293_1_plan-for-naxal-hit-districts-plan-panel-member-secretary-development-plan. 
  12. "'Historic low' in terror, Naxal violence". 31 December 2012. http://m.indianexpress.com/story_mobile.php?storyid=894321। আহৰণ কৰা হৈছে: 2012-12-31. 
  13. "Terror activities rise in India by 70 per cent: Global Index". India News Analysis Opinions on Niti Central. http://www.niticentral.com/2014/11/24/terror-activities-rise-in-india-by-70-per-cent-global-index-246388.html.