সমললৈ যাওক

গুজৰাটী থিয়েটাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মূলশঙ্কৰ মুলানীৰ জনপ্ৰিয় নাটক 'সৌভাগ্য সুন্দৰী'ত বাপুলাল নায়ক আৰু জয়শঙ্কৰ সুন্দৰী

গুজৰাটী থিয়েটাৰে (ইংৰাজী: Gujarati theatre) গুজৰাটী অথবা ইয়াৰ উপভাষাসমূহত নাট মঞ্চস্থ কৰা থিয়েটাৰক বুজায়। গুজাৰাটী থিয়েটাৰ সাধাৰণতে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ মুম্বাই, আহমেদাবাদ, বৰোদা, সুৰাত আদি চহৰত তথা গুজাৰাটী লোকৰ বসতি থকা, বিশেষকৈ উত্তৰ আমেৰিকা আদিত প্ৰদৰ্শিত হয়। ১৮৫৩ চনত তেতিয়াৰ বোম্বেত 'পাৰ্চী নাটক মণ্ডলী'ৰ দ্বাৰা মঞ্চস্থ হোৱা 'ছোহৰাম ৰুস্তম' নাটকখনেই গুজৰাটী থিয়েটাৰৰ আৰম্ভণি বুলি থাৱৰ কৰা হয়।[1]

১৯১৫ৰ নাটক 'স্নেহ চৰিত্ৰ'ৰ বিজ্ঞাপন

গুজৰাট অঞ্চলত লোকনাট্য ভৱাইৰ এক দীঘলীয়া পৰম্পৰা আছে, যিটো চতুৰ্দশ শতিকাত উদ্ভৱ হৈছিল। ষোল শতিকাৰ আৰম্ভণিতে, গোৱা আৰু মহাৰাষ্ট্ৰত ধৰ্মপ্ৰচাৰৰ কামত জড়িত পৰ্তুগীজ মিছনাৰীসকলে মহাৰাষ্ট্ৰৰ লোক পৰম্পৰা 'তামাচা'ৰ শৈলীত যিয়ে যীচু খ্ৰীষ্টৰ জীৱনৰ ওপৰত আধাৰিত ' য়েচু মাশিহা কা তামাচা' পৰিৱেশন কৰিছিল।[1] গুজৰাটৰ ৰাজসভা আৰু মন্দিৰত সংস্কৃত নাটক প্ৰদৰ্শন কৰা হৈছিল, কিন্তু ই সাধাৰণ জনগণৰ স্থানীয় নাট্য পৰম্পৰাক প্ৰভাৱিত কৰিব পৰা নাছিল। ব্ৰিটিছ ৰাজৰ সময়ত, ব্ৰিটিছ বিষয়াসকলে বিদেশী অপেৰা আৰু থিয়েটাৰ গোটক আমন্ত্ৰণ জনাইছিল। ইয়াৰ ফলত স্থানীয় পাৰ্চীসকল তেওঁলোকৰ নিজা ভ্ৰাম্যমাণ থিয়েটাৰ আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত হৈছিল; যি মূলতঃ গুজৰাটী ভাষাত পৰিবেশিত হৈছিল। গুজৰাটী ভাষাত ১৮৫০ চনত প্ৰথম নাটক প্ৰকাশিত হৈছিল; এৰিষ্টফেনৰ গ্ৰীক কমেডীৰ দ্বাৰা প্ৰভাৱিত হৈ দলপত ৰামে লিখা নাটকখনৰ নাম আছিল 'লক্ষ্মী নাটক'।[2]

১৮৫০ৰ দশকৰ আগভাগত বোম্বেৰ এলফিনষ্টোন কলেজৰ ছাত্ৰসকলে এটা নাট্যসংঘ স্থাপন কৰি শ্বেইক্সপীয়েৰৰ নাটসমূহ মঞ্চস্থ কৰিবলৈ আৰম্ভ কৰে।[3] গুজৰাটী থিয়েটাৰৰ প্ৰথম নাট্যদল 'পাৰ্চী নাটক মণ্ডলী'। ফ্ৰেমজী গুস্তাদজী দালালে প্ৰতিষ্ঠা কৰা এই নাট্যদলটোৱে প্ৰথমবাৰৰ বাবে ২৯ অক্টোবৰ ১৮৫৩ত ১০ম শতিকাৰ পাৰ্চী মহাকাব্য চাহনামাৰ আধাৰত ফেৰদোচী ৰচিত পাৰ্চী-গুজৰাটী নাটক 'ছোহৰাব ৰুস্তম' বোম্বেৰ গ্ৰেণ্ড ৰোড খিয়েটাৰত মঞ্চস্থ কৰে আৰু গুজৰাটী থিয়েটাৰৰ এইটো আৰম্ভণি বুলি থাৱৰ কৰা হয়। এই নাট্যদলটোকে একেটা স্থানত 'ধানজী ঘৰক' নামৰ প্ৰহসন এখনো মঞ্চস্থ কৰে।[1][4] আৰম্ভণিৰ দিনবোৰত গুজৰাটী থিয়েটাৰে পাৰ্চী থিয়েটাৰৰ বিনোদনমূলক শৈলী আৰু বিষয় অনুসৰণ কৰিছিল। নাটকবোৰৰ ভাষাও আছিল গুজৰাটী, উৰ্দু আৰু ইংৰাজী মিহলি।[5] ভৱাইত কোনো মঞ্চ ব্যৱহাৰ নকৰাৰ বিপৰীতে গুজৰাটী থিয়েটাৰত ওখ মঞ্চৰ ব্যৱহাৰ হৈছিল। তাৰপিছত পৃষ্ঠভূমিৰ সংযোজন হ’ল আৰু ক্ৰমাৎ ই গৈ ইউৰোপীয় প্ৰচেনিয়াম থিয়েটাৰৰ ৰূপ ল’লে।[2] সেই সময়ৰ পৰিপ্ৰেক্ষিতত ভৱাইত নিহিত থকা অশালীন উপাদান তথা পাৰ্চী থিয়েটাৰৰ ভুল গুজৰাটী ভাষাশৈলী আঁতৰ কৰিবলৈ দলপত ৰামে এটা নাট্যদল তৈয়াৰ কৰিছিল।[6]

ক্ৰমাগত ভাবে গুজৰাটী নাটকৰ ৰচনা আৰু পৰিবেশন বাঢ়ি আহিল আৰু অৱশেষত পাৰ্চী থিয়েটাৰ আৰু ভৱাইৰ পৰম্পৰাৰ পৰা আঁতৰি আহি অন্যান্য ভাৰতীয় আৰু পশ্চিমীয় নাটৰ উপাদাসমূহ গ্ৰহণ কৰি ১৮৭৮ চনত মোৰবি নামৰ ঠাইত মূলজী আৰু ৱাঘজী ওঝাই 'আৰ্য সুবোধ নাটক মণ্ডলী' নামৰ দল নাট্যদল এটা গঠন কৰে। তেওঁলোকৰ প্ৰথম প্ৰযোজনা 'ভাৰঠাৰি' নাটকখন গুজৰাট আৰু সৌৰাষ্ট্ৰ অঞ্চলত বহু বছৰ ধৰি মঞ্চস্থ হয়। ১৮৮০ৰ দশকলৈ দাহ্যভাই ঢোলাশাজী অভিনীত 'দেশী নাটক সমাজ'কে ধৰি সাতটা নাট্যদল গঠিত হয়।[1] 'গুজৰাটী নাটক মণ্ডলী' (১৮৭৮-৮৯) আৰু 'মুম্বাই গুজৰাটী নাটক মণ্ডলী' (১৮৮৯-১৯৪৮) বাটকটীয়া নাটক কোম্পানীবোৰৰ ভিতৰত অন্যতম।[7]

তথ্য উৎস

[সম্পাদনা কৰক]

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]