সমললৈ যাওক

আম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আম
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Sapindales
পৰিয়াল: Anacardiaceae
গণ: Mangifera
প্ৰজাতি: M. indica
বৈজ্ঞানিক নাম
Mangifera indica
L.

আম (ইংৰাজী: Mango, বৈজ্ঞানিক নাম: Mangifera indica) হৈছে 'Mangifera' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ ৰসাল ফলধৰা উদ্ভিদ। এই উদ্ভিদবিধ দক্ষিণ এছিয়াত স্থানীয়ভাৱে দেখা পোৱা যায়। আমে ভাৰতবৰ্ষ আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰীয় ফল আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় বৃক্ষ (national tree) হিচাপে স্বীকৃতি পাইছে।[1] Mangifera indica, সাধাৰণতে [[আম] নামেৰে জনাজাত, Anacardiaceae পৰিয়ালৰ পৃষ্ণ উদ্ভিদ ৰ এটা প্ৰজাতি। .[2] ই এটা ডাঙৰ ফলৰ গছ, সাঁচ:Convert/ফুটসাঁচ:Convert/test/Aঅফ। আধুনিক আম  ত দুটা সুকীয়া জিনীয় জনসংখ্যা আছে "ভাৰতীয় প্ৰকাৰ" আৰু "দক্ষিণ-পূব এছিয়ান প্ৰকাৰ"।


আমৰ ইংৰাজী নাম অৰ্থাৎ "mango" তামিল শব্দ ' māṅgai বা mankay' অথবা মালায়ালম শব্দ 'māṅga' শব্দৰ পৰা উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয়।[3][4][5][6]

আম এবিধ বৃক্ষজাতীয় উদ্ভিদ। ইয়াৰ উচ্চতা প্ৰায় ৩৫-৪০ মিটাৰ পৰ্যন্ত হ'ব পাৰে। এই গছবিধ বহুদিন জীয়াই থাকে। কিছুমান আমগছ ৩০০ বছৰ পৰ্যন্ত ফল ধাৰণ কৰিব পৰা অৱস্থাতে থকাৰো তথ্য পোৱা যায়। আমগছৰ পাত চিৰসেউজীয়া, সৰল আৰু alternate হয়। এটা পাত সাধাৰণতে দীঘলে ১৫-৩৫ ছে:মি: আৰু বহলে ৬-১৬ ছে:মি: হয়। কুমলীয়া পাতৰ বৰণ কমলা-গুলপীয়া। পুৰঠ হোৱাৰ লগে লগে এই ৰং সলনি হৈ গাঢ় ৰঙা হৈ সেউজীয়া হৈ পৰে। ফুলৰ দৈৰ্ঘ্য প্ৰায় ১০-৮০ ছে:মি: হয়। আমৰ ফলৰ বৰণ আৰু আকাৰ পুৰঠ হোৱাৰ লগে লগে সলনি হয়।

আলোকচিত্ৰৰ ভঁৰাল

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Mango tree National Tree
  2. purdue.edu/newcrop/morton/mango_ars.html "আম (Mangifera indica L.)". In: উষ্ণ জলবায়ুৰ ফল; নিউ ক্ৰপ ৰিচ'ৰ্চ অনলাইন প্ৰগ্ৰেম, চেণ্টাৰ ফৰ নিউ ক্ৰপছ এণ্ড প্লাণ্ট প্ৰডাক্টছ, পাৰ্ডু ইউনিভাৰ্চিটি. পৃষ্ঠাসমূহ: 221–239. https://hort. purdue.edu/newcrop/morton/mango_ars.html আহৰণ কৰা হৈছে: ২৪ ডিচেম্বৰ ২০২১.[সংযোগবিহীন উৎস]
  3. Walter William Skeat, Notes on English etymology
  4. Mango at Encyclopaedia Britannica
  5. Mango Merriam Webster Dictionary.
    "Origin of mango: Portuguese manga, probably from Malayalam māṅga. First Known Use: 1582"
  6. "Definition for mango - Oxford Dictionaries Online (World English)". Oxforddictionaries.com. Archived from the original on 2012-02-04. https://web.archive.org/web/20120204102543/http://oxforddictionaries.com/definition/mango আহৰণ কৰা হৈছে: 2012-06-17.

লগতে চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]