জুয়ে পোৰা সোণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুয়ে পোৰা সোণ
The 'Self' triumphs
পৰিচালক সঞ্জীৱ সভাপণ্ডিত
ৰচনা সঞ্জীৱ সভাপণ্ডিত
চিত্ৰনাট্য সঞ্জীৱ সভাপণ্ডিত
কাহিনী সঞ্জীৱ সভাপণ্ডিত
প্ৰযোজক মান্‌পী ক্ৰিয়েশ্যন
অভিনয়ত আব্দুল মজিদ
যতীন বৰা
বীণা পটংগীয়া
চিত্ৰগ্ৰহণকাৰী মৃণাল কান্তি দাস
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক অনিৰুদ্ধ বৰুৱা
মুক্তি
৯ জানুৱাৰী, ২০০৪
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

জুয়ে পোৰা সোণ (ইংৰাজী: Juye Poora Xoon) হৈছে ২০০৪ চনৰ ৯ জানুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ কথাছবি। ছবিখনৰ কাহিনী-চিত্ৰনাট্য-সংলাপ লিখাৰ লগতে পৰিচালনাৰ দায়িত্বও পালন কৰিছিল সঞ্জীৱ সভাপণ্ডিতে। ছবিখনে ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হোৱাৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ পৰিৱেশ সংৰক্ষণ শাখাতো শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। ছবিখনৰ কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত আব্দুল মজিদ, যতীন বৰা, আৰু বীণা পটংগীয়াই অভিনয় কৰিছিল।[1]

কাহিনী[সম্পাদনা কৰক]

জুয়ে পোৰা সোণৰ কাহিনীটোৱে বিংশ শতিকাৰ অসমত ঘটা অবৈধ বিদেশী-প্ৰব্ৰজনৰ সমস্যাক চুই যায়। ৰাজস্থানৰ পৰা অহা মানৱ নামৰ ২৭ বছৰীয়া অসমীয়া যুৱকজন ঘৰলৈ অহাৰ নিশাটোতেই অবৈধ প্ৰব্ৰজনকাৰী আৰু ভূমিদখলকাৰীৰ ৰোষত পৰে। মানৱ আৰু মানৱৰ ককায়েকৰ পৰিয়ালটোৱে ততালিকে বৌয়েক প্ৰভাৰ দেউতাকৰ ঘৰলৈ যায়। প্ৰভাৰ দেউতাকে তেওঁলোকক নৈৰ কাষতে ঘৰ এটা সাজি থাকিবলৈ পৰামৰ্শ দিয়ে। প্ৰভাৰ গিৰিয়েক আৰু মানৱৰ ককায়েক কোশেশ্বৰে তেওঁৰ পৰামৰ্শ অনুসৰণ কৰে, আনহাতে মানৱে জব্দ হোৱা মাটিডোখৰ শ্ৰীযুত জৈনৰ সহায়ত উদ্ধাৰ কৰিবলৈ আগবাঢ়ে। দুৰ্ভাগ্যৰ কথা যে, মানৱে নিজৰ অভিযানত ব্যস্ত হৈ থকাৰ সময়তেই ককায়েকহঁতৰ ঘৰটো বানপানীয়ে বিনষ্ট কৰে। এতিয়া প্ৰভাই বিদ্যাধৰ নামৰ মানুহ এজনৰ ঘৰত বনকৰা মহিলা হিচাপে কাম কৰে। মানৱেও জৈনৰ নতুনকৈ সজা কাৰখানা এটাত নিযুক্তি লাভ কৰে। কিন্তু ইয়াৰ পাছতো সমস্যাৰ শেষ নহয়। প্ৰভাৰ ওপৰত বিপত্নীক বিদ্যাধৰৰ লোলুপ দৃষ্টি পৰে যিবোৰৰ পৰা ৰক্ষা কৰিবলৈ প্ৰভাই এক দুদোল্যমান মানসিক স্থিতিৰ লগত মোকাবিলা কৰিবলগীয়া হয়। প্ৰভাই অনুভৱ কৰে যে, এগৰাকী মহিলাই জীৱনৰ বিভিন্ন সময়ত এটা সবল স্থিতি প্ৰদৰ্শন কৰাটো দৰকাৰ। আনহাতে জৈন আৰু মানৱৰ নতুন কাৰখানাটোতো থলুৱা নিবনুৱাই এশ শতাংশ নিযুক্তিৰ দাবী তুলি পৰিস্থিতি ক্ৰমাৎ উত্তেজনাপূৰ্ণ কৰি ৰাখে। তেনে এক মুহূৰ্তত ব্যৱসায়ী জৈনে নিজৰ ব্যৱসায়িক লাভালাভৰ কথাহে ভাবে আৰু তাৰ ওপৰত ভিত্তি কৰিয়েই নিজা সিদ্ধান্ত লয়। তেনেতে বানপানী সাহায্য শিবিৰত লগ পোৱা বিদ্যাধৰৰ জীয়েক তৰাৰ লগত মানৱৰ সাক্ষাৎ হয়। তৰা এগৰাকী সংস্কৃতিৱান ছোৱালী। লাহে লাহে মানৱে অনুভৱ কৰে যে-আনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পৰিৱৰ্তে তেওঁ এতিয়া নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰিব আৰু আত্ম-আৱিষ্কাৰৰ পথ অনুসৰণ কৰিব।[1]

অভিনয়ত[সম্পাদনা কৰক]

  • আব্দুল মজিদ
  • যতীন বৰা
  • বীণা পটংগীয়া
  • ৰূপশিখা
  • লক্ষ্মী বৰঠাকুৰ
  • উপকূল বৰদলৈ
  • আৰতি বৰুৱা
  • ৰিকি ঠাকুৰীয়া
  • এম তীব্ৰেৱাল
  • নিশান্ত বৰুৱা (শিশু শিল্পী)[1]

কলা-কুশলী[সম্পাদনা কৰক]

(তথ্যপেৰাত নথকা)
  • শব্দগ্ৰহণকাৰী- যতীন শৰ্মা[1]

সন্মান[সম্পাদনা কৰক]

ছবিখনে ৫১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (২০০৪ চন) "পৰিবেশ, সংৰক্ষণ, পৰিৰক্ষণ" শিতানত শ্ৰেষ্ঠত্বৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়। পুৰস্কাৰ হিচাপে ছবিৰ পৰিচালক সঞ্জীৱ সভাপণ্ডিতে ৰজত কমল আৰু ৩০,০০০ টকা লাভ কৰে। ছবিখনৰ বিষয়ে কোৱা হৈছে-"The Award for the Best film on Environment Conservation/preservation goes to Juye Poora Xoon for its large-scale migration and the erosion of a way of life by floods and industrialization."[2]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 দাস, অৰুণলোচন. ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. প্ৰকাশক গুৱাহাটী: শিশু-শশী প্ৰকাশন. পৃষ্ঠা. ৪৮১-৪৮৩. 
  2. http://dff.nic.in/images/Documents/66_51stNfacatalogue.pdf