অসম চাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
অসম চাহ
ভৌগোলিক স্বীকৃতি
Assam-Tee SFTGFOP1.jpg
বৰ্ণনা অতি উজ্বল ৰঙৰ সুস্বাদু স্ফুৰ্টিদায়ক আৰু মনোমোহা চাহ
প্ৰকাৰ পানীয়
অঞ্চল অসম
দেশ ভাৰত

অসম চাহ (ইংৰাজীAssam tea) ভাৰতঅসমত উৎপাদিত এক প্ৰকাৰৰ ৰঙা চাহ। অসমৰ চাহ বিশেষকৈ Camellia sinensis var. assamica (Masters) নামৰ এবিধ চাহ গছৰ পৰা তৈয়াৰ কৰা হয়।[1][2] এই চাহ, যিবোৰৰ অধিকাংশ সমুদ্ৰ পৃষ্ঠৰ উচ্চতাত বৃদ্ধি হয়, ইয়াৰ গঠন, স্ফুৰ্টিদায়ক, সুগন্ধ, আৰু অধিক উজ্বল ৰঙৰ বাবে জনাজাত। অসম চাহ, বা অসম নাম সংযোজিত চাহ, সাধাৰণতে "পূৱাৰ পানীয়" হিচাপে বিক্ৰী কৰা হয়। উদাহৰণ স্বৰূপে, Irish breakfast tea, নামৰ মনোমোহা আৰু শক্তিশালী পূৱাৰ চাহত, ক্ষুদ্ৰ-আকৃতিৰ অসম চাহৰ পাত থাকে।[3]

বাংলাদেশ আৰু বাৰ্মাৰ (ম্যানমাৰ) সীমান্তত, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে অৱস্থিত, অসম হৈছে পৃথিৱীৰ ভিতৰত সৰ্বাধিক চাহ-উৎপাদনকাৰী ৰাজ্য। ভাৰতৰ এই অঞ্চলত বৃষ্টিপাতৰ হাৰ অতি বেছি, মৌচুমী ঋতুত প্ৰতিদিনৰ সৰ্বাধিক বৃষ্টিপাত ১০ ৰ পৰা ১২ ইঞ্চি (২৫০-৩০০ মিমি) পৰ্যন্ত হোৱা দেখা যায়। দিনৰ ভাগত প্ৰায় ১০৩ ফাৰেনহাইট (৪০ °ছে)লৈকে বৰ্ধিত উষ্ণতাই, বিৰল জলীয় বাষ্প আৰু উত্তাপৰ সেউজগৃহ সদৃশ পৰিৱেশৰ সৃষ্টি কৰে। এই বিশেষ জলবায়ুৱেই অসম চাহক প্ৰসিদ্ধ মনোমোহা সোৱাদ আৰু বৈশিষ্ট প্ৰদান কৰে।

যদিও অসমত সাধাৰণতে "ৰঙা চাহ" উৎপাদন কৰা হয়, কিছু পৰিমানৰ "সেউজীয়া",[4] আৰু নিজস্ব বৈশিষ্টৰ "বগা চাহ"ৰো উৎপাদন কৰে।[5]

ঐতিহাসিকভাৱে, অসম দক্ষিণ চীনৰ পাছতেই দ্বিতীয় সৰ্বাধিক ব্যৱসায়িক চাহ উৎপাদনকাৰী অঞ্চল আছিল। সমগ্ৰ বিশ্বৰ ভিতৰতেই কেৱল অসম আৰু দক্ষিণ চীনতহে থলুৱা প্ৰজাতিৰ চাহ গছ পোৱা যায়।

আবিস্কাৰ[সম্পাদনা কৰক]

এই ১৮৫০ চনৰ চিত্ৰখনত অসম চাহ উৎপাদনৰ বিভিন্ন স্তৰবোৰ দেখুওৱা হৈছে।

অসম চাহৰ "আবিস্কাৰ" ৰবাৰ্ট ব্ৰুচ, নামৰ এজন স্কট অভিযানকাৰীয়ে ১৮২৩ চনত আকস্মিকভাৱে কৰিছিল বুলি কোৱা হয়। অসমৰ হাবি-বননিত ঘুৰি ফুৰোতে তেওঁ এই গছবিধ "বন্য"অৱস্থাত গজি থকা দেখিছিল। মণিৰাম দেৱানে তেওঁক এজন স্থানীয় চিংফৌ গাঁওৰ মূখিয়াল বিছা গামৰ ঘৰলৈ লৈ গৈছিল।[6] তাত তেঁও স্থানীয় চিংফৌ লোকসকলক এই গছৰ পাতৰ পৰা প্ৰস্তুত কৰা পানীয় গ্ৰহণ কৰা দেখিছিল আৰু তেঁও বিছা গামৰ পৰা সেই গছৰ পাত আৰু বীজ বৈজ্ঞানিকভাৱে পৰীক্ষণৰ বাবে সংগ্ৰহ কৰি অনাৰ যো-যা চলাইছিল। ইয়াৰ কিছু দিনৰ পিছতেই তেঁওৰ মৃত্যু হোৱাত, তেঁও এই গছৰ প্ৰকৃত শ্ৰেণীবিভাজন জানিবলৈ সক্ষম নহ'ল। ১৮৩০ চনত তেঁওৰ ভাতৃ চাৰ্লছে অসম চাহৰ পাত কলিকতাৰ উদ্ভিদবিদ্যাৰ উদ্যানলৈ সঠিক পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছিল। অৱশেষত তাতে এই উদ্ভিদক চাহ গছ, বা Camellia sinensisৰ এটা প্ৰকাৰ বুলি চিনাক্তকৰণ কৰা হৈছিল, যিটো চীনা প্ৰকাৰ Camellia sinensis var. sinensisৰ সৈতে একে নহয়।

সুকীয়া মান সময়[সম্পাদনা কৰক]

অসমৰ চাহ বাগিছাবোৰত ভাৰত আৰু শ্ৰী লংকাত ব্যৱহাৰ কৰা ভাৰতীয় মান সময় (IST) অনুসৰণ কৰা নহয়। অসমৰ চাহ বাগিছাৰ স্থানীয সময়, যাক "চাহ বাগান সময়" বা "বাগানটাইম" বুলি কোৱা হয়, ভাৰতীয় মান সময়তকৈ এঘণ্টা আগবঢ়া।[7] দেশৰ এই অঞ্চলত আগতীয়াকৈ সূৰ্যোদয় হোৱাটোক গুৰুত্ব দি, বিট্ৰিছৰ দিনতেই এই পদ্ধতিটোৰ প্ৰচলন কৰা হৈছিল।

এই পদ্ধতিটোক এটা সফল পদ্ধতি বুলিব পাৰি, কাৰণ ইয়াৰ বাবেই চাহ বাগিচাৰ কৰ্মীসকলে দিনৰ ভাগত আন্ধাৰ হোৱাৰ আগতেই নিজৰ কাম সামৰিব পাৰে আৰু ই বাগিছাৰ উৎপাদনো বৃদ্ধি কৰে। চাহ বাগিচাৰ কৰ্মীসকলৰ কামকৰাৰ সময় পূৱা ৯ বজা (ভা. মা. স. পূৱা ৮ বজা)ৰ পৰা সন্ধ্যা ৫ বজা (ভা. মা. স. সন্ধ্যা ৪ বজা)লৈ, কিন্তু বাগিচা লৈ এই সময়ৰ কিছু সালসলনি দেখা যায়।

উল্লেখ্য যে, চলচিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাইও উত্তৰ-পূৱৰ বাবে এটা সুকীয়া মান সময় প্ৰচলন কৰাৰ বাবে প্ৰচাৰ চলাইছিল।[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Tea Classification from Tea Research Association, Toklai (retrieved 2009/03/25)
  2. ITIS Standard Report Page for Camellia sinensis var. assamica retrieved on 2009-03-28.
  3. (Campbell 1995, পৃষ্ঠা 203)
  4. (Pettigrew 2004, পৃষ্ঠা 106)
  5. Goswami, Roopak (2011-12-29). "Assam CTC fetches record price". The Telegraph. http://telegraphindia.com/1111229/jsp/northeast/story_14936801.jsp. 
  6. Nitin Aant Gokhale (1998). The hot brew: the Assam tea industry's most turbulent decade, 1987-1997. Spectrum Publications. পৃষ্ঠা. 4. ISBN 978-81-85319-82-7. 
  7. 7.0 7.1 "Assam tea gardens an hour 'ahead' of India - ZeeNews.com". Retrieved 18 July 2013.