আৰতি সাহা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
আৰতি গুপ্তা সাহা

১৯৯৯ চনত প্ৰকাশিত এটা ভাৰতীয় ডাক টিকটত আৰতি সাহা
জন্ম ২৪ ছেপ্টেম্বৰ ১৯৪০
কলকাতা, বেংগাল প্ৰেসিডেন্সি, ব্ৰিটিছ অধীনস্থ ভাৰত
মৃত্যু ২৩ আগষ্ট ১৯৯৪
কলকাতা, পশ্চিমবংগ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সাঁতোৰবিদ
বঁটা, সন্মান, পুৰস্কাৰ আদি ১৯৬০ চনত পদ্মশ্ৰী

আৰতি গুপ্তা সাহা (২৪ ছেপ্টেম্বৰ ১৯৪০ – ২৩ আগষ্ট ১৯৯৪) এগৰাকী ভাৰতীয় দীৰ্ঘ-দূৰত্বৰ সাঁতোৰবিদ। ব্ৰিটিছ অধীনস্থ ভাৰতৰ কলকাতাত আৰতিৰ জন্ম হৈছিল। চাৰি বছৰ বয়সৰ পৰাই তেওঁ সাঁতোৰবিদ্যা শিকিবলৈ লৈছিল। তেওঁৰ প্ৰতিভাৰ প্ৰথম উমান পাইছিল শচীন নাগে। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মিহিৰ সেনৰ দ্বাৰা তেওঁ বিশেষভাৱে অনুপ্ৰাণিত হৈছিল। ১৯৫৯ চনত তেওঁ নিজেই ইংলিছ চেনেল সাঁতুৰিবলৈ সক্ষম হয় আৰু এই কৃতিত্ব অৰ্জন কৰা এছিয়া মহাদেশৰ প্ৰথমগৰাকী মহিলাৰূপে পৰিগণিত হয়।[1] ১৯৬০ চনত তেওঁ পদ্মশ্ৰী সন্মান লাভ কৰে। ক্ৰীড়াক্ষেত্ৰত পদ্মশ্ৰী বঁটা পোৱা তেৱেঁই প্ৰথম ভাৰতীয় মহিলা।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

আৰতিৰ জন্ম হৈছিল এটা মধ্যবিত্ত শ্ৰেণীৰ বঙালী হিন্দু পৰিয়ালত। তেওঁ পৰিয়ালটোৰ তিনিটা সন্তানৰ দ্বিতীয় সন্তান আৰু দুজনী ছোৱালীৰ ডাঙৰজনী। আৰতিৰ দেউতাক সেনাবাহিনীৰ এটা সাধাৰণ পদবীত কাম কৰিছিল। মাত্ৰ আঢ়ৈ বছৰ বয়সতে আৰতিৰ মাকৰ মৃত্যু হয়। তেওঁৰ জ্যেষ্ঠ ভাতৃ আৰু সৰু ভনী মামাকৰ ঘৰত ডাঙৰ-দীঘল হৈছিল। আনহাতে আৰতি ডাঙৰ হৈছিল উত্তৰ কলকাতাত অৱস্থিত আইতাকৰ ঘৰত।

চাৰি বছৰ বয়সৰ পৰাই আৰতিয়ে খুৰাকৰ সৈতে চম্পালা ঘাটত গা ধুবলৈ গৈছিল আৰু তাৰ পৰাই তেওঁ সাতোৰ শিকিবলৈ আৰম্ভ কৰিছিল। পাঞ্চুগোপাল সাহাই জীয়েকৰ সাঁতোৰত আগ্ৰহ থকা দেখি তাইক হাটখোলা চুইমিং ক্লাবত ভৰ্তি কৰাই দিছিল। ১৯৪৬ চনত পাঁচ বছৰ বয়সতে আৰতিয়ে শৈলেন্দ্ৰ মেম'ৰিয়েল ছুইমিং প্ৰতিযোগিতাত ১১০ গজ ফ্ৰি ষ্টাইল শাখাত সোণৰ পদক পাবলৈ সক্ষম হৈছিল। এইদৰেই সাঁতোৰৰ ক্ষেত্ৰখনত আৰতিৰ কেৰিয়াৰ আৰম্ভ হয়।

কেৰিয়াৰ[সম্পাদনা কৰক]

ইংৰাজী প্ৰণালী (ইংলিছ চেনেল) সাঁতোৰ[সম্পাদনা কৰক]

আৰতিয়ে গংগা নদীত হোৱা দীৰ্ঘ দূৰত্বৰ সাঁতোৰ প্ৰতিযোগিতাসমূহত ভাগ লৈছিল। তেওঁ পোনপ্ৰথমে ব্ৰজেন দাসৰ পৰা ইংলিছ চেনেল সাঁতুৰিবলৈ প্ৰেৰণা পাইছিল। ১৯৫৮ চনত বাটলিন আন্তঃৰাষ্ট্ৰীয় ক্ৰছ চেনেল সাঁতোৰ প্ৰতিযোগিতাত ব্ৰজেন দাসে পুৰুষৰ শাখাত প্ৰথম স্থান পাইছিল আৰু ভাৰতীয় উপমহাদেশৰ পৰা ইংলিছ চেনেল সাঁতুৰিবলৈ সক্ষম হোৱা ভাৰতীয় উপমহাদেশৰ প্ৰথমগৰাকী ব্যক্তিৰ সন্মানো অৰ্জন কৰিছিল। গ্ৰিটা এণ্ডাৰছন নামৰ ডেনিছ মূলৰ আমেৰিকান মহিলা সাঁতোৰবিদগৰাকীয়ে ১১ ঘন্টা ১ মিনিটত সাঁতুৰি পাৰ হ'বলৈ সক্ষম হৈছিল আৰু পুৰুষ-মহিলা উভয়ৰে ভিতৰত প্ৰথম স্থান পাইছিল। এণ্ডাৰছনৰ এই সাফল্যই সমগ্ৰ বিশ্বৰে মহিলা সাঁতোৰবিদসকলক যথেষ্ট প্ৰেৰণা যোগাইছিল। আৰতিয়ে ব্ৰজেন দাসক তেওঁৰ সাফল্যৰ বাবে অভিনন্দন জনাই এটা বাৰ্তা পঠিয়াইছিল। তেওঁ ইয়াৰ উত্তৰ দিছিল আৰু আৰতিক জনাইছিল যে ইচ্ছা কৰিলে তেৱোঁ এই সাফল্য অৰ্জন কৰিব পাৰে। পিছত ব্ৰজেন দাসে নিজেই বাটলিন আন্তঃৰাষ্ট্ৰীয় ক্ৰছ চেনেল সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজকমণ্ডলীক পৰৱৰ্তী বৰ্ষত অংশ ল'বৰ বাবে আৰতিৰ নাম প্ৰেৰণ কৰিছিল।

ব্ৰজেন দাসৰ পৰা প্ৰেৰণাৰ পোৱাত আৰতিয়ে সাঁতোৰবিদ্যাক অধিক গুৰুত্বসহকালে ল'বলৈ ধৰিলে। মিহিৰ সেনেও তেওঁৰ সিদ্ধান্তক আদৰণী জনালে আৰু সাঁতোৰত অধিক মনোনিৱেশ কৰিবলৈ উৎসাহ যোগালে।

জীৱনৰ পৰৱৰ্তী কালছোৱা[সম্পাদনা কৰক]

আৰতিয়ে চিটি কলেজৰ পৰা ইন্টাৰমিডিয়েট শিক্ষা লাভ কৰিছিল। ১৯৫৯ চনত ড° অৰুণ গুপ্তাৰ সৈতে তেওঁৰ বিয়া হয়। বিয়াৰ পিছত তেওঁলোকৰ এজনী কন্যা সন্তান জন্ম পাইছিল। পিছলৈ ছোৱালীজনীয়ে বেংগল নাগপুৰ ৰে'লবিভাগত চাকৰি পাইছিল। জণ্ডিছ আৰু এনকেফেলাইটিছত আক্ৰান্ত হোৱাত আৰতিক ১৯৯৪ চনৰ ৪ আগষ্টত কলকাতাৰ এখন ব্যক্তিগতখণ্ডৰ নাৰ্ছিং চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইয়াতেই ১৯ দিন মৃত্যুৰ সৈতে যুঁজাৰ পিছত ১৯৯৪ চনৰ ২৩ আগষ্টত তেওঁ মৃত্যুমুখত পৰে।

স্বীকৃতি[সম্পাদনা কৰক]

১৯৬০ চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। ১৯৯৯ চনত ভাৰতীয় ডাকবিভাগে তেওঁৰ স্মৃতিত ৩ টকা চিহ্নৰ এটা ডাক টিকট প্ৰকাশ কৰে। ১৯৯৬ চনত তেওঁৰ বাসগৃহতে এটা আবক্ষ মূৰ্তি স্থাপন কৰা হয়। মূৰ্তিটোৰ সন্মুখৰ ১০০ মিটাৰ দীঘলীয়া লেনটো তেওঁৰ নামেৰে পুনৰ্নামাকৰণ কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]