সমললৈ যাওক

বলিনাৰায়ণ বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বলিনাৰায়ণ বৰা
জন্ম ২৫ ডিচেম্বৰ ১৮৫২
উজান বজাৰ, গুৱাহাটী
মৃত্যু ২৯ জুলাই, ১৯২৭চন
পেচা আলোচনী সম্পাদক, অসমৰ প্ৰথমজন অভিযন্তা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা বিলাত ফেৰৎ
উল্লেখনীয় কৰ্মৰাজি মৌ (আলোচনী)

বলিনাৰায়ণ বৰা (ইংৰাজী: Bolinarayan Borrah; ১৮৫২-১৯২৭) বৰ অসমৰ প্ৰথমজন অভিযন্তা[1][2], সাহিত্যিক আৰু সাংবাদিক। তেখেত মৌ (আলোচনী)ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।[2] আনন্দৰাম বৰুৱাকে প্ৰমুখ্য কৰি প্ৰথমবাৰ অসমৰ যি চাৰিজন ছাত্ৰ বিদেশত পঢ়িবলৈ গৈছিল তাৰে এজন আছিল বলিনাৰায়ণ বৰা।[2] তেখেতে অসমীয়া আৰু ইংৰাজীৰ বাহিৰেও বাংলা, ফৰাচী, সংস্কৃত আৰু লেটিন ভাষা জানিছিল। পেচাত এগৰাকী অভিযন্তা হোৱা সত্ত্বেও এগৰাকী সু-সাহিত্যিক ৰূপে তেখেতৰ নাম আছিল। ১৮৮৬-৮৭ চনত বৰাই অসমীয়া মাহেকীয়া আলোচনী মৌ কলিকতাৰপৰা প্ৰকাশ কৰিছিল। ১৯০৯ চনত, তেখেতে অসমীয়া ভাষাত ভাৰত বুৰঞ্জী আৰু ইংৰাজী ভাষাত ভাৰতৰ ভূগোল লিখি প্ৰকাশ কৰিছিল আৰু ১৮৮৭ চনত এখন জৰীপ বিষয়ৰ পুথিও লিখিছিল।[1][2][3]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

বলিনাৰায়ণ বৰাৰ পূৰ্বপুৰুষ আছিল কলিতা সম্প্ৰদায়ৰ লোক। এই বংশৰ 'গোৱৰ্ধন'ক ৰাজ্যখনৰ মন্দিৰবিলাকৰ সৰ্ব্বোচ বিষয়া ৰূপে 'দেউলীয়া বৰা' খিতাপ দিয়া হৈছিল। তেতিয়াৰপৰাই তেওঁলোকে বৰা উপাধি গ্ৰহণ কৰে। গোৱৰ্ধনৰে এজন পুত্ৰ দত্তনাৰায়ণ। দত্তনাৰায়ণে ব্ৰিটিছসকলৰ 'ভূটান যাত্ৰা'ত ভাগ লৈছিল আৰু যুদ্ধ সেৱাৰ বাবে যথেষ্ট পৰিমাণৰ সোণৰ অলংকাৰেৰে পুৰস্কৃত হৈছিল আৰু উজান বজাৰ অঞ্চলত জিলা অধিকাৰীয়ে তেওঁৰ নামত মাটিও আৱন্তন কৰিছিল। দত্তনাৰায়ণে প্ৰখ্যাত ব্যৱসায়ী ভোলানাথ বৰুৱাৰ ভনীয়েকক বিয়া কৰায়। তেওঁলোকৰে পুত্ৰ বলিনাৰায়ণ। ১৮৫২ চনৰ[3] বৰদিনৰ দিনা (২৫ ডিচেম্বৰ তাৰিখে[4]) গুৱাহাটীৰ উজান বজাৰৰ পৈতৃক ভেটিত বলিনাৰয়ণ বৰাৰ জন্ম হয়।[1][2]

শিক্ষা[সম্পাদনা কৰক]

পঢ়াশলীয়া শিক্ষা[সম্পাদনা কৰক]

পাঁচ বছৰ বয়সত তেখেতক উজান বজাৰ প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰা হয়। সৰুতে গণিত বিষয়ত তেওঁৰ ৰাপ নাছিল । প্ৰিয় বিষয় আছিল ইতিহাস আৰু কবিতা। গুৱাহাটীৰ বিদ্যালয়ত পঢ়ি থাকোঁতেই তেখেতে বাংলা ভাষাত কবিতা লিখিছিল। খেলা-ধূলাতো তেখেতৰ বৰ ৰাপ আছিল। ১৮৬৭ চনতে তেখেত এন্ট্ৰেন্স পৰীক্ষাত বহিব খুজিছিল। কিন্তু চৈধ্য বছৰ বয়স হোৱা বাবে পৰীক্ষাৰ নতুন নিয়ম অনুসৰি তেখেতক পৰীক্ষাত বহিবলৈ দিয়া নহ'ল। ১৮৬৮ চনত পোন্ধৰ বছৰ বয়সত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰপৰা এন্ট্ৰেন্স পৰীক্ষা পাছ কৰে আৰু কলিকতাত পঢ়িবলৈ মন কৰে। কিন্তু দেউতাক দত্তনাৰায়ণে পুতেকৰ কলিকতালৈ পঢ়িবলৈ যোৱাৰ প্ৰস্তাৱ পোনছাটেই নাকচ কৰে। দেউতাক অমান্তি হোৱাত ছেগ চাই ১৮৬৯ চনৰ ৪ ডিচেম্বৰ তাৰিখে বলিনাৰয়ণ বৰাই 'নেপাল' নামৰ জাহাজত উঠি উচ্চ শিক্ষাৰ নিমিত্তে কলিকতালৈ পলায়ণ কৰে।[1]

কলেজীয়া শিক্ষা[সম্পাদনা কৰক]

১৮৭২ চনত কলিকতাৰপৰা তেখেতে এফ এ পৰীক্ষা পাছ কৰে আৰু দ্বিতীয় স্থান লৈ গিলখ্ৰাইষ্ট্‌ ছাত্ৰবৃত্তি লাভ কৰে।[3][2][4] ক'লকাতা, বোম্বে আৰু মাদ্ৰাজত একেলগে বছৰি হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰথম আৰু দ্বিতীয়স্থান প্ৰাপ্ত ছাত্ৰক এই বৃত্তি প্ৰদান কৰা হৈছিল। ছাত্ৰ বৃত্তি পাই ইউৰোপলৈ উচ্চ-শিক্ষাৰ বাবে যাবলৈ তেখেতে পুনৰ দেউতাকৰ অনুমতি বিচাৰে আৰু এইবাৰো দেউতাক অমান্তি হয়। কিন্তু পুতেকৰ স্থিতপ্ৰজ্ঞ ৰূপ দেখি বিদেশলৈ যোৱাৰ পূৰ্বে দেউতাকে প্ৰথমে বিয়াত বহিবলৈ বাধ্য কৰে।[1]

ইউৰোপ যাত্ৰা[সম্পাদনা কৰক]

'চিটি অৱ কেমব্ৰিজ' জাহাজেৰে ১৮৭২ চনৰ ২৫ আগষ্ট তাৰিখে বলিনাৰায়ণ বৰাই ইংলেণ্ডলৈ যাত্ৰা কৰে। একে চনৰে ১২ অক্টোবৰত তেখেত লণ্ডনত উপস্থিত হয় আৰু ডাক্তৰী পঢ়িবলৈ মন মেলে। কিন্তু অৰ্থনৈতিক কাৰণত ডাক্তৰী নপঢ়ি চিভিল-ইঞ্জিনিয়াৰিং[4]) পাঠ্যক্ৰমত নাম ভৰ্তি কৰে। ১৮৭৭ চনৰ অক্টোবৰৰপৰা ডিচেম্বৰলৈ তেওঁ কুপচি-হিলত থাকে আৰু তাতেই তেখেতে চৌৱিশ বছৰ বয়সত চিভিল শাখাত, লণ্ডনৰ কুপছ ইঞ্জিনিয়াৰিং কলেজৰপৰা[2] অভিযন্তা হিচাপে সফলভাৱে যোগ্যতা অৰ্জন কৰে। ইংলেণ্ডত থকাৰ সময়ছোৱাত নিশিৱন্ত চেটাৰ্জী, প্ৰসন্নকুমাৰ ৰয়, নন্দকুমাৰ ৰয়, আনন্দমোহন বসু আদি বলিনাৰায়ণ বৰাৰ সমসাময়িক আছিল।[1]

বিবাহ আৰু কৰ্মজীৱন[সম্পাদনা কৰক]

ভাৰতলৈ উভতি আহি বৰাই গম পাই যে তেখেত ইতিমধ্যে প্ৰথমা পত্নীৰ দ্বাৰা প্ৰতাৰিত হৈছে। [1]

১৮৭৮ চনত তেখেতে নগাঁও জিলাৰ জখলাবন্ধাত দ্বিতীয় সহকাৰী অভিযন্তা ৰূপে নিযুক্তি লাভ কৰে।[4] ১৮৭৯ চনত তেখেত ধুবুৰীলৈ বদলি হয়। একেবছৰে ছেপ্টেম্বৰ মাহত তেখেত চিলেটত কাৰ্যভাৰ লয়। ১৮৮০ চনত বৰাই যোৰহাটত মৰিয়ণি-তিতাবৰ সংযোগী নেৰ'-গেজ ৰেলপথৰ নিৰ্মাণৰ দায়িত্ব লয়। আঢ়ৈ বছৰ যোৰহাটত থাকি তেখেত ১৮৮৩ চনৰ মে' মাহত পুনৰ নগাঁৱলৈ বদলি হয়। এইদৰে পাঁচ বছৰ কৰ্মমুখৰ স্বাধীন জীৱন কটাই ১৮৮৩ চনৰ অক্টোবৰ মাহত তেখেতে কলিকতাৰ ৰমেশচন্দ্ৰ দত্তৰ জীয়ৰী বিমলা দত্তৰ পাণি গ্ৰহণ কৰে।[2][4])চাকৰিকালত বলিনাৰায়ণ বৰাই নগাঁও, গোলাঘাট, গুৱাহাটী, শিৱসাগৰ, শ্ৰীহট্ট, ডিব্ৰুগড় আৰু চৈয়দপুৰত ১৯০৬ চনলৈকে বিভিন্ন পদত দক্ষতাৰে চাকৰি কৰিছিল। তেওঁ চীফ ইঞ্জিনীয়াৰ পদলৈ পদোন্নতিৰ সময়ত চৰকাৰে এজন ইংৰাজ বিষয়াক সেই পদত মকৰল কৰাত বলিনাৰায়ণে স্বেচ্ছাই চাকৰি জীৱনৰপৰা আগতীয়াকৈ অৱসৰ গ্ৰহণ কৰে আৰু কলিকতাত থাকিবলৈ লয়। [4]

চাকৰিৰ সমান্তৰালকৈ বলিনাৰায়ণ বৰাই কলিকতাৰপৰা ১৮৮৬ চনৰ ডিচেম্বৰত মাহেকীয়া কাকত মৌ প্ৰকাশ কৰে। ১৮৮৬ খ্ৰীষ্টাব্দৰ ডিচেম্বৰ মাহৰপৰা ১৮৮৭ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহলৈকে মৌৰ চাৰিটা সংখ্যা প্ৰকাশ হৈছিল।[3][2] চৰকাৰী চাকৰিয়াল হোৱা বাবে তেখেতে কাকতত নিজৰ নাম প্ৰকাশ নকৰি ভাতৃ হৰনাৰায়ণক সম্পাদকৰ আসনত বহুৱাইছিল। ডঃ মহেশ্বৰ নেওগে 'অসমীয়া সাহিত্যৰ ৰূপৰেখা'ত 'মৌ'ৰ পৰিচয় হৰিনাৰায়ণ বৰাৰ সম্পাদিত বলিনাৰায়ণ বৰাৰ মৌ বুলি দিছে।[4] মৌৱে স্ত্ৰী শিক্ষা, শিক্ষা আৰু স্বাস্থ্য, গণ শিক্ষা, উচ্চ-শিক্ষা, বিদেশ ভ্ৰমণ, ছাত্ৰৰ পৰিৱেশ, বিদ্যালয় স্থাপন, জাতিভেদ প্ৰথা নিবাৰণ, ৰাজনৈতিক আন্দোলন আদি ক্ষেত্ৰত গুৰুত্ব দিছিল আৰু সততে মাত মাতিছিল। [1]

বলিনাৰায়ণ বৰাই নিয়মিত ডায়েৰী লিখিছিল আৰু দিনটোৰ সকলো কাম নিজে বনাই লোৱা ৰুটীন মতে কৰিছিল। তেখেতে জমা- খৰছৰ হিচাপো ৰাখিছিল আৰু ইয়াত তেখেতৰ দৰমহা ১৮৯১ চনত ৮০০ টকা আছিল বুলি উল্লেখ আছে। তেতিয়া তেখেত শিৱসাগৰত চতুৰ্থ কাৰ্যবাহী অভিযন্তা ৰূপে নিযুক্ত আছিল। ১৮৯৪-৯৫ চনত পৰিয়াল সহিতে তেখেতে দ্বিতীয়বাৰ ইউৰোপ ভ্ৰমণ কৰে আৰু ক্ৰমে পদোন্নতি হৈ অধীক্ষক অভিযন্তা হোৱাৰ পাছতে ১৯০৭ চনৰ এপ্ৰিল মাহত তেখেতে চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পাছত তেখতে ফুৰা-চকা আৰু লিখা-মেলা লৈ ব্যস্ত আছিল আৰু পুনৰ ইউৰোপ ভ্ৰমণলৈ গৈছিল। তেখেতে নিজৰ ঘৰৰ দেৱালত সদায় এটা ৱাল-থাৰ্মোমিটাৰ ৰাখিছিল।[1]

মৃত্যু[সম্পাদনা কৰক]

জীৱনৰ শেষ সময়ছোৱা তেখেত ৰাঁচীত আছিল। ১৯২৭ চনৰ ২৯ জুলাই তাৰিখে, পুৱা ৪ বজাত তেখেত স্বৰ্গগামী হয়।[1][4]

সাহিত্যিক কৰ্ম্মৰাজী আৰু অন্যান্য[সম্পাদনা কৰক]

বলিনাৰায়ণ বৰাই চাকৰিকালতে জৰীপ বিষয়ক এখন পুথি লিখিছিল। বৰাৰ আন দুখন গ্ৰন্থ হ'ল- 'জিয়গ্ৰাফী অৱ ইণ্ডিয়া' আৰু 'ভাৰতবৰ্ষৰ বুৰঞ্জী'। তেওঁ লিখা আঢ়ৈশমান প্ৰবচনৰ কিতাপ এখন তেওঁৰ পুত্ৰ ইন্দ্ৰনাৰায়ণ বৰাই ১৯৪৩ চনত প্ৰকাশ কৰিছিল। কবিতা আৰু সংগীতপ্ৰিয় বৰাৰ ফৰাছী ভাষা-সাহিত্যত বিশেষ ৰাপ আছিল। নিয়মিতভাৱে এছৰাজ বজোৱা আৰু লন টেনিছ খেলাৰ উপৰি তেওঁ কামৰ ফাঁকে-ফাঁকে ছবি আঁকিছিল। তেওঁ মৌ (আলোচনী) প্ৰকাশ কৰিছিল। অসমীয়া সংবাদপত্ৰৰ ইতিহাসত মৌ আলোচনীৰ এক বিশেষ স্থান আছে।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 মূলঃ ডাঃ ইন্দ্ৰনাৰায়ণ বৰা, অনুবাদঃ অমৰজ্যোতি বৰুৱা (ডিচেম্বৰ, ২০১৪). "দুআষাৰ". বলিনাৰায়ণ বৰা. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ক-খ. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 কুমুদেশ্বৰ হাজৰিকা (ডিচেম্বৰ, ২০০২). ইতিহাসৰ ছাঁ-পোহৰত পুৰণি গুৱাহাটী. অসম পাব্লিচিং কোম্পানী. পৃষ্ঠা. ৫১. ISBN ৯৭৮-৮১-৮৬৩৮৪-৯১-X. 
  3. 3.0 3.1 3.2 3.3 শিৱনাথ বৰ্মন (১৯৯২). "অসমীয়া জীৱনী অভিধান". মহতাব হুছেইন. https://archive.org/details/in.ernet.dli.2015.451337/page/n181/mode/2up। আহৰণ কৰা হৈছে: ৩১ মে', ২০২২. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 4.7 4.8 মুখ্য সম্পাদকঃ চন্দ্ৰপ্ৰসাদ শইকীয়া (মাৰ্চ, ১৯৯৮). অসমৰ বাতৰিকাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস. শ্ৰীপ্ৰফুল্লচন্দ্ৰ বৰুৱা, প্ৰধান সম্পাদক, অসমৰ বাতৰিকাকতৰ ডেৰশ বছৰীয়া জয়ন্তী উদ্‌যাপন সমিতি.