সমললৈ যাওক

বুটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বুটা ডিজাইনৰ সৈতে ছেহনা কিলিম, ১৯ শতিকাৰ প্ৰথমাৰ্ধ

বুটা (পাৰ্চী: بته), হৈছে আলমণ্ড বা পাইন শঙ্কু আকৃতিৰ মটিফ আৰু ইয়াৰ ওপৰৰ মূৰটো চোকা বক্ৰ আৰ্হিৰ।[1] যদিও পাৰ্চী মূলৰ, ভাৰত, আজাৰবাইজান, তুৰস্ক আৰু নিকট পূবৰ অন্যান্য দেশত ইয়াক অতি সাধাৰণ ভাৱে বুটা বুলি কোৱা হয়।[1] কাশ্মীৰী চাদৰৰ জৰিয়তে ই অন্ততঃ ১৯ শতিকাত ইউৰোপলৈকে বিয়পি পৰে, য'ত ইয়াক ব্যৱহাৰ কৰা আৰ্হিবোৰ ১৯৬০ চনৰ পৰা পেইজলি বুলি জনা যায। ইয়াৰ মূল কাৰণ স্কটলেণ্ডৰ পেইজলি, ৰেনফ্ৰিউশ্বাইৰত এইবোৰ নিৰ্মাণ কৰা এটা প্ৰধান কেন্দ্ৰ আছিল।

এছিয়ান অলংকাৰত বুটাৰ মটিফ সাধাৰণতে শৃংখলাবদ্ধ শাৰীত দেখুওৱা হয় যদিও বিশেষকৈ ভাৰতত ই বিভিন্ন আকাৰ, ৰং আৰু দিশৰ আৰ্হিত থাকিব পাৰে আৰু এইটো ইউৰোপীয় পেইজলি আৰ্হিৰ এটা বৈশিষ্ট্যও।

কোনো কোনো গৱেষকে বিশ্বাস কৰে যে বুটা হৈছে এটা আলংকাৰিক ফুলৰ বিস্তাৰ আৰু এটা চাইপ্ৰেছ গছৰ অভিসৰণ: জীৱন আৰু অনন্তকালৰ এটা প্ৰতীক।[2] এই বেঁকা আৰ্হিৰ বুটাতো শক্তি, প্ৰতিৰোধ আৰু বিনয়ৰ চিন। ফুলৰ মটিফৰ উৎপত্তি ছাছানিড বংশ আৰু পিছলৈ পাৰস্যৰ ছাফাৱী বংশত (১৫০১–১৭৩৬) হৈছিল আৰু কাজাৰ আৰু পাহলৱী বংশৰ সময়ত ইৰাণৰ এটা প্ৰধান বস্ত্ৰ আৰ্হি আছিল। এই সময়ছোৱাত এই আৰ্হিটো ৰাজকীয় ৰেগালিয়া, মুকুট আৰু দৰবাৰৰ কাপোৰ সজাবলৈ ব্যৱহাৰ কৰা হৈছিল, লগতে সাধাৰণ জনসাধাৰণে ব্যৱহাৰ কৰা বস্ত্ৰশিল্পসমূহো সজাবলৈ ব্যৱহাৰ কৰা হৈছিল। পাৰ্চী আৰু মধ্য এছিয়াৰ ডিজাইনসমূহে সাধাৰণতে মটিফসমূহ সমতলত শৃংখলাবদ্ধ শাৰীত সজোৱা আৰ্হিৰ।

ব্যৱহাৰ

[সম্পাদনা কৰক]

এই মটিফসমূহ এতিয়াও পাৰ্চী কাৰ্পেট, আজাৰবাইজানৰ ৰাগ, কালাঘাই চাদৰ আৰু বস্ত্ৰশিল্প, বৃহত্তৰ ইৰাণৰ সজ্জাগত-প্ৰয়োগ কৰা কলাৰ চিত্ৰ আৰু স্থাপত্যৰ স্মৃতিসৌধৰ সজ্জাতো পোৱা যায়।

উপহাৰৰ বাবে, বিয়া আৰু বিশেষ অনুষ্ঠানৰ বাবে ৰেচম বা অন্যান্য উচ্চমানৰ বস্ত্ৰৰ ওপৰত সোণ বা ৰূপৰ সূতা ব্যৱহাৰ কৰি বোৱা হয়। ইৰাণ আৰু উজবেকিস্তানত ইয়াৰ ব্যৱহাৰ কাপোৰৰ বাহিৰেও, চিত্ৰকলা, গহনা, ফ্ৰেস্কো, পৰ্দা, টেবুলক্লথ, কুইল্ট, কাৰ্পেট, বাগিচাৰ লেণ্ডস্কেপিং, আৰু মৃৎশিল্পতো বুটা ডিজাইনৰ ব্যৱহাৰ হয়। উজবেকিস্তানত এই ডিজাইনৰ বৈশিষ্ট্য থকা সহজেই পোৱা বস্তুটো হৈছে পৰম্পৰাগত ড'পি টুপী।

তামিলনাডুত মিল থকা কাণফুলিৰ সৈতে মাংগা মালাই (ডিঙিৰ হাৰ) পৰিধান[3][4] ভাৰতনাট্যম নৃত্যৰ এটা পৰম্পৰাগত বৈশিষ্ট্য।[5] কাঞ্চিপুৰম শাৰীত ই এক বিশিষ্ট ডিজাইন।[6][7][8][9] ইয়াক কেতিয়াবা হিন্দু ধৰ্মৰ সৈতেও জড়িত কৰা হৈছে।[10]

বুটা মটিফৰ আৰ্হি আৰু অলংকাৰ আজাৰবাইজানৰ ৰাগ, কালাঘাই আৰু বস্ত্ৰশিল্প, আজাৰবাইজানৰ সজ্জাগত প্ৰয়োগ কৰা কলাৰ চিত্ৰ আৰু স্থাপত্যৰ স্মৃতিসৌধৰ সজ্জাতো পোৱা যায়।[11] এই মটিফক আজাৰবাইজানৰ সকলো জাতীয় অলংকাৰৰ ভিতৰত আটাইতকৈ প্ৰাচীন বুলি গণ্য কৰা হয়।[12] কেৱল বুটাৰে সজাই তোলা বহুতো ছপা সামগ্ৰী আছে।[12] আজাৰবাইজানত অনুষ্ঠিত হোৱা ফিফা ১৭ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপৰ প্ৰতীকত বুটাক প্ৰদৰ্শিত কৰা হৈছে। ইয়াৰ উপৰিও এই বুটা এয়াৰৱেজৰ শুভংকৰ।

চিত্ৰ বিথিকা

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Н. Самгнна. (1995). Ковры типа Фахралы. 56. প্ৰকাশক Сообщения Государственного Эрмитажа: Искусство. পৃষ্ঠা. 59.
  2. Indian Hand Woven Jacquard Jamavar Shawls, Zanzibar Trading, archived from the original on 2012-01-18, https://web.archive.org/web/20120118083542/http://www.zanzibartrading.com/indian_shawls.htm, আহৰণ কৰা হৈছে: 2012-02-07.
  3. "22Kt gold Mango Mala necklace from India on Jewel of the Lotus". Asian art. Archived from the original on 2013-06-25. https://web.archive.org/web/20130625094505/http://www.asianart.com/jewelofthelotus/d11603.html আহৰণ কৰা হৈছে: 2013-03-11.
  4. "Traditional Jewels of India". Jewels in India. Archived from the original on 2012-12-03. https://web.archive.org/web/20121203200209/http://jewelsinindia.com/TraditionalJewelsInIndia.html আহৰণ কৰা হৈছে: 2013-03-11.
  5. "Blue stones Mango Necklace Temple Bharatanatyam Jewelry". Vadaamalar. 2011-01-08. Archived from the original on 2013-12-19. https://web.archive.org/web/20131219021838/http://www.vadaamalar.com/jewelry/indian-dance-jewellery/mango-necklace.html আহৰণ কৰা হৈছে: 2013-03-11.
  6. Sarumathi, K (2012-08-12). "M.S. blue, mango motif still in vogue". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-downtown/ms-blue-mango-motif-still-in-vogue/article3756002.ece আহৰণ কৰা হৈছে: 2013-03-11.
  7. Trends, Desi (2012-06-15). "Jayapradha Red Kancheepuram Bridal Sari | Saree Blouse Patterns". Celebrity saree. http://www.celebritysaree.com/2012/06/jayapradha-red-kancheepuram-bridal-sari.html আহৰণ কৰা হৈছে: 2013-03-11.
  8. "Image 14620652". Kanchipuram Silk Saree Stock Photography. Dreams time. 2010-04-24. http://www.dreamstime.com/stock-photography-kanchipuram-silk-saree-image14620652 আহৰণ কৰা হৈছে: 2013-03-11.
  9. "Sareeslook sarees". Picasa Web Albums. 2009-11-13. http://picasaweb.google.com/lh/photo/konLRIQkD2_73vIR6KdPXQ আহৰণ কৰা হৈছে: 2013-03-11.
  10. "Image of the Mankolam Design". Sacred Symbols of Hinduism. About. 2012-04-10. http://hinduism.com/od/artculture/ig/Sacred-Symbols-of-Hinduism/Symbol---Mankolam.htm আহৰণ কৰা হৈছে: 2013-03-11.
  11. В. Лобачев. (1975). Магия подзаголовка. Книга. পৃষ্ঠা. 190.
  12. 1 2 Г. А. Гулиев. (1964). Об азербайджанской набойке. Издательство Академии наук. 134.
  • F. Petri «Origin of the Book of the Dead Angient Egipt». 1926. June part 2 с 41-45
  • С. Ашурбейли «Новые изыскания по истории Баку и Девичьей башни» Альманах искусств 1972 г, С.Ашурбейли «О датировке и назначении Гыз галасы в крепости» Элм. 1974 г.