জোৱলা বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জোৱলা বৰা
Jwala Bora

লেখিকা জোৱলা বৰা
জন্ম ১৯ জুন, ১৯৮১
কুজাৰবড়ি, নগাঁও, অসম
পেচা লেখিকা
ৰাষ্ট্ৰীয়তা  ভাৰত
সময় ২০১০-বৰ্তমানলৈকে
উল্লেখনীয় কৰ্মৰাজি মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ
উল্লেখযোগ্য বঁটা দেৱচন্স গ্ৰুপৰ বিশেষ সাহিত্য বঁটা(২০২১),[1]
অসম চৰকাৰৰ (অসম ভাষা গৌৰৱ আঁচনিৰ অন্তৰ্গত) বঁটা(২০২১)
গিৰিধৰ শৰ্মা সোঁৱৰণী বঁটা (২০১৭)
পিতৃ-মাতৃ জয়ন্তী বৰা (মাতৃ)
শশীকান্ত বৰা (পিতৃ)

জোৱলা বৰা (ইংৰাজী: Jwala Bora) হৈছে নগাঁও, অসমৰ এগৰাকী লেখিকা। ২০১০ চনত অসমীয়া সাহিত্যৰ জগতত আত্মপ্ৰকাশ কৰা জোৱলা বৰাৰ আত্মজীৱনীখনৰ নাম হৈছে 'মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ৷ গ্ৰন্থখন ২০১৬ চনত প্ৰকাশিত হৈছিল৷

সংক্ষিপ্ত জীৱনী[সম্পাদনা কৰক]

জোৱলা বৰাৰ জন্ম হৈছিল ১৯৮১ চনৰ ১৯ জুন তাৰিখে, অসমৰ নগাঁও জিলাৰ কুজাৰবড়ি গাঁৱত৷ ১৯৯৫ চনলৈকে অৰ্থাৎ দশম শ্ৰেণী পৰ্যন্ত জোৱলা বৰাই এটা সাধাৰণ আৰু পৰিচিত জীৱনেই যাপন কৰি আছিল৷ কিন্তু সেই বছৰৰে ২২ ফেব্ৰুৱাৰী তাৰিখে তেখেতে আকস্মিকভাৱে খোজ কাঢ়িব নোৱাৰা হৈ পৰে৷ ইয়াৰ পিছতেই আৰম্ভ হয় জোৱলা বৰাৰ এক দীঘলীয়া পৰ্যায়ৰ চিকিৎসা৷ প্ৰথমে অসম আৰু পৰৱৰ্তী সময়ত ২০০৩ চনত চেন্নাইৰ ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজত ছমাহজোৰা চিকিৎসা আৰম্ভ হয়৷ ২০০৪ চনতো কিছুদিনৰ বাবে চেন্নাইলৈ চিকিৎসাৰ বাবে নিয়া হয়৷ এক স্নায়ুজনিত অক্ষমতাৰ বাবে জোৱলা বৰাৰ মগজু আৰু ভৰিৰ মাজত সংযোগ বিচ্ছিন্ন হোৱা বুলি চিকিৎসকসকলে মত পোষণ কৰে৷ তেখেতৰ ভৰি দুখন অচল হৈ পৰে৷ ইয়াৰ এটা পৰিণতিহিচাপে জোৱলা বৰাই নিত্য-নৈমিত্তিক কামবোৰ কৰাতো ভীষণ অসুবিধাৰ সন্মুখীন হয়৷ ইয়াৰ পিছত জোৱলা বৰাই চিকিৎসকৰ পৰামৰ্শমতে হুইল চেয়াৰৰ সহায় লয়৷ সেইছোৱা সময়ৰ পৰা বিগত প্ৰায় ১৮-১৯ বছৰ জোৱলা বৰাই বিচনা আৰু হুইল চেয়াৰতে জীৱন কটাইছে৷ [2]ডিমৌ চাৰিআলিৰ শালমৰা হাইস্কুল আৰু ভোগেশ্বৰ বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা জোৱলা বৰাই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে৷

অসমীয়া বাতৰি কাকত 'আমাৰ অসম'ত ২০১০ চনৰ ৩১ ডিচেম্বৰ তাৰিখে জোৱলা বৰাৰ প্ৰথমটো লেখা প্ৰকাশিত হয়৷ লেখাটোৰ নাম আছিল দুখ আৰু জীৱনৰ লগৰী৷ এই লেখাটোৰ জৰিয়তে জোৱলা বৰাই একাধিক পাঠকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল৷ লেখিকাই আত্মজীৱনীত লিখিছে-লেখাটোৰ লগত মোৰ ফোন নম্বৰটো দিয়া গতিকে ইটোৰ পিছত সিটো ফোন লানি নিছিগাকৈ আহিবলৈ ধৰিলে৷ অসমৰ সাহিত্যিক হোমেন বৰগোহাঞিৰ দ্বাৰা জোৱলা বৰাৰ সৃজনীশীল প্ৰতিভা প্ৰভাৱান্বিত৷ [3]

জোৱলা বৰাৰ প্ৰথমখন গ্ৰন্থ হৈছে 'বেদনাৰ মিঠা মাদকতা'৷ এই গ্ৰন্থখন হৈছে জোৱলা বৰাৰ ছবি আৰু কবিতাৰ সংকলন৷ ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত কাব্য-সংকলনখন তেওঁলোকৰ ঘৰতে উন্মোচিত হৈছিল৷ গ্ৰন্থখন প্ৰকাশ কৰে তেজপুৰৰ চিকিৎসক ডা০ গোপেন্দ্ৰ মোহন দাসে৷ আনহাতে অসমৰ সাহিত্যিক, সংগীতশিল্পী ডা০ অঞ্জন জ্যোতি চৌধুৰীয়ে গ্ৰন্থখন উন্মোচন কৰে৷ [4]

জোৱলা বৰাৰ আত্মজীৱনী 'মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ'২০১৬ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত হয়৷ গুৱাহাটীৰ প্ৰকাশন গোষ্ঠী ষ্টুডেণ্টচ্ ষ্ট'ৰচ্'-এ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়ায়৷ গ্ৰন্থখনত লেখিকাৰ ডুখৰীয়া বাস্তৱ জীৱনৰ কিয়দংশ শব্দ আকাৰে ভুমুকি মাৰিছে৷[5] গ্ৰন্থখনে ২০১৭ চনত গিৰিধৰ শৰ্মা সোঁৱৰণী বঁটা লাভ কৰে৷ [6]

জোৱলা বৰাৰ তৃতীয়খন গ্ৰন্থ 'মৌনতাৰ কোলাহল' এখনি উপন্যাস৷ ২০২০ চনৰ আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাখন অৰ্থাৎ ৮ মাৰ্চৰ কামৰূপ (মহানগৰ) জিলাৰ কটন বিশ্ববিদ্যালয়ৰ এটি অনুষ্ঠানত এই গ্ৰন্থখন উন্মোচন কৰা হয়৷ উন্মোচক আছিল অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞি৷ গ্ৰন্থখন শ্ৰীকল্যাণী প্ৰকাশনে প্ৰকাশ কৰি উলিয়ায়৷ [7] গ্ৰন্থখনৰ সম্পৰ্কে অসমৰ লেখিকা নীলিমা গোস্বামীয়ে কৈছে যে-কাহিনীৰ প্ৰতিটো চৰিত্ৰকে আপোনকৈ সজাই-পৰাই নিজস্ব গতিত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত লেখকৰ প্ৰচেষ্টা অতি প্ৰশংসনীয়৷ [8]

সাহিত্যিক কৰ্মৰাজি[সম্পাদনা কৰক]

  1. বেদনাৰ মিঠা মাদকতা, (কাব্য আৰু ছবিৰ সংকলন), ২০১৩
  2. মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ, (আত্মজীৱনী) ২০১৬
  3. মৌনতাৰ কোলাহল, (উপন্যাস), ২০২০

বঁটা-বাহন[সম্পাদনা কৰক]

  1. দেৱচন্স গ্ৰুপৰ বিশেষ সাহিত্য বঁটা(২০২১),[1]
  2. অসম চৰকাৰৰ (অসম ভাষা গৌৰৱ আঁচনিৰ অন্তৰ্গত) বঁটা(২০২১)
  3. গিৰিধৰ শৰ্মা সোঁৱৰণী বঁটা (২০১৭)[9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "সাহিত্যিক জোৱলা বৰালৈ দেৱচন্স গ্ৰুপৰ বিশেষ সাহিত্য প্ৰতিভা বঁটা". ইটিভি ভাৰত. ১৮ অক্টোবৰ ২০২১. https://www.etvbharat.com/assamese/assam/state/nagaon/special-literary-talent-award-to-juwala-bora/assam20211018143026544। আহৰণ কৰা হৈছে: 22 March 2022. 
  2. "'মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ'". খবৰ লাইভ. খবৰ লাইভ. https://ne-np.facebook.com/khobor.live.news/videos/1000487007350855/। আহৰণ কৰা হৈছে: 23 March 2022. 
  3. বৰা, জোৱলা (২০১৬, ডিচেম্বৰ). মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ; ষ্টৰচ্. পৃষ্ঠা. ১৬৬. ISBN ৯৭৮৮১৭৬৬৫৬৪৪৩. 
  4. বৰা, জোৱলা (২০১৬, ডিচেম্বৰ). মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ; ষ্টৰচ্. পৃষ্ঠা. ১৬৭. ISBN ৯৭৮৮১৭৬৬৫৬৪৪৩. 
  5. বৰা, জোৱলা (২০১৬, ডিচেম্বৰ). মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ; ষ্টৰচ্. পৃষ্ঠা. ৩. ISBN ৯৭৮৮১৭৬৬৫৬৪৪৩. 
  6. বৰা, জোৱলা (২০২০, মাৰ্চ). মৌনতাৰ কোলাহল. প্ৰকাশক গুৱাহাটী: শ্ৰী কল্যাণী প্ৰকাশন. পৃষ্ঠা. ৫. 
  7. https://www.sentinelassam.com/guwahati-city/specially-abled-writer-jwala-boras-novel-released-at-alumni-bhawan-cotton-university/
  8. বৰা, জোৱলা (২০২০, মাৰ্চ). মৌনতাৰ কোলাহল. প্ৰকাশক গুৱাহাটী: শ্ৰী কল্যাণী প্ৰকাশন. পৃষ্ঠা. ৫-৬. 
  9. https://www.etvbharat.com/assamese/assam/state/nagaon/physically-able-juwala-borah-is-inspiration-for-todays-society/assam20200624193946120