বাথৌ ধৰ্ম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
বাথৌ পতাকা

বাথৌ ধৰ্ম (বড়ো: बाथौ) বড়ো আৰু কছাৰী সম্প্ৰদায়ৰ জাতিগত ধৰ্ম। বাথৌ নাম (বা = পাঁচ; থৌ = গভীৰ)[1] টোৰ অৰ্থ হৈছে পাঁচটি নীতি।[2] এই ধৰ্মৰ পাঁচটি মূলনীতি হ'ল: বাৰ (বতাহ), অৰ (জুই), হা (পৃথিৱী), দৈ (জল) আৰু অখৰাং (ইথাৰ)।[2] প্ৰধান দেৱতা বাথৌৱৰাই (ৱাৰাই: "বয়স্ক") নামে পৰিচিত - সৰ্বব্যাপী আৰু সৰ্বজ্ঞ যি এই পাঁচটি নীতি তৈয়াৰ কৰিছিল বুলি জনা যায়। অন্যান্য সৰু সুৰা দেৱ-দেৱী থাকিলেও বাথৌৱাৰাইকে মূল দেৱতা জ্ঞান কৰা হয়। বাথৌৱাৰাই অদেখা। দ্বিতীয় সৰ্বাধিক গুৰুত্বপূৰ্ণ দেৱতা হ'ল মাইনাও, আৰু এই গৰাকী দেৱতা বাথৌৱাৰাইৰ স্ত্ৰী, যাক "ধাননি পথাৰৰ ৰক্ষক" হিচাপে বিবেচনা কৰা হয়। এক বিজ্ঞপ্তি অনুসৰি জানা গৈছে যে বাথৌ ধৰ্মক ভাৰতীয় ধৰ্ম ভিন্নতাৰ এটা অংগ হিচাপে অন্তৰ্ভুক্ত কৰা হ'ব।[3][4] পৰম্পৰাগত ভাৱে

সিজু গছ[সম্পাদনা কৰক]

বাথৌ দেৱতাক প্ৰতিনিধিত্ব কৰা সিজু গছ

বড়োসকলৰ মাজত সিজু গছৰ ব্যৱহাৰৰ প্ৰথা অতীজৰ পৰা চলি আহিছে। সিজুক বড়োসকলে বাথৌ পূজাত ব্যৱহাৰ কৰে। সেয়ে বাথৌ ধৰ্মৰ সৈতে এই সিজু গছ সম্পৰ্কিত। বড়ো সকলে ঘৰৰ বাহিৰত সিজু আৰু তুলসী গছ একেলগে ৰুই বাঁহৰ কামীৰে বেৰ দিয়ে। ওঠৰযোৰা বাঁ‌হৰ কামিত পাঁ‌চটা বান্ধোন দিয়া হয়। প্ৰতিযোৰা কামিয়ে এযোৰাকৈ উপ দেৱ-দেৱীক সূচায়। তলৰপৰা পাঁ‌চোটা বান্ধনিয়ে যথাক্ৰমে জন্ম, যন্ত্ৰণা, মৃত্যু, বিবাহ আৰু শান্তি/আনন্দক চিহ্নিত কৰে। তলৰ তিনিটা বান্ধনিক বান্দ' বোলে য'ৰপৰা জীৱনত কোনো সাৰি যাব নোৱাৰে। আনহাতে ওপৰৰ দুটা বান্ধনিৰ পৰা সাৰি যাব পৰা যায়। সিজু গছৰ বৈজ্ঞানিক নাম- Euphorbia antiquorum, ই হ'ল এবিধ ইউফোৰবীয়াছী (Euphorbiaceae) পৰিয়ালৰ অন্তৰ্গত, ইউফোৰবীয়া (Euphorbia) জাতিৰ অন্তৰ্গত[5] ৰসাল বনৌষধী। কেকটাছৰ সৈতে দেখিবলৈ একেধৰণৰ যদিও, সিজু কেকটাছ জাতিৰ অন্তৰ্গত নহয়। সিজু গছ ওখই প্ৰায় ৫,৬ মিটাৰ মানলৈকে হোৱা দেখা যায়। গা-গছত অসংখ্য কাঁইট থাকে। গোটেই গা-গছ আৰু পাত বোৰত যথেষ্ট পৰিমাণৰ পানী থাকে। পাতবোৰ বৰ মঙহাল হয়।

দেৱ-দেৱতা[সম্পাদনা কৰক]

(Endle 1911)য়ে ঘৰুৱা আৰু সম্প্ৰদায়ৰ ভগৱানৰ মাজত পাৰ্থক্য থকা বুলি উল্লেখ কৰিছে। ঘৰুৱা ভগৱানৰ ভিতৰত বাথৌৱাৰাই, মাইনাও, চং ৱাৰাই/বুৰাই আৰু বুৰা বাঘ ৰজা ইত্যাদি সকল জনপ্ৰিয় দেৱ-দেৱতা।[6] বড়ো সকলৰ দ্বাৰা সিজু গছক বাথৌৱাৰাই বুলি পূজন কৰা প্ৰথাটো অসমৰ গোৱালপাৰা জিলাত বিশেষ প্ৰসিদ্ধ যদিও দৰঙৰ ফালে এই বিশ্বাস কিছু কম। চং ৰজাক সাধাৰণতে ঘৰৰ ভিতৰৰ এটা ধামৰ দ্বাৰা পূজা কৰা হয়। এইজনা দেৱতাই সাধাৰণতে মহিলা সকলৰ দ্বাৰা বিশেষকৈ মহিলাৰ ঋতুস্ৰাৱৰ সময়ত পূজা গ্ৰহণ কৰে। পিছত পূজাৰ নৈবেদ্য সমূহ বাহিৰলৈ উলিয়াই আনি বাথৌ দেৱতাৰ প্ৰতিনিধিত্বকাৰী সিজু গছৰ তলত ৰখা হয়।[7]

ধৰ্মীয় বিশ্বাস আৰু উৎসৱ[সম্পাদনা কৰক]

বাথৌ ধৰ্মৰ ৰীতি-নীতিৰ কোনো বিশেষ লিখিত পাঠ্য বা ধৰ্মীয় গ্ৰন্থ বা মন্দিৰ নাই, সিজু গছৰ চাৰিওফালে তৈয়াৰ কৰা ভেটিতেই তেওঁলোকে পূজা-অৰ্চনা কৰে। এই প্ৰক্ৰিয়াত জীৱ-জন্তুৰ বলি দিয়া আৰু চাউলৰ পৰা তৈয়াৰী এক বিশেষ মদ উৎসৰ্গা কৰাৰ প্ৰথা বড়ো সকলৰ মাজত প্ৰচলিত আছে। বড়ো সকলে খেৰাই উৎসৱ পালন কৰে। এই খেৰাই উৎসৱ ব'হাগ বিহুৰ দৰে বসন্তকালীন উৎসৱ। এই উৎসৱৰ লগত জড়িত খেৰাই নৃত্য এক ঋতুধৰ্মী নৃত্য। সিজু গছক বাথৌ দেৱতা হিচাপে গণ্য কৰি বড়োসকলে পৰম্পৰাগতভাৱে এই পূজা পাতে। খেৰাইৰ বুৎপত্তিগত অৰ্থ এচাম পণ্ডিতে এইদৰে দিছে, খেৰাই হ’ল খাৰ+আই, অৰ্থাৎ খাৰ মানে হ’ল দৌৰা বা গতি কৰা আৰু আই মানে গোঁসানী। আইমাতৃক সন্তুষ্ট কৰিবৰ বাবে কৰা নৃত্যই হ’ল খেৰাই নৃত্য। কোনো কোনোৰ মতে খ-ৰ অৰ্থ হ’ল আঁঠু কঢ়া, ৰা-মানে সম্বোধন কৰা আৰু ই-ৰ অৰ্থ হ’ল ঈশ্বৰৰ উদ্দেশ্যে কৰা নৃত্য। বাথৌ দেৱতাৰ সমুখত বিভিন্ন উপাচাৰ, বলিৰ জীৱ-জন্তু, পশু-পক্ষী থৈ দেওধনীয়ে পূবফালে মুখ কৰি গমাৰি কাঠৰ পীৰাত বহে। ওজাই পিছত বহি আঁঠুলৈ মন্ত্ৰ মাতে। ওজাৰ পিছত বুঢ়া-মেথাসকল বহে। দেউৰীয়ে দেওধনীৰ বাওপিনে কিছু আঁতৰত বহে। সেইসময়তে খেৰাই নৃত্য চলি থাকে। পূজা শেষ হৈ যোৱাৰ পিছতো নৃত্য চলি থাকে। খাম, চিফুং, ৰিঙি, ৰামতাল, ওৱা, খোৱাং, বংগনা আদি এই নৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰ।[8]

বড়োসকলে বছৰেকত সমজুৱাকৈ এবাৰ গাৰ্‌জা, এবাৰ খেৰাই (বাথৌ) আৰু সময় সুবিধা অনুযায়ী ব্যক্তিগতভাৱে মায়নাওব্ৰী (লক্ষ্মী), বুৰ্ল্লিব্ৰী (কামাখ্যা), মাৰাই (মনসা)-ৰ উদ্দেশ্যে বিশেষ ৰীতি-নীতি আৰু বলি-বাহনেৰে পূজা দিয়ে। খেৰাই উৎসৱ অতি জাক-জমকতাৰে উদ্‌যাপন কৰে। আমথিচুৱা (অম্বুবাচী), কাতিগাছা (কাতি বিহু), দোমাছি (ভোগালী বিহু), ফুছ্‌লহাবা (পুতলী বিয়া), বৈছাগু বা বাইছাগু (ব'হাগ বিহু) আদিৰো বড়ো সমাজত প্ৰচলন আছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. (Boro 2014:28)
  2. 2.0 2.1 "...five ingredients of earth, water, air, fire and ether {ha, dwi, bar, or and okhrang). (Boro 2014:3)
  3. (Endle 1911, পৃষ্ঠা 3)
  4. (Inside NE 2019-02-06)
  5. "The Bathouism or Bathou is symbolised by the Sijou plant (Boro 2014:3)
  6. (Endle 1911, পৃষ্ঠা 35–36)
  7. (Endle 1911, পৃষ্ঠা 36–37)
  8. অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড॰ পৰমানন্দ ৰাজবংশী, ড॰ নাৰায়ন দাস (পৃষ্ঠা- ৯৮)