সমললৈ যাওক

ফজলি আম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফজলি আম

ফজলি আম বা ফকিৰভোগ হল ফলৰ ৰজা আমৰ এক প্ৰকাৰ। এই আম দক্ষিণ এছিয়াৰ বিশেষকৈ কৰে বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ আৰু বিহাৰত পোৱা যায়। আমৰ অন্যান্য প্ৰজাতি সমূহতকৈ ই দেৰিকৈ ফলে। সাধাৰণতে জাম আৰু আচাৰ তৈয়াৰ কৰোঁতে ব্যৱহৃত ফজলি আম, আকাৰত বৰ ডাঙৰ হয়; এক কিলোগ্ৰাম বা তাতোকৈ বেছি ওজনৰ হব পাৰে। ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ মালদা জিলা[1] আৰু বাংলাদেশৰ ৰাজশাহী, চাঁপাইনবাবগঞ্জ জিলা ফজলি খেতিৰ বাবে বিখ্যাত।[2][3][4]

এপ্ৰিল, ২০০৮ৰ পৰা মাৰ্চ ২০০৯ ৰ মাজভাগত ভাৰত বিশ্ব বাণিজ্য সংস্থামালদা জিলাৰ ফজলি আমৰ বাবে ভৌগোলিক স্বীকৃতি লাভ কৰিছে।[5] বাংলাদেশতো ৰাজশাহীৰ ফজলিৰ বাবে ২০১৩ চনত ভৌগোলিক সূচক পাবলৈ ভাৱনা-চিন্তা আৰম্ভ হৈছে।[6][7]

নামকৰণৰ ইতিহাস

[সম্পাদনা কৰক]

কথিত আছে, ১৮০০ চনত মালদাৰ কালেক্টৰ ৰেভেন চাহাবে ঘোঁৰাৰ গাড়ীৰে গৌড় লৈ গৈ আছিল। পথত তেওঁৰ পিয়াহ লগাত গাঁৱৰ এক মহিলাক পানী খুজিছিল। ফজলু বিবি নামে সেই মহিলাৰ চোতালত এজোপা ডাঙৰ আমগছ আছিল। ফজলু বিবি সেই আম দি ফকিৰ-সন্ন্যাসীসকলক আপ্যায়ন কৰিছিল (সেইবাবে এই আমৰ আন এক নাম ফকিৰভোগ)। ফজলু বিবি তেওঁক পানীৰ পৰিবৰ্তে এটি আম খাবলৈ দিয়ে। আম খাই কালেক্টৰ চাহাবে ইংৰাজীত তাইক আমৰ নাম সুধিলে। বুজিব নোৱাৰি মহিলা গৰাকীয়ে তাইৰ নিজৰ নাম ক'লে। তেতিয়াৰ পৰা এই আমৰ নাম ফজলি হয়।[8][9][10]

ফজলি আম গড়ে ১৩.৮ চে.মি. দীঘল ৯.৫ চে.মি. প্ৰস্থ আৰু ৭.৮ চে.মি. উচ্চতাৰ হয়। গড়ে ওজন প্ৰায় ৬৫৪.৪ গ্ৰাম। আমটো দীঘল আৰু ঈষৎ চেপেটা। পকা আম অলপ হালধীয়া। আঁহবিহীন, ৰসাল, সুগন্ধযুক্ত, সুস্বাদু আৰু মিঠা। গুটি দীঘল, চেপেটা আৰু পাতল। এই আমৰ মিঠাৰ পৰিমাণ ১৭.৫ শতাংশ। আহাৰ-শাওন মাহত, বা সাধাৰণতে জুলাই মাহৰ পৰা ফজলি আম পকে।[8]

সাহিত্যত উল্লেখ

[সম্পাদনা কৰক]

বিভিন্ন ধৰণৰ আমৰ উল্লেখ বঙালী সাহিত্যত বহুবাৰ হৈছে। ৰবীন্দ্ৰনাথ ঠাকুৰ তেওঁৰ শেষেৰ কবিতা উপন্যাসত নায়ক অমিত ৰায়ৰ মুখেৰে ফজলি আমৰ উল্লেখ কৰিছে।[11]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ইংৰাজী Ratna Ganguli, TNN Jul 4, 2004, 11.35pm IST (4 July 2004). "Bengal's Fazli mangoes make it to London stores - Economic Times". Articles.economictimes.indiatimes.com. Archived from the original on 14 May 2014. https://web.archive.org/web/20140514221538/http://articles.economictimes.indiatimes.com/2004-07-04/news/27373998_1_kesar-mangoes-alphonso আহৰণ কৰা হৈছে: 19 May 2014.
  2. ইংৰাজী Hafez Ahmed @ http://www.thefinancialexpress-bd.com(22 July 2012). "Fazli mango market gains momentum in Rajshahi". Thefinancialexpress-bd.com. http://www.thefinancialexpress-bd.com/old/more.php?date=2012-07-22&news_id=137416 আহৰণ কৰা হৈছে: 19 May 2014.
  3. ইংৰাজী "Fazli market gains momentum". The Daily Star. http://www.thedailystar.net/fazli-market-gains-momentum-31996 আহৰণ কৰা হৈছে: 2015-11-22.
  4. "Fazli mango market gains momentum in Rajshahi". www.thefinancialexpress-bd.com. http://www.thefinancialexpress-bd.com/old/more.php?news_id=137416&date=2012-07-22 আহৰণ কৰা হৈছে: 2015-11-22.
  5. ইংৰাজী "STATE WISE REGISTRATION DETAILS OF G.I APPLICATIONS 15th September, 2003 – Till Date". Geographical Indication Registryhttp://ipindia.nic.in/. http://ipindia.nic.in/girindia/treasures_protected/registered_GI_18November2015.pdf আহৰণ কৰা হৈছে: 24 জানুৱাৰী 2016.
  6. ইংৰাজী "Geographic Indication: The role of the private sector". The Financial Expresshttp://www.bfti.org.bd/. ঢাকা, মঙ্গলবাৰ, ১২ নৱেম্বৰ, ২০১৩. পৃষ্ঠা: 3. Archived from the original on 2015-06-17. https://web.archive.org/web/20150617211741/http://www.bfti.org.bd/pdf/publication/geographic_Indication_The_Role_of_private_Sector.pdf আহৰণ কৰা হৈছে: 24 জানুৱাৰী 2016.
  7. Our Bureau. "Dhaka to contest India’s GI claim over Jamdani sarees, Fazli mangoes | Business Line". Thehindubusinessline.com. http://www.thehindubusinessline.com/news/dhaka-to-contest-indias-gi-claim-over-jamdani-sarees-fazli-mangoes/article4150532.ece আহৰণ কৰা হৈছে: 19 May 2014.
  8. 1 2 আলম, ফখৰে. "আমপাঁচালি". কালেৰ কণ্ঠ. http://www.kalerkantho.com/print-edition/oboshore/2015/05/30/227601 আহৰণ কৰা হৈছে: 24 জানুৱাৰী 2016.
  9. "নাম দিয়ে যায় চেনা". আনন্দবাজাৰ পত্ৰিকা. http://www.anandabazar.com/aamdarbar/picture-gallery-of-various-mango-1.149303 আহৰণ কৰা হৈছে: ২৫ জানুৱাৰী 2016.
  10. "আমেৰ মৌতাতে সাহিত্যেৰ স্মৃতিবিলাস". আনন্দবাজাৰ পত্ৰিকা. http://www.anandabazar.com/aamdarbar/how-mango-stands-in-bengali-literature-1.149350 আহৰণ কৰা হৈছে: ২৫ জানুৱাৰী 2016.
  11. পাঠক, আশিস. "আমেৰ মৌতাতে সাহিত্যেৰ স্মৃতিবিলাস". আনন্দবাজাৰ পত্ৰিকা. http://www.anandabazar.com/aamdarbar/how-mango-stands-in-bengali-literature-1.149350 আহৰণ কৰা হৈছে: 25 জানুৱাৰী 2016.