সমললৈ যাওক

সৰিতা যোশী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰিতা যোশী
জন্ম সৰিতা ভোছলে
১৭ অক্টোবৰ, ১৯৪১ (৮৪ বছৰ)
পুনে, বোম্বে প্ৰেছিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমান মহাৰাষ্ট্ৰত)
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৫০- বৰ্তমানলৈ
দাম্পত্যসঙ্গী
  • ৰাজকুমাৰ খাটাউ (বি. ১৯৫৭; বিবি. ১৯৫৮)
  • প্ৰবীন যোশী (বি. ১৯৫৮; মৃ. ১৯৭৯)
সন্তান কেতকী দাৱে, পুৰৱী যোশী

সৰিতা যোশী (ইংৰাজী: Sarita Joshi ; জন্ম: ১৭ অক্টোবৰ, ১৯৪১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ, মঞ্চ আৰু টিভি অভিনেত্ৰী। গুজৰাটী আৰু মাৰাঠী থিয়েটাৰৰ এগৰাকী আগশাৰীৰ আৰু গুৰুত্বপূ্ৰ্ণ অভিনেত্ৰী বুলি তেওঁক উল্লেখ কৰা হয়। ১৯৭০ দশকত স্বামী প্ৰবীণ যোশীৰ সৈতে কৰা গুজৰাটী নাটকৰ বাবে তেওঁ পৰিচিত। ষ্টাৰ প্লাছৰ হিট ‘ড্ৰামেডী’ বা বহু ঔৰ বেবীত (২০০৫-২০১০) গোদাবৰী ঠক্কৰৰ চৰিত্ৰত অভিনয় কৰি তেওঁ ব্যাপক স্বীকৃতি লাভ কৰে। ২০২০ চনত কলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰে। ১৯৮৮ চনত ভাৰতৰ সংগীত নাটক একাডেমীয়ে গুজৰাটী নাটকত অভিনয়ৰ বাবে সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰে।[1][2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

সৰিতাৰ জন্ম পুনেৰ এটা মধ্যবিত্তীয় মাৰাঠী পৰিয়ালত হৈছিল যদিও তেওঁ ডাঙৰ-দীঘল হৈছিল বদোদৰাত। তেওঁৰ পিতৃ ভীমৰাও ভোছলে এজন বেৰিষ্টাৰ আছিল। মাতৃ কমলাবাই ৰানে গোৱাৰ জীয়ৰী। পৰিয়ালে আৰ্থিক সমস্যাৰ সন্মুখীন হোৱাৰ বাবে ন বছৰ বয়সতে তেওঁ ভনীয়েক পদ্মাৰাণীৰ সৈতে মঞ্চত অভিনয় কৰিবলৈ লয়। প্ৰথমে তেওঁ পৰম্পৰাগত থিয়েটাৰত অভিনয় কৰিবলৈ লৈছিল যদিও সোনকালেই তেওঁ শান্তা আপ্তেৰ দৰে বিখ্যাত শিল্পীৰ সৈতে কাম কৰিবলৈ লয়। [3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ন বছৰ শিশু অভিনেত্ৰী হিচাপে কাম কৰাৰ পিছত যোশীয়ে ১৬ বছৰ বয়সত প্ৰথম মুখ্য চৰিত্ৰ লাভ কৰে। ইণ্ডিয়ান নেচনেল থিয়েটাৰ গুজৰাটীত অভিনয় কৰিবলৈ যাওঁতে তেওঁৰ ভাবী স্বামী প্ৰবীণ যোশীক লগ পায়।[3]

১৯৮০ চনত তেওঁ নাদিৰা বব্বৰৰ পৰিচালনা কৰা তিতলিয়াঁ নামৰ টিভি ধাৰাবহিকখনৰ জৰিয়তে টেলিভিছনত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছতে ৯০ৰ দশকত জি টিভিৰ হছৰতেকে ধৰি বহুতো ধাৰাবাহিকত অভিয়ন কৰে।[3] জনপ্ৰিয় ধাৰাবাহিক বা বহু ঔৰ বেবীত এগৰাকী কঠিন অথচ ন্যায়পৰায়ণ আৰু মৰমিয়াল মাতৃস্থানীয় গোদাৱৰী লভশংকৰ ঠক্কৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত। এই ধাৰাবাহিকখনত তেওঁক এজন প্ৰখ্যাত থিয়েটাৰ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা অৰবিন্দ বৈদ্যৰ বিপৰীতে কাষ্টিং কৰা হৈছিল। অৰবিন্দ বৈদ্যৰ সৈতে তেওঁ মছালা মামী নামৰ ধাৰাবাহিক এখনতো অভিনয় কৰিছিল। এই ধাৰাবহিকখন পাঁচ বছৰ জুৰি চলিছিল। ২০০৯ চনত যোশীয়ে নাইন-এক্সত কুচ কুক হোতা হ্যায় ধাৰাবহিকত ৰাণীৰ চৰিত্ৰত অভিনয় কৰিছিল।

১৯৬৮ চনত কন্যাদান ছবিত আশা পাৰেখৰ বন্ধুৰ চৰিত্ৰত অভিনয় কৰা যোশীয়ে একেখন ছবিৰ ‘মিল গয়ে মিল গয়ে আজ মেৰে সনম’ শীৰ্ষক গীততো কৰিছিল। ১৯৬৯ চনত প্যাৰ হী প্যাৰ ছবিত তেওঁক বৈজয়ন্তীমালাৰ বন্ধুৰ চৰিত্ৰত দেখা যায়। চলচ্চিত্ৰ নিৰ্মাতা মণি ৰত্নমে পৰিচালনা কৰা গুৰু ছবিখনত তেওঁ অভিষেক বচ্চনৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰে। ২০০৮ চনৰ দছবিদানিয়া ছবিত কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰাৰ সুযোগ

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

যোশীৰ প্ৰথম বিয়া হৈছিল ৰাজকুমাৰ খাটাউৰ সৈতে। পিছলৈ তেওঁ নাট্য পৰিচালক আৰু নাট্যকাৰ প্ৰবীণ যোশীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[4] কিউ কী শাস ভি কভি বহু থী টিভি ধাৰাবাহিকত দক্ষাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী কেতকি দাৱে আৰু কমেডী চাৰ্কাছত হোষ্টৰ ভূমিকাত থকা পূৰৱী যোশী তেওঁৰ দুই জীয়ৰী।[3][5]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Theatre - Acting (Language Theatre-wise) - Gujarati". Sangeet Natak Akademi Award. http://www.sangeetnatak.gov.in/sna/SNA-Awards.html#collapse4 আহৰণ কৰা হৈছে: 5 July 2016.
  2. "Press Note". Ministry of Home Affairs. 2020-01-25. https://www.thehindu.com/news/national/article30653369.ece/binary/2020AwardeesList.pdf আহৰণ কৰা হৈছে: 2022-11-11.
  3. 1 2 3 4 "All in the family". Indian Today. 13 February 2008. http://indiatoday.intoday.in/story/All+in+the+family/1/4547.html আহৰণ কৰা হৈছে: 15 May 2013.
  4. "Twining". Screen. 22 March 2002. Archived from the original on 2 March 2008. https://web.archive.org/web/20080302060144/http://www.screenindia.com/old/20020322/tvcov.html আহৰণ কৰা হৈছে: 26 August 2009.
  5. "Baa, beti aur baby". MiD DAY. 28 November 2009. http://www.mid-day.com/whatson/2009/nov/281109-riddhi-dave-deekri-no-1.htm.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]