সমললৈ যাওক

আৰ্‍নাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আৰ'নাইৰ পৰা পুনঃনিৰ্দেশিত)
বগা ফুলৰ চানেকি থকা এখন গাঢ় সেউজীয়া আৰনাই

আৰ্‍নাই একপ্ৰকাৰৰ কাপোৰ বিশেষ। ই বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ। [1][2] হস্তচালিত তাঁতশাল বা মেচিন শালৰ সহায়ত ইয়াক প্ৰস্তুত কৰা হয়। ই এখন সৰু স্কাৰ্ফ। ইয়াক পুৰুষ আৰু মহিলা উভয়ে পৰিধান কৰে।[3] বড়ো পৰম্পৰা অনুসৰি আৰ্‍নাই পৰম্পৰাগতভাৱে পৰিধান কৰাৰ উপৰি, প্ৰিয়জনক উপহাৰ স্বৰূপে ভেদ কৰা হয়। বিভিন্ন দৈৰ্ঘ্যৰ আৰু কম পুতলৰ দুই আঁচুৰ ওপৰ পাৰিত ৰুচি সন্মত চানেকিৰে ফুল বচা আৰ্‍নাই বড়ো সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ। ২০২৪ চনত বড়ো জনগোষ্ঠীৰ এই বস্ত্ৰবিধে ভৌগলিক সূচাংক অৰ্থাৎ জি আই টেগ লাভ কৰে। [4][5]

ব্যৱহাৰ

[সম্পাদনা কৰক]

আৰ্‍নাই প্ৰধানকৈ ডিঙিত মেৰিয়াই লোৱা কাপোৰ। ইয়াৰোপৰি বড়ো নৃত্য পৰিৱেশনৰ সময়তো আৰনাই ব্যৱহাৰ কৰা হয়।[2] প্ৰিয়জনক উৎসৱ ইত্যাদিত ইয়াক উপহাৰ স্বৰূপে প্ৰদান কৰা হয়। ডিঙিত মেৰিয়াই শীত নিবাৰণৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়। পুৰণি কালত বড়োসকলে যুদ্ধৰ সময়ত এই আৰ্‍নাই কঁকালত বেল্টৰ দৰে বান্ধি লৈছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-১৪৪-১৪৬ (১)
  2. 1 2 ধনেশ্বৰ হুজুৰী. "বিভিন্ন জনগোষ্ঠীৰ গামোচাৰ পৰম্পৰা". বিকাশপিডিয়া. https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ac9bf9ad9bf9a89cd9a8-99c9a89979b79cd9a09c09f0-9979be9ae99a9be9f0-9aa9f09ae9cd9aa9f09be আহৰণ কৰা হৈছে: 10 January 2022.
  3. sachin (2015-06-08). "D'source Design Gallery on Motifs on Silks of Assam". D'Source. http://www.dsource.in/gallery/motifs-silks-assam আহৰণ কৰা হৈছে: 2020-11-30.
  4. ষ্টাফ ৰিপৰ্টাৰ. "বড়ো জনগোষ্ঠীৰ আৰ্‍নাইকে ধৰি ৰাজ্যৰ ৮ বিধ সামগ্ৰীলৈ জি আই টেগ". অসমীয়া খবৰ. https://assamiyakhabor.com/ আহৰণ কৰা হৈছে: ৩ অক্টোবৰ, ২০২৪. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; অবৈধ নাম, যেনে- বহুসংখ্যক
  5. Sangeetha Kandavel. "Eight products used by Assam tribe granted GI tag". https://www.thehindu.com/. https://www.thehindu.com/news/national/gi-tags-for-bodo-rice-beers-and-other-culinary-delights/article68706590.ece আহৰণ কৰা হৈছে: ৩ অক্টোবৰ, ২০২৪. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; অবৈধ নাম, যেনে- বহুসংখ্যক