ঘুগুহা দৌল
| ঘুগুহা দৌল | |
|---|---|
ঘুগুহা দৌলৰ বাটচ'ৰা | |
| সাধাৰণ তথ্য | |
| স্থান | গঙমুখ গাওঁ (বৰ্তমানৰ ধেমাজি জিলাৰ ঘুগুহা) |
| ভৌগোলিক স্থানাংক | 27°22′N 94°28′E / 27.37°N 94.47°Eস্থানাংক: 27°22′N 94°28′E / 27.37°N 94.47°E |
| ধৰ্মীয় আনুগত্য | লাংকুৰি ফুৰালুং ধৰ্ম (স্থাপনৰ সময়ৰ পৰা বৰ্তমানলৈ)[1], হিন্দু ধৰ্ম (১৯৫০ চনৰ পৰা) |
| অঞ্চল | লখিমপুৰৰপৰা ধেমাজি পোৱাৰ আগেয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা চমৰাজান-নৰোৱাথান সংযোগী পথেৰে প্ৰায় ৫ কিলোমিটাৰ ভিতৰলৈ ঘুগুহা অঞ্চলত |
| ৰাজ্য | অসম |
| জিলা | ধেমাজি |
| স্থাপত্য সম্পৰ্কীয় বৰ্ণনা | |
| প্ৰতিষ্ঠাতা | শিৱসিংহ |
| সম্পূৰ্ণ | ১৮ শতিকাৰ আগভাগ |
| নিৰ্দিষ্টকৰণ | |
| নিৰ্মাণ সামগ্ৰী | বৰা চাউল,হাঁহৰ কণী |
ঘুগুহা দৌল অসমৰ চিল-কং-মুখৰ ওচৰৰ গঙমুখ গাওঁ (বৰ্তমানৰ ধেমাজি জিলাৰ ঘুগুহা)ত অৱস্থিত এক মধ্যযুগীয় দৌল। অসম পুৰাতত্ত্ব বিভাগৰ অনুসৰি এই দৌল আহোম ৰজা শিৱসিংহই (১৭১৪-১৭৪৪) নিজৰ ৰাণী অম্বিকা দেৱীৰ কাৰণে নিৰ্মাণ কৰিছিল।[2]
কিছু লোকে ক'বলৈ খোজে যে এই দৌল চাওফা চ্যু-ডাং-ফাই নিজৰ মাতৃ নাং ঘুগু কুঁৱৰীৰ স্মৃতিত তেওঁক ডাঙৰ দীঘল কৰা হাবুং অঞ্চলত স্থাপন কৰিছিল।[3] কিন্তু পুৰাতাত্ত্বিক সমল সমূহৰ পৰা জনা যায় যে সেই সময়ত (চ্যুডাংফাৰ ৰাজত্বকাল: ১৩৯৭-১৪০৭) ঐতিহাসিক হাবুং আৰু ধেমাজি দুয়ো অঞ্চল চুতীয়া ৰাজ্যৰ অধীনত আছিল য'ত কেইবাজনো চুতীয়া ৰজাই ১৩৯২-১৪২৮ৰ মাজত ব্ৰাহ্মণক ভূমি দান কৰিছিল বুলি জনা যায়।[4][5][6][7] এই অঞ্চল ১৫২৪ চনত হে আহোম ৰাজ্যত অন্তৰ্ভুক্ত হয় আৰু ১৫২৫ত কনচেং ধনুধৰিয়া গোহাঁইক প্ৰথমতে ভটিয়লিয়া গোহাঁই আৰু পাছলৈ বৰপাত্ৰ গোহাঁই হিচাপে নিযুক্তি দি হাবুঙত নিয়োজিত কৰা হয়।[8] ইয়াৰ ওপৰিও জনা যায় যে "ঘুগুহা" গাঁৱৰ ওচৰতে "আজুহা" নামৰো আন এখন গাঁও লাগি আছে।
ধেমাজি জিলাৰ সদৰৰপৰা তেইশ কিলোমিটাৰ পশ্চিমে এই দৌল অৱস্থিত। লখিমপুৰৰ পৰা ধেমাজি সদৰ পোৱাৰ আগেয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা চমজান-নৰোৱাথান সংযোগী পথেৰে প্ৰায় ৫ কিলোমিটাৰ সোমাই গ’লে দৌলটো পোৱা যায়। আনহাতে ধেমাজিন গৰৰপৰা বুটিকোৰ-নৰোৱাথান হৈ ঘিলামৰা সংযোগী পথেৰেও তালৈ যাব পাৰি।
ইতিহাস
[সম্পাদনা কৰক]লীলা গগৈয়ে আহোম যুগৰ দৌল দেৱালয়সমূহৰ বিষয়ে অধ্যয়ন কৰি তেওঁৰ টাই সংস্কৃতিৰ ৰূপৰেখা নামৰ গ্ৰন্থত যি সময় নিৰ্ধাৰণ কৰিছে, তাত কিছুসংখ্যত দৌল-দেৱালয় আৰু পুখুৰীৰ সময় নিৰ্ধাৰণ কৰিব পৰা নাযায় বুলি উল্লেখ কৰিছে। ঘুগুহা দৌলৰ নাম উক্ত সময় নিৰ্ধাৰণ কৰিব নোৱৰা তালিকাখনতে অন্তৰ্ভুক্ত কৰা হৈছে। অসম পুৰাতত্ত্ব বিভাগৰ অনুসৰি এই দৌল আহোম ৰজা শিৱসিংহই নিজৰ ৰাণী অম্বিকা দেৱীৰ কাৰণে নিৰ্মাণ কৰিছিল।[9]
স্থাপত্য
[সম্পাদনা কৰক]দৌলটোৰ বাহিৰৰ বেৰসমূহ যথেষ্ট নষ্ট হৈছে। বেৰত কোনো ভাস্কৰ্য বৰ্তমান নাই। দৌলটো আঠকোণীয়াকৈ নিৰ্মিত। আনকি দৌলটো ওপৰলৈকে আঠকোণীয়াকৈ নিৰ্মাণ কৰা হৈছে। উচ্চতা প্ৰায় ৪৩ ফুট। মূল দৌলৰ লগতে লাগি থকা মণ্ডপটো ভাগিছে যদিও পুৰাতত্ত্ব বিভাগে কিছু মেৰামতি কৰিছে। দৌলটোৰ চৌহদত কেইবাটাও পুখুৰী আছে। প্ৰায় এশ বিঘাজোৰা এলেকাৰ চৌহদটোত গড় মৰাৰ চিনো ৰক্ষিত হৈ আছে। দৌলটো বহুকাল ধৰিহাবিয়ে আৱৰি থকাৰ বাবে অধিক ক্ষয়প্ৰাপ্ত হ’ল। দৌলত থকা মূৰ্তি মানে নি হাবিত পেলালে বুলি অনুমান কৰা হয়। ঘুগুহা দৌল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ বেৰত ভাস্কৰ্যআছিল যদিও সম্পূৰ্ণ ধ্বংস হৈছে। কিন্তু মূল দৌলটো অক্ষত অৱস্থাত আছে। দৌলৰ ভিতৰভাগো চাব পাৰি। আঠকোণীয়া দৌলটোৰ কলচি এখন শৰাইৰ দৰে।[10]
বৰ্তমান অৱস্থা
[সম্পাদনা কৰক]১৯৫০ চন মানৰপৰা ইয়াত শিৱপূজা অনুষ্ঠিত হৈ আহিছে। বৰ্তমান অসম চৰকাৰ পুৰাতত্ত্ব বিভাগে ঘুগুহা দৌলক পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰিবৰ বাবে কিছুমান ব্যৱস্থা হাতত হৈছে। এটা সুন্দৰ বাটচ'ৰাকে ধৰি অতিথিশালা, ভোজনশালা আদি নিৰ্মাণ কৰি ঘুগুহা দৌলৰ সৌন্দৰ্য আৰু সুবিধা বৃদ্ধি কৰিছে। এই দৌলত শিৱ পূজাৰ ইতিহাস যুক্ত হৈ আছে।[10]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ বিকাশপেদিয়া, অসম চৰকাৰৰ টাই আহোম উন্নয়ণ পৰিষদৰ দ্বাৰা যুগুটোৱা তথ্য
- ↑ "Protected Archaeological Sites and Monuments". Directorate of Cultural Affairs, Government of Assam. https://culturalaffairs.assam.gov.in/portlet-innerpage/protected-archaeological-sites-and-monuments. Ghuguha Doul is a brick built temple belonging to the Ahom age. It was erected by the Ahom king Siva Singha (1714–44 CE) in the name of Ambika Devi during the first part of the 18th century CE.
- ↑ লীলা গগৈ (১৯৯৪). টাই সংস্কৃতিৰ ৰূপৰেখা. বনলতা. পৃষ্ঠা. লেখকৰ একাষাৰ. ISBN 81-7339-079-7.
- ↑ (Baruah 2007:38–39) : "Two of these copperplates were issued by king Satyanarayan in 1314 saka (1392 AD) and the third one by king Lakshminarayan in 1323 (1401 AD). The grand made by Satyanarayan was reissued by king Dharmanarayan. This land was part of the Habung region where several Brahmin families had been settled."
- ↑ (Baruah 2007:120) : "Satyanarayan was followed by his son Lakshminarayan in around 1400. The Ghilamora (Habung region) 1401 copperplate shows that he defeated many kings and made them vassalage of Chutia kingdom."
- ↑ (Baruah 2007:122-23) : "After Lakshminarayan, his brother Dharmanarayan became king in around 1415-20. He reissued the land grant made by Satyanarayan in 1392 at Habung. His son issued another land grant in Habung in 1428 AD. Under his orders, the Habung official Habungadhipati Vrihatpatra granted 400 pura of land to the Brahmin Purandar Vipra."
- ↑ Guha, Amalendu,Pre-Ahom Roots and the Medieval State in Assam: A Reply,p. 73, Before its annexation by Ahoms, Habung was a Chutia dependency.
- ↑ Guha, Amalendu, The Ahom Political System: An Enquiry into the State Formation Process in Medieval Assam (1228-1714),p. 20,It appears that the noble designation of Barpatragohain was borrowed from the civil list of Habung where the local ruler, a dependent of the Chutia king, had the title of Vrihatpatra.
- ↑ "Protected Archaeological Sites and Monuments". Directorate of Cultural Affairs, Government of Assam. https://culturalaffairs.assam.gov.in/portlet-innerpage/protected-archaeological-sites-and-monuments. Ghuguha Doul is a brick built temple belonging to the Ahom age. It was erected by the Ahom king Siva Singha (1714–44 CE) in the name of Ambika Devi during the first part of the 18th century CE.
- 1 2 ৰেগন, ৰাজু (সম্পাদক). মধ্যযুগ. নিৰীক্ষণ প্ৰকাশন. পৃষ্ঠা. 95-98. ISBN 9789382723400.
- Guha, Amalendu (June 1984). "Pre-Ahom Roots and the Medieval State in Assam: A Reply". Social Scientist খণ্ড 12 (6): 70. doi:10.2307/3517005.
- Baruah, Swarnalata (2007). Chutia Jatir Buranji. https://archive.org/details/chutiaburanji/mode/2up.