সমললৈ যাওক

কল্পনা চাওলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কল্পনা চাওলা
জন্ম ১৭ মাৰ্চ, ১৯৬২
কৰ্নাল, পূব পঞ্জাব, ভাৰত
(বৰ্তমানৰ হাৰিয়ানা, ভাৰত)
মৃত্যু ১ ফেব্ৰুৱাৰী, ২০০৩ (৪০ বছৰ)
শিক্ষানুষ্ঠান পঞ্জাব অভিযান্ত্ৰিক মহাবিদ্যালয়
ইউনিভাৰ্ছিটি অৱ টেক্সাছ এট্ আৰ্লিংটন
ইউনিভাৰ্ছিটি অৱ ক'ল'ৰাড’ বোল্ডাৰ
মহাকাশত কটোৱা সময় ৩১ দিন, ১৪ ঘণ্টা, ৫৪ মিনিট[1]
নিৰ্বাচন ১৯৯৪ নাছা গোট
অভিযান STS-87, STS-107
অভিযানৰ প্ৰতীক
বঁটা Congressional Space Medal of Honor

কল্পনা চাওলা (ইংৰাজী: Kalpana Chawla; ১৭ মাৰ্চ, ১৯৬২ – ১ ফেব্ৰুৱাৰী, ২০০৩) এগৰাকী আমেৰিকান মহাকাশচাৰী তথা মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম মহিলা।[2][3] ১৯৯১ চনৰ এপ্ৰিল মাহত কল্পনা চাওলাই আমেৰিকান নাগৰিক হিচাপে স্বীকৃতি লাভ কৰে।[4] ১৯৯৭ চনত এগৰাকী অভিযান বিশেষজ্ঞ আৰু মুখ্য ৰ'বটিক আৰ্ম অপাৰেটৰ হিচাপে স্পেছ শ্বাটল্ কলম্বিয়াত কল্পনা চাওলাই প্ৰথম মহাকাশ যাত্ৰা আৰম্ভ কৰে। ২০০৩ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে স্পেছ শ্বাটল্ কলম্বিয়া পৃথিৱীৰ বায়ুমণ্ডলত পুনঃ প্ৰৱেশ কৰাৰ সময়ছোৱাতেই মহাকাশ যানখন ধ্বংসপ্ৰাপ্ত হৈ ছয়জন মহাকাশচাৰীসহ কল্পনা চাওলাৰ মৃত্যু হয়।[1] মৰণোত্তৰভাৱে কল্পনা চাওলাক কংগ্ৰেছনেল স্পেছ মেডেল অৱ অন'ৰ, নাছাৰ মহাকাশ উৰণ পদক আৰু নাছাৰ বিশিষ্ট সেৱা পদক প্ৰদান কৰা হৈছে।[5] ইয়াৰোপৰি তেওঁৰ সন্মানাৰ্থে ভালেমান পথ, বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠান তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।[6][7][8]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৬২ চনৰ ১৭ মাৰ্চ তাৰিখে ভাৰতৰ কৰ্নাল নামে ঠাইত কল্পনা চাওলাৰ জন্ম হৈছিল।[1][4] কল্পনা চাওলাৰ আনুষ্ঠানিক জন্ম তাৰিখ ১৯৬১ চনৰ ১ জুন। মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰিবলৈ তেওঁৰ জন্মৰ তাৰিখ সলনি কৰা হৈছিল।[9][10] কল্পনা চাওলাৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে বনাৰসী লাল চাওলা আৰু সংগীতা চাওলা। কল্পনা চাওলা আছিল তেওঁলোকৰ আটাইতকৈ সৰু সন্তান। কল্পনা চাওলাৰ সুনীতা আৰু দীপা নামে দুজনী ভনী আৰু সঞ্জয় নামে এজন ভাতৃ আছিল।[9] উল্লেখযোগ্য যে জন্মৰ পাছতেই কল্পনা চাওলাৰ পিতৃ-মাতৃয়ে তেওঁৰ নাম “ম’ণ্টু” ৰাখিছিল, কিন্তু তিনি বছৰ বয়সত কল্পনা চাওলাই “কল্পনা” নামটো আনুষ্ঠানিক নাম হিচাপে বাছি লয়।[9][4]

কল্পনা চাওলাই কৰ্নালৰ টেগোৰ বাল নিকেতন স্কুলৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰোপৰি তেওঁ কৰ্নালৰ দয়াল সিং কলেজ আৰু ডাভ কলেজ ফৰ ৱুমেনতো শিক্ষা গ্ৰহণ কৰিছিল।[4] ভাৰতৰ পঞ্জাব অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বৈমানিকী অভিযান্ত্ৰিকী বিষয়ত স্নাতক ডিগ্ৰী (BSc) লাভ কৰাৰ পাছত তেওঁ ১৯৮২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু ১৯৮৪ চনত ইউনিভাৰ্ছিটি অৱ টেক্সাছ এট্ আৰ্লিংটনৰ পৰা এৰ'স্পেছ অভিযান্ত্ৰিকী বিষয়ত স্নাতকোত্তৰ (MSc) ডিগ্ৰী লাভ কৰে।[1][5][11] ১৯৮৬ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে আৰু ১৯৮৮ চনত ইউনিভাৰ্ছিটি অৱ ক’ল'ৰাড’ বোল্ডাৰৰ পৰা এৰ'স্পেছ অভিযান্ত্ৰিকী বিষয়ত পি এইচ ডি লাভ কৰে।[1][5][12]

২০০১ চনত এছ টি এছ-১০৭ অভিযানৰ মহাকাশচাৰীসকল। বাওঁফালৰ পৰা সোঁফাললৈ: ব্ৰাউন, হাজবেণ্ড, ক্লাৰ্ক, কল্পনা চাওলা, এণ্ডাৰছন, মেককুল আৰু ৰামোন

১৯৮৮ চনত কল্পনা চাওলাই কেলিফ'ৰ্ণিয়াত অৱস্থিত নাছাৰ এমিছ গৱেষণা কেন্দ্ৰত গৱেষক বিজ্ঞানী হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল।[5] ১৯৯১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰাৰ পাছত তেওঁ নাছাৰ মহাকাশচাৰী সংগঠনলৈ আৱেদন দিয়ে। হাউষ্টনত অৱস্থিত জনছন মহাকাশ কেন্দ্ৰত বহুতো পৰীক্ষা-নিৰীক্ষা আৰু আনুষ্ঠানিক সাক্ষাৎকাৰৰ অন্তত ১৯৯৪ চনৰ ডিচেম্বৰ মাহত সংগঠনটোৱে তেওঁক নিৰ্বাচিত কৰে। ১৯৯৫ চনৰ মাৰ্চ মাহত এজন মহাকাশচাৰী প্ৰাৰ্থী হিচাপে তেওঁ নাছাৰ মহাকাশচাৰী সংগঠনত যোগদান কৰে।[4] এবছৰীয়া প্ৰশিক্ষণ আৰু মূল্যাংকন সম্পূৰ্ণ কৰাৰ পাছত মহাকাশচাৰী কাৰ্যালয়ত ইভিএ/ৰ'ব'টিক্স আৰু কম্পিউটাৰ শাখাত কাৰিকৰী কাৰ্যসমূহ কৰিবলৈ কল্পনা চাওলাক কৰ্মচাৰীৰ প্ৰতিনিধিত্বকাৰী হিচাপে নিযুক্ত কৰা হৈছিল। ১৯৯৬ চনৰ নৱেম্বৰ মাহত এছ টি এছ-৮৭ (STS-10) -ৰ অভিযান বিশেষজ্ঞ আৰু মুখ্য ৰ'ব'টিক আৰ্ম অপাৰেটৰ হিচাপে কল্পনা চাওলাক নিযুক্তি দিয়া হয়। ১৯৯৮ চনৰ জানুৱাৰী মাহত শ্বাটল্ এণ্ড্ ষ্টেশ্ব’ন ফ্লাইট্ ক্ৰূ ইকুইপমেণ্টৰ প্ৰতিনিধিত্বকাৰী হিচাপে কল্পনা চাওলাক নিযুক্তি দিয়া হয়। ১৯৯৭ চনৰ এছ টি এছ-৮৭ (STS-87) আৰু ২০০৩ চনৰ এছ টি এছ-১০৭ (STS-107) অভিযানত কল্পনা চাওলা মহাকাশলৈ গৈছিল। কল্পনা চাওলাই মহাকাশত সৰ্বমুঠ ৩০/৩১ দিন ১৪ ঘণ্টা আৰু ৫৪ মিনিট সময় অতিবাহিত কৰিছে।[5]

প্ৰথম মহাকাশ অভিযান

[সম্পাদনা কৰক]

১৯৯৬ চনৰ নৱেম্বৰ মাহত এছ টি এছ-৮৭ (STS-87) -ৰ অভিযান বিশেষজ্ঞ আৰু মুখ্য ৰ'ব'টিক আৰ্ম অপাৰেটৰ হিচাপে কল্পনা চাওলা নিৰ্বাচিত হয়। উক্ত অভিযানত কল্পনা চাওলাই ৩৭২ ঘণ্টা আৰু ৩৪ মিনিট সময় মহাকাশত পৰিভ্ৰমণ কৰে।[5]

দ্বিতীয় মহাকাশ অভিযান

[সম্পাদনা কৰক]

২০০০ চনত এছ টি এছ-১০৭ (STS-107) অভিযানৰ মহাকাশচাৰী হিচাপে কল্পনা চাওলা তেওঁৰ দ্বিতীয় মহাকাশ অভিযানৰ বাবে নিৰ্বাচিত হয়। ২০০৩ চনৰ ১৬ জানুৱাৰী তাৰিখে এছ টি এছ-১০৭ (STS-107) অভিযানৰ বাবে তেওঁ স্পেছ শ্বাটল্ কলম্বিয়াত মহাকাশলৈ প্ৰত্যাৱৰ্তন কৰে। ১৬ দিনীয়া উক্ত অভিযানটোত সফলতাৰে প্ৰায় আশীটা পৰীক্ষা সম্পন্ন কৰা হৈছিল। ২০০৩ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে অভিযানটোৰ হঠাৎ পৰিসমাপ্তি ঘটে যেতিয়া আমেৰিকান মহাকাশযান স্পেছ শ্বাটল্ কলম্বিয়া পৃথিৱীত অৱতৰণ কৰাৰ নিৰ্দিষ্ট সময়তকৈ ১৬ মিনিট আগতেই ধ্বংসপ্ৰাপ্ত হয়।[5]

২০০৩ চনৰ ১ ফেব্ৰুৱাৰীত সংঘটিত স্পেছ শ্বাটল্ কলম্বিয়া দুৰ্ঘটনাত ছয়জন মহাকাশচাৰীসহ কল্পনা চাওলাৰ মৃত্যু হয়। মহাকাশত এছ টি এছ-১০৭ (STS-107) অভিযান সমাপ্ত কৰি পৃথিৱীত অৱতৰণ কৰাৰ কেইমুহূৰ্তমান আগতে স্পেছ শ্বাটল্ কলম্বিয়া ধ্বংসপ্ৰাপ্ত হয়।[1] দুৰ্ঘটনাটোত কল্পনা চাওলাৰ সৈতে নিহত হোৱা বাকী ছয়জন মহাকাশচাৰী আছিল ক্ৰমে কমাণ্ডাৰ ৰিক ডি. হাজবেণ্ড, পাইলট উইলিয়াম চি. মেককুল, পেলোড কমাণ্ডাৰ মাইকেল পি. এণ্ডাৰছন, পেলোড বিশেষজ্ঞ ইলান ৰামোন (প্ৰথম ইজৰাইলী মহাকাশচাৰী), অভিযান বিশেষজ্ঞ ডেভিড এম. ব্ৰাউন আৰু আন এজন অভিযান বিশেষজ্ঞ লৰেল বি. ক্লাৰ্ক[3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

সন্মান আৰু স্বীকৃতি

[সম্পাদনা কৰক]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 Dismukes, Kim (March 12, 2004). "Kalpana Chawla – STS-107 Crew Memorial". National Aeronautics and Space Administration (NASA)https://spaceflight.nasa.gov/. Archived from the original on March 24, 2019. https://web.archive.org/web/20190324122628/https://spaceflight.nasa.gov/shuttle/archives/sts-107/memorial/chawla.html আহৰণ কৰা হৈছে: January 21, 2019.
  2. Rizvi, Salim (December 11, 2006). "Indo-US astronaut follows Kalpana's footsteps". BBC Newshttp://news.bbc.co.uk/. http://news.bbc.co.uk/2/hi/south_asia/6169111.stm আহৰণ কৰা হৈছে: January 21, 2019. "Almost four years after the death of the first Indian-American astronaut Kalpana Chawla in the Columbia space shuttle disaster, Nasa has sent another woman of Indian origin into space."
  3. 1 2 Taylor Redd, Nola (December 19, 2017). "Kalpana Chawla: Biography & Columbia Disaster". Space.com. https://www.space.com/17056-kalpana-chawla-biography.html আহৰণ কৰা হৈছে: January 21, 2019.
  4. 1 2 3 4 5 Basu, Biman (May 2012). Book Review: Biography of Kalpana Chawla. 40-41. http://www.niscair.res.in/jinfo/sr/2012/SR%2049%285%29%20%28Book%20Review%29.pdf আহৰণ কৰা হৈছে: January 21, 2019.
  5. 1 2 3 4 5 6 7 Lyndon, B. (May 2004). "Astronaut Bio: Kalpana Chawla 5/04". Johnson Space Center (NASA)https://www.jsc.nasa.gov/. https://www.jsc.nasa.gov/Bios/htmlbios/chawla.html আহৰণ কৰা হৈছে: January 21, 2019.
  6. 1 2 Rajghatta, Chidanand (Jul 12, 2004). "NY has Kalpana Chawla Way". The Times of India. http://timesofindia.indiatimes.com/world/NY-has-Kalpana-Chawla-Way/articleshow/775327.cms.
  7. 1 2 Saxena, Ambuj. "Kalpana Chawla Space Technology Cell | Flickr – Photo Sharing!". Flickr. https://www.flickr.com/photos/ambuj/421069342/ আহৰণ কৰা হৈছে: 2010-12-10.
  8. 1 2 "IBN News". Ibnlive.in.com. 2010-02-03. Archived from the original on 2009-09-27. https://web.archive.org/web/20090927102422/http://ibnlive.in.com/news/planetarium-in-kalpana-chawlas-memory/36993-11.html আহৰণ কৰা হৈছে: 2010-12-10.
  9. 1 2 3 [|Harrison, Jean-Pierre] (English ভাষাত). The Edge of Time: The Authoritative Biography of Kalpana Chawla. Harrison Publishing. ISBN 978-0-9768279-0-0 (Hardcover). Archived from the original on 2015-04-17. https://web.archive.org/web/20150417023335/http://www.harrisonpublishing.net/pdf/book/kalpana_book.1.1.pdf আহৰণ কৰা হৈছে: 2019-01-19.
  10. Salwi, Dilip M (February 20, 2004). "Did you know Kalpana was called Monto?". http://www.rediff.com/. http://www.rediff.com/news/2004/feb/20spec.htm আহৰণ কৰা হৈছে: January 21, 2019.
  11. Chawla, Kalpana (1984), MS Thesis Optimization of cross flow fan housing for airplane wing. installation, University of Texas at Arlington, p. 97
  12. Chawla, Kalpana (1988), PhD Thesis Computation of dynamics and control of unsteady vortical flows., University of Colorado at Boulder, p. 147
  13. "Tribute to the Crew of Columbia". NASA JPL. Archived from the original on 2008-02-08. https://web.archive.org/web/20080208162807/http://www.jpl.nasa.gov/releases/2003/columbia-tribute.cfm আহৰণ কৰা হৈছে: 2007-06-10.
  14. "ISRO METSAT Satellite Series Named After Columbia Astronaut Kalpana Chawla". Spaceref.com. Archived from the original on 2012-09-12. https://archive.today/20120912095837/http://www.spaceref.com/news/viewnews.html?id=732 আহৰণ কৰা হৈছে: 2007-06-10.
  15. "Kalpana Chawla Award instituted". The Hindu (Chennai, India). 2004-03-23. Archived from the original on 2004-07-13. https://web.archive.org/web/20040713044512/http://www.hindu.com/2004/03/23/stories/2004032310280500.htm আহৰণ কৰা হৈছে: 2007-06-10.
  16. "NASA Names Supercomputer After Columbia Astronaut". About.com. Archived from the original on 2007-12-30. https://web.archive.org/web/20071230123701/http://space.about.com/cs/nasanews/a/chawlacomputer.htm আহৰণ কৰা হৈছে: 2007-06-10.
  17. "Space Music – Rock/Pop". HobbySpace. 2005-08-31. http://www.hobbyspace.com/Music/music1.html আহৰণ কৰা হৈছে: 2010-12-10.
  18. David, Peter; Star Trek: Next Generation: Before Dishonor; Page 24.
  19. Kalpana Chawla International Space University Scholarship Archived March 1, 2011, at the Wayback Machine
  20. "Kalpana Chawla Memorial Scholarship". UTEP. Archived from the original on October 2, 2011. https://web.archive.org/web/20111002025936/http://academics.utep.edu/Default.aspx?tabid=45209 আহৰণ কৰা হৈছে: 2008-06-10.
  21. "Kalpana Chawla Award". University of Colorado. Archived from the original on March 9, 2012. https://web.archive.org/web/20120309065132/https://www.cualum.org/awards/chawla-award-winners/ আহৰণ কৰা হৈছে: 2012-02-12.
  22. "Kalpana Chawla Hall". University of Texas at Arlington. http://www.uta.edu/housing/housing/residence-halls/kc-hall.php আহৰণ কৰা হৈছে: 2013-05-16.
  23. "Kalpana Chawla Display Dedicated at Nedderman Hall". The University of Texas at Arlington. Archived from the original on 2017-09-29. https://web.archive.org/web/20170929044156/http://www.uta.edu/news/releases/2010/05/kalpana-chawla-display.php আহৰণ কৰা হৈছে: 2013-05-16.
  24. "Punjab Engineering College remembers Kalpana". The Indian Express. Archived from the original on August 27, 2006. https://web.archive.org/web/20060827232518/http://www.expressindia.com/fullstory.php?newsid=18844 আহৰণ কৰা হৈছে: 2007-06-10.
  25. "Space Technology Cell". Kcstc.iitkgp.ernet.in. Archived from the original on 2007-12-30. https://web.archive.org/web/20071230094113/http://www.kcstc.iitkgp.ernet.in/ আহৰণ কৰা হৈছে: 2010-12-10.
  26. "Delhi University". Archived from the original on 2022-03-31. https://web.archive.org/web/20220331063912/http://hostels.dtu.ac.in/girls-hostels/kalpana-chawla-hostel/ আহৰণ কৰা হৈছে: 2019-01-22.
  27. "SIRT". http://sirtbhopal.ac.in/new/?page_id=1741.
  28. "Pondicherry University". http://www.pondiuni.edu.in/content/hostels-dining.
  29. "Truba". http://trubainstitute.ac.in.
  30. "KalpanaOne". Archived from the original on 2019-11-17. https://web.archive.org/web/20191117051247/https://settlement.arc.nasa.gov/Kalpana/KalpanaOne.html আহৰণ কৰা হৈছে: 2019-01-22.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]