সমললৈ যাওক

চৈয়দ ছাদুল্লা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চৈয়দ ছাদুল্লা
জন্ম ১ ফেব্ৰুৱাৰী, ১৯৪৮
ডিব্ৰুগড়
মৃত্যু ৩০ অক্টোবৰ, ২০২৫
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
পেচা কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, অনাতাঁ‌ৰ ঘোষক,অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ

চৈয়দ ছাদুল্লা (ইংৰাজী: Syed Sadullah) অসমৰ এগৰাকী কণ্ঠশিল্পী, গীতিকাৰ, অভিনেতা, আবৃত্তিকাৰ ,সুৰকাৰ তথা অনাতাঁ‌ৰ ঘোষক। ১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাত তেওঁ জন্মগ্ৰহণ কৰে। তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এগৰাকী ঘোষক আছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ডিব্ৰুগড়ত জন্ম লাভ কৰা ছাদুল্লাই সৰুতে স্কুলীয়া শিক্ষা লাভ কৰিছিল শ্বিলঙত। সপ্তম শ্ৰেণীলৈকে শ্বিলঙত পঢ়া শুনা কৰি পাছৰ পৰ্য্যায়ৰ স্কুলীয়া শিক্ষা ডিব্ৰুগড়তে আৰম্ভ কৰে। কলেজীয়া শিক্ষা লাভ কৰে ডিব্ৰুগড় কানৈ কলেজৰ পৰা।

কৰ্মজীৱন

[সম্পাদনা কৰক]

চৈয়দ ছাদুল্লা আছিল অল ইণ্ডিয়া ৰেডিঅ’ ডিব্ৰুগড়ৰ প্ৰথম বাতৰি পাঠক আৰু দূৰদৰ্শন, নেশ্যনেল জিঅ’গ্ৰাফিক আৰু ডিস্কভাৰী চেনেলত ১০০ৰো অধিক তথ্যচিত্ৰৰ ঘোষক। তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ৰ এ গ্ৰেড গীতিকাৰ, প্ৰখ্যাত সংগীত ব্যৱস্থাপক, গীটাৰিষ্ট, আৰু নাট্যকাৰ। ছাদুল্লাই উষা মংগেশকাৰ, ড° ভূপেন হাজৰিকা, অনুপ জালোতা, পাৰবীন চুলতানা আদি বিখ্যাত কণ্ঠশিল্পীৰ গীতৰ বাবে গীটাৰ বজাইছে। আকাশবাণী ডিব্ৰুগড়ৰপৰা চল্লিছখনতকৈও অধিক তথ্যচিত্ৰ সম্প্ৰচাৰ কৰাৰ লগতে কেইবাখনো বঁটা বিজয়ী অনাতাঁৰ নাটক আৰু ধাৰাবাহিকৰ বাবে গল্প ৰচনা কৰিছে। ‘আলোপ সুৰ বিচাৰী’, ‘দেৱতা’, ‘গান্ধী’, ‘বিচাৰ’ আৰু ‘উৰুখা’ আদি তথ্যচিত্ৰৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাৰে সন্মানিত হয়। ১৯৭৬ চনৰপৰা দীৰ্ঘদিন ধৰি ডিব্ৰুগড় ৰেডিঅ’ৰপৰা সম্প্ৰচাৰিত ‘বৰ্ণালী’ আৰু ‘ডাক পখিলী’ অনুষ্ঠানৰ বাবে তেওঁ শ্ৰুোতা ৰাইজৰপৰা উচ্চ প্ৰশংসা লাভ কৰিছিল। ১৯৭১ চনৰপৰা ১৯৭৫ চনলৈ ডিব্ৰুগড় ৰেডিঅ'ৰ ঘোষক, ১৯৭৫ চনৰপৰা ১৯৮৩ চনলৈ ষ্টাফ আৰ্টিষ্ট, ১৯৮৩ চনৰপৰা ১৯৮৫ চনলৈ মুম্বাই ৰেডিঅ'ৰ ষ্টাফ আৰ্টিষ্ট আৰু ১৯৮৫ চনৰপৰা ২০০৮ চনলৈকে ডিব্ৰুগড় ৰেডিঅ'ৰ ষ্টাফ আৰ্টিষ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চৈয়দ ছাদুল্লাই ১৮০ ৰো অধিক গীতৰ সুৰ দিছিল। শ্ৰী ছাদুল্লা এসময়ৰ জনপ্ৰিয় বেণ্ড দ্য কুইভাৰ্ছৰ সদস্য আছিল। বিশিষ্ট সাংস্কৃতিক কৰ্মী ভৱেশ গোস্বামী, নজিফুৰ ৰহমান, জিয়াউৰ ৰহমান, বিজু ফুকন, হেমন্ত দত্ত আদি ব্যক্তিসকলৰ সৈতে আৰম্ভ কৰিছিল সাংস্কৃতিক ক্ষেত্ৰখনৰ কাম । ১৯৬৫ চনত এই ব্যক্তিসকলৰ সৈতে চৈয়দ ছাদুল্লাই ৰাজ্যৰ জনপ্ৰিয় সাংস্কৃতিক দল কুইভাৰ্চ (The Quivers) গঠন কৰিছিল ৷ এই সাংস্কৃতিক দলটোত গীটাৰ বজাইছিল চৈয়দ ছাদুল্লাই । এই দলটোৰ জৰিয়তে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি অত্যন্ত জনপ্ৰিয় হৈ উঠে চৈয়দ ছাদুল্লা ।

পুৰষ্কাৰ তথা বঁটা

[সম্পাদনা কৰক]

প্ৰখ্যাত গীতিকাৰ, সুৰকাৰ তথা বিশিষ্ট ৰেডিঅ' ব্যক্তিত্ব চৈয়দ ছাদুল্লাক শিৱসাগৰ জিলা সাহিত্য সভাই ২০২৫ চনৰ কেৰিমুদ্দিন আহমেদ সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰে।[1]

অসমৰ প্ৰখ্যাত গায়ক, গীতিকাৰ, সুৰকাৰ, প্ৰাক্তন ৰেডিঅ' ঘোষক চৈয়দ ছাদুল্লাক ২৯ অক্টোবৰ ২০২৫ ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। অসমীয়া সংগীত আৰু সংস্কৃতিলৈ অপৰিসীম অৱদান আগবঢ়োৱা প্ৰবীণ শিল্পীগৰাকীয়ে চিকিৎসালয়ত জীৱনৰ বাবে যুঁজ দিয়ে। চিকিৎসালয়ৰ সূত্ৰই নিশ্চিত কৰে যে ছাদুল্লাৰ তেজৰ কৰ্কট ৰোগৰ গুৰুতৰ ৰূপ ক্ৰনিক লিম্ফোচাইটিক লিউকেমিয়া (CLL) ধৰা পৰিছিল, যাৰ ফলত হাইপ’ক্সিয়া সম্পৰ্কীয় জটিলতাই তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ সৃষ্টি কৰিছিল।[2] ২০২৫ চনৰ ৩০ অক্টোবৰৰ পুৱা ১০ বাজি ৩০ মিনিটত চৈয়দ ছাদুল্লাৰ দেহাৱসান ঘটে। [3]মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৭ বছৰ।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]