সমললৈ যাওক

হিমসাগৰ আম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০০৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাত অনুষ্ঠিত ১৫তম আম মহোৎসৱত প্ৰদৰ্শিত হিমসাগৰ আম
হিমসাগৰ আম
হিমসাগৰ আমৰ ভিতৰ

হিমসাগৰ আম এক জনপ্ৰিয় আমবাংলাদেশৰ ৰাজশাহী আৰু ভাৰতৰ পশ্চিমবংগত প্ৰচুৰ পৰিমাণে এই আমৰ খেতি কৰা হয়। এই আমৰ মিঠা সুগন্ধ আৰু সোৱাদ পৃথিৱীৰ অন্যান্য আমতকৈ ভিন্ন। সেয়েহে আম খেতিৰ ক্ষেত্ৰত হিমসাগৰ আমৰ খেতিৰ কথা প্ৰথমে বিবেচনা কৰা হয়।

হিমসাগৰ আম ইমানেই জনপ্ৰিয় যে, এই আমক আমৰ ৰজা বোলা হয়। এই আমৰ ভিতৰৰ ৰং হালধীয়াৰ পৰা কমলা আৰু আঁহ নাই।[1] এটি স্বাভস্বাভাৱিক আমৰ ওজন ২৫০ৰ পৰা ৩৫০ গ্ৰাম হয়। তাৰে ভিতৰত ৭৭ শতাংশই হল আম বাকি ৩৩ শতাংশ আমৰ গুটি। এইটো আমৰ এটি ভাল বৈশিষ্ট্য।[2] এই আমক ভালপাই বিভিন্ন লেখকে এশৰো অধিক কবিতা লিখিছে। ভাৰত আৰু বাংলাদেশৰ এই আম অবিহনে গ্ৰীষ্মকাল কল্পনা কৰা টান।

হিমসাগৰ আম জুন মাহত গাছত পকিবলৈ আৰম্ভ কৰে আৰু জুনৰ শেষৰফালে বজাৰত বিক্ৰীৰ বাবে উলিয়াই দিয়া হয়। এই আম ভাৰতৰ ঘাইকৈ নদীয়া, মুৰ্চিদাবাদ, মালদহ আৰু হুগলীত ব্যৱসায়িক ভিত্তিত খেতি কৰা হয়।[3] এই আম ভাৰতৰ ভৌগোলিক অস্তিত্বৰ ইঙ্গিত দিয়ে। সেয়ে এই আমক ভাৰতৰ ভৌগোলিক পৰিচায়কৰ মৰ্যাদা দিয়া হৈছে।[1]ইয়াৰ নিবন্ধন সংখ্যা ১১২।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Cottony soft to luscious and juicy - Bengal mangoes in Delhi". Samay Live. 18 June 2013. http://english.samaylive.com/regional-news/national-capital-region-news/676531660/exhibition-of-mangoes-from-bengal-at-dilli-haat-in-delhi.html আহৰণ কৰা হৈছে: 14 July 2013.
  2. Parmar, Chiranjit. "Mango". Fruitpedia.com. Archived from the original on 19 July 2013. https://web.archive.org/web/20130719102357/http://www.fruitipedia.com/Mango.htm আহৰণ কৰা হৈছে: 14 July 2013.
  3. "Mango tango". The Telegraph (Kolkata). 10 June 2012. http://www.telegraphindia.com/1120610/jsp/calcutta/story_15592070.jsp আহৰণ কৰা হৈছে: 14 July 2013.
  4. "Himsagar Mango Malda". Office of the Resident Commissioner, Government of West Bengal. http://rcwb.in/rcwb/wp-content/uploads/2013/01/HIMSAGAR-MANGO-MALDA.pdf আহৰণ কৰা হৈছে: 14 July 2013.