সমললৈ যাওক

কাৱালী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাৱালী পৰিবেশনৰ দৃশ্য

কাৱালী (পঞ্জাবী: ਕ਼ੱਵਾਲੀ; উৰ্দু: قوّالی; হিন্দী: क़व्वाली; বাংলা: কাওয়ালি) দক্ষিণ এছিয়াত উৎপত্তি হোৱা এক প্ৰকাৰৰ চুফী ইছলামিক ভক্তিমূলক গীত। মূলতঃ সমগ্ৰ দক্ষিণ এছিয়াৰ চুফী পাৰ্থনা গৃহ বা দৰগাহত পৰিবেশন কৰা[1] এই গীতসমূহে সমগ্ৰ পাকিস্তান, ভাৰত, বাংলাদেশ আৰু আফগানিস্তানৰ লগতে বিংশ শতিকাৰ শেষৰ ফালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো জনপ্ৰিয়তা লাভ কৰিছে।

পৰম্পৰাগত আৰু ভক্তিমূলক প্ৰেক্ষাপটত বংশগতভাবে শিল্পীসকলে কাৱালী সংগীত পৰিবেশন কৰে।[2] কাৱালী পৰিবেশন কৰিয়েই নুছৰত ফটেহ আলি খান, আজিজ মিঞা আৰু সাবৰি ভাতৃবৃন্দই আন্তৰ্জাতিকভাৱে স্বীকৃতি লাভ কৰিছে। অন্য বিখ্যাত কাৱালী গায়কসকলৰ ভিতৰত আছে ফৰিদ আয়াজ আৰু আবু মুহাম্মদ, ৰাহত ফটেহ আলি খান, বদৰ মিয়াদাদ, ৰিজৱান আৰু মোৱাজ্জাম ডুঅ’, কুতুবি ভাতৃবৃন্দ, প্ৰয়াত আমজাদ সাবৰি আদি। আধুনিক কাৱালীৰ অধিকাংশ গায়কেই ১৯৪৭ চনৰ আগতে ব্ৰিটিছৰ দ্বাৰা ভাৰত বিভাজনৰ পাছত পাকিস্তানলৈ প্ৰব্ৰজন কৰা বিখ্যাত দিল্লীস্থিত “কাৱাল বচন কা ঘৰানা” পাঠশালা কাৱালীৰ অন্তৰ্গত।

পৰিভাষা

[সম্পাদনা কৰক]

আৰবী ভাষাৰ ‘কৱল’ (قَوْل) শব্দৰ পৰা ‘কাৱালী’ শব্দৰ উৎপত্তি হৈছে। বাৰে বাৰে ‘কোৱাল’ (Qaul) উচ্চাৰণ কৰা জনক ‘কাৱাল’ (Qawwāl) বোলে। ‘কাৱালী’ (Qawwāli) হৈছে কাৱালে গোৱা গীত।

অন্য সূত্ৰ মতে দিল্লীৰ আশে-পাশে বসবাস কৰা যাযাবৰী জনগোষ্ঠী কাৱালসকলে গোৱা সাধাৰণ ভক্তিমূলক গীত সমূহক কাৱালী বুলি কোৱা হয়।[3]

উৎপত্তি

[সম্পাদনা কৰক]

ত্ৰয়োদশ শতিকাৰ শেষৰ ফালে ভাৰতত পাৰ্চী, আৰবী, তুৰ্কী আৰু ভাৰতীয় পৰম্পৰাৰ সংমিশ্ৰণ ঘটাই দিল্লীৰ চুফী সন্ত আমিৰ খশ্ৰুক কাৱালী সৃষ্টি কৰাৰ কৃতিত্ব প্ৰদান কৰা হয়।[4] মধ্য এছিয়া আৰু তুৰস্কত এতিয়াও কাৱালীৰ সৈতে মিল থকা এটা ৰূপক বুজাবলৈ সামা (sama) শব্দটো প্ৰায়ে ব্যৱহাৰ কৰা হয় আৰু ভাৰত, পাকিস্তান আৰু বাংলাদেশত কাৱালীৰ অধিবেশনৰ বাবে ব্যৱহাৰ কৰা আনুষ্ঠানিক শব্দটো হৈছে মেহফিল-ই-ছামা (Mehfil-e-Sama)।

মূলতঃ কাৱালীত বাদ্যযন্ত্ৰৰ ব্যৱহাৰ নিষিদ্ধ আছিল। যদিও কাৱালী পৰিবেশনত কিছুমান বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। কাৱালীৰ সৈতে হাৰমনিয়াম, তবলা, ঢোলক আদি বাদ্যযন্ত্ৰ বৰ্তমান বহু কাৱালী অনুষ্ঠানত সংগত কৰা হয়।

পৰম্পৰাগত কাৱালী প্ৰথা কোনো বিশেষ দৰগাহত সেৱা আগবঢ়োৱা সম্প্ৰদায়ৰ লোকসকলৰ বংশগত প্ৰশিক্ষণৰ ব্যৱস্থাৰ যোগেদি প্ৰচাৰিত হৈ আহিছে। এই সম্প্ৰদায়সমূহৰ লোকসকলৰ প্ৰধান কাম হৈছে দৰগাহৰ আনুষ্ঠানিক কাৰ্য্যকলাপ মূলতঃ চুফী সন্তসকলৰ মৃত্যু বাৰ্ষিকীত কাৱালী পৰিবেশন কৰা।[5]

যিহেতু কাৱালীৰ উদ্দেশ্য চুফী ৰহস্যময় প্ৰেমৰ অভিজ্ঞতা আৰু ধৰ্মীয় গীত তথা জপ কৰা কবিতাৰ মাজত সাঁকো গঢ়ি তোলা, গতিকে ইছলামিক পণ্ডিত “লয়ছ লাময়া আল-ফাৰুকী”য়ে (Lois Lamya al-Faruqi) সংগীত নহয় বুলি উল্লেখ কৰা বিষয়টোক অনুমোদিত বুলি গণ্য কৰা হয়।[6][7] কাৱালসকল নিজেই কাৱালী লোকাচাৰৰ কেন্দ্ৰীয় ব্যক্তিত্ব যদিও তেওঁলোকক কেন্দ্ৰবিন্দু হিচাপে গণ্য কৰা নহয় আৰু এতিয়াও তেওঁলোকক ভৃত্য শ্ৰেণীৰ অংশ হিচাপে গণ্য কৰা হয়।[8]

কাৱালসকলক দুটা প্ৰাথমিক ধৰণেৰে প্ৰশিক্ষণ দিয়া হয়: (১) ব্ৰাড্ৰি (bradri) বা ভাতৃত্ববোধৰ অংশ হিচাপে সংগীতৰ মৌলিক দিশবোৰ শিকে, আৰু (২) চুফীবাদী শিক্ষক মহলৰ ভিতৰত সাধাৰণতে চুফীবাদৰ বিষয়ে শিকে। এই প্ৰকাৰটো বিশেষকৈ উচ্চ শ্ৰেণীৰ বাবে সংৰক্ষিত। আধ্যাত্মিক দিশসমূহৰ লগতে কবিতাৰ ওপৰত ৰূপৰ নিৰ্ভৰশীলতাৰ ভূমিকা সম্পৰ্কীয় বোধগম্যতাৰ বাবে এক স্তৰৰ সাক্ষৰতাৰ প্ৰয়োজন।[9]

পৰিবেশন

[সম্পাদনা কৰক]

নৃতাত্ত্বিক সংগীতবিদ ৰেগুলা কুৰেছিয়ে “পুৰণি” সুৰ (পুৰণি ধুনেঁ, পুৰাণী বন্দিশেঁ) আৰু “আজিৰ সুৰ” (আজকল কি ধুনেঁ)ৰ মাজত পাৰ্থক্য নিৰ্ধাৰণ কৰিছে। “পুৰণি” সুৰৰ ভাণ্ডাৰত একাধিক কবিতাৰ লগত খাপ খুৱাব পৰা চলনশীল সুৰৰ লগতে কবিতাৰ “বিশেষ” (মখছু, খাছ) পৰিৱেশ পাঠৰ দ্বাৰা চিনাক্ত কৰা হয়। কুৰেশ্বীয়ে এই শ্ৰেণীত সংগীতৰ গাঁথনিগত বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বিভিন্ন কবিতাৰে সমৃদ্ধ “সাধাৰণ কাৱালী সুৰ” (Qawwālī kī thet dhunen)কো অন্তৰ্ভুক্ত কৰিছে।[10]

কাৱালী হিচাপে পৰিবেশন কৰা গীতসমূহ মূলতঃ পাৰ্চী, উৰ্দু আৰু হিন্দী ভাষাত[11][12] লিখা হয় যদিও স্থানীয় ভাষাতো কিছুমান চুফী কবিতা দেখা যায়।[13][14] আঞ্চলিক ভাষাত গোৱা কাৱালীৰ ধ্বনি মূলসুঁতিৰ কাৱালীৰ পৰা সম্পূৰ্ণ পৃথক হ'ব পাৰে।

কাৱালী গীতসমূহ হিন্দুস্থানী ধ্ৰুপদী সংগীতৰ ৰাগৰ ওপৰত ভিত্তি কৰি পৰিবেশন কৰা হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Neubauer, Eckhard; Doubleday, Veronica (2001). Islamic religious music. Oxford Music Online. Oxford University Press. doi:10.1093/gmo/9781561592630.article.52787. http://dx.doi.org/10.1093/gmo/9781561592630.article.52787. 
  2. Qureshi, Regula (2001). Pakistan, Islamic Republic of. Oxford Music Online. Oxford University Press. doi:10.1093/gmo/9781561592630.article.20726. http://dx.doi.org/10.1093/gmo/9781561592630.article.20726. 
  3. "কাওয়ালি থেকে খেয়াল". dainikdestiny.com. Archived from the original on ৫ মাৰ্চ ২০১৬. https://web.archive.org/web/20160305235006/http://www.dainikdestiny.com/index.php?view=details&type=main&cat_id=1&menu_id=5&pub_no=36&news_type_id=1&index=1&archiev=yes&arch_date=04-01-2012। আহৰণ কৰা হৈছে: ১৬ ছেপ্টেম্বৰ ২০১৫. 
  4. "'Aaj rang hai' - Qawwali revisited". TwoCircle.net. http://twocircles.net/2013mar07/%E2%80%98aaj_rang_hai%E2%80%99_qawwali_revisited.html। আহৰণ কৰা হৈছে: 8 March 2013. , Retrieved 16 September 2015
  5. Qureshi, Regula Burckhardt (1995). Sufi Music of India and Pakistan: Sound, Context and Meaning in Qawwali. প্ৰকাশক Chicago: University of Chicago Press. পৃষ্ঠা. 79–102. 
  6. al Faruqi, Lois Ibsen (1985). "Music, Musicians and Muslim Law". Asian Music খণ্ড 17 (1): 3–36. doi:10.2307/833739. ISSN 0044-9202. https://www.jstor.org/stable/833739. 
  7. Qureshi 1995, পৃষ্ঠা. 79-83.
  8. Qureshi 1995, পৃষ্ঠা. 92-93.
  9. Qureshi 1995, পৃষ্ঠা. 96-98.
  10. Qureshi 1995, পৃষ্ঠা. 19-20.
  11. Monograph Series, Issues 20-23. Center for South and Southeast Asia Studies, University of California. 1979. পৃষ্ঠা. 124. "Qawwali texts exist in Persian, Urdu and Hindi." 
  12. Qureshi 1995, পৃষ্ঠা. 84.
  13. "Bollywood Reinvents the Qawwali – With a Vengeance". The Day After: An International Illustrated Newsmagazine of India. Archived from the original on 26 January 2009. https://web.archive.org/web/20090126070158/http://www.dayafterindia.com/dec206/silver_screen1.html। আহৰণ কৰা হৈছে: 23 February 2007. 
  14. "Delhi's Qawwal Bachchon ka Gharana lights up Ramadan night at T2F". Daily Times. http://www.dailytimes.com.pk/default.asp?page=2007%5C09%5C22%5Cstory_22-9-2007_pg12_10.