ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা
সংস্থাৰ ৰূপৰেখা
গঠন ২০০৯[1]
ক্ষেত্ৰাধিকাৰ ভাৰত চৰকাৰ
মুখ্য কাৰ্যালয় নতুন দিল্লী, ভাৰত
কৰ্মচাৰী ৬৪৯[2]
বাৰ্ষিক বাজেট প্ৰায় ₹১১৫ কোটি[2]
সংস্থাৰ কাৰ্যবাহী যোগেশ চান্দেৰ মোদী, আইপিএছ, সঞ্চালক প্ৰধান
পিতৃ সংস্থা গৃহ মন্ত্ৰণালয়
ৱেবছাইট www.nia.gov.in

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এনআইএ বা নিয়া ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত ভাৰতত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অনুসন্ধান কৰা কেন্দ্ৰীয় সংস্থা।[3] ই কেন্দ্ৰীয় সন্ত্ৰাসবাদ বিৰোধী আইন প্ৰণয়ন সংস্থা হিচাপে কাম কৰে। ৰাজ্যসমূহৰ পৰা বিশেষ অনুমতি নোলোৱাকৈয়ে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থায়ে সন্ত্ৰাসবাদ বিৰোধী কাৰ্যকলাপ চলায় থাকিব পাৰে। ২০০৮ চনৰ ৩১ ডিচেম্বত সংসদত গৃহীত হোৱা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা বিধি ২০০৮ ৰ অনুসৰি ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।[4][5][6][7]

২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদ আক্ৰমণৰ ঠিক পিছতেই ভাৰতত এক স্বতন্ত্ৰ সন্ত্ৰাসবাদ বিৰোধী অনুসন্ধান সংস্থাৰ অভাৱ অনুভৱ কৰি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা স্থাপন কৰা হৈছিল। ইয়াৰ দণ্ডাজ্ঞাৰ হাৰ অতি উচ্চ। বৰ্তমান এই হাৰ ৯৫%। এতিয়ালৈকে ই পঞ্জীভুক্ত কৰা ১৮৫টা গোচৰৰ ভিতৰত ১৬৭টা গোচৰত দোষী সাব্যস্ত কৰা হৈছে।[8]

নতুন দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ মুখ্য কাৰ্যালয়

ৰাধা বিনোদ ৰাজু ইয়াৰ প্ৰথম সঞ্চালক প্ৰধান আছিল।[9][10]বৰ্তমান ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া যোগেশ চান্দেৰ মোদী ইয়াৰ সঞ্চালক প্ৰধান। তেওঁ ২০১৭ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা এই পদত অধিষ্ঠিত হৈ আছে।[11]

তথ্য উৎস[সম্পাদনা কৰক]

  1. NIA officer Mohammed Tanzil shot dead as children watched "Ahmad, who has been with the NIA ever since the organisation was formed in February 2009..."
  2. 2.0 2.1 With shoe-string budget, NIA poorly equipped for counterterrorism |date=2014-11-07 |accessdate=2016-07-25
  3. "NIA to have new HQ complex on Tuesday". https://economictimes.indiatimes.com/news/defence/nia-to-have-new-hq-complex-on-tuesday/articleshow/60993539.cms. 
  4. "National Investigation Agency: About Us". National Investigation Agency. http://www.nia.gov.in/aboutus.aspx। আহৰণ কৰা হৈছে: 16 June 2013. 
  5. TNN 16 Dec 2008, 12.04am IST (2008-12-16). "Finally, govt clears central terror agency, tougher laws". Articles.timesofindia.indiatimes.com. Archived from the original on 2012-10-22. https://web.archive.org/web/20121022154006/http://articles.timesofindia.indiatimes.com/2008-12-16/india/27904311_1_special-anti-terror-law-nia-terror-related। আহৰণ কৰা হৈছে: 2013-09-28. 
  6. "Cabinet clears bill to set up federal probe agency". Ndtv.com. Archived from the original on 8 May 2013. https://web.archive.org/web/20130508110740/http://www.ndtv.com/convergence/ndtv/mumbaiterrorstrike/Story.aspx?ID=NEWEN20080076587&type=News। আহৰণ কৰা হৈছে: 2012-12-09. 
  7. PTI 16 Dec 2008, 07.40pm IST (2008-12-16). "Govt tables bill to set up National Investigation Agency". Articles.timesofindia.indiatimes.com. Archived from the original on 2012-10-22. https://web.archive.org/web/20121022154025/http://articles.timesofindia.indiatimes.com/2008-12-16/india/27918792_1_terror-act-mumbai-terror-attacks-terror-related। আহৰণ কৰা হৈছে: 2013-09-28. 
  8. "Our conviction rate is 95%: NIA DG YC Modi" (en-US ভাষাত). 2018-01-24. https://www.indiatvnews.com/news/india-our-conviction-rate-is-95-nia-dg-yc-modi-424044. 
  9. "Sharad Chandra Sinha new NIA chief". Deccan Herald. February 2010. http://www.deccanherald.com/content/51872/F। আহৰণ কৰা হৈছে: 11 July 2013. 
  10. "S.C. Sinha- Appointed Director General of NIA". Jagranjosh.com. http://www.jagranjosh.com/current-affairs/sc-sinha-appointed-director-general-of-nia-1287983712-1। আহৰণ কৰা হৈছে: 2012-12-09. 
  11. "Y.C. Modi appointed NIA chief" (en-IN ভাষাত). The Hindu. 2017-09-18. ISSN 0971-751X. http://www.thehindu.com/news/national/yc-modi-named-nia-chief/article19708485.ece. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]