বিশ্ব বাণিজ্য সংস্থা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্ব বাণিজ্য সংস্থা World Trade Organization ইংৰাজী


Organisation mondiale du commerce ফৰাছী



আনুষ্ঠানিক ল'গ'

  সদস্য ৰাষ্ট্ৰ
  ইউৰোপিয়ান ইউনিয়নে প্ৰতিনিধিত্ব কৰা সদস্য ৰাষ্ট্ৰ
  নীৰিক্ষণকাৰী দেশ
  বৰ্হিৰাষ্ট্ৰ

চমু নাম ডব্লিউ টি অ' (WTO)
প্ৰতিষ্ঠা জানুৱাৰী ১, ১৯৯৫
ধৰণ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংগঠন
উদ্দেশ্য মুক্ত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য
প্ৰধান কাৰ্যালয় চেণ্টাৰ উইলিয়াম ৰেপাৰ্ড, জেনেভা, ছুইজাৰলেণ্ড
স্থানাংক 46°07′N 6°05′E / 46.12°N 6.09°E / 46.12; 6.09স্থানাংক: 46°07′N 6°05′E / 46.12°N 6.09°E / 46.12; 6.09
সেৱা ক্ষেত্ৰ বিশ্বজোৰা
সদস্যপদ ১৬০ খন সদস্য ৰাষ্ট্ৰ[1]
আনুষ্ঠানিক ভাষা ইংৰাজী, ফৰাছী, স্পেনিছ[2]
ৰবাৰ্ট’ এজভিড’ (Roberto Azevêdo)]],[3][4]
বাজেট ২০১১ চনত ১৯৬ মিলিয়ন চুইছ ফ্ৰাঁ (প্ৰায় ২০৯ আমেৰিকান ডলাৰ)[5]
কৰ্মচাৰী ৬৪০[6]
ৱেবছাইট www.wto.org

বিশ্ব বাণিজ্য সংস্থা (World Trade Organization) বা চমুকৈ ডব্লিউ টি অ’ (WTO) হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ উদাৰীকৰণৰ উদ্দেশ্যৰে গঠিত এক আন্তৰ্জাতিক সংগঠন। ১৯৪৮ চনত গঠন হোৱা জেনেৰেল এগ্ৰীমেণ্ট অন টেৰিফছ এণ্ড ট্ৰেড (General Agreement on Tariffs and Trade) বা চমুকৈ গেট (GATT) এই সংগঠনটোৰ পূৰ্বসূৰী আছিল। ১৯৯৪ চনৰ ১৫ এপ্ৰিলত হোৱা ১২৩ খন দেশৰ স্বাক্ষৰ সম্বলিত মাৰাকেক চুক্তি অনুযায়ী ১৯৯৫ চনৰ ১ জানুৱাৰীত আনুষ্ঠানিকভাৱে বিশ্ব বাণিজ্য সংস্থাৰ জন্ম হয়।[7] সংস্থাটোৱে অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যিক বিনিময় নিয়ন্ত্ৰণ কৰাৰ বাবে এক প্ৰণালী যুগুতোৱাৰ লগতে বিবাদসমূহ মীমাংসা কৰি চুক্তি অনুযায়ী কাৰ্যসমূহ চলাই নিয়াৰ বাবে প্ৰচেষ্টা হাতত লয়। [8]:fol.9–10[9]

দ্বিতীয় বিশ্বযুদ্ধৰ পিছতেই আন্তৰ্জাতিক অৰ্থনৈতিক সহযোগিতাৰ উদ্দেশ্যে স্থাপিত অন্যান্য সংগঠন, যেনে ব্ৰেটন উডছ সংস্থা অৰ্থাৎ ৱৰ্ল্ড বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ সৈতে সংস্থাটোৰ পূৰ্বসূৰী গেটৰ স্থাপনা কৰা হয়। একে সময়তে বাণিজ্যিক বিষয়সমূহৰ লগতে নিয়োগ, বিনিয়োগ, পণ্যদ্ৰব্যৰ চুক্তি আৰু নিষিদ্ধ ব্যৱসায়িক কাৰ্যকলাপ ইত্যাদিৰ নীৰিক্ষণ তথা নিয়ন্ত্ৰণৰ বাবে আন্তৰ্জাতিক বাণিজ্য সংস্থা নামৰ এক সংগঠনো প্ৰস্তাৱিত হয়। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে আন কেইবাখন ৰাষ্ট্ৰৰ সহমত নোপোৱাত এই প্ৰস্তাৱ ৰদ কৰা হয়।[10][11][12] ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংস্থা এটা নোহোৱাৰ বাবে গেটক বিশ্ব বাণিজ্য সংস্থালৈ ৰূপান্তৰ কৰা হয়।[13]

কাৰ্যাৱলী[সম্পাদনা কৰক]

আন্তৰ্জাতিক বাণিজ্য সংস্থাটোৱে নিম্নলিখিত কাৰ্যাৱলী পালন কৰে।

  • অন্তৰ্ভুক্ত চুক্তিসমূহৰ ৰূপায়ন, প্ৰশাসন আৰু কাৰ্যকৰিতা চোৱাচিতা কৰে।[14][15]
  • আন্তঃৰাষ্ট্ৰীয় মতানৈক্যসমূহ দূৰ কৰি বুজাপৰালৈ অহাৰ বাবে এক ফ’ৰাম প্ৰদান কৰে।[16][17]
  • ইয়াৰোপৰি বাণিজ্যিক নীতিসমূহৰ পুনৰীক্ষণ কৰি নীতিসমূহৰ যুক্তিযুক্ততা তথা স্বচ্ছতা নিশ্চিত কৰাটো সংস্থাটোৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাম।[15][17]
  • সংস্থাটোৰ নীতি অনুযায়ী উন্নয়নশীল দেশ তথা নিম্ন আয়ৰ দেশসমূহলৈ কাৰিকৰী সহযোগিতা তথা প্ৰশিক্ষণ আগবঢ়োৱা।[18]
  • বিশ্ব বাণিজ্য সংস্থাই গোলকীয় অৰ্থনৈতিক নীতিসমূহ হাতত লোৱাত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু আন্তঃৰাষ্ট্ৰীয় পুনৰ্গঠন আৰু উন্নয়ন বেংক তথা ইয়াৰ প্ৰতিনিধি সংস্থাসমূহৰ সৈতে যথোপযুক্ত সহযোগিতা আগবঢ়াই[19]

সদস্য ৰাষ্ট্ৰ আৰু নীৰিক্ষণকাৰী দেশসমূহ[সম্পাদনা কৰক]

সংস্থাটোৰ ১৬০ খন সদস্য ৰাষ্ট্ৰৰ লগতে ২৪ খন নীৰিক্ষণকাৰী দেশ আছে।[20]ৰাষ্ট্ৰসমূহৰ লগতে ইউৰোপিয়ান ইউনিয়নো ডব্লিউ টি অ’ৰ সদস্য। কিছুসংখ্যক আন্তৰ্জাতিক সংগঠনকো নীৰিক্ষণকাৰীৰ মৰ্যদা দিয়া হৈছে।[21] ২০০৭ চনৰ পৰিসংখ্যা অনুযায়ী সংস্থাটোৰ সদস্যসমূহে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ৯৬.৪% আৰু আন্তঃৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনৰ ৯৬.৭% প্ৰতিনিধিত্ব কৰে।[22]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Members and Observers at WTO official website
  2. Languages, Documentation and Information Management Division at WTO official site
  3. Bourcier, Nicolas (21 May 2013). "Roberto Azevedo's WTO appointment gives Brazil a seat at the top table". Guardian Weekly. http://www.theguardian.com/world/2013/may/21/azevedo-head-world-trade-organisation। আহৰণ কৰা হৈছে: 2 September 2013. 
  4. "Roberto Azevêdo takes over". WTO official website. 1 September 2013. http://www.wto.org/english/news_e/news13_e/dgra_13aug13_e.htm। আহৰণ কৰা হৈছে: 2 September 2013. 
  5. "WTO Secretariat budget for 2011". WTO official site. http://www.wto.org/english/thewto_e/secre_e/budget_e.htm। আহৰণ কৰা হৈছে: 25 August 2008. 
  6. Understanding the WTO: What We Stand For_ Fact File
  7. World Trade Organization - UNDERSTANDING THE WTO: BASICS
  8. Understanding the WTO Handbook at WTO official website. (Note that the document's printed folio numbers do not match the pdf page numbers.)
  9. Malanczuk, P. (1999). "International Organisations and Space Law: World Trade Organization". Encyclopaedia Britannica. 442. pp. 305. 
  10. P. van den Bossche, The Law and Policy of the World Trade Organization, 80
  11. Palmeter-Mavroidis, Dispute Settlement, 2
  12. Fergusson, Ian F. (9 May 2007). "The World Trade Organization: Background and Issues" (PDF). Congressional Research Service. p. 4. http://www.nationalaglawcenter.org/wp-content/uploads/assets/crs/98-928.pdf। আহৰণ কৰা হৈছে: 15 August 2008. 
  13. It was contemplated that the GATT would be applied for several years until the ITO came into force. However, since the ITO was never brought into being, the GATT gradually became the focus for international governmental cooperation on trade matters with economist Nicholas Halford overseeing the implementation of GATT in members policies. (P. van den Bossche, The Law and Policy of the World Trade Organization, 81; J.H. Jackson, Managing the Trading System, 134).
  14. Functions of the WTO, IISD
  15. 15.0 15.1 Main Functions, WTO official site
  16. A Bredimas, International Economic Law, II, 17
  17. 17.0 17.1 C. Deere, Decision-making in the WTO: Medieval or Up-to-Date?
  18. WTO Assistance for Developing Countries[সংযোগবিহীন উৎস], WTO official site
  19. Sinha, Aparijita. [1]. "What are the functions and objectives of the WTO?". Retrieved on 13 April 2014.
  20. "Members and Observers". World Trade Organization. 24 August 2012. http://wto.org/english/thewto_e/whatis_e/tif_e/org6_e.htm. 
  21. International intergovernmental organizations granted observer status to WTO bodies at WTO official website
  22. "Accession in perspective". World Trade Organization. http://www.wto.org/english/thewto_e/acc_e/cbt_course_e/c1s1p1_e.htm। আহৰণ কৰা হৈছে: 22 December 2013.