পাৰ্চী থিয়েটাৰ
পাৰ্চী থিয়েটাৰ বা পাৰ্চী ৰঙ্গমঞ্চ (ইংৰাজী: Parsi theatre) শব্দ-গুচ্ছই পাৰ্চীসকলৰ বা বহুলভাৱে পাৰ্চী ব্যৱসায়িক গোষ্ঠীৰ মালিকানাধীন কোম্পানীৰ দ্বাৰা ১৮৫০ৰ দশকৰ পৰা ১৯৩০ৰ দশকলৈ মঞ্চায়ন কৰা এক প্ৰভাৱশালী ৰঙ্গমঞ্চ পৰম্পৰাক সূচায়। পাৰ্চী থিয়েটাৰৰ নাটকবোৰ মূলতঃ উৰ্দু বা গুজৰাটী ভাষাৰ আছিল। বোম্বেত সূত্ৰপাত হোৱা এই নাট্য পৰম্পৰাক কিছুমান ভ্ৰাম্যমাণ নাট্যগোষ্টীয়ে ভাৰতৰ বিভিন্ন ঠাইত, বিশেষকৈ পশ্চিম ভাৰত (বৰ্তমানৰ গুজৰাট আৰু মহাৰাষ্ট্ৰ) আৰু উত্তৰ ভাৰতৰ বিভিন্ন ঠাইত বিয়পায় দিছিল আৰু আঞ্চলিক ভাষাৰ প্ৰচেনিয়াম (proscenium) শৈলীৰ থিয়েটাৰক জনপ্ৰিয় কৰি তুলিছিল।[1]
ইতিহাস
[সম্পাদনা কৰক]বোম্বেৰ ব্ৰিটিছ সম্প্ৰদায়ে ঊনবিংশ শতাব্দীৰ মধ্যভাগত কেতিয়াবা কেতিয়াবা ইংৰাজী ভাষাৰ নাটক মঞ্চায়ন কৰিছিল। পাৰ্চীসকল সেই চহৰৰ প্ৰসিদ্ধ ব্যৱসায়ী আছিল। ১৮৫০ৰ দশকৰ আগভাগত বোম্বেৰ এলফিনষ্টোন কলেজৰ ছাত্ৰসকলে এটা নাট্যসংঘ স্থাপন কৰি শ্বেইক্সপীয়েৰৰ নাটসমূহ মঞ্চস্থ কৰিবলৈ আৰম্ভ কৰে।[2] ‘পাৰ্চী নাটক মণ্ডলী’ নামেৰে প্ৰথম পাৰ্চী থিয়েটাৰ কোম্পানীটোৱে ১৮৫৩ চনত ‘ৰুস্তম জুবলী আৰু চোহৰাব’ নাটক মঞ্চস্থ কৰে। ইয়াৰ পিছত মঞ্চস্থ কৰা হয় ‘ৰজা আফ্ৰাচিয়াব আৰু ৰুস্তম পেহলৱান’ আৰু ‘পাটশ্বাহ ফেৰদুন’।[3] ১৮৬০লৈকে বোম্বেত ২০টাকৈ পাৰ্চী থিয়েটাৰ দল গঠন হয়। [4]
শৰ্মিষ্ঠা গুপ্ত আৰু ভৌমিকে মত প্ৰকাশ কৰিছে য়ে 'ইণ্ডো-পাৰ্চীয়ান/ ইচলামিকেট' সংস্কৃতিৰ পাৰ্চী থিয়েটাৰৰ ওপৰত গভীৰ প্ৰভাৱ পৰিছে। উৰ্দু কবিতাৰ জনপ্ৰিয়তাৰ বাবে কুৰি শতিকাৰ প্ৰাৰম্ভণিলৈকে পাৰ্চী থিয়েটাৰত উৰ্দু ভাষাৰ বহুল ব্যৱহাৰ হৈছিল। পাৰ্চী থিয়েটাৰত ‘এহেজাৰ এনিশাৰ সাধু’ৰো (আৰব্য ৰজনী) গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিছে, যিখন ‘পাৰচীয় এডভেঞ্চাৰ-ৰোমাঞ্চ’ হিচাপে মঞ্চস্থ কৰা হৈছিল। পিছলৈ এই ‘এহেজাৰ এনিশাৰ সাধু’ক প্ৰাৰম্ভিক যুগৰ বলীউদী চলচ্চিত্ৰলৈ অভিযোজন কৰা হৈছিল।[5]
পাৰ্চী থিয়েটাৰত প্ৰথম অৱস্থাত শ্বেইক্সপীয়েৰৰ নাটসমূহৰ ভাৰতীয় সংস্কৰণ মঞ্চস্থ কৰিছিল। নাটসমূহত অগণন গীতৰ সংযোজন কৰি লোক পৰিবেশ্য কলালৈ ৰূপান্তৰিত কৰিছিল। কম দিনৰ ভিতৰতে ইয়াত ভাৰতীয় কিংবদন্তী, মহাকাব্য আৰু পৌৰাণিক বিষয়বস্তুৰ আগমন হৈছিল। পাৰ্চী থিয়েটাৰ কোম্পানীবোৰে উত্তৰ ভাৰতত ভ্ৰমণ কৰাৰ হেতু তেওঁলোকে নাটকসমূহক হিন্দুস্তানী ভাষাত (অৰ্থাৎ হিন্দী-উৰ্দু সংমিশ্ৰিত ভাষা) অভিযোজন কৰাৰ বাবে স্থানীয় লেখকক নিযুক্তি দিছিল।[6] বাস্তৱবাদ, ফেণ্টাচী, সঙ্গীত আৰু নৃত্য, বৰ্ণনাপ্ৰধান, উচ্চগ্ৰামৰ সংলাপ, দক্ষতাপূৰ্ণ মঞ্চ উপস্থাপনা আদিৰ সমাহাৰে পিছৰ পৰ্যায়ৰ পাৰ্চী নাটসমূহক মেলোড্ৰামালৈ পৰ্যবসিত কৰিছিল। দৰ্শকৰ মনোৰঞ্চনৰ বাবে ইয়াত কৌতুক, সুৰীয়া গীত আৰু সঙ্গীত, শিহৰণযুক্ত ঘটনাপ্ৰবাহ, মঞ্চকলাৰ বৈচিত্ৰ্যত গুৰুত্ব দিয়া হৈছিল।[7] পাৰ্চী থিয়েটাৰৰ সফলতাই অন্য আঞ্চলিক ভাষাৰ, যেনে গুজৰাটী থিয়েটাৰ, মাৰাঠী থিয়েটাৰ আৰু হিন্দী থিয়েটাৰৰ বিকাশত,[8][9][7] বিশেষকৈ বলীউদী চলচ্চিত্ৰীয় গীতৰ বিকাশত বিশেষভাবে সহায়ক হৈছিল।[10] চিত্ৰনাট্য তথা গীত ৰচয়িতা জাভেদ আখটাৰৰ মতে বলীউদী ফিল্মী গজল, ঠুমৰি আৰু কজৰী শৈলীৰ মূল ভিত্তি হ’ল- ‘উৰ্দু পাৰ্চী থিয়েটাৰ’ৰ গজল, ঠুমৰি আৰু কজৰী পৰম্পৰা।[11]
১৯৮১ চনত মুম্বাই ভিত্তিক থিয়েটাৰ পৰিচালক নাদিৰা বব্বৰে তেওঁৰ থিযেটাৰ দল ‘একজুতে’ (অৰ্থাৎ একেলগে) আৰম্ভ কৰে। এই দলটোৱে পাৰ্চী থিয়েটাৰ শৈলীত ‘ইহুদী কী লড়কী’ প্ৰযোজনা কৰে, যিখন এই শৈলীৰ এক শ্ৰেষ্ঠ প্ৰযোজনা বুলি গণ্য কৰা হয়।[12]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ K, A (2004). Lal, Ananda. ed. The Oxford companion to Indian theatre. প্ৰকাশক New Delhi: Oxford University Press. ISBN 9780199861248. OCLC 607157336. http://www.oxfordreference.com/view/10.1093/acref/9780195644463.001.0001/acref-9780195644463-e-0473.
- ↑ Chandawarkar, Rahul (18 December 2011). "Understanding 20th century Parsi theatre". Daily News & Analysis. http://www.dnaindia.com/lifestyle/report-understanding-20th-century-parsi-theatre-1627314। আহৰণ কৰা হৈছে: 2014-06-04.
- ↑ "Nicholson 2015, p. 617.". South Asia: Journal of South Asian Studies খণ্ড 38: 613–638. doi:10.1080/00856401.2015.1080211.
- ↑ Palsetia 2001, পৃষ্ঠা. 184.
- ↑ Gooptu, Sharmistha (2010). Bengali Cinema: 'An Other Nation'. Routledge. পৃষ্ঠা. 38. ISBN 9781136912177. https://books.google.com/books?id=DcUtCgAAQBAJ&pg=PA38.
- ↑ Hansen, p. 75
- ↑ 7.0 7.1 K. Moti Gokulsing, K. Gokulsing, Wimal Dissanayake (2004). Indian Popular Cinema: A Narrative of Cultural Change. Trentham Books. পৃষ্ঠা. 98.
- ↑ Hochman 1984, পৃষ্ঠা. 38.
- ↑ Joughin 1997, পৃষ্ঠা. 129.
- ↑ Mehta, Rini Bhattacharya; Pandharipande, Rajeshwari (2010). Bollywood and Globalization: Indian Popular Cinema, Nation, and Diaspora. Anthem Press. পৃষ্ঠা. 36. ISBN 978-1-84331-833-0. https://books.google.com/books?id=cgZTUn00crMC&pg=PA176.
- ↑ Kabir, Nasreen Munni; Akhtar, Javed (2018). Talking Films and Songs: Javed Akhtar in conversation with Nasreen Munni Kabir. Oxford University Press. পৃষ্ঠা. 114. ISBN 978-0-19-909177-5. https://books.google.com/books?id=S59MDwAAQBAJ&pg=PT114.
- ↑ "Indian theatre at the crossroads". The Tribune. 25 June 2000. http://www.tribuneindia.com/2000/20000625/spectrum/main9.htm। আহৰণ কৰা হৈছে: 2014-08-27.
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Hochman, Stanley (1984). McGraw-Hill Encyclopedia of World Drama: An International Reference Work in 5 Volumes. VNR AG. ISBN 978-0-07-079169-5. https://books.google.com/books?id=zo5os6d0rvMC&pg=PA37.
- Nicholson, Rashna Darius (2015). "Corporeality, Aryanism, Race: The Theatre and Social Reform of the Parsis of Western India". South Asia: Journal of South Asian Studies খণ্ড 38 (4): 613–638. doi:10.1080/00856401.2015.1080211.
- Palsetia, Jesse S. (2001). The Parsis of India: Preservation of Identity in Bombay City. BRILL. ISBN 90-04-12114-5. https://books.google.com/books?id=R6oNt3M_yLgC&pg=PA184.
- Somanath Gupta; tr. Kathryn Hansen (2005). The Parsi Theatre: Its Origins and Development. Seagull Books. ISBN 978-81-7046-273-6. https://books.google.com/books?id=ex_iVE8vFLkC.
- Sandria B. Freitag (1989). "Chapter 2: The Birth of Hindi Drama in Banaras: 1868–1885, by Kathryn Hansen". Culture and power in Banaras: community, performance, and environment, 1800–1980. University of California Press. ISBN 978-0-520-06367-9. https://books.google.com/books?id=4RAaBmHA9uUC&q=%22Hindi+drama%22+-inpublisher%3Aicon&pg=PA62.
- Marfatia, Meher (2011). Laughter in the House! : 20th-century Parsi Theatre. Sooni Taraporevala (photos). 49/50 Books. ISBN 978-81-921367-0-7. https://books.google.com/books?id=Hyg4twAACAAJ.
- Kasbekar, Asha (2006). Pop Culture India! : Media, Arts, and Lifestyle. ABC-CLIO. ISBN 978-1-85109-636-7. https://books.google.com/books?id=Sv7Uk0UcdM8C&pg=PA50.
- Joughin, John J. (1997). Shakespeare and National Culture. Manchester University Press. ISBN 978-0-7190-5051-0. https://books.google.com/books?id=zArpAAAAIAAJ&pg=PA129.
- Blackburn, Stuart H.; Dalmia, Vasudha (2004). India's Literary History: Essays on the Nineteenth Century. Orient Blackswan. ISBN 978-81-7824-056-5. https://books.google.com/books?id=2N046vzK824C&pg=PA60.
- "History of the Parsi Theatre". Zoroastrian Educational Institute. http://www.zoroastrian.org.uk/vohuman/Article/A%20Time%20for%20Natak%20History%20of%20the%20Parsi%20Theatre.htm.