সমললৈ যাওক

ঘুগুহা দৌল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঘুগুহা লাংকুৰি দৌল

ঘুগুহা দৌলৰ বাটচ'ৰা

সাধাৰণ তথ্য
স্থান গঙমুখ গাওঁ, হাবুং (বৰ্তমানৰ ধেমাজি জিলাৰ ঘুগুহা)
ভৌগোলিক স্থানাংক 27°22′N 94°28′E / 27.37°N 94.47°E / 27.37; 94.47স্থানাংক: 27°22′N 94°28′E / 27.37°N 94.47°E / 27.37; 94.47
ধৰ্মীয় আনুগত্য লাংকুৰি আহোম ধৰ্ম (স্থাপনৰ সময়ৰ পৰা বৰ্তমানলৈ), হিন্দু ধৰ্ম (১৯৫০ চনৰ পৰা)
অঞ্চল লখিমপুৰৰপৰা ধেমাজি পোৱাৰ আগেয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা চমৰাজান-নৰোৱাথান সংযোগী পথেৰে প্ৰায় ৫ কিলোমিটাৰ ভিতৰলৈ ঘুগুহা অঞ্চলত
ৰাজ্য অসম
বিভাগ হাবুং
জিলা ধেমাজি
স্থাপত্য সম্পৰ্কীয় বৰ্ণনা
প্ৰতিষ্ঠাতা চ্যু-ডাং-ফা
নিৰ্দিষ্টকৰণ
নিৰ্মাণ সামগ্ৰী বৰা চাউল,হাঁহৰ কণী

ঘুগুহা লাংকুৰি দৌল অসমহাবুংৰ চিল-কং-মুখৰ ওচৰৰ গঙমুখ গাওঁ (বৰ্তমানৰ ধেমাজি জিলাৰ ঘুগুহা)ত অৱস্থিত এক মধ্যযুগীয় দৌল যত আম-চ্যু-চীন ধৰ্মৰ তাওবাদী দেৱতা লাংকুৰিৰ আৰাধনাৰ বাবে স্থাপন কৰা হৈছিল।[1]বুৰঞ্জীবিদ সকলৰ মতে এই দৌল চাওফা চ্যু-ডাং-ফাই নিজৰ মাতৃ নাং ঘুগু কুঁৱৰীৰ স্মৃতিত তেওঁক ডাঙৰ দীঘল কৰা হাবুং অঞ্চলত স্থাপন কৰিছিল।[2] ধেমাজি জিলাৰ সদৰৰপৰা তেইশ কিলোমিটাৰ পশ্চিমে এই দৌল অৱস্থিত। লখিমপুৰৰপৰা ধেমাজি সদৰ পোৱাৰ আগেয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা চমজান-নৰোৱাথান সংযোগী পথেৰে প্ৰায় ৫ কিলোমিটাৰ সোমাই গ’লে দৌলটো পোৱা যায়। আনহাতে ধেমাজিন গৰৰপৰা বুটিকোৰ-নৰোৱাথান হৈ ঘিলামৰা সংযোগী পথেৰেও তালৈ যাব পাৰি।

লীলা গগৈয়ে আহোম যুগৰ দৌল দেৱালয়সমূহৰ বিষয়ে অধ্যয়ন কৰি তেওঁৰ টাই সংস্কৃতিৰ ৰূপৰেখা নামৰ গ্ৰন্থত যি সময় নিৰ্ধাৰণ কৰিছে, তাত কিছুসংখ্যত দৌল-দেৱালয় আৰু পুখুৰীৰ সময় নিৰ্ধাৰণ কৰিব পৰা নাযায় বুলি উল্লেখ কৰিছে। ঘুগুহা দৌলৰ নাম উক্ত সময় নিৰ্ধাৰণ কৰিব নোৱৰা তালিকাখনতে অন্তৰ্ভুক্ত কৰা হৈছে। তথাপিও দুই এগৰাকী ব্যক্তিয়ে ঘুগুহা দৌলৰ নিৰ্মাণ কলা সম্পৰ্কে অধ্যয়ন কৰিছে। তেওঁলোকে আগবঢ়োৱা মতসমূহৰ মাজতো আকৌ বিৰোধ দেখিবলৈ পোৱা যায়। তেনে কেইটামান মত হ’ল—

  • ধেমাজি জিলাৰ লেখক উমেশ চেতিয়াই 'ঘুগুহা দৌল' শীৰ্ষক প্ৰবন্ধ লিখিছে---
১৯২৯-৩৫ চনৰ লখিমপুৰ জিলাৰ গ্ৰুপ ৰিপোৰ্টত উল্লেখ আছে যে এই দৌল এগৰাকী আহোম ৰমণীয়ে নিৰ্মাণ কৰাইছিল। অৱশ্যে এই দৌলৰ কথা প্ৰকাশিত বুৰঞ্জীসমূহত পোৱা নাযায়। ... আন তথ্যমতে আহোম স্বৰ্গদেও ত্যাও খ্যাম্ থিৰ পুত্ৰ বামুণী কোঁৱৰে জন্ম গ্ৰহণ কৰা ঠাইত তেওঁৰ মাতৃ ঘুগু কুঁৱৰীৰ স্মৃতি ৰক্ষাৰ্থে এই দৌল নিৰ্মাণ কৰাইছিল বুলি জনা যায়।

[3]

দৌলটোৰ বিষয়ে লিখা এটা প্ৰবন্ধত দিপালী কলিতাই বামুণী কোঁৱৰ সম্পৰ্কীয় মতটো সমৰ্থন কৰিছে [4]

  • আনহাতে 'ধেমাজি : লেণ্ড এণ্ড পিপল' নামৰ গ্ৰন্থত কোৱা হৈছে,এনেদৰে---
দ’লটোৰ পৰিকল্পনা আৰু অনাড়ম্বৰতাৰ দিশৰপৰা ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মিত তলাতল ঘৰৰ ওপৰত থকা গোসাঁইঘৰটোৰ লগত যে সাদৃশ্য আছে - সেই বিষয়ে উল্লেখ পোৱা যায়। ...ঘুগুহা দলটোৰ নিৰ্মাণৰ আঁৰত ৰাজেশ্বৰ সিংহ, শিৱ সিংহ আৰু বামুণীকোঁৱৰ বা চুডাংফাৰ নাম জড়িত হৈ আছে। তলাতল ঘৰৰ ওপৰৰ গোসাঁই ঘৰৰ আৰ্হিত ঘুগুহা দ’ল নিৰ্মিত বাবে এইমন্দিৰ ৰাজেশ্বৰ সিংহৰ দিনৰ বুলি কোৱা হয়।

[5]

ঘুগুহা দৌলটোৰ নিৰ্মাণকাল সম্পৰ্কে সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাযায়। সেয়ে পুৰাতত্ত্ব বিভাগে দৌলটোত লগোৱা বিৱৰণমূলক ফলকখন বৰ্তমান গুচাই পেলোৱা হৈছে।

স্থাপত্য

[সম্পাদনা কৰক]
ঘুগুহা দৌলৰ ভগ্নাৱশেষ
দৌলটোক আগুৰি থকা বেৰৰ অংশ
দৌলসহ চৌপাশ
দৌললৈ সোমোৱাৰ বাটত আদৰণি তোৰণ

দৌলটোৰ বাহিৰৰ বেৰসমূহ যথেষ্ট নষ্ট হৈছে। বেৰত কোনো ভাস্কৰ্য বৰ্তমান নাই। দৌলটো আঠকোণীয়াকৈ নিৰ্মিত। আনকি দৌলটো ওপৰলৈকে আঠকোণীয়াকৈ নিৰ্মাণ কৰা হৈছে। উচ্চতা প্ৰায় ৪৩ ফুট। মূল দৌলৰ লগতে লাগি থকা মণ্ডপটো ভাগিছে যদিও পুৰাতত্ত্ব বিভাগে কিছু মেৰামতি কৰিছে। দৌলটোৰ চৌহদত কেইবাটাও পুখুৰী আছে। প্ৰায় এশ বিঘাজোৰা এলেকাৰ চৌহদটোত গড় মৰাৰ চিনো ৰক্ষিত হৈ আছে। দৌলটো বহুকাল ধৰিহাবিয়ে আৱৰি থকাৰ বাবে অধিক ক্ষয়প্ৰাপ্ত হ’ল। দৌলত থকা মূৰ্তি মানে নি হাবিত পেলালে বুলি অনুমান কৰা হয়। ঘুগুহা দৌল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ বেৰত ভাস্কৰ্যআছিল যদিও সম্পূৰ্ণ ধ্বংস হৈছে। কিন্তু মূল দৌলটো অক্ষত অৱস্থাত আছে। দৌলৰ ভিতৰভাগো চাব পাৰি। আঠকোণীয়া দৌলটোৰ কলচি এখন শৰাইৰ দৰে।[6]

বৰ্তমান অৱস্থা

[সম্পাদনা কৰক]
ঘুগুহাদৌলৰ তথ্যসমৃদ্ধ ফলক

১৯৫০ চন মানৰপৰা ইয়াত শিৱপূজা অনুষ্ঠিত হৈ আহিছে। বৰ্তমান অসম চৰকাৰ পুৰাতত্ত্ব বিভাগে ঘুগুহা দৌলক পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰিবৰ বাবে কিছুমান ব্যৱস্থা হাতত হৈছে। এটা সুন্দৰ বাটচ'ৰাকে ধৰি অতিথিশালা, ভোজনশালা আদি নিৰ্মাণ কৰি ঘুগুহা দৌলৰ সৌন্দৰ্য আৰু সুবিধা বৃদ্ধি কৰিছে। এই দৌলত শিৱ পূজাৰ ইতিহাস যুক্ত হৈ আছে।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. বিকাশপেদিয়া, অসম চৰকাৰৰ টাই আহোম উন্নয়ণ পৰিষদৰ দ্বাৰা যুগুটোৱা তথ্য
  2. লীলা গগৈ (১৯৯৪). টাই সংস্কৃতিৰ ৰূপৰেখা. বনলতা. পৃষ্ঠা. লেখকৰ একাষাৰ. ISBN 81-7339-079-7. 
  3. গগৈ, লীলা. টাই সংস্কৃতিৰ ৰূপৰেখা. শ্ৰীভূমি পাবলিচিং কোম্পানী. পৃষ্ঠা. পৰিশিষ্ট 3-4. 
  4. বৰকটকী, শৈলেন ‍(সম্পাদক). খোজ : ৰূপোৱালী বাটেদি. পৃষ্ঠা. 222. 
  5. চমুৱা, নৱ কুমাৰ. ধেমাজি : লেণ্ড এণ্ড পিপ'ল. নক্সা. পৃষ্ঠা. 64-65. 
  6. 6.0 6.1 ৰেগন, ৰাজু ‍(সম্পাদক). মধ্যযুগ. নিৰীক্ষণ প্ৰকাশন. পৃষ্ঠা. 95-98. ISBN 9789382723400.