আমজাদ সাবৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমজাদ সাবৰি
প্ৰাইড অৱ পাৰ্ফমেঞ্চ, চিতাৰা-এ-ইমতিয়াজ
জন্ম ২৩ ডিচেম্বৰ, ১৯৭৬[1]
কৰাছী, সিন্ধ, পাকিস্তান
মৃত্যু ২২ জুন, ২০১৬ (৩৯ বছৰ)
লিয়াকটবাদ টাউন, কৰাছী, সিন্ধ, পাকিস্তান
মৃত্যুৰ কাৰণ হত্যা
সমাধিস্থল পাপশ নগৰ কবৰস্থান, কৰাছী, পাকিস্তান
পেচা কোৰাছ গায়ক (১৯৯৬ লৈকে)
মুখ্য কাৱালী গায়ক
(১৯৯৬-২০১৬)
সক্ৰিয় হৈ থকা সময় ১৯৮২-২০১৬
পিতৃ-মাতৃ গোলাম ফৰিদ সাবৰি (পিতৃ)
সন্তান
আত্মীয়-স্বজন মকবুল আহমেদ সাবৰি (খুৰা)
সাংগীতিক কেৰিয়াৰ
সংগীতৰ প্ৰকাৰ চুফী সংগীত
বাদ্যযন্ত্ৰ
  • গায়কী
  • হাৰমনিয়াম
  • তবলা
সহযোগী  সাবৰি ব্ৰাডাৰ্চ

আমজাদ ফৰিদ সাবৰি (ইংৰাজী: Amjad Sabri; ২৩ ডিচেম্বৰ ১৯৭৬ – ২২ জুন ২০১৬) এগৰাকী পাকিস্তানী কাৱাল, নাত খাৱান (নাত কবিতাৰ আবৃত্তিকাৰ) আৰু চুফী মুছলমান পৰম্পৰাৰ প্ৰবক্তা আছিল। গোলাম ফৰিদ সাবৰিৰ পুত্ৰ আৰু সাবৰি ব্ৰাদাৰ্ছৰ মকবুল আহমেদ সাববিৰ ভতিজা আমজাদ সাবৰিয়ে দক্ষিণ এছিয়াৰ অন্যতম বিশিষ্ট কাৱালী গায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁ প্ৰায়ে তেওঁৰ দেউতাক আৰু খুৰাকে লিখা কাৱালী পৰিৱেশন কৰিছিল।[2][3] ২০১৬ চনত তেওঁক হত্যা কৰা হৈছিল আৰু টিটিপি হাকিমুল্লাহ মেহসুদ গ্ৰুপে তেওঁৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল।

কৰ্মজীৱন[সম্পাদনা কৰক]

কৰাছীৰ সিন্ধত জন্মগ্ৰহণ কৰা আমজাদে ন বছৰ বয়সত তেওঁৰ দেউতাকৰপৰা কাৱালী শিকিবলৈ আৰম্ভ কৰিছিল আৰু ১৯৮২ চনত দেউতাকৰ সৈতে প্ৰথম মঞ্চত পৰিৱেশন কৰিছিল।[4] দেউতাকে আমজাদক ৰাগ ভৈৰৱৰ প্ৰশিক্ষণ দিছিল; এই ৰাগ সাধাৰণতে পুৱাৰ ভাগত গোৱা হয়। সেয়ে এই প্ৰশিক্ষণৰ বাবে আমজাদে পুৱা চাৰি বজাতে বিচনা এৰিব লগা হৈছিল।[5] কাৱালী পৰিৱেশন কৰাটো আছিল তেওঁলোকৰ পৰিয়ালৰ পৰম্পৰা আৰু ইয়াক প্ৰদৰ্শনৰ বাবে তেওঁ ভাৰত, আমেৰিকা, ইউৰোপকে ধৰি পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰিছিল। আমজাদ কাৱালীৰ ৰক ষ্টাৰ ৰূপে পৰিচিত হৈছিল[6] আৰু তেতিয়াৰেপৰা তেওঁ অন্যতম প্ৰশংসিত কাৱালী গায়ক হৈ আছিল আৰু সমগ্ৰ বিশ্বতে প্ৰদৰ্শন কৰিছিল।

আমজাদে প্ৰথমাৱস্থাত তেওঁৰ দেউতাক আৰু খুৰাকৰ দলত সুৰৰ তালে তালে হাতচাপৰি বজাইছিল। ১৯৮২ চনত মুক্তি পোৱা পাকিস্তানী চলচ্চিত্ৰ চাহাৰেত তেওঁ দেউতাক আৰু খুৰাকৰ সৈতে ভুমুকি মাৰিছিল; তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ৬ বছৰ। চিনেমাখনত দেউতাকে আৰু খুৰাকে তেওঁলোকৰ হিট কাৱালী তাজদাৰ-এ-হাৰাম পৰিৱেশন কৰিছিল। একেখন ছবিতে আমজাদে আল্লামে ইকবাল আৰু লব পে আতি হ্যে দোৱা আবৃত্তি কৰিছিল। তেওঁৰ দেউতাকৰ মৃত্যুৰ পিছত, আমজাদৰ খুৰাক মকবুল আহমেদ সাবৰিয়ে সাবৰি ব্ৰাদাৰ্ছৰ নেতৃত্ব লৈছিল। আমজাদে খুৰাকক গায়কীত সহায় কৰিছিল আৰু বংগোচ বজাইছিল। পিছলৈ, ১৯৯৬ চনত তেওঁ তেওঁৰ ভাতৃ আৰু বন্ধুবৰ্গৰ সৈতে মিলি নিজৰ দল এটি আৰম্ভ কৰে। তেওঁৰ প্ৰথম এলবাম আছিল বালাঘাল ওলা বে কমলেহী; যিটো ১৯৯৭ চনত অৰিয়েণ্টেল ষ্টাৰ এজেন্সিৰ দ্বাৰা মুকলি কৰা হৈছিল। তেওঁৰ দেউতাক আৰু খুৰাকৰ আটাইতকৈ জনপ্ৰিয় গীত চাৰ এ লা মাকান চে তালাব এই এলবামৰ মুখ্য গীত আছিল। আমজাদ সাবৰিয়ে তেওঁৰ অনুষ্ঠানসমূহত ঘাইকৈ দেউতাক আৰু খুৰাকৰ গীতসমূহ গাইছিল আৰু কিছু গীত তেওঁ নিজে কম্পজ কৰিছিল।

ক’ক ষ্টুডিঅ’ৰ সৈতে তেওঁ জীৱনৰ শেষ কামটো কৰিছিল। ৰাহত ফটেহ আলি খানৰ সৈতে তেওঁ ৯নং চিজনৰ ৭নং এপিছদৰ বাবে আজ ৰং হ্যে গীতটি গাইছিল। এই প্লেটফৰ্মত এইটো আছিল সাবৰিৰ প্ৰথম আৰু শেষ কাম।[7]

পৰিয়াল[সম্পাদনা কৰক]

২০০২ চনত সাবৰিয়ে তেওঁৰ পত্নী নাদিয়াক বিয়া কৰাইছিল আৰু তেওঁলোক পাঁচোটি সন্তানৰ পিতৃ-মাতৃ হৈছিল। ব্যস্ত সমজুৱা জীৱন আৰু শেষ নোহোৱা কামৰ মাজতো সাবৰিয়ে পৰিয়ালৰ সৈতে সময় কটাবলৈ ভাল পাইছিল।[8]

মৃত্যু[সম্পাদনা কৰক]

২০১৬ চনৰ ২২ জুন তাৰিখে কৰাছীত সাবৰিক হত্যা কৰা হৈছিল। তেওঁৰ ওপৰত আতংকবাদী গুলীচালনা হৈছিল; দুটা গুলী তেওঁৰ মূৰত আৰু এটা কাণত লাগিছিল।[9][10][11]

আমজাদ সাবৰিৰ অন্ত্যেষ্টিক্ৰিয়াত হাজাৰ হাজাৰ লোক উপস্থিত আছিল। তেওঁক নাজিমাবাদৰ পাপশ কবৰস্থানত তেওঁৰ দেউতাক গোলাম ফৰিদ সাবৰি আৰু খুৰাক মকবুল আহমেদ সাবৰিৰ কবৰৰ ওচৰতে সমাধিস্থ কৰা হৈছিল।[12]

স্বীকৃতি[সম্পাদনা কৰক]

পাকিস্তান চৰকাৰে সাবৰিক প্ৰাইড অৱ পাকিস্তান সন্মান প্ৰদান কৰিছিল।[13] ২০১৮ চনত তেওঁক পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা চিতাৰা-এ-ইমটিয়াজ প্ৰদান কৰে।[14]


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Exclusive biography of #AmjadFaridSabri and on his life.". FilmiBeat. https://www.filmibeat.com/celebs/amjad-farid-sabri/biography.html. 
  2. Ali, Dawn.com | Imtiaz (22 June 2016). "Famed qawwal Amjad Sabri gunned down in Karachi". http://www.dawn.com/news/1266514। আহৰণ কৰা হৈছে: 2016-06-23. 
  3. Tsioulcas, Anastasia (26 June 2016). "Why Muslim Musician Gunned Down? NPR". NPR. https://www.npr.org/2016/06/26/483231557/why-was-a-prominent-muslim-musician-gunned-down-in-pakistan. 
  4. "Amjad Sabri". 23 June 2016. https://www.telegraph.co.uk/obituaries/2016/06/23/amjad-sabri-sufi-singer--obituary/. 
  5. Web Desk (22 June 2016). "Amjad Sabri: a look back at the life of the legendary qawwal". The News. https://www.thenews.com.pk/latest/129854-Amjad-Sabri-a-look-back-at-the-life-of-the-legendary-qawwal। আহৰণ কৰা হৈছে: 30 June 2016. 
  6. "Amjad Sabri, Sufi singer – obituary". The Telegraph. 23 June 2016. https://www.telegraph.co.uk/obituaries/2016/06/23/amjad-sabri-sufi-singer--obituary/। আহৰণ কৰা হৈছে: 30 June 2016. 
  7. Images Staff (2016-08-06). "Amjad Sabri, Rahat Fateh, Abida Parveen kick-start Coke Studio 9 with an emotional tribute". http://images.dawn.com/news/1175988/amjad-sabri-rahat-fateh-abida-parveen-kick-start-coke-studio-9-with-an-emotional-tribute। আহৰণ কৰা হৈছে: 2016-08-07. 
  8. Baloch, Saher (2017-06-22). "Remembering Amjad Sabri, the family man who loved playing Ludo" (en ভাষাত). DAWN.COM. https://www.dawn.com/news/1340680। আহৰণ কৰা হৈছে: 2021-08-13. 
  9. Khan, Faraz (3 May 2015). "Amjad Sabri shot dead in Karachi – The Express Tribune". Tribune.com.pk. http://tribune.com.pk/story/1128177/two-injured-amjad-sabris-car-comes-attack-karachi/। আহৰণ কৰা হৈছে: 2016-06-23. 
  10. "Renowned Pakistani singer Qawwal Amjad Sabri shot dead in Karachi". Firstpost. 29 July 2015. http://firstpost.com/world/renowned-pakistani-singer-qawwal-amjad-sabri-shot-dead-2850070.html। আহৰণ কৰা হৈছে: 2016-06-23. 
  11. "Renowned qawwali singer Amjad Sabri killed in Karachi gun attack: hospital sources". Dunya News. http://dunyanews.tv/en/Pakistan/342262-Renowned-qawwali-singer-Amjad-Sabri-killed-in-Kara. 
  12. "Amjad Sabri laid to rest amid sobs, tears". Samaa TV. http://www.samaa.tv/pakistan/2016/06/amjad-sabri-laid-to-rest-amid-sobs-tears/. 
  13. "RIP Ghulam Amjad Sabri - I hope this won't be the end of tolerant, courageous voices". The Nation (newspaper). 23 June 2016. https://nation.com.pk/23-Jun-2016/rip-ghulam-amjad-sabri-i-hope-this-won-t-be-the-end-of-tolerant-courageous-voices. 
  14. "President Mamnoon confers civil awards on Yaum-i-Pakistan". Dawn. March 23, 2018. https://www.dawn.com/news/1397075.