সমললৈ যাওক

আমিৰ খশ্ৰু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Amir Khusro

Amir Khusrau teaching his disciples; miniature from a manuscript of Majlis al-Ushshaq by Husayn Bayqarah
প্ৰাথমিক তথ্য
জন্মৰ নাম Ab'ul Hasan Yamīn ud-Dīn K͟husrau
জন্ম 1253
Patiyali, Kasganj, Delhi Sultanate
মূল Kesh, Samarqand
মৃত্যু October 1325
Delhi(Nizamuddin)
সংগীতৰ প্ৰকাৰ Ghazal, Khayal, Qawwali, Ruba'i, Tarana
পেচা Sufi Musician, Poet, Composer, Author, Scholar[1]


আমিৰ খশ্ৰু (ইংৰাজী: Amir Khusrow) এগৰাকী ত্ৰয়োদশ শতিকাৰ ভাৰতীয় কবি, সঙ্গীতজ্ঞ। [2]

জন্ম আৰু পিতৃ-মাতৃ:

[সম্পাদনা কৰক]

আমিৰ খশ্ৰুৰ জন্ম হয় ১২৫৩ চনত বৰ্তমানৰ উত্তৰ প্ৰদেশৰ পাটিয়ালিত। আমিৰ খশ্ৰুৰ পিতৃৰ নাম আছিল ছৈফুদ্দিন। তেওঁ জাতিত আছিল তুৰ্কী। কিন্ত্ত মাতৃ আছিল ভাৰতীয়।

আমিৰ খশ্ৰুৰ জীৱন পৰিক্ৰমা:

[সম্পাদনা কৰক]

সাহিত্য আৰু সংগীতত জন্মগত প্ৰতিভাৰ অধিকাৰী আমিৰ খশ্ৰু দিল্লীৰ একাধিক চুলতানৰ সভাকবি আৰু সভাসদ আছিল। এইসকল চুলতানৰ পৃষ্ঠপোষকতাতে আমিৰ খশ্ৰুয়ে পাৰ্চী আৰু হিন্দী ভাষাত কবিতা আৰু গীত ৰচনা কৰিছিল। পাৰ্চী সংগীতৰ লগত ভাৰতীয় সংগীতৰ সংমিশ্ৰণ ঘটাই তেওঁ এক নতুন সংগীত ৰীতিৰ উদ্ভাৱন কৰিছিল। আমিৰ খশ্ৰুৰ জীৱন পৰিক্ৰমা সময়ানুক্ৰমে তলত বিৱৰণ কৰা হৈছে।


মহম্মদ নিজামউদ্দিনৰ দৰগাহত বাওঁকাষে থকা আমিৰ খশ্ৰুৰ সমাধিস্থল
১৩২৫ খ্ৰীষ্টাব্দত দিল্লীত আমিৰ খশ্ৰুৰ মৃত্যু হয়। তেওঁ ভাৰত বিখ্যাত ইছলাম ধৰ্মগুৰু মহম্মদ নিজামউদ্দিন আউলিয়াৰ একনিষ্ঠ অনুগামী আছিল। আমিৰ খশ্ৰুৰ দেহাৱসানৰ পিছত তেওঁক তেওঁৰ ইচ্ছানুসৰি মহম্মদ নিজামউদ্দিনৰ কবৰৰ কাষতে সমাধিস্থ কৰা হয়।

আমিৰ খশ্ৰুৰ ৰচনাৱলী:

[সম্পাদনা কৰক]

আমিৰ খশ্ৰু অসংখ্য গজল আৰু ৰাগ-ৰাগিনীৰ স্ৰষ্টা। কাব্য ৰচনাৰ লগতে গদ্য সাহিত্যতো তেওঁ বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল। আমিৰ খশ্ৰুৰ ৰচিত পুথিসমূহ হ'ল:

  1. খাজানা-অল-ফটেহ
  2. নও ছিপিহৰ
  3. টোগলক নামা
  4. মজনু উ লায়লা
  5. মউলা-উল-আনওয়াৰা
  6. আইন-ই-ছিকন্দৰী

তথ্যসূত্ৰ:

[সম্পাদনা কৰক]
  1. http://www.hazratmehboob-e-elahi.org/chapter-IV-1.htm
  2. শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, প্ৰথম খণ্ড, পৃষ্ঠা নং: