সমললৈ যাওক

মুগা (ৰেচম)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুগা
ভৌগোলিক স্বীকৃতি

অসমীয়া শিপিনীয়ে তৈয়াৰ কৰা মুগা মেখেলা-চাদৰ
বৰ্ণনা কেৱল অসমতহে পোৱা এবিধ ৰেচম
প্ৰকাৰ ৰেচম শিল্প
অঞ্চল অসম
দেশ ভাৰত
উপাদান ৰেচম
ৱেৱছাইট www.csb.gov.in/silk-sericulture/silk/muga-silk/

মুগা (ৰেচম) (ইংৰাজী: Muga silk) হৈছে এন্থেৰিয়া আছামেনছিছ প্ৰজাতিৰ পলুৰ পৰা সৃষ্টি কৰা এবিধ ৰেচম (silk)। মুগা পৃথিৱীৰ ভিতৰতে কেৱল অসমতহে পোৱা যায়।[1] বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা অসমৰ বাতাবৰণ মুগা পলুৰ বাবে অনুকূল। চোম গছ (Persea bombycina (King ex Hook.f.) Kosterm.)[2] আৰু সোঁৱালু গছৰ (Litsea monopetala (Roxb.) Pers.)[3] পাত খাদ্য হিচাপে গ্ৰহণ কৰা মুগা পলু স্বভাৱতে বৰ আলসুৱা হয়। বৰ বেছি তাপমাত্ৰাৰ সাল-সলনি ই সহ্য কৰিব নোৱাৰে।[4] তাৰোপৰি যিকোনো ধৰণৰ প্ৰদূষণেও মুগা পলুৰ জীৱন চক্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে।

অসমৰ মুগা উৎপাদন এক প্ৰাচীন উদ্যোগ। অসম অতীজৰে পৰা উচ্চমানৰ ৰেচম উৎপাদনৰ বাবে সুপৰিচিত আছিল। মুগাৰ জ্ঞান সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ১০০০-২০০০ খ্ৰীষ্টপূৰ্বৰ আশে-পাশে চীনৰ পৰা অহা তিব্বত-বাৰ্মান গোটৰ সৈতে আহিছিল। J.Geoghegan তেওঁৰ "Silk in India" নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে যে: "It is the Kiratas who introduced the cultivation of silk with its different varieties in Assam and it is from Assam that Silk was later introduced to mainland India. Whatever may be the date of the introduction of the worm, its geographical distribution at present day, and the fact species first introduced was a multivoltine, seem to me to lead to the conclusion that the insect was first introduced into India from the north-east (i.e. Assam)"।

প্ৰাচীন যুগ

[সম্পাদনা কৰক]

প্ৰাচীন যুগৰ অসম ৰেচমৰ সম্ভৱতঃ প্ৰথম উল্লেখ বাল্মিকীৰ ৰামায়ণত কৰা‌ হৈছিল। ৰামায়ণৰ কিষ্কিন্দ কাণ্ডত উল্লেখ আছে যে পূব দিশলৈ যাত্ৰা কৰা ব্যক্তিয়ে প্ৰথমে মগধ, অংগ, পুন্দ্ৰ আৰু তাৰ পিছত কোশ-কৰণ-ভূমি ("পলু পোহাৰ দেশ") পাৰ হৈ যাব লাগে। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ ৰাজনৈতিক সাহিত্য কৌটিল্যৰ "অৰ্থশাস্ত্ৰত" অসমৰ অতি অত্যাধুনিক ৰেচম সাজ-পোছাকৰ উল্লেখ আছে। কৌটিল্যই বঙগিকা (বংগ/দক্ষিণ বংগৰ পৰা), মগধিকা (মগধৰ পৰা) আৰু পৌন্দ্ৰিকা (পুন্দ্ৰ/উত্তৰ বংগৰ পৰা)ৰ লগতে সুবৰ্ণকুদ্যক (কামৰূপৰ পৰা) উৎপাদনৰ কথা উল্লেখ কৰিছে। ইয়াৰে সুৱৰ্ণকুদ্যক, মগধিকা আৰু পৌন্দ্ৰিকা কাপোৰ কৌসেয়া (অৰ্থাৎ বণৰীয়া ৰেচম) আৰু চিনা-পট্টা (পাট ৰেচম)। কামৰূপে সুৱৰ্ণকুদ্যক উৎপন্ন কৰা কথাটো অষ্টম শতিকাৰ সাহিত্যিক কুমাৰীলা ভট্টেও নিজৰ গ্ৰন্থত উল্লেখ কৰিছে। তেওঁ লিখিছে '"কামৰূপেচৈৱ সুবৰ্ণ কুডিয়া" অৰ্থাৎ কামৰূপ ৰাজ্যয়ে "সুবৰ্ণ কুডিয়া"। অৰ্থশাত্ৰৰ মতে সুবৰ্ণকুদ্যকৰ কাপোৰবোৰ 'মাখনৰ ৰং', 'সূৰ্য্যৰ দৰে ৰঙা' আৰু উত্তম মানৰ আছিল। এই ৰঙৰ বৰ্ণনাৰ বাবেই ৰেচমৰ প্ৰকাৰটো সহজেই মুগা বুলি চিনাক্ত কৰিব পৰা যায়। গ্ৰন্থখনত এই বিধ ৰেচমৰ পলুৱে খোৱা চাৰিবিধ গছৰ(বকুলা, লিকুচা, বাট আৰু নাগা-বৃক্ষ) কথাও উল্লেখ কৰা হৈছে। ইয়াৰে ভাকুলা আৰু নাগা-বৃক্ষ এৰিকেলেছ আৰু মেগনোলিয়া প্ৰজাতিৰ অন্তৰ্গত যিটো মুগা ৰেচমৰ পলু "এন্থেৰিয়া আছামেনচিছে" খায় বুলি জনা যায়; আনহাতে লিকুচা (Artocarpus lakucha) আৰু ভাটা ম'ৰাচিয়া (মালবেৰী) প্ৰজাতিৰ অন্তৰ্গত যিটো পাট ৰেচম পলুৱে খায়। নৱম শতিকাৰ অমৰা-কোষৰ শব্দকোষতো উল্লেখ কৰা আছে যে পট্ৰৰ্না(বগা ৰেচমৰ এটা প্ৰকাৰ) পলুৱে বাতা, লাকুচা আদিৰ পাত খাইছিল।‌ অৰ্থশাস্ত্ৰত লগতে এইটোও কোৱা হৈছে যে এই বস্ত্ৰ সূতা তিতি থকাৰ সময়ত উৎপাদন কৰা হৈছিল। ইয়াৰ পৰা বুজা যায় যে সেই সময়ৰ মুগা পাটৰ উৎপাদন পদ্ধতিও আজিৰ দৰে আছিল।‌

প্ৰাচীন গ্ৰন্থ কালিকা পুৰাণ(দশম- একাদশ শতিকাৰ মাজৰ)ত কামৰূপৰ দেৱ-দেৱীৰ পূজাত ৰেচম ব্যৱহাৰ কৰা কথা ভালদৰে লিপিবদ্ধ কৰা হৈছে। গ্ৰন্থ অনুসৰি ডিক্কৰবাশিনী পীঠত(সাদিয়াৰ তাম্ৰেশ্বৰী বুলিও জনাজাত) দেৱ-দেৱীসকলক পূজা কৰাৰ সময়ত মন্দিৰৰ দেউৰীয়ে মূৰ্তিসমূহ ৰঙা, হালধীয়া আৰু বগা কৌশেয়া(অৰ্থাৎ বনৰীয়া ৰেচম) কাপোৰেৰে ঢাকি ৰাখিছিল। জনা যায় যে পুৰণি কালত মুগা হালধীয়া(প্ৰাকৃতিক), বগা(মেজানকাৰী মুগা) ৰঙত উপলব্ধ আছিল আৰু প্ৰায়ে "লেক" ৰঙা ৰং কৰা হৈছিল।

সংস্কৃত গ্ৰন্থ হৰ্ষচৰিত (উত্তৰ ভাৰতীয় শাসক হৰ্ষবৰ্ধনৰ জীৱনী সপ্তম শতিকাত দৰবাৰ কবি বানাভট্টই ৰচনা কৰা) মতে, ৰজা হৰ্ষবৰ্ধনৰ ৰাজ অভিষেক অনুষ্ঠানৰ সময়ত কামৰূপৰ ৰজা ভাস্কৰবৰ্মানে উত্তৰ ভাৰতীয় ৰজাজনক বহুতো বহুমূলীয়া সামগ্ৰী উপহাৰ দিয়ে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল তেখেতে দিয়া বহুমূলীয়া কাপোৰ আৰু ৰত্ন। এই কাপোৰৰ ভিতৰত উল্লেখযোগ্য আছিল দুকুলা কাপোৰেৰে মেৰিয়াই থোৱা ছাতি, পট্টা-সূত্ৰ কাপোৰৰ বস্তাৰ লগতে শৰৎ চন্দ্ৰৰ পোহৰৰ দৰে বিশুদ্ধ ক্ষোমা কাপোৰ (শৰদ চন্দ্ৰমা শৌচা ক্ষমনি)। এই কাপোৰবোৰ হয়টো ৰেচম বা লিনেন হ’ব পাৰে। গ্ৰন্থখনত লগতেই উল্লেখ কৰা হৈছে যে কাপোৰবোৰ ইমানেই মিহি আৰু চিকচিকিয়া আছিল যে ই ভোজ-পাত্ৰৰ সৈতে মিল খাইছিল। এই কথাষাৰৰ পৰা কাপোৰ সমূহ ৰেচম যেন অনুভৱ হয়।

মধ্য যুগৰ

[সম্পাদনা কৰক]

মুগা পলুৰ ওপৰত genetic গৱেষণাৰ পৰা দেখা গৈছে যে অসমৰ দুটা নিৰ্দিষ্ট অঞ্চলত অসমৰ ৰেচমৰ উৎপত্তি হৈছিল। এটা আছিল প্ৰাচীন কামৰূপ ৰাজ্যৰ গাৰো পাহাৰ (বড়ো সকলে কৰিছিল) আৰু আনটো আছিল প্ৰাচীন চুতীয়া ৰাজ্যৰ ঢকুৱাখনা। বুৰঞ্জীছৰ মতে চুতীয়া ৰজাই ১৫২৪ খ্ৰীষ্টাব্দত কিছু সোণালী ৰঙৰ কাপোৰ/মেখেলা (দেওধাই বুৰঞ্জীত "সোনোৱালী কাপুৰ" আৰু টাই ভাষাৰ বুৰঞ্জীত"খাম-চিন" বা সোনালী মেখেলা) আহোম ৰজাক শান্তি নৈবেদ্য হিচাপে উপহাৰ দিছিল। সম্ভৱতঃ এই কাপোৰ সোণবৰণীয়া মুগা আছিল।

নাওবৈচা ফুকনৰ বুৰঞ্জী অনুসৰি আহোম সকলে চুতুফা ৰজাৰ দিনত প্ৰথম মূগাৰ বস্ত্ৰ গ্ৰহণ কৰিছিল। পাঠ অনুসৰি আহোম ৰজা জনে তেওঁৰ মন্ত্ৰীসকলৰ পৰামৰ্শ মতে মুগা, পাটৰ কাপোৰ পৰিধান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজধানীত ৰাজবস্ত্ৰ বোৱাৰ বাবে চুতীয়া সম্প্ৰদায়ৰ (বুৰঞ্জীখনত চুতীয়াক "চুটীয়া-কছাৰী" বুলি কোৱা হৈছে) ১ হাজাৰ মহিলা পলু পোহা, কাটনী আৰু শিপিনীৰ কামত নিয়োগ কৰে। কিন্তু এই ঘটনা পৰবৰ্তী কালৰ কোনোবা এজন ৰজাৰ কালতহে হোৱা সম্ভৱ কাৰণ একেইখন বুৰঞ্জীতে সেই সময়ত শদিয়া, মৰঙী, ইত্যাদি ঠাই আহোম ৰাজ্যৰ অন্তৰ্গত আছিল বুলি কোৱা‌ হৈছে। যিকিনহওক ইয়াৰ পৰা গম পোৱা যায় যে আহোম ৰজা সকলে এসময়ত থলোৱা লোকৰ পৰাহে মুগা পৰিধান কৰিবলৈ লৈছিল।‌ শিৱসাগৰ জিলাত এতিয়াও চুতীয়া কাটনী আৰু চেতিয়া কাটনী নামৰ ঠাই দেখা পোৱা যায়। মুগা পৰিধান কৰা আগতে আহোমসকলে ক’লা ৰঙৰ কাপোৰ পিন্ধিছিল বুলি বুৰঞ্জীত উল্লেখ আছে। অসম বুৰঞ্জীত আহোমসকলক ১৫০০ শতিকাত "লুণ্ডা-মুণ্ডা কুলা কাপুৰ পিন্ধা লুক" (ক'লা কাপোৰ পিন্ধা পুৰুষ) বুলি উল্লেখ কৰা হৈছে, অৰ্থাৎ তেওঁলোকে ১৫০০ শতিকালৈকে ইউনান আৰু বাৰ্মাৰ আন টাইসকলৰ দৰে ক'লা কপাহী কাপোৰ পিন্ধিছিল। থলুৱা শাসকসকলৰ এই বস্ত্ৰ শৈলী গ্ৰহণ কৰাৰ বাবেই আহোম ৰাজ্যত মুগা উৎপাদনে পৃষ্ঠপোষকতা লাভ কৰিছিল। আহোম ৰজাসকলে তেওঁলোকৰ ৰাজসভালৈ অহা বিশিষ্ট দৰ্শনাৰ্থীসকলৰ উপস্থাপনৰ বাবে বহু ব্যয়বহুল মুগা চেট ৰাখিছিল বুলি জনা যায়। ৰানী সকলে ব্যক্তিগতভাৱে বয়নবিদসকলক প্ৰশিক্ষণ দিয়াৰ লগত জড়িত আছিল।

যদিও অসমৰ চৌদিশে ৰেচমৰ খেতি কৰা আৰু বোৱা হৈছিল, তথাপিও কামৰূপ আৰু পাছলৈ আহোম ৰাজ্যৰ দিনত "শুৱালকুছি" নামৰ এখন ঠাইৰ এৰি, পাত আৰু মুগা ৰেচম বস্ত্ৰই বহু খ্যাতি অৰ্জন কৰিছিল। ৯০০ খ্ৰীষ্টাব্দৰ পৰা প্ৰায় ১১০০ খ্ৰীষ্টাব্দলৈ পশ্চিম অসমত শাসন কৰা পাল বংশৰ ৰজা ধৰ্মপালে একাদশ শতিকাত শুৱালকুছি প্ৰতিষ্ঠা কৰা বুলি কোৱা হয়। কাহিনী অনুসৰি ধৰ্মপালাই বৰপেটাৰ তাঁতীকুছিৰ পৰা ২৬টা শিপিনী পৰিয়ালক শুৱালকুছিলৈ আনি আধুনিক গুৱাহাটীৰ ওচৰত এখন শিপিনী গাঁৱৰ সৃষ্টি কৰিছিল। সেই সময়ছোৱাত ৰেচমক ৰাজকীয় পৃষ্ঠপোষকতা দিয়া হৈছিল আৰু শুৱালকুছিক ৰেচম বোৱাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছিল। ১৬৬২ চনত ফৰাচী ভ্ৰমণকাৰী জিন জোচেফ টাভিৰ্নিৰে সৰ্বপ্ৰথমে মুগাক বিশ্ব দৰবাৰলৈ লৈ গৈছিল। ইয়াৰ পিছত মুগাৰ প্ৰথম সৰ্ববৃহৎ ৰপ্তানি হয় ১৭৯৩ চনত ইংলণ্ডলৈ যেতিয়া ব্ৰিটিছ ইষ্ট ইন্দিয়া কোম্পানিয়ে ২২৪ মণ্ড মুগা সূতা স্বৰ্গদেউ শাসন কালত ৰপ্তানি কৰে।

বাণিজ্য

[সম্পাদনা কৰক]
মুগা লেটা

১৭৯৩ চনত ২২৪ মণ্ড মুগা সূতাৰ দাম দিয়া হৈছিল ৫৩,৮৯৯ টকা। ইয়াৰ পৰাই মূগাৰ আতীজৰ মূল্যৰ অনুমান কৰিব পাৰি। বৰ্তমান সময়ত ১ কেজি মুগা সূতাৰ দাম বজাৰত ৩২০০ টকাৰ পৰা ৫০০০ টকা পৰ্যন্ত হ'ব পাৰে। সেয়েহে মূগাৰ বাণিজ্যত জড়িত সকলৰ বাণিজ্যিক স্বাৰ্থ সুৰক্ষা কৰিবলৈ ২০০৭ চনৰ ১৩ জুলাইত মুগাসূতাক GI (Geographical Indication - ভৌগলিক ইঙ্গিত) প্ৰদান কৰা হয়।[5] আনহাতে অসমৰ মুগা ৰেচমৰ ল'গক ৩ মাৰ্চ, ২০১৪ চনত GI প্ৰদান কৰা হয়৷[6] এই ল'গ প্ৰদান কৰাৰ পিছত মুগাৰ পৰা বনোৱা যিকোনো বস্ত্ৰ-সামগ্ৰী ইত্যাদিয়ে বহন কৰিব পাৰিব নিজা চিহ্ন যি প্ৰমাণ কৰিব ইয়াৰ বিশুদ্ধতা। তাৰোপৰি মুগাৰ যিকোনো ধৰণৰ অনুমোদিত নকলৰ (Bio piracy) পৰাও সুৰক্ষা প্ৰদান কৰিব GIয়ে। যিহেতু অসম বিশ্বৰ ভিতৰতে মূগা উৎপাদন কৰা একমাত্ৰ প্ৰান্ত সেয়েহে মূগাক GI দিয়াৰ বাবে মুগাৰ বিশুদ্ধতা ৰক্ষা হোৱাৰ লগতে, মুগাৰ সৃষ্টি আৰু বেপাৰ-বাণিজ্যত অসমৰ একাধিপত্য প্ৰতিস্থা হ'ব আৰু আমাৰ এই আপুৰুগীয়া সম্পদৰ পৰা আমাৰ মুগা খেতিয়ক, শিপিনী সকল বাৰুকৈ উপকাৰিত হ'ব।

বাণিজ্যিক দিশৰ পৰা মুগাৰ পৰা অসমে ৪০ কোটি টকা বাৰ্ষিক আয় কৰে (মৰোৱা বজাৰৰ তথ্যৰ মতে)। অসমৰ প্ৰায় ২৩,৫৪৩টা পৰিয়াল মুগা খেতি আৰু বয়নশিল্পৰ (২০০৪) লগত জড়িত আৰু ২০০১-২০০৩ চনত অসমত ৯২ মিলিয়ন টন মুগা লেটা উৎপাদন কৰা হয় (Directorate of Sericulture, Government of Assam)। ইয়াৰ উপৰি মুগা সূতা আৰু কপোৰৰ ৰপ্তানিৰ পৰা অসমে বাৰ্ষিক ১০০ৰ পৰা ১২০ কোটি টকা উপাৰ্জন কৰে।

চোম গছত মুগা পলু

উৎপাদনৰ ফালৰ পৰা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, কামৰূপ জিলা আৰু লখিমপুৰ জিলাৰ ঢকুৱাখনাত মুগাৰ সৰ্বাধিক উৎপাদন হয়। ইয়াৰে ভিতৰত কামৰূপ জিলাৰ শুৱালকুছি হৈছে বিশ্বৰ সৰ্ববৃহত ৰেচম উৎপাদনকাৰী গাঁও আৰু মুগা উৎপাদনৰ ক্ষেত্ৰতো ই বিশ্বৰ সৰ্ববৃহত গাঁও হিছাপে স্বীকৃতি পাইছে । ১১ শতিকাত ৰজা ধৰ্মপালৰ নিৰ্দেশত ২৬ শিপিনী পৰিয়ালেৰে প্ৰথম স্থাপন হৈছিল শুৱালকুছিৰ। সেই তেতিয়াৰে পৰা এতিয়ালৈকে শুৱালকুছিৰ বাসিন্দাসকলে নিজৰ এই বস্ত্ৰশিল্পক এৰা নাই আৰু গাঁওখনৰ ৫০,০০০ জনবসতিৰ প্ৰায় ২৫,০০০ গৰাকী ব্যক্তি এই বয়নশিল্পৰ লগত জৰিত। সেয়েহে শুৱালকুছিক পূৱৰ মানচেষ্টাৰ আখ্যা দিয়া হয়।

অসমৰ সমাজত মুগা

[সম্পাদনা কৰক]

সুন্দৰ সোণোবালী বৰণ আৰু স্থায়িত্বৰ বাবে মুগা জনসাধাৰণৰ মাজত জনপ্ৰিয়। আন ৰেচমৰ তুলনাত মুগা অতি সোনকালে বেয়া নহয় আৰু ইয়াক সহজে ধুব পৰা যায়।উদ্ধৃতি ত্ৰুটি: </ref> বন্ধ কৰা হৈছে; <ref> টেগৰ বাবে পোৱা নাই বিভিন্ন ফেশ্বন ৱিকত মুগাৰে তৈয়াৰী নানান বস্ত্ৰই ৰাইজৰ মাজত বহুত সমাদৰ লাভ কৰিছে। কিন্তু এই সকলোবোৰৰ পিছতো অসমত মুগাৰ ব্যৱসায়ৰ যিমান বিকাশ হ'ব লাগিছিল সিমান হোৱা নাই। মুগা ব্যৱসায় এতিয়াও কুটিৰশিল্পৰ দৰেই চলি আছে কিন্তু প্ৰয়োজন মুগা ব্যৱসায়ক এক অতি উচ্চ পৰ্যায়ৰ বাণিজ্যিক স্বীকৃতি দিয়াৰ। সৰু সৰু নিজা ব্যৱসায়ৰ বা আত্মসহায়ক গোটৰ দ্বাৰা মুগা উৎপাদিত হোৱাৰ বিপৰীতে যদি এই মুগা ব্যৱসায়ী সকলক একগোট কৰি চৰকাৰী সাহাৰ্য্য যেনে আধুনিক মিল, সূতা কটা যন্ত্ৰ, মুগা পলু পালন কেন্দ্ৰ, যন্ত্ৰ চলিত তাঁত , ইত্যাদি প্ৰদান কৰা হয়, তেনে অৱস্থাত মুগা উৎপাদন বৰ্তমানতকৈ বহুগুণ বেছি বৃদ্ধি কৰিব পৰা যাব। চৰকাৰী চেৰিকাল্চাৰ বিভাগেও নিজৰ উপস্থিতি মুগা খেতিৰ ক্ষেত্ৰত বাৰুকৈ প্ৰতিপন্ন কৰিব লাগে। বৰ্তমানে মুগাৰ যি বাণিজ্যিক সাম্ভাব্য আছে তাক যেন সঠিক ভাবে অসমে নিষ্কৰ্ষ কৰিব পৰা নাই। তাৰোপৰি কম দামৰ তচৰ ৰেচম আৰু চীন দেশৰ কৃত্ৰিম ৰেচমে অসমৰ মুগাক অন্তৰাষ্ট্ৰীয় বজাৰত কিছু পৰিমাণে প্ৰতিযোগিতা দিয়াৰ চেষ্টা কৰা দেখা গৈছে। তাৰোপৰি বৰ্ধিত প্ৰদূষণেও মুগা পলুৰ জীৱন চক্ৰত কিছু বাধাৰ সৃষ্টি কৰি মুগা উৎপাদনত কিছু বিঘিনিৰ সৃষ্টি কৰিছে। [7] [8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "GI Registry India". Statewise Registration Details of GI Applications. Intellectual property India. Archived from the original on 26 August 2013. https://web.archive.org/web/20130826183844/http://ipindia.nic.in/girindia/। আহৰণ কৰা হৈছে: 27 January 2016. 
  2. "The World Flora Online". https://www.worldfloraonline.org/taxon/wfo-0001070984;jsessionid=01BFF0305A00C8B7C8B6777D988CBCBF। আহৰণ কৰা হৈছে: 5 December 2024. 
  3. "WFO The World Flora Online". https://www.worldfloraonline.org/taxon/wfo-0000365805। আহৰণ কৰা হৈছে: 5 December 2024. 
  4. "Kautilya,Arthashatra,p.110, "The above will explain the fabrics known as kauseya, silk-cloth, and chinapatta, fabrics of China manufacture."". Archived from the original on 2020-11-12. https://web.archive.org/web/20201112031454/https://www.csboa.com/eBooks/Arthashastra_of_Chanakya_-_English.pdf। আহৰণ কৰা হৈছে: 2020-02-06. 
  5. "Geographical Indications Registry". https://search.ipindia.gov.in/GIRPublic/Application/Details/55। আহৰণ কৰা হৈছে: 5 December 2024. 
  6. "Geographical Indications Registry". https://search.ipindia.gov.in/GIRPublic/Application/Details/384। আহৰণ কৰা হৈছে: 5 December 2024. 
  7. দেৱযানী বড়া,মুগা - অসমৰ এক সোণালী সম্পদ, বৰ্হমথুৰি (এন আই টি শিলচৰৰ বসন্ত আলোচনী) https://docs.google.com/file/d/0B4ZC6NF4m4DvRnZYaEZ6NlNaTlE/edit
  8. KisHor Goswami,Impact of Globalisation on Silk Industry in Northeast India: an Assesment from Gender Perspectives, https://www.google.co.in/search?q=KisHor+Goswami%2CImpact+of+Globalisation+on+Silk+Industry+in+Northeast+India%3A+an+Assesment+from+Gender+Perspectives&oq=KisHor+Goswami%2CImpact+of+Globalisation+on+Silk+Industry+in+Northeast+India%3A+an+Assesment+from+Gender+Perspectives&aqs=chrome..69i57.1171j0j1&sourceid=chrome&es_sm=122&ie=UTF-8