সমললৈ যাওক

দীপক শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দীপক শৰ্মা
Dipak Sarma
পৃষ্ঠভূমি
জন্ম ২৩ আগষ্ট, ১৯৬৮[1]
পানীগাঁও, অবিভক্ত কামৰূপ জিলা, অসম, ভাৰত
মৃত্যুৰ তাৰিখ ০৩ নৱেম্বৰ, ২০২৫ (৫৭ বছৰ)
চেন্নাই
সংগীতৰ ধৰণ শাস্ত্ৰীয় সংগীত,ফিউজন
পেচা বাঁহী বাদক
বাদ্যযন্ত্ৰ বাঁহী
সক্ৰিয়তাৰ বছৰ ১৯৮৭-২০২৫

দীপক শৰ্মা (ইংৰাজী: Dipak Sarma, ২৩ আগষ্ট, ১৯৬৮ – ৩ নৱেম্বৰ, ২০২৫) অসম, ভাৰতৰ এগৰাকী বাঁহী বাদক।[2][3] তেওঁ ২০১৩ চনলৈ ৩খন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰাৰ লগতে জী টিভিত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনা কৰিছিল। আকাশবাণী গুৱাহাটীৰ হাইগ্ৰেডেড আৰ্টিষ্টৰ মৰ্যাদাপ্ৰাপ্ত দীপক শৰ্মাই নিজৰ দেশৰ লগতে ৪২ খন বৰ্হিদেশতো বহুবাৰ বাঁহীবাদন প্ৰদৰ্শন কৰিছিল৷[4]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৬৮ চনৰ ২৩ আগষ্ট তাৰিখে দীপক শৰ্মাৰ অসমঅবিভক্ত কামৰূপ জিলাৰ পানীগাঁৱত জন্ম হয়৷ যি বৰ্তমান নলবাৰী জিলাৰ অন্তৰ্গত। তেওঁৰ পিতৃ প্ৰয়াত প্ৰমোদ শৰ্মা। ১৯৮৪ চনত তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ যায়। ১৯৮৯ চনত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা তেওঁ বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে।[5]

সংগীত শিক্ষা

[সম্পাদনা কৰক]

হৰিপ্ৰসাদ চৌৰসিয়াৰ অধীনত বাঁহী শিকি থকাৰ সময়তে তেওঁ কেইখনমান হিন্দী চলচ্চিত্ৰৰ সংগীতত বাঁহী বজাইছিল। পৰৱৰ্তী সময়ত দীপক শৰ্মাই জুবিন গাৰ্গৰ কেইবাটাও জনপ্ৰিয় গানত বাঁহীৰ সুৰ দিছিল। মুম্বাইত থকাৰ সময়তে দীপক শৰ্মা দক্ষিণ আফ্ৰিকালৈ বাঁহী বাদনৰ বাবে আমন্ত্ৰিত হৈছিল। ইয়াৰ পিছত তেওঁ ছুইজাৰলেণ্ড, জাৰ্মানী, পোলেণ্ড, ফ্ৰান্স আদিকে ধৰি ৪২খন দেশত অনুষ্ঠান পৰিৱেশন কৰিছিল। [6]

তেওঁ আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত সংগীত পৰিচালকো আছিল। তেওঁ কেইবাখনো অসমীয়া চিনেমাৰ সংগীত পৰিচালনা কৰিছিল।

কৰ্মৰাজি

[সম্পাদনা কৰক]

সংগীত পৰিচালনা

বাঁহী বাদন, শিল্পী দীপক শৰ্মা, গ্ৰীচ

সংগীতপঞ্জী

  • ষ্টৰী অৱ ল'ভ (ৰাগ এণ্ড ৰক্স ইণ্টাৰনেশ্যনেল কো. লি.)
  • বিয়ণ্ড দা হ'ৰাইজন

দূৰদৰ্শন

  • জী টিভিত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনা
  • ষ্টাৰ প্লাচ যোগে সম্প্ৰচাৰিত হোৱা কেলেইদোস্কোপৰ আৱহ সংগীতৰ মুখ্য বাঁহী বাদক[7]

সন্মান আৰু স্বীকৃতি

[সম্পাদনা কৰক]
  • বছৰটোৰ শ্ৰেষ্ঠ সংগীতকাৰ, ২০০৬ চন (এন ই টিভি প্ৰাইভেট চেনেল)
  • সংগীত প্ৰভা বঁটা, ২০০৭ চন
  • আসাম স্পোৰ্টছ কালচাৰেল জুৰী এৱাৰ্ড, ২০০৭ চন
  • জেমচ অৱ আছাম, ২০০৮ চন
  • আজিম হাজৰিকা বঁটা (শিৱসাগৰ প্ৰেচ ক্লাব)

২০২৫ চনৰ ৩ নৱেম্বৰ তাৰিখে দীপক শৰ্মাৰ মৃত্যু ঘটে। তেওঁ ৫৭ বছৰ বয়সত চেন্নাইত চিকিৎসাধীন অৱস্থাত পুৱা ৬ বাজি ১৫ মিনিটত শেষ নিঃশ্বাস ত্যাগ কৰে। দীপক শৰ্মাই যকৃত ৰোগত আক্ৰান্ত হৈ কেইবছৰ ধৰি অসুস্থ হৈ আছিল।[8][9]

দীপক শৰ্মাৰ নশ্বৰদেহ ৪ তাৰিখে বিমানেৰে অসমলৈ অনা হয়। বিমানবন্দৰত বাঁহী বাদকৰ দলে শিল্পীগৰাকীক বাঁহীৰ সুৰেৰে শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পাছতে তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ বাসগৃহলৈ লৈ অহা হৈছে। নৱগ্ৰহ শ্মশানত বিয়লি ৰাজ্যিক মৰ্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Bipuljyoti Saikia. "Bipuljyoti Saikia's Homepage : Sangeet - Dipak Sharma". Reocities.com. Archived from the original on 2016-02-02. https://web.archive.org/web/20160202215212/http://www.reocities.com/bipuljyoti/music/dipak_sharma.html আহৰণ কৰা হৈছে: 2013-03-16.
  2. "The Telegraph - Calcutta : Northeast". Telegraphindia.com. 2005-01-20. http://www.telegraphindia.com/1050120/asp/northeast/story_4273042.asp আহৰণ কৰা হৈছে: 2013-03-16.
  3. 0.00 (2011-07-16). "Sumemr Eternal, Live Concert - Dipak Sarma with Neil Nongkynrih & the Shillong Chamber Choir by Rakesh Medhi on SoundCloud - Hear the world’s sounds". Soundcloud.com. http://soundcloud.com/rak143/sumemr-eternal-live-concert আহৰণ কৰা হৈছে: 2013-03-16.
  4. ETV Bharat Assamese Team (November 3, 2025 at 8:02 PM IST). "৪২ খন দেশত দ্বিশতাধিকবাৰ বাঁহী বজাই ভাগৰি গৈছিল: দীপক শৰ্মাক স্মৰণ কৰি কবি প্ৰণৱ বৰ্মন". ইটিভি ভাৰত. https://www.etvbharat.com/as/state/poet-pranab-kumar-barman-memorizes-the-relationship-with-flutist-deepak-sharma-assam-news-ass25110304729 আহৰণ কৰা হৈছে: 4 November 2025.
  5. বৰ্ণালী শৰ্মা বশিষ্ঠ (ডিচেম্বৰ ২০২৫). "বাঁহীসম্ৰাট দীপক শৰ্মাক সুঁৱৰিছোঁ". সাতসৰী খণ্ড পঞ্চম: ৬.
  6. 1 2 "বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ কিছুসময় পূৰ্বে বিমানেৰে অসমলৈ অনা হৈছে". Akashbani. 4Th November 2025. https://www.newsonair.gov.in/as/%E2%96%A0-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%9F-%E0%A6%AC%E0%A6%BE%E0%A6%81%E0%A6%B9%E0%A7%80%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%95-%E0%A6%A6%E0%A7%80%E0%A6%AA%E0%A6%95/ আহৰণ কৰা হৈছে: 4 November 2025.
  7. Bipuljyoti Saikia. "Bipuljyoti Saikia's Homepage : Sangeet - Dipak Sharma". Reocities.com. Archived from the original on 2016-02-02. https://web.archive.org/web/20160202215212/http://www.reocities.com/bipuljyoti/music/dipak_sharma.html আহৰণ কৰা হৈছে: 2013-03-16.
  8. "প্ৰসিদ্ধ বাঁহীবাদক দীপক শৰ্মাৰ মৃত্যু" (as ভাষাত). নিয়মীয়া বাৰ্তানিয়মীয়া বাৰ্তা. ৩ নভেম্বৰ ২০২৫. https://niyomiyabarta.com/assam/flutist-deepak-sharma-dies/ আহৰণ কৰা হৈছে: ৩ নভেম্বৰ ২০২৫.
  9. "চেন্নাইত প্ৰসিদ্ধ বাঁহীবাদক দীপক শৰ্মাৰ মৃত্যু" (as ভাষাত). ETV BharatETV Bharat Assamese. ৩ নভেম্বৰ ২০২৫. https://www.etvbharat.com/as/entertainment/assamese-flute-artist-dipak-sarma-passes-away-in-chennai-at-the-age-57-assam-news-ass25110300919 আহৰণ কৰা হৈছে: ৩ নভেম্বৰ ২০২৫.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]