সমললৈ যাওক

মাঘ বিহু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভোগালী বিহুৰ পৰা পুনঃনিৰ্দেশিত)
মাঘ বিহু

মাঘ বিহুত জ্বলোৱা মেজি
অন্তৰ বাৰ্ষিক
ঠাই অসম, ভাৰত

পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়।[1] এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়।[2] এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে।[2] মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা। এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়।[3]

জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে।

মাঘ বিহুৰ মেজি

মাঘ বিহু আদিম যুগৰ পৰাই সমগ্ৰ অসমত এক গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে পালন কৰি আহিছে। মাঘ বিহু আদিম যুগৰ বড়ো মূলীয় লোক সকলৰ প্ৰধান উৎসৱ আছিল। পাছৰ পৰ্যায়ত কামৰূপ ৰাজ্যৰ দিনত আৰ্য ব্ৰাহ্মণ সকলে হিন্দু ৰীতি মতে তিথি নিৰ্ধাৰিত কৰি দিছিল।

মাঘ বিহুৰ দুটা প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা। মেজি শব্দটো উজনি অসমত সৃষ্টি হোৱা শব্দ। এই শব্দটো বড়ো-কছাৰী মূলীয় প্ৰাচীন চুতীয়া ভাষাৰ "মিডি-য়ে-জি"ৰ (মিডি=দেৱতা/পূৰ্বপুৰুষ[4], য়ে=জুই[5], জি=উৰি যোৱা[6]) পৰা সৃষ্টি হৈছিল। আনহাতে "উৰুকা" শব্দটো চুতীয়া ভাষাৰ "উৰুকুবা"ৰ(অৰ্থ=শেষ হোৱা) পৰা অহা বুলি জনা যায় কাৰণ পুহ মাহৰ এই অন্তিম দিনটোতে শস্য চপোৱাই শেষ হয়।[7]

চুতীয়া আৰু আহোমৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলি জনা যায়। আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰ পৰা বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল। ৰজা‌সকলে ডা-ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল। আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল। সেইদৰে হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, ম'হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিৰো সেইসময়তে প্ৰচলন হয় বুলি জানিব পৰা যায়। এই সমূহ কাৰ্যৰ সুষমতাৰ বাবে ৰজাঘৰীয়া খেল আৰু বিষয়বাব আছিল। যেনে- হাতীবৰুৱা, শেনচোৱা ফুকন, কুকুৰাচোৱা বৰুৱা ইত্যাদি। সেইদিশৰ পৰা ৰংঘৰ আৰু ইয়াৰ সৈতে সংলগ্ন বাকৰি ৰোমান কলছিয়ামৰ সমতুল্য।[8]

গাঁৱৰ ডেকা সকলে নৰা কাটি পুহতে ভেলাঘৰ প্ৰস্তুত কৰে।[9] উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই নাচি বাগি উজাগৰে থাকে। খেৰৰ নৰাৰে ভেলাঘৰ সাজি গাৱঁৰ ৰাইজে ভেলাঘৰত ভোজভাত খায়। তদুপৰি গাঁৱৰ ৰাইজে মিলি একেলগে জুই পুৱাই নাম-কীৰ্তন কৰে। ভেলাঘৰৰ কাষতে কাঠ-বাঁহৰে সজা মেজিত অগ্নিসংযোগ কৰা হয়। মেজি সাধাৰণতে প্ৰতিযোগিতামূলকভাৱে ওখ হোৱা দেখা যায়। মেজিৰ ব্যৱহাৰ উজনি অসমত তুলনামূলকভাৱে বেছি। মেজিৰ জুইত বাঁহেৰে সজা পানীহিলৈ ফুটোৱাটো এক পৰম্পৰা। পানী জমা হোৱা কোনো বাঁহক মেজিৰ জুইত ভৰাই দি দাৰে আঘাত কৰা হয়। মেজিৰ জুই জ্বলাই গোৱা হয় "পুহ গ'ল মাঘ হ'ল, আমাৰ মেজি জ্বলি গ'ল।" মেজিৰ তলত আশীৰ্বাদ ল'লে ব্যক্তিৰ মনৰ আকাংক্ষা পূৰণ হয় বুলি জনবিশ্বাস আছে।

সাধাৰণতে খেৰ-নৰাৰে সজা ভেলাঘৰৰ দীঘ-প্ৰস্থ সমান হয়, কিন্তু ঠাইভেদে ইয়াৰ আকাৰ ভিন্ন হোৱা দেখা যায়। কোনো কোনো ঠাইত দুচলীয়া শংকু আৰু আয়তাকাৰ আকৃতিৰ মেজিঘৰৰ নিৰ্মাণ কৰাও দেখা যায়। তদুপৰি কামৰূপ-নলবাৰীৰ কিছু কিছু অঞ্চলত কলপাতেৰেও ভেলাঘৰ সজা হয়। উজনি অসমত ভেলাঘৰক হাৰলি ঘৰ বুলিও জনা যায়। ভেলাঘৰক কলাত্মক ৰূপ দিয়াটো এক আধুনিক ৰীতি। একো একোটা ভেলাঘৰ তিনি তলা পৰ্যন্ত ওখ হোৱা দেখা যায়। ই একো প্ৰকাৰৰ শিল্প। মেজিৰ নিৰ্মাণ কৰোঁতে দুটা কলগছৰ গাত সমান্তৰালকৈ কাঠ আৰু বাঁহ জাপি দিয়া হয় ("=" আৰু "॥" ধৰণে )। মেজিটোৰ একেবাৰে ওপৰত আগলি বাঁহ আৰু কলপাত এখিলা দিয়া হয়। মেজি এক প্ৰকাৰৰ শৈৱ আচাৰৰ প্ৰভাৱ পৰা প্ৰতীক। ই আদিম মানৱ সমাজৰ ধাৰণাৰ দ্বাৰা প্ৰভাৱিত। ঠাইবিশেষে আৰু জনগোষ্ঠীভেদে মেজিৰ আকাৰ-আকৃতিৰ ভিন্নতা দেখা যায়। যেনে- খামতি জনগোষ্ঠীৰ মেজি আন মেজিৰ তুলনাত গগণচুম্বী।

আদিতে উৰুকাত ভেলাঘৰ বা মেজি সাজি জ্বলোৱা কামটো গৰখীয়াসকলে কৰিছিল। নৃতাত্ত্বিক দিশৰ পৰা চাবলৈ গ'লে ই চিকাৰ যুগৰ পৰা কৃষিযুগৰ আৰম্ভণিৰ সমাজখনক সূচায়, যেতিয়া মানুহে জীৱ-জন্তুক পোহ মনাইছিল আৰু শস্য চপাই আনন্দ কৰিছিল। এফালৰ পৰা চাবলৈ গ'লে ই মানৱ সমাজৰ বুদ্ধি-বৃত্তিকো সূচায়, য'ত খেতি কৰাৰ সামৰ্থ কেৱল মানৱ সমাজেহে আয়ত্ত কৰিলে। ভেলাঘৰ বা মেজিৰ জুইকুৰাই মানুহক প্ৰাণীসমাজৰ পৰা পৃথক কৰে আৰু মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে। সেইদিশৰ পৰা মাঘ বিহুৰ উৰুকা একমতে হাজাৰ বছৰৰো অধিক প্ৰাচীন উৎসৱ। সামাজিকস্তৰত বা লোকাচাৰৰ দিশৰ পৰা অনুসন্ধান কৰিলে বুজা যায়, খেতি চপোৱাৰ সময়ত বন্য পশুৰ উপদ্ৰৱ বৃদ্ধি পায়। হাতী-মহে আহি জনপদ সমূহত অত্যাচাৰ কৰে আৰু পকা ধান আৰু শস্য বিনষ্ট কৰে। যাৰ ফলত গৰখীয়া বা খেতিয়কে জুই জ্বলায় আৰু পানীহিলৈ ফুটায় ধাননি আৰু পথাৰসমূহ ৰক্ষা কৰে। পিছলৈ ইয়ে বিৱৰ্তন বা ৰূপান্তৰ ঘটি উৰুকাৰ নাম পায়।

মাঘ বন্ধা

উৰুকাৰ দিনা দোকমোকালি সকলোৱে নিজ নিজ বাৰীৰ লাগনি (নাৰিকল, তামোল, বেল, শিলিখা ইত্যাদি) গছবোৰ নৰা বা ধানখেৰেৰে বন্ধাটো একপ্ৰকাৰৰ নিয়ম। লোকবিশ্বাস অনুসৰি এনেদৰে গছবোৰ নাবান্ধিলে গছৰ গুটি নালাগে। এই গছ বন্ধা (মাঘ বন্ধা) নিয়মটো অষ্ট্ৰিকসকলে পোনতে আৰম্ভ কৰিছিল বুলি বহুতে ক'ব বিচাৰে। গছ বন্ধা শেষ হোৱাৰ পিছত ‘মাঘ ঐ মাঘ, ডাল ভৰি লাগ" আৰু মাটিৰ দলিচপৰা কেইটামান বাৰীখনৰ সকলো ফালে দলিয়াই 'হুৰ হুৰ টক কৈ গংগালৈ নাযাবি- এইদৰে কৈ ঘৰলৈ উভতে। লোকবিশ্বাস অনুসৰি এনেদৰে ক'লেহে গুটি লগাটো নিশ্চিত।

উৰুকাত মাছ ধৰাৰ পৰম্পৰা

[সম্পাদনা কৰক]

ওপৰত উল্লেখ কৰি অহাৰ দৰে, মানৱ সমাজৰ চিকাৰ যুগৰ পৰা কৃষিযুগলৈ উত্তৰণ ঘটিল যদিও সমূহীয়াভাৱে চিকাৰ কৰাৰ প্ৰথা একেবাৰে নাইকিয়া নহ'ল। যাৰ ফলত সমূহীয়া চিকাৰৰ ঠাইত আধুনিকযুগ বা মধ্যযুগৰ শেষৰ ফালে মৎস্য চিকাৰ কৰাৰ পৰম্পৰা হ'ল। বিহুৰ উৰুকাৰ দিনা বিল, নদী, পুখুৰী, জান জলাশয় আদিত একোটা চুবুৰি বা একোখন গাঁৱৰ ৰাইজে সমূহীয়াকৈ মাছ ধৰে। জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোকে এই মাছ ধৰা উৎসৱত অংশগ্ৰহণ কৰে। এই প্ৰথা অনুসৰি, বিল, নদী, পুখুৰী আদিত জাল, পল, জুলুকিলৈ মাছ মাৰি ৰাইজে সেই মাছেৰে উৰুকাৰ ভোজ খায়।[8]

উৰুকাৰ নিশাৰ পৰম্পৰা

[সম্পাদনা কৰক]

পুহ আৰু মাঘ মাহৰ সংক্ৰান্তি তথা দোমাহীৰ আগদিনা উৰুকা উদ্‌যাপন কৰা হয়। উৰুকাৰ ৰাতি চেমনীয়া ল'ৰাবোৰে গাঁৱৰ মানুহৰ বাৰীৰ পৰা খৰি, শাক-পাচলি আদি চুৰি কৰি আনে। কাৰোবাৰ ঘৰত দুজনমান ল'ৰাই পিঠা খোৱাৰ চলেৰে সোমায় আৰু বাকী দুজনমানে বাৰীৰ পৰা কুকুৰা-পাৰ, জেওৰা-জপনা, আলু-কবি আদি চুৰি কৰি লৈ যায়। এই প্ৰথাৰ বাবেই গৃহস্থয়ো সাধাৰণতে ওৰে ৰাতি ঘৰৰ বাৰী, চৌহদ আদিৰ চকু ৰাখে। সেইবাবে এই বিহুক চোৰ বিহু বুলিও কয়।[10]

ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে। জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা কৰে।[1][9] মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়। এই বিহুৰ মেজি পোৰা অগ্নি পূজাৰেই নামান্তৰ বুলিব পাৰি। মেজি ঘৰ দাহনৰ পিছত আধাপোৰা বাঁহচালি লাগনী গছত ওলোমাই দি উদ্ভিদৰ বৃদ্ধিৰ কামনা কৰা হয়।[11]

[5] বিশ্বাস কৰা হয় যে ছাই আৰু আধা পোৰা বাঁহে পথাৰ আৰু বাগিচাৰ উৰ্বৰতা বৃদ্ধি কৰে। লেণ্টাৰ্ন আৰু মধ্য গ্ৰীষ্মৰ জুই জ্বলোৱা ইউৰোপীয়সকলেও উৰ্বৰতাৰ মাধ্যম হিচাপে ছাই আৰু আঙঠাৰ কাৰ্যকাৰীতাৰ ওপৰত বিশ্বাস কৰিছিল। তেওঁলোকৰ কিছুমানৰ মাজত গছৰ গা-গছত খেৰেৰে ঘূৰণীয়াকৈ বন্ধাৰ নিয়ম আছিল। এই জুইৰ ৰীতি-নীতিবোৰ ইণ্ডো-ইউৰোপীয় মূলৰ বুলি বিশ্বাস কৰা হয়। [12]

মেজিত জুই লগাই অগ্নি দেৱতাক শ্ৰদ্ধা নিবেদন কৰোঁতে তলৰ মন্ত্ৰ ফাঁকি গোৱা হয়-

অগ্নিং প্ৰজ্জ্বলিতং বন্দে চতুৰ্ব্বেদং হুতাশনং।
সুবৰ্ণ-বৰ্ণমমলং জ্যোতি ৰূপায় তে নম:॥

ইয়াৰ পাছত ভোজ-ভাত খোৱা হয়। গুৰু-ভকতক ঘৰলৈ মাতি আনি ন ধানৰ ন মুঠি জা-জলপান খুৱাই আশীৰ্বাদ লোৱা হয়।[3]

বিহুৰ খাদ্য

[সম্পাদনা কৰক]

মাঘ বিহুক ভোগালী অৰ্থাৎ ভোগৰ উৎসৱ বুলি কোৱা হয়। বিহু উপলক্ষে অসমীয়া ৰাইজে বিভিন্ন ধৰণৰ জা-জলপান, পিঠা-পনা আৰু লাড়ুৰ প্ৰস্তুত কৰে। এই উৎসৱৰ এক বিশেষ পিঠা হ'ল তিল পিঠা। ইয়াৰ উপৰিও খোলাচাপৰীয়া পিঠা, টেকেলী পিঠা, পানী পিঠা, চুঙা পিঠা, ঘিলা পিঠা, সুতুলী পিঠা, তেল পিঠা, হেঁচা পিঠা, ডেকা পিঠা, মালপোৱা, কল পিঠা, ভুৰভুৰী পিঠা ইত্যাদি তৈয়াৰ কৰা হয়। তদুপৰি ভজা চাউল, হুৰুম, কোমল চাউল, চিৰা, সান্দহ, মুড়ী, আখৈ, চুঙা চাউল ইত্যাদি জলপান তৈয়াৰ কৰা দেখা যায়। ঘৰতে পতা বিভিন্ন দৈ যেনে টেঙা দৈ, চুঙা দৈ, এঠা দৈ, মাখনৰে আলহী অতিথিক আপ্যায়ন কৰা হয়। কিছুমান অঞ্চলৰ জলপান অতি বিখ্যাত যেনে: হাজো-ৰামদিয়াৰ দৈ, সৰভোগৰ গাখীৰ, গোলাঘাটমিছামৰাগুৰ, তিতাবৰৰ চাউল, জাজীৰ ম'হৰ এঠা দৈ। আমিষ আহাৰৰ ক্ষেত্ৰত নামজ্বলা গোৱালপাৰাগদাধৰ নদীৰ ইলিচ, নগাৱৰ লাচিম ভাঙোন, উজান বজাৰৰ মাছ, কাকডোঙাৰ বৰালি।[8]

মাঘ বিহু উপলক্ষে অসমত অনুষ্ঠিত বিভিন্ন খেল ধেমালি

[সম্পাদনা কৰক]

চৰাইৰ যুঁজ

[সম্পাদনা কৰক]
এহাল যুঁজাৰু বুলবুলি চৰাই

অসমহাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয়বুলবুলি চৰাইৰ যুঁজে এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে। দুটা বুলবুলি চৰাইৰ মাজত অনুষ্ঠিত এই যুঁজত আটাইতকৈ শক্তিশালী বুলবুলি চৰাইটোৱেই জয়লাভ কৰে। এই বুলবুলি চৰাইৰ যুঁজৰ আৰম্ভণি কেতিয়া সেয়া পৰিষ্কাৰ নহয়। কথিত কাহিনী অনুসৰি মাঘ মাহৰ প্ৰথম দিনা এগৰাকী নৃপতিয়ে হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ আহি তাত দুটা বুলবুলি চৰাইৰ মাজত এখন যুঁজ দেখি মুগ্ধ হৈ পৰে আৰু তেতিয়াৰে পৰাই তাত বছৰি মাঘ বিহুত এই যুঁজ অনুষ্ঠিত হৈ আহিছে।

ইয়াৰ বাবে বিশেষ ফান্দৰ সহায়ত বুলবুলি চৰাই ধৰা হয় আৰু এমাহ মান যুঁজৰ প্ৰশিক্ষণ দিয়া হয়। উৰুকাৰ দিনা নিচাজাতীয় ভোগ খুৱাই বুলবুলি বোৰ উত্তেজিত কৰি ৰখা হয় আৰু পাছদিনা অৰ্থাৎ বিহুৰ দিনা যুঁজৰ বাবে সজা বিশেষ মঞ্চত বুলবুলি চৰাইবোৰ এৰি দিয়া হয়।

এখন যুঁজত দুটা বুলবুলিয়ে অংশ লয় আৰু যিটো চৰাই বিজয়ী হয়, তাক পাছৰ যুঁজলৈ বাছনি কৰা হয়। যুঁজত হৰা বুলবুলি চৰাইবোৰক আঁতৰাই দিয়া হয়। সাধাৰণতে এডোখৰ ভীমকলৰ লোভ দেখুৱাই দুটা বুলবুলিৰ মাজত যুঁজ লগোৱা হয়। যুঁজত দেখুওৱা পাৰদৰ্শিতাৰ ভিতৰত তিনিটা বুলবুলি চৰাইক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়, চৰাইৰ মালিকে এই বঁটা লাভ কৰে। যুঁজ শেষ হোৱাৰ পাছত চৰাইবোৰ মুকলি কৰি দিয়া হয়।

বৰ্তমান বুলবুলি চৰাইৰ যুঁজ অসমহাজো অঞ্চলত (বিশেষকৈ সোণাৰীটোলা আৰু ভৰালীটোলা গাঁও) প্ৰচলিত হোৱা দেখা যায়। অৱশ্যে মাজে মাজে জীৱ-জন্তু প্ৰেমী সংগঠন সমূহে এই যুঁজৰ ব্যাপক সমালোচনা কৰাও দেখা যায়।[13]

ম'হ যুঁজ

মাঘ বিহুৰ সময়ত ম'হ যুঁজৰ আয়োজনৰ সম্পৰ্কে ভিন্ন জনৰ ভিন্ন মত পোৱা যায়। এই খেল আহোম ৰজাৰ দিনত ৰংপুৰৰ ৰূপহী পথাৰত অনুষ্ঠিত হৈছিল বুলি জনা যায়। আহোম স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰৰ পৰা এই খেল উপভোগ কৰিছিল।[8]

মাঘ বিহুত যুঁজত অংশগ্ৰহণ কৰা ম'হবোৰৰ আহিন-কাতি মাহত প্ৰতিপালন কৰি সাজু কৰোৱা হয়। ম'হ যুঁজ সাধাৰণতে মুকলি পথাৰত হয় আৰু দৰ্শকসকলে নিৰাপদ স্থানৰ পৰা এই খেল উপভোগ কৰে।

মাঘ বিহুৰ ম'হ যুঁজত দুবিধ ভিন্ন জাতিৰ ম'হে অংশগ্ৰহণ কৰা দেখা যায়- অসমীয়া আৰু আদৰাঙী (mixed origin)। অসমীয়া ম'হৰ শিংযোৰ মেলাহি (wide mouthed), কপাল বহল আৰু অৱয়ব ডাঙৰ। ইহঁতে প্ৰতিপক্ষক ওচৰত দেখাৰ লগে লগে মূৰটো ডাঙি ফেৰ পাতে। গোৱালে নাকী খুলি দিয়াৰ পাছত কপালে কপালে খুন্দা মাৰি শিঙেৰে ইহঁতে ইটোৱে সিটোক আঘাত সানিবলৈ চেষ্টা কৰে। কিন্তু ইহঁতে বেছি সময় নুযুঁজে।

আনহাতে আদৰাঙী ম'হে বহুসময় যুঁজি থাকিব পাৰে। ইহঁতৰ শিংযোৰ ঘূৰণীয়া। ইহঁতে ইটোৱে সিটোক গলধনত আঘাত হানিবলৈ চেষ্টা কৰে। এই যুঁজক উজনি অসমত 'কাপ যুঁজ' বুলি কোৱা হয়।

ম'হে যুঁজোতে চকু দুটা মুদি লয়। যুঁজত এবাৰ হৰা ম'হে জাকত চৰোতে পুনৰ অন্য ম'হৰ লগত নুযুঁজে।[8]

কণীযুঁজ

[সম্পাদনা কৰক]

কণী যুঁজ অসমৰ এটি প্ৰিয় খেল। ব’হাগ বিহুৰ কেইদিনমান আগৰেপৰাই ই আৰম্ভ হৈ বিহু উৰুকালৈকে কণী যুঁজ চলি থাকে। যুঁজত সাধাৰণতে পাতিহাঁহকণীৰে যুঁজাই।[14] খেলাৰুসকলে বিভিন্ন ঠাইৰপৰা টান কণী কিনি আনি যুঁজলৈ সাজু হয়। টান কণীৰ নাম সৈয়া ( বা হৈয়া)। কড়ি অথবা নখেৰে টুকুৰীয়াই কণীৰ কাঠিন্য নিৰূপণ কৰিব লাগে। কণী যুঁজৰ আগতে দুই যুঁজাৰুৰ মাজত ‘দৰ-দাম’ ঠিক কৰা প্ৰয়োজন। ‘দৰ-দাম’ৰ দ্বাৰা কণীৰ জোঙা আৰু বহল- এই ফাল দুটাৰ কোনটোৰ দ্বাৰা কণীক যুঁজোৱা হ’ব তাকেই বুজায়। দৰ-দাম ঠিক হোৱাৰ পিছত এজনে কণীৰ এটা ফালেৰে আনজনৰ কণীটোৰ নিৰ্দিষ্টকৈ দিয়া ফালটোত খুন্দা মাৰি দিয়ে। যাৰ কণী ভাগে, তেওঁ কণীটো কণী নভগাজনক দিব লাগে। কোনো কোনোৱে হাঁহ কণীৰ মাজত দুই এটা কুকুৰা অথবা গিনিফাউলৰ কণী মিহলাই কণী যুঁজায়। পিছত উল্লেখ কৰা কণীসমূহ হেনো পাতিহাঁহৰ কণীতকৈ টান। কোনো কোনোৱে সাত বিহুলৈকে বা হৈয়া কণী নভগাকৈ ৰাখি গৌৰৱৰ ভাগী হয়। এনে কণীক কোৱা হয় ‘সাত বিহুৰ সৈয়া কণী’। কণী যুঁজত আবাল-বৃদ্ধ-বনিতা সকলোৱে অংশ গ্ৰহণ কৰে।

কড়ি খেল

[সম্পাদনা কৰক]

কড়ি খেল অসম[15],নেপাল আৰু বাংলাদেশৰ[16] এবিধ পৰম্পৰাগত গ্ৰামীণ খেল। অসমৰ লোকসকলে পৰম্পৰাগত ভাৱে বহাগ বিহুৰ সময়ত এই খেল খেলিছিল।[17] কড়িখেল হৈছে একক বা দলীয়ভাৱে দুজনৰ পৰা দহজনলৈকে খেলিব পৰা একপ্ৰকাৰৰ প্ৰতিযোগিতামূলক খেল। এইখেলত পুৰুষ-মহিলা উভয়ে অংশগ্ৰহণ কৰিব পাৰে। ৰঙালী বিহুৰ সময়ত এই খেল এতিয়াও জনপ্ৰিয়। কড়ি খেল ধৰ্মীয়কৃত্যৰ লগত জড়িত আৰু ই প্ৰজননৰ প্ৰতীক হিচাপে অসমীয়া সমাজত গৃহীত। কড়িখেলত যদি কোনো পুৰুষৰ কড়ি ফুটে তেন্তে সেই সেই পুৰুষৰ ভাগ্যোদয় হয় আৰু জিকিলে অবিবাহিতজনৰ বিবাহৰ যোগ মিলে বুলি কোনো কোনোৱে বিশ্বাস কৰে। অসমীয়া বিবাহ পৰম্পৰাটো দৰা-কইনাৰ মাজত বিভিন্ন খেল-ধেমালিৰ ভিতৰত কড়ি খেলাৰ প্ৰথা প্ৰচলিত। এই খেলত যিজন জিকে সংসাৰ চলোৱাত তেওঁ অধিক পটু বুলি ভবা হয়। ইয়াৰোপৰি সন্তান জন্মৰ পূৰ্বে ল'ৰা নে ছোৱালী জন্ম হ'ব সেইসম্পৰ্কীয় অনুমানৰ বাবেও কোনো কোনো অঞ্চলত কড়ি খেলাৰ নিয়ম প্ৰচলিত।

নেপালত কড়ি খেলক একপ্ৰকাৰৰ জুৱা খেলৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াত চাৰিজন পৃথক খেলুৱৈয়ে ১৬টা কড়ি টছ্ কৰে। এই খেল সাধাৰণতে হিন্দু উৎসৱ তিহাৰ[18] বা দীপাৱলীৰ সময়ত ঘৰ আৰু ৰাজহুৱাভাৱে খেলা হয়। একেটা উৎসৱতে এই কড়িবোৰ দেৱী লক্ষ্মী আৰু সম্পদৰ প্ৰতীক হিচাপেও উপাসনা কৰা হয়।

প্ৰাচীন কালৰে পৰা যিবোৰ খেল অসমত প্ৰচলিত তাৰ ভিতৰত নাও খেল অন্যতম। অসম এক নদীমাতৃক দেশ সেয়েহে পানীৰ লগত জড়িত খেলসমূহ অতিপুৰণি। ইয়াৰ ভিতৰত নৌকা চালনা মুখ্য। পুৰণি কামৰূপ সাম্ৰাজ্যৰ আশে পাশে উদ্ধাৰ হোৱা শিলালিপি, তাম্ৰপত্ৰৰ অনুদান আৰু সত্ৰীয়া কাকত-দলিলসমূহেও তাকে প্ৰমাণ কৰে। বৰ্তমানেও নাওখেল অত্য়ন্ত জনপ্ৰিয় খেল। বিশেষত বৰ্তমান সংবাদ মাধ্যমৰ প্ৰচাৰৰ ফলত ই বহুলভাৱে প্ৰসাৰ পাইছে। নামনি অসমৰ বৰপেটা, নলবাৰী আৰু পলাশবাৰী লগতে গোৱালপাৰা অঞ্চলত এই খেলে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰে। এইখেলে বৰ্তমান এক প্ৰতিযোগিতামোলক সৰ্বজনীন ৰূপ লৈছে। বিহূ আৰু দুৰ্গা পূজা দুয়ো উৎসৱৰ লগত সংগতি ৰাখি এই অনুষ্ঠান পতা হয়। নামনি অসমৰ নৈ-উপনৈসমূহ এক ৰঙীন ৰূপ লয়। এই নাওখেলৰ নাওসমূহ সাধাৰণ নাওতকৈ দীঘল আৰু ভিন্ন প্ৰতীক আৰু ৰংবিশিষ্ট। নাওখেলৰ লগত জড়িত আন এক লোকাচাৰ হৈছে নাওখেলৰ গীতসমূহ। ইয়াকে নাৱৰীয়া গীত বোলে। এই গীতসমূহত থলুৱা জীৱনৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়। ই অসমৰ লোকসংস্কৃতিৰ এক অন্যতম উপাদান।

মাঘ বিহু উপলক্ষে অসমত অনুষ্ঠিত বিভিন্ন মেলাসমূহ

[সম্পাদনা কৰক]

জোনবিল মেলা

[সম্পাদনা কৰক]
জোনবিল মেলাৰ প্ৰধান প্ৰৱেশদ্বাৰ

অসমৰ এটা অতি আকৰ্ষণীয় উৎসৱ হ'ল জোনবিল মেলা। মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল। এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই জোনবিল মেলা। মাঘ বিহুৰ পিছৰ সপ্তাহত এই মেলা অনুষ্ঠিত হয়।[19]

এই মেলাৰ বিশেষ তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে। ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে। সেয়ে এই মেলা হৈছে সম্প্ৰীতিৰ মেলা।[19][20]

জোনবিল মেলাৰ আৰম্ভণিত মাছ মৰাৰ দৃশ্য

জোনবিল মেলা মাঘ বিহুৰ পিছৰ সপ্তাহত আৰম্ভ হয়। সপ্তাহটোৰ মঙ্গল-বুধবাৰৰ পৰা মানুহৰ সমাগম হয় যদিও শুক্ৰবাৰ আৰু শনিবাৰেহে প্ৰধান মেলা হয়। মেলা আৰম্ভ হোৱাৰ পূৰ্বে জোনবিলত ৰজাৰ পাৰিষদবৰ্গ তথা বিভিন্ন গাঁৱৰ নিৰ্দিষ্ট ব্যক্তিবোৰে মাছ মাৰে, ইয়াক 'ৰজা মাছ' মৰা বুলি কয়। সেই মাছেৰে জোনবিলৰ পাৰত ৰজাৰ সহিতে সকলোৱে মিলিজুলি ভোজভাত খায়। ইয়াৰ পিছদিনা সকলো ৰাইজলৈ এই বিলখন মাছ মৰাৰ বাবে মুকলি কৰি দিয়ে।[19]

উৰুচ মেলা

[সম্পাদনা কৰক]

ভোগালী বিহু উপলক্ষে এই মেলা হয়গ্ৰীৱ মাধৱ মন্দিৰত অনুষ্ঠিত হয়।

মাঘী মেলা

[সম্পাদনা কৰক]

মাঘ বিহুৰ বা মাঘী পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি অসমৰ বিভিন্ন ঠাইত সমূহীয়াভাৱে নাম পালন কৰা হয়। উদাহৰণস্বৰূপে, বৰপেটা জিলাৰ বাংলীপাৰা অঞ্চলত মাঘী পূৰ্ণিমাৰ বিশাল আয়োজন কৰা হয়। মাঘৰ বিহূৰ এই অংশ বৈষ্ণৱ সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত। ইয়াৰ লগত সংগতি ৰাখি মেলাৰো আয়োজন কৰা হয়।

মণিকূট উৎসৱ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Magh Bihu or Bhogali Bihu:". Assam Electronics Development Corporation Ltd. Govt Of Assam. Archived from the original on March 25, 2013. https://web.archive.org/web/20130325042542/http://online.assam.gov.in/web/guest/introductionofassam। আহৰণ কৰা হৈছে: January 13, 2013. 
  2. 2.0 2.1 "The Bihu Festival of Assam". http://assamtoday.tripod.com/bihu1.htm। আহৰণ কৰা হৈছে: January 13, 2013. 
  3. 3.0 3.1 "ৰচনা সঞ্চয়ন" লেখকদ্বয় - ড॰ দাস আৰু ড॰ ভট্টাচাৰ্য। ISBN No-81-86384-28-6
  4. Brown, William, An outline of the Deori-Chutia language, p. 66(God=Midi)
  5. 5.0 5.1 Brown, William, An outline of the Deori-Chutia language, p. 65(Fire=Ye)
  6. Brown, William, An outline of the Deori-Chutia language, p. 72(Fly=Ji)
  7. Deori, Kishor, Chuperemago: Deori-Chutia dictionary, p. 46.
  8. 8.0 8.1 8.2 8.3 8.4 "অসমীয়া খবৰ কাকতত প্ৰকাশিত বাতৰি". ১৩ জানুৱাৰী, ২০১৪. Archived from the original on 2014-02-14. https://web.archive.org/web/20140214224807/http://www.assamiyakhabor.com/publishfinal/asset/guwahati/current/4.html। আহৰণ কৰা হৈছে: 13 জানুৱাৰী 2014. 
  9. 9.0 9.1 "ভোগালী বিহু". Pan India Internet Private Limited. Archived from the original on February 5, 2013. https://web.archive.org/web/20130205124936/http://www.festivalsofindia.in/BhogaliBihu/। আহৰণ কৰা হৈছে: January 13, 2013. 
  10. "আজিৰ দৈনিক বাতৰিৰ ১২ তাৰিখৰ দেওবৰীয়া পৰিপুৰিকা 'সুৰভি'ত প্ৰকাশিত বাতৰি". Archived from the original on 2015-05-10. https://web.archive.org/web/20150510203908/http://ajirdainikbatori.com/surabhi/main/special3.htm। আহৰণ কৰা হৈছে: 13 জানুৱাৰী 2014. 
  11. "দৈনিক অসম কাকতত প্ৰকাশিত বাতৰি". ১৩ জানুৱাৰী,২০১৪. http://www.assamtribune.com/scripts/dainik.asp?id=jan1314/Page4। আহৰণ কৰা হৈছে: 13 জানুৱাৰী 2014. [সংযোগবিহীন উৎস]
  12. "magh bihu or maghar domahi by prafulla dutta goswami". 
  13. [1] Archived 2017-04-02 at the Wayback Machine ব্ল'গ: মই আৰু মোৰ পৃথিৱী, হিমজ্যোতি তালুকদাৰ
  14. অসমীয়া সংস্কৃতিৰ কণিকা; সম্পাদক: ড॰ নাৰায়ণ দাস, ড॰ পৰমানন্দ ৰাজবংশী; পৃষ্ঠা: ৫৯-৬০
  15. নাৰায়ন শৰ্মা. অসমৰ খেল ধেমালি. 
  16. ৰশীদ হায়দাৰ. বাংলাদেশৰ খেলা-ধুলা. বাংলা একাডেমী. 
  17. লীলা গগৈ (১৯৮৬). অসমৰ সংস্কৃতি. 
  18. "Tihar". Yeti Trial Adventure. http://www.yetitrailadventure.com/nepal/tihar.html। আহৰণ কৰা হৈছে: 22 October 2014. 
  19. 19.0 19.1 19.2 [2] Archived 2012-01-25 at the Wayback Machine "মৰিগাঁও জিলাৰ তিৱাসকলৰ জোনবিল মেলা", ধীৰাজ পাটৰ; গণ অধিকাৰ, ১৮ জানুৱাৰী ২০১২; আহৰণ: ১৮ জানুৱাৰী ২০১২
  20. [3] Archived 2016-03-04 at the Wayback Machine Jonbeel Mela, Vedanti.com, 2 Feb 2011; আহৰণ: ১৮ জানুৱাৰী ২০১২