ৰাহত ফটেহ আলি খান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ওস্তাদ
ৰাহত ফটেহ আলি খান

১৫তম আইফা বঁটা প্ৰদান অনুষ্ঠানত, ২০১৪ চনত ৰাহত
স্থানীয় নাম راحت فتح علی خان
জন্ম ৰাহত ফটেহ আলি খান
৯ ডিচেম্বৰ, ১৯৭৪ (৪৯ বছৰ)[1][2]
ফয়সলাবাদ, পঞ্জাব, পাকিস্তান
ৰাষ্ট্ৰীয়তা পাকিস্তানী
পেচা
  • গায়ক
  • সংগীতজ্ঞ
সক্ৰিয় হৈ থকা সময় ১৯৯৭ চনৰপৰা এতিয়ালৈকে[2]
সাংগীতিক কেৰিয়াৰ
সংগীতৰ প্ৰকাৰ
  • কাৱালী
  • গজল
  • চুফী
  • ফিল্মী
  • শাস্ত্ৰীয়
বাদ্যযন্ত্ৰ
  • গায়কী
  • হাৰমনিয়াম
কাৰ্যকাল ১৯৯৭ চনৰপৰা বৰ্তমানলৈ[2]
ৰেকৰ্ড লেবেল
  • টি চিৰিজ
  • চ’নি মিউজিক ইণ্ডিয়া
  • ইউনিভাৰচেল মিউজিক ইণ্ডিয়া
  • য়শ ৰাজ ফিল্মচ্‌ মিউজিক
  • ক’ক ষ্টুডিঅ’
সহযোগী 

ৰাহত ফটেহ আলি খান (ইংৰাজী: Rahat Fateh Ali Khan; উৰ্দু: راحت فتح علی خان; জন্ম: ৯ ডিচেম্বৰ ১৯৭৪)[1] এগৰাকী পাকিস্তানী গায়ক। তেওঁ মুখ্যতঃ কাৱালী আৰু চুফী ভক্তিমূলক সংগীত পৰিৱেশন কৰে। খান পাকিস্তানৰ প্ৰখ্যাত আৰু সৰ্বাধিক উপাৰ্জন কৰা গায়কসকলৰ মাজৰ এজন।[3] তেওঁ ফাৰুক ফটেহ আলি খানৰ পুত্ৰ, কাৱালী গায়ক ফটেহ আলি খানৰ নাতি আৰু নুছৰত ফটেহ আলি খানৰ ভতিজা। কাৱালীৰ উপৰিও, তেওঁ গজল আৰু অন্যান্য ফিল্মী সংগীত পৰিৱেশন কৰে। তেওঁ হিন্দী চিনেমা আৰু পাকিস্তান চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী নেপথ্য গায়ক হিচাপেও জনপ্ৰিয়।[4]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

পাকিস্তানৰ পঞ্জাৱৰ ফয়সলাবাদৰ কাৱাল আৰু শাস্ত্ৰীয় গায়কসকলৰ এটা পাঞ্জাৱী পৰিয়ালত ৰাহতৰ জন্ম হৈছিল।[5] তেওঁ ফাৰুক ফটেহ আলি খানৰ পুত্ৰ, ফটেহ আলি খানৰ নাতি আৰু কিংবদন্তি কাৱালী গায়ক নুছৰত ফটেহ আলি খানৰ ভতিজা। [6]

ৰাহতে খুব কম বয়সৰ পৰাই সংগীতৰ প্ৰতি অনুৰাগ প্ৰকাশ কৰিছিল আৰু তিনি বছৰতকৈও কম বয়সৰপৰা প্ৰায়ে তেওঁৰ খুৰাক আৰু দেউতাকৰ সৈতে গান গাইছিল। সাত বছৰ বয়সৰ পৰা, তেওঁক তেওঁৰ খুৰাক নুছৰত ফটেহ আলি খানৰপৰা কাৱালী গীত গোৱা আৰু পৰিৱেশন কৰাৰ প্ৰশিক্ষণ লৈছিল।[7][8]

কৰ্মজীৱন[সম্পাদনা কৰক]

ৰাহতে ন বছৰ বয়সত, তেওঁৰ ককাকৰ মৃত্যু বাৰ্ষিকীত প্ৰথমবাৰৰ বাবে ৰাজহুৱা প্ৰদৰ্শন কৰিছিল। পোন্ধৰ বছৰ বয়সৰ পৰা, তেওঁ নুছৰত ফটেহ আলি খানৰ প্ৰখ্যাত কাৱালী গোটৰ এক অবিচ্ছেদ্য অংশ হৈ পৰে আৰু ১৯৮৫ চনত খুৰাকৰ সৈতে তেওঁ গীত পৰিৱেশনৰ বাবে ইউ কে ভ্ৰমণ কৰে। কাৱালী গোৱাৰ উপৰিও বিভিন্ন সংগীতানুষ্ঠানত তেওঁ একক গীত পৰিৱেশন কৰিছিল।

তেওঁ ‘পাপ’ (২০০৩) চলচ্চিত্ৰত গোৱা মন কি লগন গীতটিৰ জৰিয়তে বলীউডত নেপথ্য গায়ক হিচাপে আত্মপ্ৰকাশ কৰে।

২০১২ চনৰ এপ্ৰিল মাহত ৰাহতে ইউ কে ভ্ৰমণ কৰি ৱেম্বলি এৰেনা আৰু মানচেষ্টাৰ এৰেনাত সংগীত পৰিৱেশন কৰে, এই অনুষ্ঠানটো প্ৰায় ২০,০০০ দৰ্শকে উপভোগ কৰিছিল আৰু ই সৰ্বাধিক টিকট বিক্ৰীৰ অভিলেখ সৃষ্টি কৰিছিল।[9][10]

ৰাহতৰ ২০১৪ চনত মুক্তি পোৱা বেক টু লাভ এলবামৰ জৰুৰী থা গীতটো আছিল ভাৰতৰ প্ৰথমটো অ-চলচ্চিত্ৰীয় মিউজিক ভিডিঅ’, যিটোৱে দুবছৰত ১০০ মিলিয়ন আৰু মুক্তিৰ তিনি বছৰৰ পিছত ইউটিউবত ২০০ মিলিয়ন দৰ্শক লাভ কৰিছিল। বৰ্তমান এই ভিডিঅ’টোৰ দৰ্শনকাৰীৰ সংখ্যা এক বিলিয়নতকৈও বেছি।[11][12] তেওঁ নেচকেফে বেচমেণ্টৰ হৈ লিঅ’ ভাতৃদ্বয়ৰ[13] সৈতে নিয়মীয়াকৈ ভ্ৰমণ কৰি আছে।

চাউণ্ডট্ৰেক আৰু কলাব’ৰেচন[সম্পাদনা কৰক]

ৰাহতে তেওঁৰ খুৰাক নুছৰত ফটেহ আলি খানৰ অধীনত আমেৰিকান ৰক বেণ্ড পাৰ্ল জেমৰ এডি ভেড্ডাৰৰ সহযোগত ১৯৯৫ চনৰ হলিউড চলচ্চিত্ৰ ডেড মেন ৱাকিংৰ চাউণ্ডট্ৰেকত কাম কৰে। ২০০২ চনত, তেওঁ অৰ্কেষ্ট্ৰা আৰু চলচ্চিত্ৰ সংগীতৰ আমেৰিকান ৰচয়িতা জেমছ হৰ্ণাৰৰ সহযোগত দ্য ফোৰ ফেয়াৰছ'ৰ চাউণ্ডট্ৰেকত কাম কৰিছিল।[14]

টেলিভিছন[সম্পাদনা কৰক]

তেওঁ চনু নিগমৰ সৈতে ছ’টে ওস্তাদ নামৰ অনুষ্ঠানটোৰ বিচাৰক কৰিছিল। ২০০৮ চনত এন ডি টিভি ইমাজিনৰ গায়ক ৰিয়েলিটি শ্ব জুনুনৰ তেওঁ অন্যতম বিচাৰক আছিল।[15][16]

ন’বেল শান্তি বঁটা কনচাৰ্ট[সম্পাদনা কৰক]

২০১৪ চনৰ ন’বেল শান্তি বঁটা প্ৰদান অনুষ্ঠানৰ কনচাৰ্টলৈ আমন্ত্ৰণ জনোৱা ৰাহত প্ৰথমগৰাকী পাকিস্তানী শিল্পী আছিল।[17] তেওঁ নুছৰত ফটেহ আলি খানৰ আটাইতকৈ স্মৰণীয় কাৱালী তুম্‌হে দিল্লেগী আৰু মষ্ট কলন্দৰ পৰিৱেশন কৰিছিল আৰু আও পৰহাও গাইছিল।[18][19]

স্বীকৃতি[সম্পাদনা কৰক]

ৰাহতে তেওঁৰ গায়কীৰ বাবে ফিল্ম ফেয়াৰ বঁটা, আইফা এৱাৰ্ড, ষ্টাৰ স্ক্ৰীণ এৱাৰ্ডকে ধৰি মুঠ ২৭টি বঁটা লাভ কৰিছে আৰু অন্য ১৮টা বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল। ২০১৯ চনৰ ২৬ জুন তাৰিখে অক্সফৰ্ড বিশ্ববিদ্যালয়ে তেওঁক সংগীতৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।[20][21][22]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Rahat Fateh Ali Khan. #CokeStudio7. Retrieved 20 November 2017.
  2. 2.0 2.1 2.2 Muzaffar, Erum Noor. "'I am all in favour of education for women' –– Ustad Rahat Fateh Ali Khan". www.thenews.com.pk. https://www.thenews.com.pk/magazine/you/508705-i-am-all-in-favour-of-education-for-women-ustad-rahat-fateh-ali-khan। আহৰণ কৰা হৈছে: 29 January 2021. 
  3. "You can't listen to them if you can't afford them…". The Express Tribune. 14 July 2017. https://tribune.com.pk/story/1457866/cant-listen-cant-afford/. 
  4. Pallavi Jassi (20 April 2008). "Sufi sublime". The Indian Express. Archived from the original on 25 December 2018. https://web.archive.org/web/20181225125654/http://expressindia.indianexpress.com/latest-news/Sufi-sublime/299186/. 
  5. Asghar, Toheed (17 January 2023). Hereditary lineage of Chak 248, BIsmillahpur, Faisalabad, Pakistan. Yousuf Toheed Asgharৰ সৈতে সাক্ষাৎকাৰ. 
  6. "Prince of Qawwalis". Archived from the original on 26 January 2010. https://web.archive.org/web/20100126035218/http://www.despardes.com/pk/ent/2006/01112006-rahat-ali-khan.html। আহৰণ কৰা হৈছে: 29 January 2021. 
  7. al., Sarina Singh ... et (2008). Pakistan & the Karakoram Highway. (7th সম্পাদনা). প্ৰকাশক Footscray, Vic.: Lonely Planet. ISBN 9781741045420. 
  8. M. Sheikh, A. Sheikh (2012). Who's Who: Music in Pakistan. Xlibris Corporation, 2012. ISBN 9781469191591. 
  9. "Rahat Fateh Ali Khan smashes BO sales at Wembly Stadium". http://www.dailytimes.com.pk/default.asp?page=2012%5C04%5C14%5Cstory_14-4-2012_pg9_12। আহৰণ কৰা হৈছে: 3 August 2012. 
  10. "Rahat Fateh Ali Khan". cokestudio.com.pk. http://www.cokestudio.com.pk/season7/rahat-fateh-ali-khan.html?WT.cl=1&WT.mn=Artists%20-%20Rahat%20Fateh%20Ali%20Khan। আহৰণ কৰা হৈছে: 1 November 2015. 
  11. "Rahat Fateh Ali Khan's Zaroori Tha reaches 100 mn club". Radio and Music. 7 July 2017. http://www.radioandmusic.com/entertainment/editorial/news/160707-rahat-fateh-ali-khans-zaroori-tha-reaches. 
  12. "Rahat Fateh Ali Khan's 'Zaroori Tha' music video crosses 200 million". Radio and Music. 25 May 2017. http://www.radioandmusic.com/entertainment/editorial/news/170525-rahat-fateh-ali-khans-zaroori-tha-music. 
  13. "Rahat Fateh Ali Khan enthrals audience with magic of fusion in US, UK concerts" (en-US ভাষাত). Daily Times. 10 November 2019. Archived from the original on 10 November 2019. https://web.archive.org/web/20191110192925/https://dailytimes.com.pk/498318/rahat-fateh-ali-khan-enthrals-audience-with-magic-of-fusion-in-us-uk-concerts/। আহৰণ কৰা হৈছে: 8 January 2020. 
  14. "James Horner, Rahat Nusrat Fateh Ali Khan* – The Four Feathers". Discogs. http://www.discogs.com/James-Horner-Rahat-Nusrat-Fateh-Ali-Khan-The-Four-Feathers-Original-Motion-Picture-Soundtrack/release/1797785। আহৰণ কৰা হৈছে: 4 August 2010. 
  15. "Annu Kapoor host Junoon Kuchh Kar Dikhaane Ka". 2 May 2008. Archived from the original on 12 July 2012. https://archive.is/20120712145257/http://entertainment.oneindia.in/television/top-stories/news/2008/annu-junoon-kuchh-kar-dikhaane-ka-020508.html। আহৰণ কৰা হৈছে: 21 February 2011. 
  16. "Ustaad Fateh Ali Khan to perform at the IIFA Magic of the Movies & Technical Awards". IIFA. http://iifa.com/highlight/ustaad-fateh-ali-khan-perform-iifa-magic-movies-technical-awards। আহৰণ কৰা হৈছে: 1 November 2015. 
  17. "Rahat Fateh Ali Khan to perform at Nobel Peace Prize Award ceremony". Pakistan Today. 22 November 2014. http://www.pakistantoday.com.pk/2014/11/22/entertainment/rahat-fateh-ali-khan-to-perform-at-nobel-peace-prize-award-ceremony/. 
  18. "Rahat to sing 'Aao Parhao' anthem at Nobel Peace Prize Concert". The Express Tribune. 7 December 2014. http://tribune.com.pk/story/803218/rahat-to-sing-aao-parhao-anthem-at-nobel-peace-prize-concert/. 
  19. "USTAD RAHAT FATEH ALI KHAN – 2014 Nobel Peace Prize Concert Artist". Nobel Peace Prize Concert. Archived from the original on 16 May 2015. https://web.archive.org/web/20150516030331/http://www.nobelpeaceprizeconcert.org/artists/ustad-rahat-fateh-ali-khan/। আহৰণ কৰা হৈছে: 1 November 2015. 
  20. "Honorary degree recipients for 2019 announced". The University of Oxford. 25 March 2019. http://www.ox.ac.uk/news/2019-03-25-honorary-degree-recipients-2019-announced। আহৰণ কৰা হৈছে: 26 June 2019. 
  21. Shah, Murtaza; Mahmood, Nazam (26 June 2019). "Rahat awarded honorary doctorate degree by Oxford University". The News International. https://www.thenews.com.pk/latest/490102-rahat-fateh-ali-khan-awarded-honorary-doctorate-degree-by-oxford-university। আহৰণ কৰা হৈছে: 2022-08-22. 
  22. "Rahat Fateh Ali Khan receives honorary degree at Oxford". The Express Tribune. 26 June 2019. http://tribune.com.pk/story/2000762/4-rahat-fateh-ali-khan-receives-honorary-degree-oxford। আহৰণ কৰা হৈছে: 2022-08-22.