লক্ষী বৰঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লক্ষী বৰঠাকুৰ
জন্ম ১৯৫৭
জামুগুৰিহাট, শোণিতপুৰ জিলা, অসম
মৃত্যু ১৯ জুন, ২০১৫
গুৱাহাটী
মৃত্যুৰ কাৰণ চেৰিব্ৰেল ষ্ট্ৰোক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা কলাৰ স্নাতক
শিক্ষানুষ্ঠান দৰং মহাবিদ্যালয়
পেচা অভিনেতা, নাট্যকাৰ, লেখক
জনা যায় লটকন (নোমলৰ চৰিত্ৰ)
উল্লেখযোগ্য কৰ্ম জুয়ে পোৰা সোণ
জাতিংগা ইত্যাদি
যৌৱনে আমনি কৰে
গৃহস্থান জামুগুৰিহাট
দূৰদৰ্শন ঘৰত কোন আছে
মলক গুইন গুইন
কলিতাৰ শাহুআই
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী বীণা দাস বৰঠাকুৰ
পিতৃ-মাতৃ ভোলানাথ বৰঠাকুৰ (পিতৃ)
পূণেশ্বৰী বৰঠাকুৰ (মাতৃ)
সন্তান দেৱাৰুণ বৰঠাকুৰ

লক্ষী বৰঠাকুৰ (ইংৰাজী: Lakshi Borthakur) অসমৰ এগৰাকী অভিনয় শিল্পী, নাট্যকাৰ তথা লেখক আছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ ওপৰত আধাৰিত লটকন সাধুৰ নাট্যৰূপত নোমলৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। বৰঠাকুৰে জুয়ে পোৰা সোণ, জাতিংগা ইত্যাদি, যৌৱনে আমনি কৰে আদি বহুকেইখন অসমীয়া চলচ্চিত্ৰ, কেইবাখনো দূৰদৰ্শন ধাৰাবাহিক আৰু ২০খন টেলিফিল্মত অভিনয় কৰে। ইয়াৰোপৰি তেওঁ বহুকেইখন অনাতাঁ‌ৰ আলেখ্যতো কণ্ঠদান কৰিছিল। ২০১৫ চনৰ ১৯ জুনত বৰঠাকুৰৰ দেহাৱসান ঘটে।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৫৭ চনত শোণিতপুৰ জিলা, জামুগুৰিহাট অঞ্চলৰ মাধৱ গাঁৱত লক্ষী বৰঠাকুৰৰ জন্ম হৈছিল। তেওঁৰ মাক-দেউতাকৰ নাম আছিল- ক্ৰমে পুণেশ্বৰী বৰঠাকুৰ আৰু ভোলানাথ বৰঠাকুৰ। তেওঁ জামুগুৰি উচ্চতম মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ হয়।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৭৯ চনত তেওঁ সাংস্কৃতিক সঞ্চালকালয়ত এজন শিল্পী হিচাপে যোগদান কৰে। ১৯৮১-ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ গীত আৰু নাট বিভাগত এজন শিল্পী হিচাপে যোগদান কৰে আৰু পিছলৈ তেওঁৰ প্ৰশিক্ষক পদলৈ পদোন্নতি হয়। ২০১৭ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।[1]

বৰঠাকুৰ কলেজীয়া জীৱনৰ পৰাই নাটকৰ সৈতে জড়িত হৈ আছিল। তেওঁ ২৮খন কথাছবি, ৭৮খন ধাৰাবাহিক, ২০খন টেলিফিল্ম আৰু ৩০খন অনাতাঁৰ নাটত অভিনয় কৰে। তেওঁ ১০খন একাংকিকা আৰু ১খন পূৰ্ণাংগ নাটত ৰচনা কৰিছে কৰিছে। তেওঁ গান্ধাৰী আৰু বেদব্যাস অসমীয়ালৈ অনুবাদ কৰাৰ উপৰিও বিজয় টেণ্ডুলকাৰ প্ৰসংগ নামৰ গ্ৰন্থ এখনো ৰচনা কৰে।[1]

ৰাজেন ৰাজখোৱা পৰিচালিত ঘৰত কোন আছে তেওঁৰ প্ৰথম অভিনীত দূৰদৰ্শন ধাৰাবাহিক। মলক গুইন গুইন আৰু কলিতাৰ শাহুআই তেওঁৰ দুখন উল্লেখযোগ্য ধাৰাবাহিক। ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত সাৰথিৰ যোগেদি তেওঁ চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। তেওঁ অভিনয় কৰা অন্য কেইখনমান কথাছবি হ’ল- জুয়ে পোৰা সোণ, জাতিংগা ইত্যাদি, হলধৰ, আই লাভ ইউ, যৌৱনে আমনি কৰে, মাঘত মামণিৰ বিয়া আৰু অজেয়[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 "Borthakur dies at 58". The Telegraph. https://www.telegraphindia.com/north-east/borthakur-dies-at-58/cid/1389459। আহৰণ কৰা হৈছে: 8 January 2022. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]