সমললৈ যাওক

সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
{{{name_english}}}
সভাপতি মমতা বন্দ্যোপাধ্যায়
সংসদীয় সভাপতি অভিষেক বেনাৰ্জী
লোকসভাত নেতা অভিষেক বেনাৰ্জী
ৰাজ্যসভাত নেতা ডেৰেক অ’ব্ৰাইন
প্ৰতিষ্ঠা  জানুৱাৰী ১৯৯৮ (২৮ বছৰ আগত) (1998-01-01)
মূখ্য কাৰ্যালয় ৩০বি, হৰিশ চেটাৰ্জী ষ্ট্ৰীট, কলকাতা – ৭০০০২৬
ৰাজনৈতিক মতাদৰ্শ বাঙালী
সাম্যবাদ বিৰোধী
সামাজিক উদাৰতাবাদ
বাংলা জাতীয়তাবাদ
সামাজিক গণতন্ত্ৰ
দলীয় ৰং      Green
ৱেবছাইট aitcofficial.org

সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ (ইংৰাজীঃ All India Trinamool Congress; সংক্ষিপ্ত ৰূপত. AITC), সাধাৰণভাৱে তৃণমূল কংগ্ৰেছ (সংক্ষিপ্ত ৰূপত. TMC) হৈছে এটা ভাৰতীয় ৰাজনৈতিক দল যিটো প্ৰধানকৈ পশ্চিমবংগত সক্ৰিয়।[1] দলটোৰ নেতৃত্বত আছে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, যি ২০১১ চনৰপৰা ৰাজ্যখনৰ নেতৃত্বত আহিছে। বৰ্তমান ই সংসদৰ তৃতীয় বৃহত্তম দল আৰু লোকসভাত ২৩ জন সদস্য আৰু ৰাজ্যসভাত ১৩ জন সদস্যৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যিক বিধানসভাত ২৩৫ জন বিধায়ক আছে; ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ ঠিক পিছতেই।[2][3] ২০১৬ চনত ভাৰতৰ নিৰ্বাচন আয়োগে তৃণমূল কংগ্ৰেছক ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে স্বীকৃতি প্ৰদান কৰে।[4]

​১৯৯৩ চনত তত্কালীন বাওঁফ্ৰণ্ট চৰকাৰৰ কাৰ্যকালত বিধানসভা নিৰ্বাচনত ব্যাপক হাৰত ভোট জালিয়াতি আৰু ছাপ্পা ভোট হোৱাৰ অভিযোগ উত্থাপন হৈছিল, যাৰ ফলত পশ্চিমবঙ্গৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো যথেষ্ট বিতৰ্কিত হৈ পৰিছিল। ১৯৯৩ চনৰ ২১ জুলাইত পশ্চিমবঙ্গ প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত মমতা বন্দোপাধ্যাৰ নেতৃত্বত সমৰ্থকসকলে সচিত্ৰ ভোটাৰ পৰিচয়-পত্ৰৰ (ভোটাৰ কাৰ্ড) দাবীত মহাকৰণ (মহকুমা প্ৰশাসনৰ মুখ্য কাৰ্যালয়) অভিমুখে এক অহিংস সত্যাগ্ৰহ সমদল উলিয়াইছিল। কিন্তু তত্কালীন বাওঁফ্ৰণ্ট চৰকাৰৰ অধীনস্থ আৰক্ষীয়ে এই সমদলৰ ওপৰত গুলীচালনা কৰে, যাৰ ফলত ১৩ গৰাকী যুৱকৰ মৃত্যু হয়। ​এই জঘন্য ঘটনাৰ প্ৰতিবাদত মমতা বন্দোপাধ্যায়ে আইন অমান্য আন্দোলনৰ আহ্বান জনায়, কিন্তু প্ৰদেশ কংগ্ৰেছে ইয়াত অসহযোগিতা কৰে। ঐতিহাসিক গৱেষকসকলৰ মতে, প্ৰদেশ কংগ্ৰেছৰপৰা ফালৰি কাটি পিছলৈ 'তৃণমূল কংগ্ৰেছ' দল গঠন হোৱাৰ আঁৰত এই ঘটনাটোৱেই আছিল অন্যতম প্ৰধান কাৰণ। ​এই ঘটনাত শ্বহীদ হোৱা ১৩ গৰাকী ব্যক্তি আছিল:

  1. বন্দন দাস
  2. মুৰাৰী চক্ৰৱৰ্তী
  3. ৰতন মণ্ডল
  4. বিশ্বনাথ ৰায়
  5. কল্যাণ বন্দ্যোপাধ্যায়
  6. অসীম দাস
  7. কেশব বৈৰাগী
  8. শ্ৰীকান্ত শৰ্মা
  9. দিলীপ দাস
  10. ৰঞ্জিত দাস
  11. প্ৰদীপ ৰায়
  12. মহম্মদ খালেক
  13. ইনু মিঞা

তথ্যউৎস

[সম্পাদনা কৰক]
  1. Subramonian, Surabhi, ed (10 April 2014). "Lok Sabha Elections 2014: Know your party symbols!". Daily News and Analysis. https://www.dnaindia.com/india/report-lok-sabha-elections-2014-know-your-party-symbols-1974606.
  2. "Members : Lok Sabha". loksabha.nic.in. https://loksabha.nic.in/members/PartyWiseStatisticalList.aspx আহৰণ কৰা হৈছে: 2022-06-10.
  3. rajyasabha.nic.in
  4. "Trinamool Congress recognised as national party" (en-IN ভাষাত). The Hindu. PTI. 2 September 2016. ISSN 0971-751X. https://www.thehindu.com/news/national/Trinamool-Congress-recognised-as-national-party/article14620149.ece. "It is a recognised State party in West Bengal, Manipur, Tripura and Arunachal Pradesh, satisfying one of the conditions of the Election Commission."